ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ; নিহত তিনি যুৱতী

ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ; নিহত তিনি যুৱতী

কমেডি শ্ব’ চাই এখন ছুইফ্ট বাহন উভতিছিল তিনি যুৱতী। মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা বাহনখনৰ। থিতাতে নিহত হয় যুৱতী তিনিগৰাকীৰ। মহানগৰীৰ মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে তীব্ৰবেগী এখন ছুইফ্ট

কমেডি শ্ব’ চাই এখন ছুইফ্ট বাহন উভতিছিল তিনি যুৱতী। মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা বাহনখনৰ। থিতাতে নিহত হয় যুৱতী তিনিগৰাকীৰ।

মহানগৰীৰ মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত পুৱতি নিশা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে তীব্ৰবেগী এখন ছুইফ্ট বাহনে। জানিব পৰা মতে পূজা সাহা,আকাংক্ষা শইকীয়া আৰু আন এগৰাকী যুৱতীয়ে AS-01GP-0562 নম্বৰৰ ছুইফ্ট বাহনখনত গীতানগৰৰ দিশৰ পৰা আহি আছিল। কিন্তু তীব্ৰবেগত অহা বাহনখনে মঠঘৰীয়া গেট হাস্পতালৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা মাৰে। ঘটনাৰ ফলত থিতাতে তিনিও গৰাকী যুৱতীৰ মৃত্যু হয়।

দুৰ্ঘটনাটো সংঘটিত কৰি বাহন খনৰ চালক গৰাকীয়ে পলায়ন কৰে।Air Bag খোল খোৱাৰ বাবে চালক জনৰ প্ৰাণ ৰক্ষা পৰে জানিব পৰা মতে তিনিওগৰাকী যুৱতীয়ে কমেডি শ্ব’ চাই ঘূৰি অহাৰ পথতেই দুৰ্ঘটনাটো সংঘটিত হয়। নিহত যুৱতী দুগৰাকী পূজা সাহা আৰু সোণাৰিৰ সাপেখাটীৰ আকাংক্ষা শইকীয়া। অৱশ্যে আনগৰাকী যুৱতীৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক: শ্বিলঙত  সন্ধান ওলাল নিৰুদ্দিষ্ট ভাৱনা শৰ্মাৰ; ব্যক্তিগত কাৰণত আঁতৰি আছিল ঘৰৰ পৰা!