ফিফা বিশ্বকাপত আমেৰিকাৰ ইতিহাস; ৩২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত উদ্বোধনী মেচত জয়লাভ

ফিফা বিশ্বকাপত আমেৰিকাৰ ইতিহাস; ৩২ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ঘৰুৱা ক্ষেত্ৰত উদ্বোধনী মেচত জয়লাভ

আয়োজক আমেৰিকাই ফিফা বিশ্বকাপ ২০২৬ত ইতিহাস সৃষ্টি কৰিছে।প্ৰথমখন খেলত পাৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰি বিশ্বকাপত সৰ্ববৃহৎ জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় আমেৰিকাই। প্ৰথমাৰ্ধত ফ’লাৰিন বালোগুনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত আয়োজক আমেৰিকাই নিজৰ প্ৰথম মেচখনত পাৰাগুৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত এক দুৰ্দান্ত জয় সাব্যস্ত কৰে। এইদৰে আমেৰিকাই নিজৰ

আয়োজক আমেৰিকাই ফিফা বিশ্বকাপ ২০২৬ত ইতিহাস সৃষ্টি কৰিছে।প্ৰথমখন খেলত পাৰাগুৱেক ৪-১ গ’লত পৰাস্ত কৰি বিশ্বকাপত সৰ্ববৃহৎ জয়ৰ ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় আমেৰিকাই।

প্ৰথমাৰ্ধত ফ’লাৰিন বালোগুনৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বলত আয়োজক আমেৰিকাই নিজৰ প্ৰথম মেচখনত পাৰাগুৱেৰ বিৰুদ্ধে ৪-১ ব্যৱধানত এক দুৰ্দান্ত জয় সাব্যস্ত কৰে। এইদৰে আমেৰিকাই নিজৰ ঘৰুৱা মাটিত ৩২ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা ফুটবল বিশ্বকাপত পাৰাগুৱেৰ বিৰুদ্ধে জয়লাভ কৰি নিজৰ অভিযানৰ এক সুন্দৰ আৰম্ভণি কৰে। বিশ্বকাপত এয়া আমেৰিকাৰ আটাইতকৈ ডাঙৰ জয়। ইয়াৰ পূৰ্বে দলটোৱে এই টুৰ্ণামেণ্টত কেতিয়াও তিনিটাতকৈ অধিক গ’ল কৰিব পৰা নাছিল। কেৱল এয়াই নহয়, আমেৰিকান দলটোৱে প্ৰথম হাফতে তিনিটা গ’ল কৰে, যিটো বিশ্বকাপত তেওঁলোকৰ এটা অভিলেখ।

ক্ৰিষ্টিয়ান পুলিচিচে প্ৰথম হাফত সুন্দৰ খেল প্ৰদৰ্শন কৰি এটা গ’ল কৰাত সহায় কৰে। আমেৰিকাই আৰম্ভণিৰে পৰাই আক্ৰমণাত্মক মনোভাৱ গ্ৰহণ কৰিছিল যদিও এটা গ’লেৰেহে তেওঁলোকে নিজৰ খাটা খুলিছিল। বালোগুনে ৩১ মিনিটত আৰু প্ৰথমাৰ্ধৰ আঘাতৰ সময়ত গ’ল দি হাফটাইমত আমেৰিকাক ৩-০ গ’লত অগ্ৰগতি প্ৰদান কৰে। দ্বিতীয় হাফৰ ইনজুৰী টাইমৰ অন্তিম ক্ষণত জিঅ’ ৰেনাই আন এটা গ’ল দিয়ে। এইদৰে আমেৰিকান দলটোৱে বিশ্বকাপৰ কোনো এখন খেলত প্ৰথমবাৰৰ বাবে চাৰিটা গ’ল কৰিবলৈ সক্ষম হয়।

আমেৰিকাই চাৰি বছৰ পূৰ্বে কাটাৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ নিজৰ চাৰিখন খেলত মুঠ মাত্ৰ তিনিটাহে গ’ল কৰিছিল। নতুন প্ৰশিক্ষক মৰিচিঅ’ পচেটিনোৰ নিৰ্দেশনাত এক ভিন্ন শৈলীত খেলা আমেৰিকাৰ দলটোৱে নিজৰ খেলেৰে ষ্টেডিয়ামত উপস্থিত থকা ৭০,৪৯২ জন দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে। পাৰাগুৱেৰ হৈ একমাত্ৰ গ’লটো ৭৩ মিনিটত মৰিচিঅ’ই কৰে, কিন্তু ১৬ বছৰৰ পাছত নিজৰ প্ৰথমখন বিশ্বকাপ খেলা দক্ষিণ আমেৰিকাৰ এই দলটোৱে আৰম্ভণিতে পিছপৰি যোৱাৰ পিছত কোনো সময়তে প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে।

পুলিচিচৰ সুন্দৰ খেলখনৰ ফলত ডেমিয়ান ব’বাডিলাই সপ্তম মিনিটতে এটা গ’ল কৰি দিয়ে। ইয়াৰ পিছত বালোগুনে ৩১ সংখ্যক মিনিটত আৰু তাৰ পিছত প্ৰথম হাফৰ ইনজুৰী টাইমৰ পঞ্চম মিনিটত গ’ল দিয়ে। নিউয়ৰ্কত জন্মগ্ৰহণ কৰা আৰু লণ্ডনত ডাঙৰ-দীঘল হোৱা ষ্ট্ৰাইকাৰ বালোগুনে বিশ্বকাপত অভিষেক ঘটাই ১৯৩০ চনৰ পিছত টুৰ্ণামেণ্টখনত কোনো এগৰাকী আমেৰিকান খেলুৱৈৰ দ্বাৰা এটাতকৈ অধিক গ’ল কৰাৰ কৃতিত্ব অৰ্জন কৰে। বালোগুনে ইংলেণ্ডৰ হৈ খেলাৰ পৰিৱৰ্তে তিনি বছৰ পূৰ্বে আমেৰিকাক প্ৰতিনিধিত্ব কৰাৰ সিদ্ধান্ত লৈছিল। যদি তেওঁ ইংলেণ্ডৰ হৈ খেলিব বিচাৰিলেহেঁতেন, তেন্তে হয়তো তেওঁ দলত স্থান নাপালেহেঁতেন। কিন্তু এতিয়া তেওঁ আমেৰিকাৰ ফুটবল নায়ক হৈ পৰিছে।

লগতে পঢ়ক: ফুটবল বিশ্বকাপত চুৰিকাণ্ড; ইংলেণ্ড ফুটবল টীমৰ খেলুৱৈৰ চুৰি হ’ল জোতা