আঠ বছৰৰ অন্তত দুই হত্যাকাৰীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

আঠ বছৰৰ অন্তত দুই হত্যাকাৰীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দুই অভিযুক্তক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে সুদীৰ্ঘ আঠ বছৰ জোৰা আইনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত ন্যায় পালে ভুক্তভোগী পৰিয়ালে । বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য

বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দুই অভিযুক্তক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে

সুদীৰ্ঘ আঠ বছৰ জোৰা আইনী প্ৰক্ৰিয়াৰ অন্তত অৱশেষত ন্যায় পালে ভুক্তভোগী পৰিয়ালে । বৰপেটা জিলাৰ উত্তৰ খাৰুৱাপাৰাত সংঘটিত এক জঘন্য হত্যাকাণ্ডৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰি বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ আদালতে দুই অভিযুক্তক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহিছে । যোৱা ১০ জুনত বৰপেটা জিলা আৰু সত্ৰ ন্যায়ধীশ অংগজিতা মহন্তই এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে ।

আদালতৰ এই ৰায়দানত সন্তুষ্টি প্ৰকাশ কৰিছে হত্যাকাণ্ডৰ বলি হোৱা বৃদ্ধাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালে ।

উল্লেখ্য যে, বিগত ২০১৮ বৰ্ষৰ ১৭ মাৰ্চৰ পুৱা প্ৰায় ৬ বজাত বৰপেটা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত উত্তৰ খাৰুৱাপাৰাত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হৈছিল । ইয়াৰ ভিতৰত লালভানু নামৰ এগৰাকী বৃদ্ধাৰ অৱস্থা অতি সংকটজনক আছিল ।

বৃদ্ধাগৰাকীক লগে লগে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও উন্নত চিকিৎসাৰ বাবে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ (GMCH) প্ৰেৰণ কৰা হয় । কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসাধীন অৱস্থাতে উক্ত নিশাই বৃদ্ধাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

আৰক্ষীৰ তদন্ত আৰু গোচৰ ৰুজু :

ঘটনাৰ পাছদিনা, অৰ্থাৎ ২০১৮ বৰ্ষৰ ১৮ মাৰ্চত নিহত লালভানুৰ নাতিয়েক ৰফিকুল ইছলামে আক্ৰমণকাৰীসকলৰ বিৰুদ্ধে বৰপেটা সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ ভিত্তিত বৰপেটা সদৰ থানাত ৫৪৪/২০১৮ নম্বৰত এক গোচৰ ৰুজু কৰা হয় । গোচৰটো ভাৰতীয় দণ্ড বিধি আইনৰ (IPC) ৪৪৭/৪২৭/৩২৫/৩০২/৩৪ ধাৰাৰ অধীনত পঞ্জীয়ন কৰা হৈছিল ।

গোচৰটোৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল অসম আৰক্ষীৰ তৎপৰ পৰিদৰ্শক (ইউবি) হৃষীকেশ ঠাকুৰীয়াক (বৰ্তমান তেওঁ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত)। তদন্তকাৰী বিষয়া ঠাকুৰীয়াই গোচৰটোৰ ক্ষিপ্ৰ আৰু গভীৰ তদন্ত চলাই হত্যাকাণ্ডত জড়িত থকা দুই মূল অভিযুক্ত- উত্তৰ খাৰুৱাপাৰাৰ প্ৰয়াত চুৰত আলীৰ পুত্ৰ তুতা মিঞা আৰু মিৰজাহান আলীৰ পুত্ৰ ফুলবৰ আলীৰ বিৰুদ্ধে এক শক্তিশালী অভিযোগনামা প্ৰস্তুত কৰে । ঘটনা সংঘটিত হোৱাৰ মাত্ৰ দুমাহৰ ভিতৰত, অৰ্থাৎ ২০১৮ বৰ্ষৰ ২০ মে’ত তেওঁ আদালতত এই অভিযোগনামা দাখিল কৰিছিল ।

আদালতৰ শুনানি আৰু ৰায়দান :

আদালতত দীৰ্ঘ আঠ বছৰতকৈও অধিক সময় ধৰি এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া চলে । চৰকাৰী পক্ষৰ হৈ লোক অধিবক্তা খিতাপ ভূষণ দাস আৰু তদন্তকাৰী বিষয়া হৃষীকেশ ঠাকুৰীয়াৰ বলিষ্ঠ ভূমিকা তথা নিখুঁত তথ্য-প্ৰমাণৰ বাবেই আদালতে দুই অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ সক্ষম হয় । আদালতে ভাৰতীয় দণ্ড বিধিৰ ৩২৩/৩০২ ধাৰাৰ অধীনত তুতা মিঞা আৰু ফুলবৰ আলীক সশ্ৰম যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ দিয়ে ।

ইফালে, অভিযুক্ত তথা আচামী পক্ষৰ হৈ আদালতত ওকালতি কৰিছিল অধিবক্তা ডেভিদ লেজাৰ আৰু মতিউৰ ৰহমানে ।

লগতে পঢ়ক : বৰপেটাৰ জিলাৰ তাৰাবাৰী থানাৰ উদ্যোগত পথ সুৰক্ষাৰ সজাগতামূলক ক্ৰিকেট খেল প্ৰতিযোগিতা

শেহতীয়া প্ৰৱন্ধসমূহ