বৰপেটাত নিৰ্বাচনী প্ৰচাৰৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি লয়। প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে এইবাৰ পৰাজয়ৰ চেঞ্চুৰী কোবাব।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰপেটাত অনুষ্ঠিত নিৰ্বাচনী সভাত ভাষণ দি কয় যে এই নিৰ্বাচনত কংগ্ৰেছ দলে “পৰাজয়ৰ চেঞ্চুৰী” কৰিবলৈ সাজু হৈছে।তেওঁ কয় যে অসমৰ ৰাইজে এইবাৰ দুটা কাম সম্পন্ন কৰাৰ দৃঢ় সংকল্প লৈছে।এটা হৈছে, বিজেপি-এনডিএ এইবাৰ অসমত হেট্ৰিক কৰিবলৈ সাজু হৈছে আৰু আনটো হৈছে, কংগ্ৰেছৰ ৰাজপৰিয়ালৰ যি সকল লোক দিল্লীত বহি আছে,তেওঁলোকৰ পৰাজয়ৰ চেঞ্চুৰীৰ অভিলেখ অসমৰ ৰাইজে গঢ়িব।
তেওঁ উল্লেখ কৰে যে বিজেপিৰ সদস্য সকল ‘ৰাষ্ট্ৰ প্ৰথম’ মন্ত্ৰৰ দ্বাৰা পৰিচালিত আৰু ভাৰত মাতৃৰ সেৱাত উৎসৰ্গিত।তেওঁৰ সংকল্প হৈছে এখন স্বাৱলম্বী ভাৰত গঢ়ি তোলা।কংগ্ৰেছে কেতিয়াও ৰিপৰ্ট কাৰ্ড লৈ জনসাধাৰণৰ আগত নাযায়।ইফালে বিজেপি চৰকাৰে স্পষ্ট উদ্দেশ্যৰে জনসাধাৰণক কয় যে তেওঁলোকৰ সেৱাৰ বাবে আমি কি কি কৰিছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক কয় যে এইবাৰ তেওঁলোকৰ ভোটে এখন উন্নত অসম গঢ়াৰ ভেটি আৰু অধিক মজবুত কৰিবলৈ গৈ আছে। বিজেপিয়ে অসমক নতুন উচ্চতাৰ দিশে আগুৱাই লৈ গৈছে।
কংগ্ৰেছক লক্ষ্য কৰি তেওঁ কয় যে, “কংগ্ৰেছৰ দীৰ্ঘম্যাদী দৃষ্টিভংগী নাছিল।তেওঁলোকৰ গুৰুত্ব আছিল দুৰ্নীতিৰ জৰিয়তে হ্ৰস্বম্যাদী লাভৰ ওপৰত।২০১৪ চনৰ আগৰ ১০ বছৰত, যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল,সেই সময়ত দেশৰ খেতিয়কসকলে মাত্ৰ ৪ লাখ কোটি টকা এম এছ পি লাভ কৰিছিল।কিন্তু ২০১৪ চনৰ পৰা ১০ বছৰত আমাৰ চৰকাৰে ধান খেতিয়কক ১৬ লাখ কোটি টকা আগবঢ়াইছে।”
লগতে পঢ়ক: ‘এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে’; পৱন খেড়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ









