কোনো স্থানীয় খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী কৰে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ শাসনত ৰাজ্যখনত এক আমূল পৰিৱৰ্তন ঘটিছে বুলি বুধবাৰে মন্তব্য কৰে । অহা ৯ এপ্ৰিলত হ’বলগীয়া এটা পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত কোনো স্থানীয় “খিলঞ্জীয়া ভাৰতীয়ই” কংগ্ৰেছক ভোট নিদিয়ে বুলি তেওঁ দাবী কৰে ।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “আমি অসমৰ সম্পূৰ্ণ পৰিৱৰ্তন কৰিছোঁ । আজি মানুহে আমাৰ শক্তিশালী সংস্কৃতি আৰু ঐতিহ্যৰ ওপৰত ভিত্তি কৰি এক নতুন অসম দেখিছে । বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বাহিৰে বাকী সকলো মানুহ বিজেপিৰ লগত আছে । কোনো থলুৱা খিলঞ্জীয়া ভাৰতীয়ই কংগ্ৰেছক ভোট নিদিয়ে ।”
তেওঁ লগতে কয়, “কংগ্ৰেছলৈ কোনে যাব বিচাৰে? কংগ্ৰেছে ভাৰতত চৰকাৰ গঠন কৰিব নোৱাৰে; তেওঁলোকে পাকিস্তানতহে চৰকাৰ গঠন কৰিব পাৰিব । তেনে ক্ষেত্ৰত মই কেনেকৈ কংগ্ৰেছলৈ যাব পাৰোঁ ? কংগ্ৰেছে ভাৰতত কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰে । যদিহে কেতিয়াবা কংগ্ৰেছে চৰকাৰ গঠন কৰে, তেন্তে সেয়া হয় পাকিস্তানত নতুবা বাংলাদেশত হ’ব ।”
লগতে পঢ়ক : নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ









