দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এটা অট্টালিকাত দেওবাৰে পুৱা এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়
দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এটা অট্টালিকাত দেওবাৰে পুৱা এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হয় । এই ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে অগ্নিদগ্ধ হৈ কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে । বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে উদ্ধাৰ অভিযানৰ লগতে জুই নিৰ্বাপনৰ কাম যুদ্ধকালীন গতিৰে কৰি আছে । উদ্ধাৰ অভিযান অব্যাহত থকাৰ মাজতে হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে ।
অগ্নিনিৰ্বাপক বাহিনীয়ে প্ৰায় ৩:৪৭ বজাত ঘটনাৰ খবৰ লাভ কৰে । উদ্ধাৰকাৰী দলে ১২ জনতকৈ অধিক লোকক জুই-ধোঁৱাৰ মাজৰ পৰা উদ্ধাৰ কৰে । মৃতকৰ সংখ্যা ৮ৰ পৰা ৯লৈ বৃদ্ধি পাইছে আৰু চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হৈছে বুলি জানিব পৰা গৈছে । আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
প্ৰাৰম্ভিক তদন্তত এই অগ্নিকাণ্ডৰ কাৰণ এচি বিস্ফোৰণ বুলি প্ৰকাশ পাইছে । অট্টালিকাটোৰ কোনটো মহলা জুইৰ উৎপত্তি হৈছিল সেই বিষয়ে তদন্ত চলি আছে । জুই নিয়ন্ত্ৰণলৈ অনা হৈছে যদিও এতিয়াও অভিযান অব্যাহত আছে ।
খবৰ অনুসৰি অট্টালিকাৰ দ্বিতীয় মহলাৰ এটা ফ্লেটত এচি বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়, যিটো তৃতীয় মহলালৈ বিয়পি পৰে । খবৰ পোৱা গৈছে যে জুইৰ শিখাই তৃতীয় মহলা আৱৰি ধৰাৰ পিছত ফ্লেটৰ ভিতৰৰ লোকসকলে নিজকে বচাবলৈ ছাদলৈ দৌৰি যায় যদিও ছাদৰ দুৱাৰখন বন্ধ হৈ থকাৰ ফলত তেওঁলোকৰ মৃত্যু হয় । দ্বিতীয় মহলাতো চাৰিজন লোকে মৃত্যুক সাৱটি লয় ।
আৰক্ষীয়ে জনোৱা মতে, উদ্ধাৰ হোৱা মৃতদেহবোৰ গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱাৰ বাবে নিহতসকলৰ পৰিচয় এতিয়াও উদ্ধাৰ কৰা হোৱা নাই । অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, বিচনাত তিনিজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে ।
লগতে পঢ়ক : ভয়ংকৰ ঘটনাঃ প্ৰচণ্ড ধুমুহাত নদীত ডুবিল পৰ্যটকেৰে ভৰা ক্ৰুজ









