পথ দুৰ্ঘটনাত মৃত্যু হোৱা জাহ্নৱীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২৯ মিলিয়ন ডলাৰ (প্ৰায় ২৬২ কোটি টকা) দিবলৈ সন্মত হৈছে প্ৰশাসন ।
আমেৰিকাৰ ছিয়াটলত ভাৰতীয় ছাত্ৰী জাহ্নৱী কাণ্ডুলাৰ কৰুণ মৃত্যুৰ ঘটনা সন্দৰ্ভত প্ৰশাসনে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে । ছিয়াটল চহৰ প্ৰশাসনে জাহ্নৱীৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে ২৯ মিলিয়ন ডলাৰ (প্ৰায় ২৬২ কোটি টকা) দিবলৈ সন্মত হৈছে । যোৱা বছৰ তীব্ৰবেগী আৰক্ষীৰ টহলদাৰী বাহনে খুন্দা মৰাৰ ফলত ২৩ বছৰীয়া জাহ্নৱীৰ মৃত্যু হৈছিল, যাৰ ফলত সমগ্ৰ ভাৰত আৰু বিশ্বজুৰি ব্যাপক ক্ষোভৰ সৃষ্টি হৈছিল ।
অন্ধ্ৰ প্ৰদেশৰ বাসিন্দা জাহ্নৱী কাণ্ডুলা নৰ্থ-ইষ্টাৰ্ণ ইউনিভাৰ্চিটি (ছিয়াটল কেম্পাছ)ত স্নাতকোত্তৰ অধ্যয়ন কৰি আছিল । ৰাস্তা পাৰ হোৱা অৱস্থাত তীব্ৰ বেগেৰে আহি থকা আৰক্ষী বিষয়া কেভিন ডেভৰ বাহনে যুৱতীগৰাকীক খুন্দা মাৰে । খবৰ অনুসৰি, ডেভে ১১৯ কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত গাড়ী চলাইছিল, য’ত গতি সীমা ৪০ কিলোমিটাৰ প্ৰতি ঘণ্টা আছিল । খবৰ অনুসৰি তেওঁ ‘ড্ৰাগছ অভাৰড’জৰ’ এয়া ফোন লাভ কৰাত তেনেদৰে গৈ আছিল ।
জাহ্নৱীৰ মৃত্যুৰ পিছত আন এজন আৰক্ষী বিষয়া ডেনিয়েল অৰ্ডাৰৰ বডিকেমৰ ফুটেজ পোহৰলৈ অহাত পৰিস্থিতি তীব্ৰতৰ হৈ পৰে । ভিডিঅ’টোত অৰ্ডাৰে হাঁহি হাঁহি কোৱা শুনা গৈছে যে জাহ্নৱীৰ জীৱনৰ মূল্য অতি সীমিত আৰু চহৰখনে কেৱল চেক এখন লিখি দিব লাগে । এই সংবেদনহীন মন্তব্যৰ ফলত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয় । ভাৰতীয় কূটনীতিবিদসকলেও বিষয়টোৰ তদন্তৰ দাবী জনায় । পিছত অৰ্ডাৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় যদিও তেওঁ এই নিৰ্দেশক প্ৰত্যাহ্বান জনাই গোচৰ তৰিছে ।
অভিযুক্ত বিষয়াৰ বিৰুদ্ধে নচলিল কোনো অপৰাধমূলক গোচৰ-
গুৰুতৰ গাফিলতিৰ পিছতো ঘটনাৰ অভিযুক্ত থকা বিষয়া কেভিন ডেভৰ বিৰুদ্ধে কোনো ধৰণৰ অপৰাধমূলক অভিযোগ দাখিল নহ’ল । কিং কাউন্টিৰ অভিযুক্তসকলে কয় যে তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে যে ডেভে ইচ্ছাকৃতভাৱে সুৰক্ষাক অৱজ্ঞা কৰিছিল । ডেভক অসাৱধানতাৰে গাড়ী চলোৱাৰ বাবে মাত্ৰ ৫০০০ ডলাৰ (প্ৰায় ৪ লাখ টকা) জৰিমনা বিহা হয় ।
বুধবাৰে ছিয়াটল চিটিৰ এটৰ্নী এৰিকা ইভান্সে এক বিবৃতিত কয় যে জাহ্নৱীৰ মৃত্যু হৃদয়বিদাৰক । তেওঁ কয়, “জাহ্নৱী কাণ্ডুলাৰ জীৱন মূল্যৱান আছিল । তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু আমাৰ সমাজৰ বাবে গুৰুত্বপূৰ্ণ আছিল ।” এই আৰ্থিক নিষ্পত্তিৰ দ্বাৰা পৰিয়ালটোক কিছু সকাহ দিব বুলি প্ৰশাসনে আশা প্ৰকাশ কৰিছে । খবৰ অনুসৰি নিষ্পত্তিৰ ধনৰ ২ কোটি ডলাৰ চহৰখনৰ বীমা কোম্পানীয়ে দিব ।
লগতে পঢ়ক : কাৰিকৰী বিজুতিৰ বাবে নহয়, পাইলটৰ বাবাহে…! আহমেদাবাদৰ বিমান দুৰ্ঘটনাক লৈ ভয়ংকৰ তথ্য ফাদিল









