এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে

এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে সাসংদ প্ৰদ্যুৎ বৰদলৈয়ে

কংগ্ৰেছ দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আসন্ন অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত উঠিছে পদত্যাগৰ জোৱাৰ । নিৰ্বাচনৰ পূৰ্বে নৈৰ গৰাৰ দৰে খহিছে কংগ্ৰেছ দলৰ ভেটি । এইবাৰ কংগ্ৰেছৰ ভেটি কঁপাই দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

কংগ্ৰেছ দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে

আসন্ন অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত উঠিছে পদত্যাগৰ জোৱাৰ । নিৰ্বাচনৰ পূৰ্বে নৈৰ গৰাৰ দৰে খহিছে কংগ্ৰেছ দলৰ ভেটি । এইবাৰ কংগ্ৰেছৰ ভেটি কঁপাই দল ত্যাগ কৰিলে জ্যেষ্ঠ নেতা তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি AICCৰ সভাপতি মল্লিকাৰ্জু খৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ । ইয়াৰ লগে লগে তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰি হাই-প্ৰফাইল দিছপুৰ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰবল সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে বৰ্তমান দিল্লীত থকা সাসংদ বৰদলৈয়ে বুধবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে, নগাঁৱৰ কংগ্ৰেছ সাসংদ আছিল বৰদলৈ ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাকৈ সাসংদ বৰদলৈক বিজেপিত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতে এই ৰাজনৈতিক ঘটনা ঘটাৰ উপক্ৰম ঘটিছে । ইয়াৰ পূৰ্বে মঙলবাৰে বিয়লি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল যে তেওঁ ব্যক্তিগতভাৱে কংগ্ৰেছ নেতাগৰাকীৰ সৈতে যোগাযোগ কৰা নাই যদিও তেওঁ বিশ্বাস কৰে যে বৰদলৈয়ে হয়তো কংগ্ৰেছত থকাটো প্ৰয়োজনীয় বুলি নাভাবিব পাৰে ।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কৈছিল- “মই প্ৰদ্যুৎ বৰদলৈৰ সৈতে যোগাযোগ কৰা নাই, কিন্তু মোৰ বিশ্বাস যে তেওঁৰ কংগ্ৰেছত থকাৰ কোনো প্ৰয়োজন নাই । মই তেওঁক বিজেপিত যোগদান কৰিবলৈ পৰামৰ্শ দিছো আৰু মই তেওঁক দললৈ আদৰণি জনাইছো । এতিয়ালৈকে তেওঁৰ সৈতে কোনো যোগাযোগ হোৱা নাই ।”

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে ইংগিত দিছিল যে বিজেপিয়ে জ্যেষ্ঠ নেতা ভূপেন কুমাৰ বৰাক যিধৰণে সন্মান দিছিল, প্ৰদ্যুৎ বৰদলৈকো অনুৰূপ সন্মান প্ৰদান কৰিব । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে “যদি প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰে, তেন্তে আমি নিশ্চিত কৰিম যে তেওঁ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু আমি তেওঁৰ বাবে এখন আসন এৰি দিম,” বুলি মন্তব্য কৰিছিল ।

আনহাতে বুধবাৰে সন্ধিয়ালৈ ঘোষণা হ’ব পাৰে বিজেপিৰ প্ৰাৰ্থী তালিকা ।

লগতে পঢ়ক : প্ৰদ্যুৎ বৰদলৈক বিজেপিলৈ আমন্ত্ৰণ, আনুষ্ঠানিক প্ৰস্তাৱ মুখ্যমন্ত্ৰীৰ

শেহতীয়া প্ৰৱন্ধসমূহ