শোকাৱহ; পত্নী তিনি মাহৰ অন্তসত্তা, ট্ৰাকৰ খুন্দাত মৃত্যু স্বামীৰ  

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাকৰ খুন্দাত মৃত্যু হ’ল শিক্ষক পিনাকী চৌধুৰী। জানিব পৰা মতে শনিবাৰে স্কুল চুটি হোৱাৰ পাছত নিজা চাইকেলেৰে ঘৰলৈ গৈ থকা সময়ত শ্ৰীৰামপুৰৰ ২৭ নম্বৰ(বি)ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখনে মহতিয়াই নিয়ে শিক্ষক গৰাকী। গোসাঁইগাঁৱৰ ছকলেপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল পিনাকী

গোসাইগাঁৱৰ শ্ৰীৰামপুৰত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ট্ৰাকৰ খুন্দাত মৃত্যু হ’ল শিক্ষক পিনাকী চৌধুৰী।

জানিব পৰা মতে শনিবাৰে স্কুল চুটি হোৱাৰ পাছত নিজা চাইকেলেৰে ঘৰলৈ গৈ থকা সময়ত শ্ৰীৰামপুৰৰ ২৭ নম্বৰ(বি)ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখনে মহতিয়াই নিয়ে শিক্ষক গৰাকী।

গোসাঁইগাঁৱৰ ছকলেপাৰা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আছিল পিনাকী চৌধুৰী। জানিব পৰা মতে এবছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল শিক্ষক গৰাকী।

তিনিমাহৰ অন্ত:সত্ত্বা আছিল পত্নী। শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে অঞ্চলজুৰি এক শোকাকুল পৰিবেশ বিৰাজ কৰে।