‘এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে’; পৱন খেড়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

‘এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে’; পৱন খেড়াক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ কৰিছিলে তাক মিছা বুলি প্ৰমাণিত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে কংগ্ৰেছে ৰিণিকি ভূঞাৰ নামত ৩খন দেশৰ পাছপৰ্ট থকা বুলি অভিযোগক লৈ সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। বাজপেয়ী ভৱনত সংবাদমেলখনৰ

কংগ্ৰেছে মুখ্যমন্ত্ৰী পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে যি অভিযোগ কৰিছিলে তাক মিছা বুলি প্ৰমাণিত কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

দেওবাৰে কংগ্ৰেছে ৰিণিকি ভূঞাৰ নামত ৩খন দেশৰ পাছপৰ্ট থকা বুলি অভিযোগক লৈ সোমবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেল সম্বোধন কৰে। বাজপেয়ী ভৱনত সংবাদমেলখনৰ জৰিয়তে পৱন খেড়াক প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছৰ মিথ্যাচাৰৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীয়ে দিলে প্ৰমাণ।

সংবাদমেলৰ আৰম্ভণিতে গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “তৰুণ গগৈৰ পুত্ৰ ইমান তললৈ যাব বুলি ভবা নাছিলো। গৌৰৱ গগৈৰ নামত আমিও আমেৰিকাত কোম্পানী খুলিছো।আমি গৌৰৱ-এলিজাবেথ 786 নামত ভুৱা কোম্পানী খুলিছো।এইটো ফেক হয়, যিকোনো নামতে কোম্পানী খুলিব পাৰি। সকলোৱে এনেকুৱাকৈ খুলিব পাৰে, কালি ৰিণিকি ভূঞাৰ নামতো এনেকুৱাকৈ খোলা হৈছিল।কংগ্ৰেছে দেখুৱাৰ দৰে কোম্পানী খোলাটো অতি সহজ। কংগ্ৰেছ অতি নিম্ন পৰ্যায়লৈ নামিল।কিন্তু কংগ্ৰেছৰ ষড়যন্ত্ৰ বিফল হ’ব। দেওবাৰে নিশা পবন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আৰু  এনে ষড়যন্ত্ৰত দোষী সাব্যস্ত হ’লে যাৱজ্জীৱন কাৰাদণ্ড হ’ব”।

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “অসমৰ নিৰ্বাচনক লৈ পাকিস্তানত নিৰন্তৰ চৰ্চা চলিছে।পাকিস্তানৰ ছচিয়েল মিডিয়া গ্ৰুপৰ পৰা এই সমগ্ৰ তথ্য সংগ্ৰহ কৰা হৈছে। কংগ্ৰেছে নিৰ্বাচনৰ ফলাফলত প্ৰভাৱ পেলোৱাৰ চেষ্টা কৰিছে।অসমৰ নিৰ্বাচনক লৈ পাকিস্তানৰ সংবাদ মাধ্যমত Talk show হৈছে”।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, “ৰিণিকি ভূঞা শৰ্মাৰ ৩ খন পাছপৰ্টৰ এখন পাকিস্তানৰ এজন ব্যক্তিৰ হেৰুৱা পাছপৰ্ট আছিল। ব্যক্তিগৰাকীয়ে ২৮ মাৰ্চতেই পাছপৰ্টখন হেৰুৱাৰ কথা উল্লেখ কৰিছিল। ইজিপ্তৰ আশ্ৰাফ আব্দেলকেডাৰ আব্দেলছামাদ হুছেইন নামৰ এজন ব্যক্তিৰ পাছপৰ্টৰ ID নাম্বাৰ জালিয়াতি কৰি কংগ্ৰেছে AIযোগে তৈয়াৰ কৰিছিল পাছপ’ৰ্ট। ৰিণিকিৰ জন্ম হৈছিল ১৯৭৩ চনত।কিন্তু কংগ্ৰেছৰ ভুৱা পাছপৰ্টখনত আছিল ১৯৯৬ চন। কংগ্ৰেছে কপি পেষ্ট কৰোতে সেইখিনি কথা থাকি গ’ল। ডুবাইৰ এখন হোটেলত ব্যক্তি গৰাকীয়ে হেৰুৱাইছিল নথি-পত্ৰ। আৰু সেই কথা  টিপু চুলতান নামৰ এগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল।পাকিস্তানী ছচিয়েল মিডিয়াৰ গ্ৰুপৰ পৰা এই তথ্য সমূহ ব্যৱহাৰ কৰা হৈছে”।

আনহাতে ইজিপ্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ” ইজিপ্তৰ এগৰাকী নাগৰিকৰ পাছপৰ্ট জালিয়াতিৰে ৰিণিকি ভূঞাৰ পাছপৰ্ট বনোৱা হৈছিল।পাছপৰ্টখন মিছ নিহা ইব্ৰাহিম আল চাহি আংলাংগা নামৰ এগৰাকী মহিলাৰ আছিল। সেই পাছপৰ্ট খনত কেৱল ৰিণিকিৰ ফটোখন বহুৱাই ভুৱা পাছপৰ্ট বনাইছিল। তেওঁলোকে ইংৰাজী কথাখিনি ফটোশ্বপ কৰিলে কিন্তু আৰবীক কথাখিনি ফটোশ্বপ কৰিব নোৱাৰিলে। তেওঁলোকে ভুলবোৰ কৰাৰ কাৰণে প্ৰকৃত কথা খিনি উলিয়াব পৰা গ’ল। এণ্টিগুৱাৰ পাছপ’ৰ্টখনত হ’ব লাগিছিল PA, লিখিলে তেওঁলোকে PPA। ATG থাকি যোৱাটো তেওঁলোকে ভুল কৰিলে। দুয়োখন পাছপ’ৰ্ট ফটো আৰু হেয়াৰ লাইন একে, AIৰ জৰিয়তে পোছাক সলনি কৰিছে। কপালৰ গাঁথনিৰ সালসলনি কৰিছে”।

ৰিণিকি ভূঞা শৰ্মাৰ UAEৰ নাগৰিকত্ব সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘UAEৰ নিয়ম হৈছে প্ৰকৃত মানুহ নহ’লে তাত কাকো নাগৰিকত্ব নিদিয়ে। ডুবাইত থাকিব বিচাৰিলে দীৰ্ঘকালীন ভিছা হে দিয়ে।’’

মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, “কংগ্ৰেছে যোৱাকালি ৰিণিকিৰ নামত ভুৱা কোম্পানী খুলিছিলে।৩ আৰু ৫ এপ্ৰিলত খোলা এটা কোম্পানীৰ ৫৩ হাজাৰ কোটি কেনেকৈ হ’ব পাৰে। প্ৰথমে খুলা কোম্পানীৰ নামটোও ভুল আছিল।মাত্ৰ ১৯৯ ডলাৰ দিলে কোম্পানী খুলিব পাৰি। মাত্ৰ ২০ হাজাৰ টকা দিলে যিকোনো মানুহৰ নামত কোম্পানী খুলিব পাৰি। এয়া এক ভয়ংকৰ ষড়যন্ত্ৰ”।

পবন খেড়াৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, “তেওঁৰ শেষ জীৱনটো অসমৰ জেলতেই যাব। আইনে কঠোৰ ব্যৱস্থা লব। নিৰ্বাচনৰ আগতেই পবন খেড়াক গ্ৰেপ্তাৰ কৰা হ’ব নে নাই সেই কথা আৰক্ষীয়ে তদন্ত কৰিব।কিন্তু এই ষড়যন্ত্ৰৰ লগত পাকিস্তান জড়িত হৈ আছে গতিকে এইটো দেশবিৰোধী অপৰাধ।পাকিস্তানৰ সহায় লৈ গৌৰৱ গগৈয়ে আমাৰ বিৰুদ্ধে এই অভিযোগ আনিছিলে। এই কামে গৌৰৱ গগৈৰ যে পাকিস্তান সংযোগ আছে সেই কথা পুনৰ গোৰৱ গগৈয়ে প্ৰমাণ কৰিলে”।   

লগতে পঢ়ক: ‘৩ খন পাছপৰ্ট থকাটো গছত গৰু উঠা কথা’; পৱন খেড়াৰ বিৰুদ্ধে এজাহাৰ দাখিল ৰিণিকি ভূঞা শৰ্মাৰ… 

শেহতীয়া প্ৰৱন্ধসমূহ