মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে তেওঁৰ চৰকাৰ ৰাজ্যখনত ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ
অসম চৰকাৰে ৰাজ্যৰ যুৱ প্ৰজন্মৰ সংস্থাপন, আইন-শৃংখলা, অৰ্থনৈতিক প্ৰগতি আৰু সাংস্কৃতিক সুৰক্ষাক অগ্ৰাধিকাৰ দি এক বৃহৎ কৰ্মপৰিকল্পনা হাতত লৈছে । মঙলবাৰে অসম বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰ দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে তেওঁৰ চৰকাৰ ৰাজ্যখনত ২ লাখ চৰকাৰী চাকৰি প্ৰদান কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ । অৱশ্যে কেৱল চাকৰিতেই সীমাবদ্ধ নাথাকি অসমত এক শক্তিশালী উদ্যোগী পৰিৱেশ গঢ়ি তুলি যুৱ প্ৰজন্মক স্বাৱলম্বী কৰাৰ ওপৰতো চৰকাৰে জোৰ দিব ।
বেদখলমুক্ত হ’ব চৰ-চাপৰি আৰু বনাঞ্চল-
ৰাজ্যৰ ভূমি সুৰক্ষাৰ সন্দৰ্ভত এক কঠোৰ স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে বেদখল হৈ থকা সকলো চৰ-চাপৰি আৰু বনাঞ্চল মুক্ত কৰিব । এই উদ্ধাৰ কৰা ভূমিক ৰাজ্যৰ উন্নয়ন আৰু বৃহত্তৰ স্বাৰ্থত ব্যৱহাৰ কৰা হ’ব ।
ঐতিহাসিক ‘অভিন্ন দেৱানী বিধি বিধেয়ক, ২০২৬’ উত্থাপন-
প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা তথা ন্যায় আৰু সমতা নিশ্চিত কৰাৰ লক্ষ্যৰে চৰকাৰে নতুন বিধানসভাৰ প্ৰথমটো অধিৱেশনতে “The Uniform Civil Code, Assam, Bill, 2026” (অসম অভিন্ন দেৱানী বিধি বিধেয়ক, ২০২৬) উত্থাপন কৰিছে । মুখ্যমন্ত্ৰীয়ে ইয়াক নতুন চৰকাৰৰ বাবে এক অত্যন্ত গৌৰৱৰ বিষয় বুলি অভিহিত কৰে ।
উন্নয়নৰ খতিয়ান: দৰিদ্ৰতা হ্ৰাস আৰু অৰ্থনৈতিক জাঁপ-
মুখ্যমন্ত্ৰী শৰ্মাই ভাষণ প্ৰসংগত ৰাজ্যখনৰ অৰ্থনৈতিক আৰু সামাজিক খণ্ডৰ কেতবোৰ চমকপ্ৰদ তথ্য দাঙি ধৰে :
দৰিদ্ৰতা মুক্তি : নীতি আয়োগৰ প্ৰতিবেদন অনুসৰি, অসমৰ ৩৫% জনসংখ্যা সফলতাৰে দৰিদ্ৰ সীমাৰেখা (BPL) ৰ পৰা মুক্ত হৈছে ।
মাতৃ মৃত্যুৰ হাৰ (MMR) ত অভূতপূৰ্ব উন্নতি : ২০০৬ চনত প্ৰতি লাখত ৪৮০ থকা মাতৃ মৃত্যুৰ হাৰ ২০২৬ চনত অবিশ্বাস্যভাৱে ৮৪ লৈ হ্ৰাস পাইছে, যাৰ ফলত অসমে ৰাষ্ট্ৰীয় গড় (৮৭) কো পিছ পেলাই যাবলৈ সক্ষম হৈছে ।
জিএছডিপি (GSDP) ৰ অভূতপূৰ্ব বৃদ্ধি : ২০২১-২২ বৰ্ষৰ ৪ লাখ কোটি টকাৰ পৰা অসমৰ জিএছডিপি বৰ্তমান ৮.৭২ লাখ কোটি টকা হৈছেহি । বছৰেকীয়া ১৩% ৰ পৰা ১৫% বৃদ্ধিৰ হাৰেৰে অগ্ৰসৰ হোৱা অসমৰ অৰ্থনীতি ২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ অৰ্থনীতিত পৰিণত হ’ব ।
“পূৰ্বতে অসমক হিংসা, বন্ধ আৰু বোমা বিস্ফোৰণেৰে জনা গৈছিল। কিন্তু ২০১৬ চনৰ পিছত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে চলোৱা প্ৰচেষ্টাৰ ফলত আজি এক ‘নতুন অসম’ৰ সৃষ্টি হৈছে- যি দ্ৰুত বিকাশ, আন্তঃগাঁথনি, চাকৰি আৰু ছেমিকণ্ডাক্টৰৰ বাবে পৰিচিত ।” – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নাৰী শক্তি আৰু ঔদ্যোগিক পৰিৱেশ-
বৰ্তমান অসমত প্ৰায় ৪০ লাখ মহিলা আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে । মুখ্যমন্ত্ৰীৰ মতে, এই মহিলাসকলৰ সম্ভাৱনীয়তাৰ সঠিক ব্যৱহাৰে ৰাজ্যৰ জিডিপি (GDP) ২০% ৰ পৰা ৩০% লৈ বৃদ্ধি কৰিব পাৰে । লগতে, থলুৱা উদ্যোগৰ বিকাশ ঘটাই বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱক-যুৱতীসকলক ঘৰলৈ ঘূৰাই আনি ইয়াতেই সংস্থাপন দিয়াৰ বাবেও চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব ।
সাম্প্ৰদায়িক সম্প্ৰীতিৰ অনন্য নিদৰ্শন-
ঈদ-উল-আজহাৰ প্ৰসংগ টানি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰৰ আহ্বান মৰ্মে আন সকলো সম্প্ৰদায়ৰ আৱেগক সন্মান জনাই কেইবাখনো ঈদগাহ কমিটিয়ে গো-কুৰবানীৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে । ই সমাজত পাৰস্পৰিক সন্মান আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য বাৰ্তা প্ৰেৰণ কৰিছে ।
স্বাস্থ্য আৰু শিক্ষা খণ্ডত ‘ৱান ডিষ্ট্ৰিক্ট- থ্ৰী ইনষ্টিটিউশ্যন’
অসমৰ স্বাস্থ্যসেৱাৰ দ্ৰুত উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ জনায় যে বৰ্তমান ১৪ খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু গোৱালপাৰা, বজালী, হাইলাকান্দিকে ধৰি আন ১১ খনৰ কাম চলি আছে । চৰকাৰৰ লক্ষ্য হৈছে প্ৰতিখন জিলাতে এখনকৈ মেডিকেল কলেজ স্থাপন কৰা । অহা ৫ বছৰত চৰকাৰে ‘এখন জিলা – তিনিখন প্ৰতিষ্ঠান’ আঁচনিৰ অধীনত প্ৰতিখন জিলাতে: ১/ এখন চিকিৎসা মহাবিদ্যালয় ২/ এখন অভিযান্ত্ৰিক মহাবিদ্যালয় ৩/ এখন বিশ্ববিদ্যালয় স্থাপন কৰিব ।
লগতে পঢ়ক : “তেওঁলোকৰ মুখৰ পৰা ‘মায়াবিনী’ নহয়, ‘দয়াবিনী’হে ওলাল”- জুবিনক লৈ বিৰোধীক তীব্ৰ আক্ৰমণ হিমন্ত বিশ্ব শৰ্মাৰ









