পুৱতি নিশা মহানগৰীৰ মঠঘৰীয়াত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ পলাতক চুইফ্ট বাহনৰ চালক চামিম আহমেদ বুলি জানিব পৰা গৈছে।
মহানগৰীৰ মঠঘৰীয়া দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ আহিছে। চামিম আহমেদৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে পূজাৰ বান্ধবী তথা ৰূমমেটে। বান্ধৱী গৰাকীয়ে জানিবলৈ দিয়া মতে, চামিম আহমেদৰ সৈতে শনিবাৰে সন্ধিয়া কমেডি শ্ব’ চাবলৈ গৈছিল পূজা চাহা। বান্ধৱী আকাংক্ষাকো লগত লৈ গৈছিল পূজা চাহাই। চামিম আহমেদ পূজা চাহাৰ পাতি লোৱা ভাতৃ আছিল। ৫ৰ ৬ মাহৰ ভিতৰত ঘনিষ্ঠ হৈছিল পূজাৰ সৈতে।আনহাতে চামিম আহমেদৰ বান্ধৱী আছিল নেহা খান।
চামিম আহমেদেই ফোন কৰি মাতি নিছিল তিনিওগৰাকী যুৱতীক। চামিম আহমেদেই ট্ৰেভেল এজেন্সিৰ চুইফ্ট বাহনখন ভাড়ালৈ নিছিল।শনিবাৰে সন্ধিয়া ৭ বজাত কমেডি শ্ব’ চাবলৈ মাছখোৱালৈ ওলাই গৈছিল আটাইকেইজন। চামিম আহমেদেই চলাই গৈছিল চুইফ্ট বাহনখন।
জানিব পৰা মতে, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত তিনিও গৰাকীকে GMCH লৈ গৈছিল চামিম আহমেদ। কিন্তু তাৰ পিছৰে পৰাই পলাতক অৱস্থাত আছে চালক চামিম আহমেদ।বৰ্তমান আৰক্ষীয়ে চামিম আহমেদক বিচাৰি তদন্ত অব্যাহত ৰাখিছে।
দুৰ্ঘটনাটোত নিহত হোৱা নেহা খানৰ ঘৰ বঙাইগাঁৱৰ নোৱাপাৰাত। আছাম ডাউন টাউন ইউনিভাৰ্ছিটিৰ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আছিল নেহা।আকাংক্ষা শইকীয়াৰ ঘৰ সোণাৰিৰ সাপেখাটীত। আকাংক্ষা শইকীয়া ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী আছিল। পূজা সাহাৰ ঘৰ গোৱালৰপাৰাৰ কৃষ্ণাইত আছিল।
লগতে পঢ়ক: ৰৈ থকা ট্ৰাকত খুন্দা তীব্ৰবেগী বাহনৰ; নিহত তিনি যুৱতী









