সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই
লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ মাৰ্চত অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে । ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুবাৰৰ এই সাংসদগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কেইদিনমান পিছতে এই সিদ্ধান্ত লৈছে ।
এক চৰকাৰী জাননী অনুসৰি, ২০ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পদত্যাগ গ্ৰহণ কৰা হৈছে । বৰদলৈয়ে ১৭ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু পিছদিনাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল । ইয়াৰ পিছতে বিজেপিয়ে অতি তৎপৰতাৰে বৰদলৈক হাই-প্ৰফাইল দিছপুৰ সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে আৰু ৮৮ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত তেওঁৰ নাম ঘোষণা কৰে ।
প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰদলৈয়ে বিজেপি নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে তেওঁ দলত যোগদান কৰাৰ সময়ত কোনো পদবী বিচৰা নাছিল । ৰাজহুৱা জীৱনত অধিক অৰ্থপূৰ্ণ ভূমিকা পালন কৰাৰ ইচ্ছাৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে ।
উল্লেখ্য য়ে, প্ৰদ্যুৎ বৰদলৈয়ে ইয়াৰ পূৰ্বে চাৰিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু অসমত তৰুণ গগৈৰ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰত প্ৰায় ১৫ বছৰ ধৰি মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আহিছে । পৰৱৰ্তী সময়ত তেওঁ ধাৰাবাহিকভাৱে দুটা কাৰ্যকালৰ বাবে লোকসভাত নগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ।
লগতে পঢ়ক : বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ সম্ভাৱনা









