প্ৰদ্যুৎ বৰদলৈক বিজেপিলৈ আমন্ত্ৰণ, আনুষ্ঠানিক প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক মুকলিকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়
বিধানসভা নিৰ্বাচনৰ পূৰ্বে, ১৭ মাৰ্চ মঙলবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈক মুকলিকৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনায় । তেওঁ কয় যে দলটোৱে সাসংদ বৰদলৈক আদৰণি জনাব আৰু তেওঁক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ নিশ্চিত কৰিব ।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্পষ্ট কৰি দিয়ে যে তেওঁ ব্যক্তিগতভাৱে কংগ্ৰেছ নেতাগৰাকীৰ সৈতে যোগাযোগ কৰা নাই, কিন্তু তেওঁ বিশ্বাস কৰে যে বৰদলৈৰ ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছত থকাৰ কোনো কাৰণ নাই ।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, “মই প্ৰদ্যুৎ বৰদলৈৰ সৈতে যোগাযোগ কৰা নাই, কিন্তু মই বিশ্বাস কৰোঁ যে তেওঁৰ কংগ্ৰেছত থকাৰ কোনো প্ৰয়োজন নাই । মই তেওঁক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিছোঁ আৰু তেওঁক দললৈ আদৰণি জনাইছোঁ । এতিয়ালৈকে তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাই ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যদিহে বৰদলৈয়ে বিজেপিত যোগদান কৰে, তেন্তে দলটোৱে তেওঁক অসমৰ জ্যেষ্ঠ নেতা ভূপেন কুমাৰ বৰাক যিধৰণে সন্মান জনাইছিল, সেই একেই সন্মান আগবঢ়াব । মুখ্যমন্ত্ৰীয়ে কয়- “আমি ভূপেন বৰাক যিদৰে সন্মান জনাইছিলোঁ, প্ৰদ্যুৎ বৰদলৈকো আমি একেধৰণে সন্মান জনাম ।”
মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে ইংগিত দিয়ে যে যদিহে বৰদলৈয়ে দল সলনি কৰে, তেন্তে বিজেপিয়ে তেওঁক নিৰ্বাচনী ক্ষেত্ৰত স্থান দিবলৈ সাজু আছে । তেওঁ কয়, “যদি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰে, তেন্তে আমি নিশ্চিত কৰিম যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি তেওঁৰ বাবে এখন আসন এৰি দিম ।”
অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে এতিয়ালৈকে বৰদলৈৰ ফালৰ পৰা কোনো যোগাযোগ হোৱা নাই । “এতিয়ালৈকে মই নাভাবোঁ যে প্ৰদ্যুৎ বৰদলৈয়ে কোনো বিজেপি নেতাৰ সৈতে যোগাযোগ কৰিছে,” ড০ শৰ্মাই লগতে কয় ।
লগতে পঢ়ক : মিত্ৰতা আৰু বিজেপিৰ প্ৰাৰ্থী তালিকাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা