নিশা ৩ বজালৈ পাৰ্টী, ঘণ্টাত ১৩০ কিলোমিটাৰ গতিবেগ; মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য

নিশা ৩ বজালৈ পাৰ্টী, ঘণ্টাত ১৩০ কিলোমিটাৰ গতিবেগ; মঠঘৰীয়া পথ দুৰ্ঘটনাৰ চাঞ্চল্যকৰ তথ্য

মঠঘৰীয়া পথ দুৰ্ঘটনাৰ ন ন ভয়ংকৰ তথ্য ফাদিল হৈছে। আৰক্ষীয়ে এই ঘটনাক লৈ শিহৰণকাৰী বৰ্ণনা দিছে। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটী মঠঘৰীয়াৰ শিহৰণকাৰী পথ দুৰ্ঘটনাৰ বহু তথ্য দিছে।দুৰ্ঘটনাক লৈ যানবাহন আৰক্ষীৰ DCP জয়ন্ত বৰাই সংবাদমেল যোগে জনালে সকলো তথ্য। যানবাহন আৰক্ষীৰ DCP গৰাকীয়ে জানিবলৈ দিয়া

মঠঘৰীয়া পথ দুৰ্ঘটনাৰ ন ন ভয়ংকৰ তথ্য ফাদিল হৈছে। আৰক্ষীয়ে এই ঘটনাক লৈ শিহৰণকাৰী বৰ্ণনা দিছে।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে গুৱাহাটী মঠঘৰীয়াৰ শিহৰণকাৰী পথ দুৰ্ঘটনাৰ বহু তথ্য দিছে।দুৰ্ঘটনাক লৈ যানবাহন আৰক্ষীৰ DCP জয়ন্ত বৰাই সংবাদমেল যোগে জনালে সকলো তথ্য। যানবাহন আৰক্ষীৰ DCP গৰাকীয়ে জানিবলৈ দিয়া মতে বাহনখনত থকা GPS ৰ সহায়ত বহু কথা পোহৰলৈ আহিছে।২৫ এপ্ৰিলৰ দিনৰ ভাগত ভাৰ্গৱ ডেকাৰ পৰা ছামিম আহমেদে আনিছিল চুইফ্ট বাহনখন। সেই বাহনখনতেই ৩ যুৱতী ক্ৰমে আকাংক্ষা শইকীয়া, পূজা চাহা আৰু আৰ্মিনা আহমেদক লৈ কমেডি শ্ব’ চাব গৈছিল ছামিম আহমেদ। নিশা ১১ বজাৰ পৰা পুৱতি নিশা প্ৰায় ৩ বজালৈকে ভঙাগড়ত আছিল বাহনখন। ভঙাগড়ৰৰ ৰুদ্ৰাক্ষ মলৰ এখন বাৰত নিশা ৩ বজালৈকে পাৰ্টী কৰিছিল ছামিম আহমেদ, পূজা চাহা, আকাংক্ষা শইকীয়া আৰু আৰ্মিনা আহমেদে। বাৰখনত ১৯ হাজাৰ টকাৰ বিল দি ৩ যুৱতীক লৈ ওলাই আহিছিল ছামিম আহমেদ। তাৰ পিছ পুৱতি নিশা ৩ বজাত ভঙাগড়ৰ পৰা গীতানগৰ দিশে গৈছিল ছামিম আহমেদ সহ তিনি যুৱতী। সেই সময়ত বাহন খনৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩৬ কিলোমিটাৰ আছিল।

আৰক্ষী গৰাকীয়ে জানিবলৈ দিয়া মতে, পুৱতি নিশা ৪ বাজি ২ মিনিটত মঠঘৰীয়াত সংঘটিত হৈছিল দুৰ্ঘটনাটো। তেতিয়া বাহনখনৰ গতিবেগ আছিল ঘণ্টাত ৯৬ কিলোমিটাৰ ।দুৰ্ঘটনাটোৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰিছিল ছামিম আহমেদে।  দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত অৰুণাচললৈ যোৱা পৰিকল্পনা আছিল ছামিমৰ। পলাতক সময়ত শ্বিলংত দাড়ি আৰু চুলি কাটি নিজৰ বেশ সলনি কৰিছিল ছামিমে। তাৰ পিছত লাহোৱালত আত্মগোপন কৰি আছিল।আৰু আত্মগোপন কৰি থকাৰ সময়তেই অৱশেষত গ্ৰেপ্তাৰ কৰা হ’ল ছামিম আহমেদক।

লগতে পঢ়ক: মঠঘৰীয়াত দুৰ্ঘটনা, লাহোৱালত আত্মগোপন; অৱশেষত গ্ৰেপ্তাৰ ছামিম আহমেদ