কুংকী চৌধুৰীক পৰাস্ত কৰি শেষ হাঁহি মাৰিলে বিজয় গুপ্তাই, দিছপুৰত প্ৰদ্যুৎ বৰদলৈৰ চমৎকাৰ

মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় গুপ্তাই এক বিশাল বিজয় সাব্যস্ত কৰে

অসম বিধানসভা নিৰ্বাচন ২০২৬-ত মধ্য গুৱাহাটী বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী বিজয় কুমাৰ গুপ্তাই এক বিশাল বিজয় সাব্যস্ত কৰে । তেওঁ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ সৈতে মিত্ৰতা কৰা অসম জাতীয় পৰিষদৰ (অজাপ) প্ৰাৰ্থী কুংকী চৌধুৰীক পৰাজিত কৰে ।

নিৰ্বাচন আয়োগৰ ফলাফল অনুসৰি, বিজয় কুমাৰ গুপ্তাই ১,০১,২৯৭ টা ভোট লাভ কৰি আসনখনত জয়লাভ কৰে আৰু কুংকী চৌধুৰীক ৬১,৯২১ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে ।

এই শক্তিশালী জনাদেশে গুৱাহাটীত বিজেপিৰ শক্তিশালী নগৰীয়া সমৰ্থনৰ ভিত্তি পুনৰ এবাৰ প্ৰমাণিত কৰিলে । ইয়াৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এন ডি এ চৰকাৰে ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে অসমত চৰকাৰ গঠনৰ দিশত অগ্ৰসৰ হৈছে ।

কুংকী চৌধুৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিৰোধী মিত্ৰজোঁটৰ অন্যতম বিশিষ্ট যুৱ মুখ হিচাপে আত্মপ্ৰকাশ কৰিছিল যদিও সমষ্টিটোত বিজেপিৰ সাংগঠনিক শক্তি আৰু ভোটাৰৰ ভিত্তিক প্ৰত্যাহ্বান জনোৱাত ব্যৰ্থ হয় ।

ইফালে দিছপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত প্ৰদ্যুৎ বৰদলৈয়ে এক চমকপ্ৰদ সফলতা অৰ্জন কৰি বৃহৎ বিজয় সাব্যস্ত কৰে । বৰদলৈয়ে মুঠ ১,০৩,৩৩৭ টা ভোট লাভ কৰি কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক ৪৯,৬৬৭ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে ।

উল্লেখনীয় যে, বিধানসভা নিৰ্বাচনৰ মাত্ৰ কেইমাহমান পূৰ্বে বৰদলৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল, যাৰ বাবে অসমৰ অন্যতম হাই-প্ৰফাইল সমষ্টিটোত তেওঁৰ এই বিশাল বিজয়ৰ ৰাজনৈতিক গুৰুত্ব অধিক বৃদ্ধি পাইছে ।

এই বিজয়ে ৰাজ্যজুৰি বিজেপি নেতৃত্বাধীন NDAৰ অপ্ৰতিৰোধ্য আধিপত্যক পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটে ধাৰাবাহিকভাৱে তৃতীয়টো কাৰ্যকালৰ বাবে চৰকাৰ গঠনৰ দিশত অগ্ৰসৰ হ’ল ।

লগতে পঢ়ক : বিৰোধীৰ ‘তিনি গগৈ’ৰ দুই গগৈ ধৰাশায়ী: যোৰহাটত গৌৰৱ আৰু খোৱাঙত লুৰীণজ্যোতিৰ শোচনীয় পৰাজয়

নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ গ্ৰহণ লোকসভাৰ অধ্যক্ষৰ

সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ২৪ মাৰ্চত অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে । ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দুবাৰৰ এই সাংসদগৰাকীয়ে কংগ্ৰেছ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাৰ কেইদিনমান পিছতে এই সিদ্ধান্ত লৈছে ।

এক চৰকাৰী জাননী অনুসৰি, ২০ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ এই পদত্যাগ গ্ৰহণ কৰা হৈছে । বৰদলৈয়ে ১৭ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু পিছদিনাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল । ইয়াৰ পিছতে বিজেপিয়ে অতি তৎপৰতাৰে বৰদলৈক হাই-প্ৰফাইল দিছপুৰ সমষ্টিৰ পৰা প্ৰক্ষেপ কৰিছে আৰু ৮৮ জনীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকাত তেওঁৰ নাম ঘোষণা কৰে ।

প্ৰাৰ্থিত্ব লাভৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বৰদলৈয়ে বিজেপি নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে আৰু কয় যে তেওঁ দলত যোগদান কৰাৰ সময়ত কোনো পদবী বিচৰা নাছিল । ৰাজহুৱা জীৱনত অধিক অৰ্থপূৰ্ণ ভূমিকা পালন কৰাৰ ইচ্ছাৰ বাবেই তেওঁ এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে ।

উল্লেখ্য য়ে, প্ৰদ্যুৎ বৰদলৈয়ে ইয়াৰ পূৰ্বে চাৰিবাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছে আৰু অসমত তৰুণ গগৈৰ নেতৃত্বধীন কংগ্ৰেছ চৰকাৰত প্ৰায় ১৫ বছৰ ধৰি মন্ত্ৰীত্বৰ দায়িত্ব পালন কৰি আহিছে । পৰৱৰ্তী সময়ত তেওঁ ধাৰাবাহিকভাৱে দুটা কাৰ্যকালৰ বাবে লোকসভাত নগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক : বৰপেটাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ সম্ভাৱনা

প্ৰত্যেকটো ক্ষেত্ৰতে অৱহেলিত, উপেক্ষিতঃ কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উজাৰি দল এৰাৰ কাৰণ ব্যাখ্যা প্ৰদ্যুৎ বৰদলৈৰ

প্ৰদ্যুৎ বৰদলৈয়ে ২১ মাৰ্চত কয় যে কেইবা বছৰো ধৰি অৱহেলিত আৰু উপেক্ষিত অনুভৱ কৰাৰ পিছত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে

দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ২১ মাৰ্চত কয় যে কেইবা বছৰো ধৰি “অৱহেলিত” আৰু “উপেক্ষিত” অনুভৱ কৰাৰ পিছত তেওঁ কংগ্ৰেছ দল ত্যাগ কৰিছে । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি তেওঁ কিয় কংগ্ৰেছ দল এৰিলে সেয়া অসমৰ ৰাইজক জনোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰি দলটোত তেওঁক এলাগী কৰা হৈছিল বুলি মন্তব্য কৰে ।

সংবাদমেলক তেওঁ দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ ভিতৰত অৱহেলিত আৰু এলাগী অনুভৱ কৰি আছিল বুলি মন্তব্য কৰে । ন-বিজেপি নেতা বৰদলৈয়ে কয়, “মই কংগ্ৰেছ দলত অৱহেলিত আৰু উপেক্ষিত অনুভৱ কৰি আছিলোঁ । বিশেষকৈ সাংগঠনিক নিৰ্বাচনৰ পিছত বিশ্বাসৰ এক চৰম অভাৱ ঘটিছিল । মোক সকলো ফালৰ পৰা পিছলৈ ঠেলি দিয়া হৈছিল ।”

বিজেপি নেতাগৰাকীয়ে উল্লেখ কৰে যে দলটোৰ ভিতৰৰ পৰিৱেশ “বিষাক্ত” হৈ পৰিছিল, যাৰ ফলত তেওঁৰ বাবে কাম কৰি থকাটো কঠিন হৈ পৰিছিল । কোনো বিশেষ ব্যক্তিৰ বিৰুদ্ধে পোনপটীয়া অভিযোগ উত্থাপন নকৰাকৈয়ে তেওঁ কয় যে আভ্যন্তৰীণ নিৰ্বাচনৰ পিছত কিছুমান ঘটনাই তেওঁৰ অবিশ্বাসৰ ভাৱক অধিক গভীৰ কৰি তুলিছিল ।

বৰদলৈয়ে লগতে দাবী কৰে যে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলোৱাৰ পিছত তেওঁ অনুভৱ কৰিছিল যে একাংশ দ্বিতীয় স্তৰৰ নেতাই তেওঁক “বাহিৰ কৰি দিব” বিচাৰিছিল । তেওঁ অভিযোগ কৰে যে তেওঁক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ প্ৰক্ৰিয়াৰ পৰা আঁতৰাই ৰখা হৈছিল আৰু সংগঠনটোৰ ভিতৰত এটা গৌণ ভূমিকাত সীমাবদ্ধ কৰি ৰখা হৈছিল ।

শেহতীয়া ৰাজনৈতিক ঘটনাৱলীৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয় যে গুৱাহাটীত উপস্থিত হোৱাৰ পিছত বৃহৎ সংখ্যক কংগ্ৰেছ কৰ্মী আৰু যুৱ কৰ্মীয়ে তেওঁক আদৰণি জনাইছিল আৰু পৰৱৰ্তী সময়ত বিজেপিত যোগদান কৰিছিল । তেওঁ দাবী কৰে যে দলটোৰ বৰ্তমানৰ পৰিৱেশৰ বাবে বহু কংগ্ৰেছ কৰ্মীয়ে “নিৰুৎসাহিত” অনুভৱ কৰিছে । তেওঁ কয়- “বহু কৰ্মীয়ে অনুভৱ কৰে যে বৰ্তমান কংগ্ৰেছ দলত আন্তৰিকতাৰে কাম কৰিবলৈ উপযুক্ত পৰিৱেশ নাই ।”

লগতে পঢ়ক : বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

সদ্য কংগ্ৰেছ ত্যাগী ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈয়ে পালে বিজেপিৰ টিকট

প্ৰাৰ্থী তালিকাত অতি কম সময়ৰ ব্যৱধানত কংগ্ৰেছ ত্যাগ কৰা দুজন জ্যেষ্ঠ নেতাক টিকট প্ৰদান কৰা হৈছে

২০২৬ৰ অসম বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰিলে প্ৰাৰ্থী তালিকা । বিজেপিয়ে ঘোষণা কৰা ৮৮ জনীয়া এই প্ৰাৰ্থী তালিকাত অতি কম সময়ৰ ব্যৱধানত কংগ্ৰেছ ত্যাগ কৰা দুজন জ্যেষ্ঠ নেতাক টিকট প্ৰদান কৰা হৈছে ।

২০২১ চনৰ পৰা ২০২৫ চনলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন দুবাৰৰ বিধায়ক ভূপেন কুমাৰ বৰাক লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ পৰা বিজেপি দলে প্ৰক্ষেপ কৰিছে । তিনিটা দশকৰো অধিক সময় কংগ্ৰেছত অতিবাহিত কৰা ভূপেন বৰাই দলৰ ভিতৰ চ’ৰাৰ অৱহেলা আৰু আভ্যন্তৰীণ সংঘাতক দল ত্যাগৰ কাৰণ হিচাপে দৰ্শাই অসমত দলীয় কাৰ্যকলাপ সন্দৰ্ভত তেওঁৰ উদ্বেগসমূহ কেন্দ্ৰীয় নেতৃত্বই বাৰে বাৰে আওকাণ কৰা বুলি পদত্যাগ কৰি অভিযোগ কৰিছিল ।

পদত্যাগৰ কাৰণ হিচাবে ভূপেন বৰাই লগতে দাবী কৰিছিল যে ৰকিবুল হুছেইনে অসম কংগ্ৰেছত আধিপত্য বিস্তাৰ কৰিছে, যাৰ ফলত তেওঁৰ দৰে বহু জ্যেষ্ঠ নেতাৰ গুৰুত্ব হ্ৰাস পাইছে । ফেব্ৰুৱাৰী মাহত তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক দললৈ আদৰণি জনাই ।

ইফালে নগাঁৱৰ বৰ্তমানৰ লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ১৭ মাৰ্চত কংগ্ৰেছৰ পৰা পদত্যাগ কৰি ১৮ মাৰ্চত বিজেপিত যোগদান কৰে । ইয়াৰ পিছতে তেওঁক এতিয়া অসমৰ অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি দিছপুৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । পাঁচ দশকৰো অধিক সময় কংগ্ৰেছৰ সদস্য হৈ থকা বৰদলৈয়ে কয় যে যোৱা দুবছৰ ধৰি তেওঁ দলৰ ভিতৰত অপমান কৰা হৈছিল আৰু তেওঁ অকলশৰীয়া হৈ পৰিছিল ।

উল্লেখ্য যে, এই হাই-প্ৰফাইল নেতাসকলৰ উপৰিও বিজেপিৰ তালিকাত নামনি, মধ্য আৰু উজনি অসমৰ ৰঙিয়া, পলাশবাৰী, গুৱাহাটী কেন্দ্ৰীয়, নগাঁও, মঙলদৈ, ধেমাজি আৰু তিনিচুকীয়া আদি সমষ্টিসমূহ অন্তৰ্ভুক্ত হৈছে ।

লগতে পঢ়ক : জালুকবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৮৮টা সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা

‘বিজেপিত আত্মসন্মান আৰু মুৰ তুলি থাকিব পাৰিম’; গেৰুৱা বসন পিন্ধি  প্ৰথম প্ৰতিক্ৰিয়া প্ৰদ্যুৎ বৰদলৈৰ

বুধবাৰে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিলে নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদান কৰিয়েই বিস্ফোৰক মন্তব্য দিছে প্ৰদ্যুৎ বৰদলৈয়ে।

দিল্লীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ বাসগৃহত আজি প্ৰদ্যুৎ বৰদলৈয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছে।কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নৱ বিজেপি প্ৰদ্যুৎ বৰদলৈয়ে। বিজেপিত যোগদান কৰি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।

তেওঁ কয় যে, কংগ্ৰেছত মই ষোল্ল বছৰ বয়সৰ পৰাই কাম কৰিছো। মই কংগ্ৰেছ দলটোৰ বাবে বহু সংগ্ৰামৰো সন্মুখীন হৈছিলোঁ।কিন্তু কংগ্ৰেছত জ্যেষ্ঠ নেতা হিচাপে যিমান সন্মান পাব লাগিছিল সেই সন্মান নাপালো।কংগ্ৰেছত এতিয়া স্বাভিমানী লোকে কাম কৰাৰ পৰিৱেশ নাই।কংগ্ৰেছত থাকি মানসিক অশান্তিত ভুগি আছিলো।দুটা বছৰে শ্বাসৰুদ্ধ হৈ কাম কৰিছিলো।সেই সময়ত মই কংগ্ৰেছত অকলশৰীয়া অনুভৱ কৰিছিলো। এই সিদ্ধান্ত মোৰ বাবে সহজ নাছিল’।   

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কথা উল্লেখ কৰি প্ৰদ্যুৎ বৰদলৈয়ে কয়- মই মুখ্যমন্ত্ৰীৰ সৈতে সুদীৰ্ঘকাল সতীৰ্থ হিচাপে আছিলো। তেওঁৰ কামকাজৰ ধৰণ দেখি সন্তুষ্ট হৈ মই বিজেপিলৈ আহিছো। মুখ্যমন্ত্ৰী কৰ্মস্পৃহাই মোক আকৰ্ষিত কৰিছে। বিজেপিত মই আত্মসন্মান ৰক্ষা কৰি মুৰ তুলি এখন অসমীয়াৰ হিচাপে কাম কৰি যাম।

লগতে পঢ়ক: দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

দিল্লীত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান প্ৰদ্যুৎ বৰদলৈৰ

অৱশেষত বিজেপিত যোগদান কৰিলে সদ্য কংগ্ৰেছ ত্যাগী প্ৰদ্যুৎ বৰদলৈয়ে।

বুধবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিলে প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত মুখ্যমন্ত্ৰীৰ বাসভৱনত সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত বিজেপিত যোগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকীয়ে। ১২.৩০ বজাত বিজেপিত যোগদান কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছৰ নেতা সকলৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰি দলত্যাগ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পিছতেই তেওঁ বিজেপিত যোগদান কৰাৰ কথা নিশ্চিত হৈছিল।

লগতে পঢ়ক: হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

হাত এৰি পদুমলৈ যাত্ৰা; আজিয়েই গেৰুৱা বসন পিন্ধিব প্ৰদ্যুৎ বৰদলৈয়ে

আজি আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। দিল্লীত। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।

মঙলবাৰে নিশা কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছত আজিয়েই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব প্ৰদ্যুৎ বৰদলৈয়ে। মঙলবাৰে মাজনিশাই  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো সাক্ষাৎ প্ৰদ্যুৎ বৰদলৈৰ। তাৰ পিছতেই  গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে কংগ্ৰেছ ত্যাগ কৰা নেতাগৰাকীয়ে।

আজি ১০ বজাত দিল্লীত বিজেপিত যোগদা কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। বিজেপিৰ শীৰ্ষ নেতৃত্বৰ উপস্থিতিত যোগদান কৰিব তেওঁ।বিজেপিত যোগদান কৰাৰ লগে লগেই বিজেপিৰ প্ৰাৰ্থী হৈ বিধানসভা নিৰ্বাচন খেলাৰ সুযোগ লাভৰো সম্ভাৱনা আছে প্ৰদ্যুৎ বৰদলৈৰ।

ইয়াৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈৰ বাবে বিজেপিত এখন আসন সংৰক্ষিত বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গ্ৰীণ চিগনেল দিছিলে। দিছপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী হ’ব পাৰে বৰদলৈ!আজি বিজেপিৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই এই কথা নিশ্চিত হ’ব।  

লগতে পঢ়ক: ‘কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো’; প্ৰদ্যুৎ বৰদলৈ

‘কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো’; প্ৰদ্যুৎ বৰদলৈ

কংগ্ৰেছ ত্যাগ কৰাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে।

মঙলবাৰে নিশা কংগ্ৰেছ দলৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি দল ত্যাগ কৰে প্ৰদ্যুৎ বৰদলৈয়ে। দল ত্যাগ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে মুখ খুলিছে প্ৰদ্যুৎ বৰদলৈয়ে। প্ৰদ্যুৎ বৰদলৈয়ে কয় যে, ৰাজনৈতিক জীৱনৰ এই সিদ্ধান্ত ল’বলৈ মোৰো মন নাছিল। কিন্তু মোৰ উপায় নাই কাৰণে এই সিদ্ধান্ত ল’বলৈ বাধ্য হ’লো। এই সিদ্ধান্ত গ্ৰহণ কৰি মই যথেষ্ট দুখ লাগিছে।

কিন্তু আজি কেইমাহমান ধৰি কংগ্ৰেছ দলৰ যি পৰিস্থিতি, যি পৰিস্থিতিৰ মই সন্মুখিন হৈ আহিছো তাৰ পিছত উপায় বিহীন হৈ মই বৰ দুখেৰে বিষাদভৰা মনৰ সৈতে এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো।অসম প্ৰদেশ কংগ্ৰেছৰ সৈতে মোৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ য’তি পেলাইছো। কংগ্ৰেছত পোৱা চৰম অপমান আৰু উশাহহীন পৰিৱেশৰ বাবে পদত্যাগ কৰিবলৈ বাধ্য হ’লো। বিজেপি দলে মোলৈ এটা প্ৰস্তাৱ আগবঢ়াইছে যে এইবাৰ বিধানসভা নিৰ্বাচনতে অংশগ্ৰহণ কৰিব লাগে।

লগতে পঢ়ক: এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে

এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে

কংগ্ৰেছ দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

আসন্ন অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত উঠিছে পদত্যাগৰ জোৱাৰ । নিৰ্বাচনৰ পূৰ্বে নৈৰ গৰাৰ দৰে খহিছে কংগ্ৰেছ দলৰ ভেটি । এইবাৰ কংগ্ৰেছৰ ভেটি কঁপাই দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি AICCৰ সভাপতি মল্লিকাৰ্জু খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ । ইয়াৰ লগে লগে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি হাই-প্ৰফাইল দিছপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বৰ্তমান দিল্লীত থকা সাসংদ বৰদলৈয়ে বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁৱৰ কংগ্ৰেছ সাসংদ আছিল বৰদলৈ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ সাসংদ বৰদলৈক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে এই ৰাজনৈতিক ঘটনা ঘটাৰ উপক্ৰম ঘটিছে । ইয়াৰ পূৰ্বে মঙলবাৰে বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল যে তেওঁ ব্যক্তিগতভাৱে কংগ্ৰেছ নেতাগৰাকীৰ সৈতে যোগাযোগ কৰা নাই যদিও তেওঁ বিশ্বাস কৰে যে বৰদলৈয়ে হয়তো কংগ্ৰেছত থকাটো প্ৰয়োজনীয় বুলি নাভাবিব পাৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল- “মই প্ৰদ্যুৎ বৰদলৈৰ সৈতে যোগাযোগ কৰা নাই, কিন্তু মোৰ বিশ্বাস যে তেওঁৰ কংগ্ৰেছত থকাৰ কোনো প্ৰয়োজন নাই । মই তেওঁক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিছো আৰু মই তেওঁক দললৈ আদৰণি জনাইছো । এতিয়ালৈকে তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাই ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইংগিত দিছিল যে বিজেপিয়ে জ্যেষ্ঠ নেতা ভূপেন কুমাৰ বৰাক যিধৰণে সন্মান দিছিল, প্ৰদ্যুৎ বৰদলৈকো অনুৰূপ সন্মান প্ৰদান কৰিব । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে “যদি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰে, তেন্তে আমি নিশ্চিত কৰিম যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি তেওঁৰ বাবে এখন আসন এৰি দিম,” বুলি মন্তব্য কৰিছিল ।

আনহাতে বুধবাৰে সন্ধিয়ালৈ ঘোষণা হ’ব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা ।

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈক বিজেপিলৈ আমন্ত্ৰণ, আনুষ্ঠানিক প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ