ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনৰ; শেষ হ’ল চাৰি বন্ধুৰ জীৱন

 ৰখাই থোৱা ট্ৰাকত খুন্দা বাহনৰ; শেষ হ’ল চাৰি বন্ধুৰ জীৱন

নিৰ্মাণ কৰি থকা ঘৰৰ ভেটি স্থাপন কৰি উভতিছিল চাৰি বন্ধু। আদবাটতে ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হ’ল চাৰি বন্ধুৰ জীৱন। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত দেওবাৰে এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। মতিপুৰ থানা এলেকাৰ ৰতনপুৰাত অৱস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহনে

নিৰ্মাণ কৰি থকা ঘৰৰ ভেটি স্থাপন কৰি উভতিছিল চাৰি বন্ধু। আদবাটতে ভয়ংকৰ পথ দুৰ্ঘটনাত শেষ হ’ল চাৰি বন্ধুৰ জীৱন।

বিহাৰৰ মুজাফ্ফৰপুৰ জিলাত দেওবাৰে এক হৃদয় বিদাৰক পথ দুৰ্ঘটনা সংঘটিত হয়। মতিপুৰ থানা এলেকাৰ ৰতনপুৰাত অৱস্থিত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগত অহা এখন চাৰিচকীয়া বাহনে ৰৈ থকা ট্ৰাকত খুন্দা মাৰে। ফলত বাহন খনত থকা চাৰিওজন যুৱক মৃত্যু হয়।

জানিব পৰা মতে,মৃত মন্তোছ নামৰ লোকজনে বহুৰাজত এটা ঘৰ নিৰ্মাণ কৰি আছিল, তাৰে ভেটি স্থাপন কৰিবলৈ চাৰিও বন্ধু বহুৰাজলৈ গৈছিল আৰু তাৰ পৰা উভতি আহোঁতেই এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে এজন মটৰ চাইকেল আৰোহীক বচাবলৈ চেষ্টা কৰি বাহনখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাস্তাৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে।এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হয়, আৰু ভিতৰত থকা চাৰিজন যুৱক বেয়াকৈ আবদ্ধ হৈ পৰে।

দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।সংঘৰ্ষটোৰ প্ৰচণ্ড শব্দ শুনি স্থানীয় লোকসকল সেই স্থানলৈ আহি উদ্ধাৰ অভিযান চলাই। কিন্তু গাড়ীখনৰ অৱস্থা ইমানেই ভয়াৱহ আছিল যে কাকো বচাব পৰা নাছিল। স্থানীয় বাসিন্দাসকলে উদ্ধাৰ আৰু সাহায্যৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে চাৰিওজন যুৱকৰ মৃত্যু হৈছিল।

লগতে পঢ়ক: বিবেক বিহাৰত বিভীষিকা, এচি বিস্ফোৰণৰ ভয়ংকৰ পৰিণতি