ফুটবল বিশ্বকাপত চুৰিকাণ্ড; ইংলেণ্ড ফুটবল টীমৰ খেলুৱৈৰ চুৰি হ’ল জোতা

ফুটবল বিশ্বকাপত চুৰিকাণ্ড; ইংলেণ্ড ফুটবল টীমৰ খেলুৱৈৰ চুৰি হ’ল জোতা

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ আৰম্ভণিৰ খেলখনৰ মাত্ৰ কেইদিনমান পূৰ্বে ইংলেণ্ড দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।ফ্ল’ৰিডাৰ পৰা কেনছাছ চিটিলৈ যোৱাৰ পথত খেলুৱৈৰ বুট, ফুটবল আৰু অন্যান্য সঁজুলি চুৰি হয়। ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ উদ্বোধনী মেচৰ পূৰ্বে ইংলেণ্ড ফুটবল দলটো এক বিপৰ্যয়ৰ সন্মুখীন হয়। সংবাদ মাধ্যমৰ খবৰ

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ আৰম্ভণিৰ খেলখনৰ মাত্ৰ কেইদিনমান পূৰ্বে ইংলেণ্ড দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।ফ্ল’ৰিডাৰ পৰা কেনছাছ চিটিলৈ যোৱাৰ পথত খেলুৱৈৰ বুট, ফুটবল আৰু অন্যান্য সঁজুলি চুৰি হয়।

ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে বিশ্বকাপৰ উদ্বোধনী মেচৰ পূৰ্বে ইংলেণ্ড ফুটবল দলটো এক বিপৰ্যয়ৰ  সন্মুখীন হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি, দলটোৰ কেইবাগৰাকীও খেলুৱৈৰ জোতা, ফুটবল আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলি পথৰ পৰা চুৰি হৈছে। এই ঘটনাটোক এটা ডাঙৰ চুৰিকাণ্ড বুলি অভিহিত কৰা হৈছে, যিয়ে ইংলেণ্ড শিবিৰৰ প্ৰস্তুতিত ডাঙৰ প্ৰশ্নবোধক চিহ্নৰ সৃষ্টি কৰিছে।

প্ৰতিবেদন অনুসৰি, ইংলেণ্ড দলটোৱে বিশ্বকাপৰ পূৰ্বে ফ্ল’ৰিডাত প্ৰাক-টুৰ্ণামেণ্ট প্ৰশিক্ষণ শিবিৰ পাতিছিল। এই সময়ছোৱাত দলটোৱে নিউজিলেণ্ড, কষ্টাৰিকা আৰু স্থানীয় ক্লাব মিয়ামি ইউনাইটেডৰ বিৰুদ্ধে অনুশীলন মেচো খেলিছিল। প্ৰশিক্ষণ শিবিৰ শেষ হোৱাৰ পিছত শনিবাৰে পুৱা খেলুৱৈসকল বিমানেৰে আমেৰিকাৰ কানছাছ চিটীত থকা দলীয় হোটেলত উপস্থিত হয়, আনহাতে তেওঁলোকৰ সা-সামগ্ৰীসমূহ আগতীয়াকৈ পথ পৰিবহণেৰে পঠিওৱা হৈছিল।

এই যাত্ৰাৰ মাজতে পথৰ পৰা দলটোৰ কিছু সামগ্ৰী চুৰি হয়। ‘দিলী মেইল’ৰ প্ৰতিবেদন অনুসৰি,  ৰিপৰ্ট কৰা অনুসৰি চোৰে খেলুৱৈসকলৰ বুট, ফুটবল আৰু অন্যান্য সঁজুলি লৈ পলাই যায়। এই ঘটনা পোহৰলৈ অহাৰ পিছতে ইংলেণ্ড দলৰ সহযোগী কৰ্মচাৰীসকলৰ (Support Staff) মাজত হাহাকাৰ লাগিছে।

জানিব পৰা মতে, কৰ্মচাৰীসকলে এতিয়া খেলুৱৈসকলৰ বাবে নতুন বুট আৰু প্ৰয়োজনীয় সামগ্ৰীৰ যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে, যাতে ক্ৰোৱেছিয়াৰ বিৰুদ্ধে হ’বলগীয়া উদ্বোধনী মেচৰ প্ৰস্তুতিত কোনো প্ৰভাৱ নপৰে। অৱশ্যে এতিয়ালৈকে এইটো স্পষ্ট হোৱা নাই যে কিমানজন খেলুৱৈৰ সামগ্ৰী চুৰি হৈছে আৰু ক্ষয়-ক্ষতিৰ পৰিমাণ কিমান।

এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ইংলেণ্ড ফুটবল এছ’চিয়েশ্যন (FA)ৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক বিবৃতি জাৰি কৰা হোৱা নাই। আনহাতে, এই ঘটনাই বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বে ইংলেণ্ড দলৰ প্ৰস্তুতিত অপ্ৰত্যাশিত সমস্যাৰ সৃষ্টি কৰিছে।

এতিয়া সকলোৰে চকু এফএ (FA)ৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া আৰু দলটোৰ পৰৱৰ্তী পদক্ষেপৰ ওপৰত নিৱদ্ধ হৈ আছে। প্ৰতিবেদন অনুসৰি, দলটোৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ ফ্ল’ৰিডাৰ পৰা মিজুৰীলৈ লৈ যোৱাৰ সময়ত চুৰি হয়। এতিয়া ইংলেণ্ড ফুটবল এছ’চিয়েশ্যন (FA) আৰু দলৰ কৰ্মচাৰীসকলে চুৰি হোৱা সামগ্ৰীসমূহ বিচাৰি উলিয়াবলৈ আৰু তাৰ ক্ষতিপূৰণ কৰিবলৈ চেষ্টা চলাইছে।

লগতে পঢ়ক: ‘তেৰা য়াৰ হু মে’; কেন উইলিয়ামছনৰ অৱসৰক লৈ আৱেগিক বিৰাট কোহলী

শেহতীয়া প্ৰৱন্ধসমূহ