হঠাৎ অৱনতি বৰ্ষীয়ান নেতা শাৰদ পাৱাৰৰ স্বাস্থ্য, চিকিৎসালয়ত ভৰ্তি

এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি । বাৰামাটিত অসুস্থ হৈ পৰা পাৱাৰক পুনেৰ ৰুবী হল ক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে । পাৱাৰ কাহ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱা বুলি তেওঁৰ কাৰ্যালয়ে নিশ্চিত কৰিছে । অৱশ্যে তেওঁৰ অসুস্থতা কিমান গুৰুতৰ সেই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই । চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ আৰু ভাৰতীয় ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী আৰু অভিজ্ঞ নেতা শাৰদ পাৱাৰ । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ পৰা বিচ্ছিন্ন হৈ ১৯৯৯ চনত তেওঁ ৰাষ্ট্ৰীয় জনতা দল (NCP) প্ৰতিষ্ঠা কৰে । দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ থকা পাৱাৰে কেইবাবাৰো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । তেওঁৰ নেতৃত্বত এন চি পিয়ে ৰাজ্যখনৰ ৰাজনীতিত দৃঢ় দখল গঢ়ি তুলিছে আৰু কংগ্ৰেছকে ধৰি অন্যান্য দলৰ সৈতে মিত্ৰজোঁট চৰকাৰৰ মূল অংগ হিচাপে পৰিগণিত হৈছে ।

এন চি পিৰ মুৰব্বীগৰাকীৰ ভতিজাক শ্ৰীনিবাস পাৱাৰে কয় যে ৰাতিৰ পৰা পাৱাৰে অবিৰতভাৱে কাহি থকাৰ লগতে উশাস লোৱাত কষ্ট পোৱাত তেওঁক চিকিৎসালয়লৈ অনা হয় । পাৱাৰৰ লগত আছিল পত্নী প্ৰতিভা পাৱাৰ, কন্যা সুপ্ৰিয়া চুলে, জোঁৱাই সদানন্দ চুলে ।

লগতে পঢ়ক : হাত এৰিলে ড০ সঞ্জু বৰুৱাই : গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি

অজিত পাৱাৰৰ উত্তৰাধিকাৰী ! আজি মহাৰাষ্ট্ৰৰ উফ-মুখ্যমন্ত্ৰীৰ শপত ল’ব পাৰে সুনেত্ৰা পাৱাৰে

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । অজিত পাৱাৰৰ মৃত্যুৰ পিছতে এতিয়া তেওঁৰ উত্তৰাধিকাৰক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে ।

বাৰামাটি বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতি বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । ২৮ জানুৱাৰীত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত চৰকাৰী আৰু সাংগঠনিক দুয়োটা পৰ্যায়তে ডাঙৰ ডাঙৰ সিদ্ধান্তৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এন চি পিৰ ভৱিষ্যতৰ দিশ আৰু মহাযুতি চৰকাৰৰ পৰৱৰ্তী উপ-মুখ্যমন্ত্ৰী কোন হ’ব ।

অজিত পাৱাৰৰ মৃত্যুৰ পিছত এন চি পিৰ ভিতৰত নতুন নেতৃত্বৰ ছবিৰ উত্থাপন ঘটিছে । জানিব পৰা মতে দলটোৰ নেতৃত্ব এতিয়া পৰিয়ালৰ দুজন সদস্যৰ ওপৰত নিৰ্ভৰশীল । অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰক উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিবেচনা কৰা হৈছে । ডাঙৰ পুত্ৰ পাৰ্থ পাৱাৰক সংসদীয় দায়িত্ব দি ৰাজ্যসভালৈ পঠোৱাৰ কথাও চৰ্চা চলিছে । এন চি পি মহাযুতি চৰকাৰতে থাকিব বুলিও অনুমান কৰা হৈছে । এই ইংগিতসমূহে স্পষ্ট কৰি দিছে যে এন চি পিৰ দুয়োটা ফৈদৰ একত্ৰীকৰণ সন্দৰ্ভত আলোচনা এতিয়াৰ বাবে স্থগিত ৰখা হৈছে ।

সুনেত্ৰা পাৱাৰ বৰ্তমান ৰাজ্যসভাৰ সাংসদ আৰু ২০২৪ চনত তেওঁ সক্ৰিয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল । তেওঁ যদি উপ-মুখ্যমন্ত্ৰী হয় তেন্তে মহাৰাষ্ট্ৰত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হ’ব । ইফালে অজিত পাৱাৰৰ জ্যেষ্ঠ পুত্ৰ পাৰ্থ পাৱাৰক ৰাজ্যসভাৰ বাবে বিবেচনা কৰা হৈছে । পাৰ্থ পাৱাৰে ২০১৯ চনত মাৱল লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল । অজিত পাৱাৰৰ মৃত্যুৰ পাছত সাংগঠনিক আৰু ৰাজনৈতিক দুয়োটা স্তৰৰ দায়িত্ব এতিয়া সুনেত্ৰা আৰু পাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিছে । কোৱা হৈছে যে চৰকাৰৰ ভিতৰত ক্ষমতাৰ ভাৰসাম্য আৰু আগন্তুক ৰাজনৈতিক কৌশললৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

ইফালে শনিবাৰে ​​দুপৰীয়া ২ বজাত এন চি পিৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ইয়াত নেতৃত্ব আৰু ভৱিষ্যতৰ ৰাজনৈতিক কৌশলৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ

পঞ্চভূতত বিলীন অজিত পাৱাৰ : ‘দাদা অমৰ হওক’ ধ্বনিৰে অশ্ৰুসিক্ত বিদায়

বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল অজিত পাৱাৰ । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ।

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী অজিত পাৱাৰ । বুধবাৰে বাৰামাটি বিমানবন্দৰৰ সমীপৰ ৰাণৱেৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ ৫জন লোক নিহত হয় । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত “অজিত দাদা অমৰ হওক” ধ্বনিৰে উত্তাল হৈ পৰে । তেওঁৰ পুত্ৰ পাৰ্থ আৰু জয়ে বিদ্যা প্ৰতিস্থানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পাৱাৰৰ মুখাগ্নি কৰে ।

অন্ত্যেষ্টিক্ৰিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ মুৰব্বী নীতিন নবীন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে, এম এন এছৰ মুৰব্বী ৰাজ থাকৰে, শিৱসেনাৰ ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰেকে ধৰি বহু নেতা উপস্থিত থাকে ।

জনপ্ৰিয়ভাৱে ‘দাদা’ নামেৰে পৰিচিত ৬৬ বছৰীয়া অজিত পাৱাৰৰ মৃত্যুয়ে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰাই নহয় তেওঁৰ নেতৃত্বত গঠিত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভৱিষ্যতক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে । ইপালে বিৰোধীৰ বাক্যবাণৰ মাজতে অজিত পাৱাৰৰ খুড়াক তথা এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে কয় যে এয়া এক দুৰ্ঘটনা আৰু ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয় ।

ইফালে বিমানখনৰ পৰা উদ্ধাৰ হোৱা বক্স বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব । ভি এছ আৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত ১৬ বছৰীয়া চাৰ্টাৰ্ড লিয়াৰজেট বিমানখন বাৰামাটি বিমানবন্দৰত দ্বিতীয়বাৰৰ বাবে অৱতৰণ কৰাৰ চেষ্টাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ।

ৰাজ্যখনৰ জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে অজিত পাৱাৰে মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ জনসভাত ভাষণ দিয়াৰ বাবে ৰাওনা হৈছিল । এই দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছিল ১৫ হাজাৰ ঘণ্টাৰ উৰণ অভিজ্ঞতা থকা কেপ্তেইন সুমিত কাপুৰ । এই দুৰ্ঘটনাত ১৫০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা সহ-পাইলট কেপ্তেইন শম্ভৱী পাঠক, ব্যক্তিগত নিৰাপত্তা বিষয়া বিধিপ জাধৱ আৰু বিমান পৰিচাৰিকা পিংকি মালিৰো মৃত্যু হয় ।

লগতে পঢ়ক : বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই বিমান দুৰ্ঘটনাৰ তদন্তৰ দাবী জনাইছে ।

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই এই শোকাৱহ বিমান দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । একেদৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, আপৰ সাংসদ সঞ্জয় সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও মমতাৰ সুৰত সুৰ মিলাই এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ।

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ জনাই বিজেপিৰ সাংসদ জগন্নাথ সৰকাৰে কয় যে, “এই দুৰ্ঘটনাটো মৰ্মান্তিক । দেশৰ বাবে ই এক বৃহৎ ক্ষতি, গতিকে ই এক চিন্তাৰ বিষয় । ইয়াৰ তদন্তত কোনো সমস্যা নাই । এই দুৰ্ঘটনা সন্দৰ্ভত আমি বেছি মন্তব্য কৰা উচিত নহয় ।”

মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা ফাড়নৱীছৰ-

মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে কয়, “এয়া অতি দুখজনক । জ্যেষ্ঠ নেতা শৰদ পাৱাৰে নিজেই স্পষ্টকৈ উল্লেখ কৰিছে যে এটা দুৰ্ঘটনা আৰু এটা কৰুণ মৃত্যুক ৰাজনীতিকৰণ কৰা উচিত নহয় । মই গভীৰ দুখ প্ৰকাশ কৰিছো যে আমি এনে এটা পৰ্যায়ত উপনীত হ’লোঁ য’ত কাৰোবাৰ মৃত্যুক লৈয়ো ইমান লেতেৰা আৰু সস্তীয়া ৰাজনীতি চলি আছে । মই গভীৰ দুখ পাইছো যে, মমতা দিদিয়ে ৰাজনীতিৰ ইমান তলৰ পৰ্যায়লৈ নামি গৈছে । তেওঁ এনে মন্তব্য কৰা উচিত নাছিল । মহাৰাষ্ট্ৰৰ এগৰাকী অতি জনপ্ৰিয় আৰু মানৱদৰদী ৰাজনৈতিক নেতাৰ নেতাৰ মৃত্যুত এনে ৰাজনীতি কৰাটো ভুল কথা ।“

ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক : শিন্দে

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেই এই কৰুণ বিমান দুৰ্ঘটনা সন্দৰ্ভত কয় যে, “যেতিয়া মই এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰিলোঁ, তেতিয়া বিশ্বাস কৰিব পৰা নাছিলো । এজন দয়ালু, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী নেতা এতিয়া আমাৰ লগত নাই । আমি এটা দল হিচাপে কাম কৰি আছিলো । এই ঘটনাৰ বিষয়ে কোনো ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ।”

শিৱসেনা নেতাৰ সমালোচনা-

মমতা বেনাৰ্জীৰ বক্তব্যক লৈ শিৱসেনাৰ নেত্ৰী চাইনা এন চিয়ে কয় যে কাৰোবাৰ মৃত্যুত ৰাজনীতি খেলিব নালাগে । তদন্তৰ প্ৰয়োজন, কিন্তু তেওঁ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেয়া কেৱল তেওঁৰ নিম্নস্তৰৰ ৰাজনীতি । সমগ্ৰ ৰাজ্যই অজিত দাদাক শ্ৰদ্ধাঞ্জলি জনাইছে ।

লগতে পঢ়ক : “এয়া দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শাৰদ পাৱাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অন্ত; অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ । মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ শোকৰ লহৰ ।

মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ । তেওঁৰ চাৰ্টাৰ্ড বিমানখন বাৰামাটিত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নিশ্চিত কৰিছে যে বিমানখনত থকা পাঁচজন লোকেই নিহত হৈছে । কোনো ব্যক্তিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হোৱা নাই । দুৰ্ঘটনাটোৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লয় ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক ফোন কৰি সমগ্ৰ ঘটনাৰ বুজ লয় । মহাৰাষ্ট্ৰ চৰকাৰে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত অজিত পাৱাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অজিত পাৱাৰ এজন গণনেতা আৰু জনসাধাৰণৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল । মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাত সদায় আগৰণুৱা এজন কঠোৰ পৰিশ্ৰমী নেতা হিচাপে পৰিচিত আছিল তেওঁ । প্ৰশাসনিক বিষয়ত তেওঁৰ বুজাবুজি আৰু দৰিদ্ৰ আৰু সমস্যাত আক্ৰান্তৰজনৰ সবলীকৰণৰ প্ৰতি তেওঁৰ আবেগ প্ৰশংসনীয় আছিল । তেওঁৰ অকাল মৃত্যু গভীৰভাৱে দুখজনক । তেখেতৰ পৰিয়াল আৰু অগণন সমৰ্থকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

ইফালে এই ঘটনাৰ পিছতে শৰদ পাৱাৰৰ পৰিয়ালো শোকত ভাগি পৰিছে । খবৰ অনুসৰি দিল্লীৰ পৰা বাৰামাটি অভিমুখে ৰাওনা হৈছে সুপ্ৰিয়া চুলে, অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ আৰু তেওঁলোকৰ পুত্ৰ পাৰ্থ পাৱাৰ । তিনিওজনেই একেলগে শাৰদ পাৱাৰৰ বাসগৃহত উপস্থিত আছিল ।

অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ ৰাষ্ট্ৰপতিৰ-

উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “মহাৰাষ্ট্ৰৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে আন কেইবাজনো লোকৰ মৃত্যুৰ খবৰ গভীৰভাৱে দুখজনক । অজিত পাৱাৰৰ অকাল মৃত্যু এক অপূৰণীয় ক্ষতি । মহাৰাষ্ট্ৰৰ উন্নয়নত বিশেষকৈ সমবায় খণ্ডত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব । তেওঁৰ পৰিয়াল, সমৰ্থক আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ । ঈশ্বৰে দুৰ্ঘটনাত মৃত্যু হোৱা সকলোৰে পৰিয়ালক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক ।”

এই ঘটনাক লৈ সমগ্ৰ ৰাজনৈতিক মহলৰ পৰা শোকবাৰ্তা প্ৰকাশ পাইছে । শিৱসেনাৰ সাংসদ অৰবিন্দ সাৱন্তে কয়, “বৰামাটিৰ উন্নয়নত অজিত পাৱাৰে মুখ্য ভূমিকা পালন কৰিছিল । সমগ্ৰ পাৱাৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো ।” কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰেও তেওঁৰ মৃত্যুক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে ডাঙৰ ক্ষতি বুলি অভিহিত কৰে ।

লগতে পঢ়ক : বাৰামাটিত বিমান দুৰ্ঘটনা; প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত… বাৰামাটিত অৱতৰণ কৰাৰ সময়তে অঘটন

অৱতৰণৰ সময়তে সংঘটিত হয় এই বিমান দুৰ্ঘটনা । মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ এটা অনুষ্ঠানৰ বাবে বাৰামাটিলৈ গৈ আছিল ।

মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হৈছে এক বৃহৎ বিমান দুৰ্ঘটনা । খবৰ অনুসৰি বিমানখনত আছিল ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ । অৱতৰণৰ সময়তে সংঘটিত হয় এই বিমান দুৰ্ঘটনা । খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ এটা অনুষ্ঠানৰ বাবে বাৰামাটিলৈ গৈ আছিল ।

খবৰ অনুসৰি বিমানখন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় । জানিব পৰা মতে, বুধবাৰে অজিত পাৱাৰ জিলা পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত এখন ৰাজহুৱা সভাত ভাষণ দিবলৈ বাৰামাটিলৈ গৈছিল । ইথিমধ্যে এই ভয়ংকৰ বিমান দুৰ্ঘটনাৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে ।

প্ৰকাশিত খবৰ অনুসৰি এই দুৰ্ঘটনাত অজিত পাৱাৰ গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । বিমানখন সম্পূৰ্ণৰূপে ধ্বংস হৈছে । খবৰ অনুসৰি এইখন আছিল অজিত পাৱাৰৰ ব্যক্তিগত বিমান । জানিব পৰা মতে বিমানখনত থকা একাংশ যাত্ৰী গুৰুতৰভাৱে আহত হৈছে । অৱশ্যে অজিত পাৱাৰৰ অৱস্থা সন্দৰ্ভত আনুষ্ঠানিক বাতৰিৰ বাবে এতিয়াও অপেক্ষা কৰি থকা হৈছে । প্ৰশাসন আৰু নিৰাপত্তা সংস্থাই ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে বিমান দুৰ্ঘটনাৰ প্ৰায় আধা ঘণ্টা পূৰ্বে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল । এই পোষ্টটোত অজিত পাৱাৰে লালা লাজপত ৰায়ক স্মৰণ কৰিছিল ।

লগতে পঢ়ক : ব্ৰহ্মপুত্ৰত শোকাবহ নাও দুৰ্ঘটনা : একেটা পৰিয়ালৰে ৭ জন নিৰুদ্দেশ

মহাৰাষ্ট্ৰ পৌৰসভা নিৰ্বাচনত মহাযুতিৰ জয়লাভ; মুম্বাইত থাকৰে ৰাজৰ The End

মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয় লাভ কৰি সৰ্ববৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।ইয়াৰ লগে লগে মহাৰাষ্ট্ৰত অন্ত পৰিল থাকৰে শাসন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ানবিছে বিএমচি আৰু অন্য পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল যে, মই নিশ্চিত যে আমি নিজৰ অভিলেখ ভংগ কৰিম আৰু ঠিক সেইটোৱেই হ’ল।’

সেইটোও তেতিয়া হৈছে যেতিয়া ২০ বছৰৰ পাছত থাকৰে পৰিয়ালৰ পৰা বেলেগ হোৱা সম্পৰ্কীয় ভাতৃ পুনৰ একত্ৰিত হৈছে আৰু মাৰাঠী বিষয়টো পুনৰ উত্থাপন কৰিছিল। কিন্তু ১৬ জানুৱাৰীত যেতিয়া নিৰ্বাচনৰ ফলাফল আহিল, তেতিয়া ফাড়ানবিছে বিজেপিক ডাঙৰ জয়লাভ কৰিলে।

এই জয়ৰ লগতে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে শাসনৰ অন্ত পৰিছে। ক্ষমতাত নথকা সত্ত্বেও যি থাকৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ গুৰি ধৰোতা আছিল,যি থাকৰে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা কেন্দ্ৰৰ পৰা দূৰত্বত থাকিও ৰাজনীতি আৰু ক্ষমতাৰ শিখৰত আছিল, আজি তেওঁ শূণ্যলৈ সংকুচিত হৈছে।

যি উদ্ধৱ থাকৰেৰ এটা মাতত স্তব্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰ, আজি একেজন থাকৰেক মহাৰাষ্ট্ৰবাসীয়ে একাষৰীয়া কৰিলে। দেশৰ শক্তিশালী আৰু ধনী পৌৰসভাৰ পৰাও থাকৰেক অপসাৰণ কৰা হৈছে।

থাকৰে পৰিয়ালৰ আটাইতকৈ সবল ৰাজনৈতিক দুৰ্গও আজি ভাঙি পৰিল। যি থাকৰে কেতিয়াবা বিএমচি,ৰাজ্য আৰু কেন্দ্ৰত ক্ষমতা দখল কৰিছিল,তেওঁৰ ওচৰত এতিয়া মাত্ৰ মাতাশ্ৰী হে আছে গৈ।সময়ৰ লগে লগে শূন্য হৈ পৰিছে থাকৰেৰ ৰাজনৈতিক কেৰিয়াৰ।   

লগতে পঢ়ক: দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ। সমাজবাদী পাৰ্টী আৰু এন চি পি ৰ গৃহ বিবাদৰ সুযোগ ললে AIMIM এ।

এইবাৰ মহাৰাষ্ট্ৰৰ মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত ৰাজনৈতিক সমীকৰণে আচৰিত ৰূপ ধাৰণ কৰিছে।সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা আবু আজমী আৰু এন চি পি (অজিত পাৱাৰ ফৈদৰ) শক্তিশালী নবাব মালিকৰ মাজত চলি থকা দীৰ্ঘদিনীয়া ৰাজনৈতিক সংঘাতৰ পৰা প্ৰত্যক্ষভাৱে লাভৱান হৈছে AIMIM

এই হুলস্থুলৰ মাজতে AIMIM য়ে মুম্বাইত মুঠ ৪ খন আসন লাভ কৰিছে, যাৰ বাবেই স্থানীয় ৰাজনীতিত নতুন বিতৰ্ক আৰম্ভ হৈছে।

মুম্বাইৰ বিভিন্ন অঞ্চলত AIMIM ৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। যিয়ে AIMIM আৰু ইয়াৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিক উদযাপনৰ সুযোগ দিলে।

লগতে পঢ়ক: ব্ৰিটেইনৰ সংসদত প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ ‘কামসূত্ৰ’ৰ উদাহৰণ; হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি

স্থানীয় নিৰ্বাচনঃ অৰুণাচল আৰু মহাৰাষ্ট্ৰত বিজেপিৰ আধিপত্য, এইবাৰ গোৱাৰ পাল…

অৰুণাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা স্থানীয় নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । দুয়োখন ৰাজ্যতে বিজেপি তথা শাসকীয় মিত্ৰজোঁটে লাভ কৰিছে ঐতিহাসিক সফলতা ।

শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয়, স্থানীয় নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে । মহাৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত আকৰ্ষণীয় প্ৰদৰ্শনেৰে জয়ৰ ধাৰা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে । ইয়াৰ পাছতে এতিয়া গোৱাৰ পাল । ৰাজ্যখনত শাসকীয় বিজেপিয়ে কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব । স্থানীয় নিৰ্বাচনত দলটোৱে বিজয় উদযাপন অতি উৎসাহেৰে পালন কৰিছে, খোদ প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলক এই জয়ৰ বাবে অভিনন্দন জনাইছে ।

বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে । উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশত শাসকীয় দল বিজেপিয়ে স্থানীয় নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখে । ১৫ ডিচেম্বৰত জিলা পৰিষদ আৰু গ্ৰাম পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে । ৰাজধানী ইটানগৰ পৌৰ নিগমতো দলটোৱে ২০টা ৱাৰ্ডৰ ভিতৰত ১৪টা ৱাৰ্ডত জয়লাভ কৰি নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে । ইফালে ইটানগৰত এখনো আসন লাভ নকৰিলে বিৰোধী কংগ্ৰেছ দলে ।

অৰুণাচল প্ৰদেশত বিজেপিৰ আধিপত্য-

ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নিৰ্বাচনী ফলাফলত জিলা পৰিষদৰ ২৪৫খন আসনৰ ভিতৰত ১৭০খন আসনত বিজেপিয়ে জয়লাভ কৰে । ইয়াৰে ৫৯ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৭ খন আসনহে লাভ কৰে । একেদৰে গ্ৰাম পঞ্চায়ত নিৰ্বাচনতো গেৰুৱা দলটোৱে আধিপত্য বিস্তাৰ কৰে । বিনা প্ৰতিদ্বন্দ্বিতাৰে ৫২১১খন আসনকে ধৰি ৮২০৮খন আসনৰ ভিতৰত ৬০৮৫খন আসনত বিজেপিয়ে জয়লাভ কৰে । কংগ্ৰেছে ২১৬খন গ্ৰাম পঞ্চায়তৰ আসনত জয়লাভ কৰাৰ লগতে ১১১খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত বিজয়ৰ পিছত দল আৰু ৰাজ্যক অভিনন্দন জনাই কয়, “অৰুণাচলৰ জনসাধাৰণে সুশাসনৰ ৰাজনীতিক অদম্যভাৱে সমৰ্থন আগবঢ়াইছে । বিজেপিৰ প্ৰতি অৰুণাচলৰ জনসাধাৰণে যি স্নেহ দেখুৱাইছে তাৰ বাবে মই ধন্যবাদ জনাইছো । ইয়াৰ ফলত ৰাজ্যখনৰ ৰূপান্তৰৰ বাবে কাম কৰি যোৱাৰ সংকল্প অধিক শক্তিশালী হৈছে । লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আমাৰ সংকল্প মজবুত হৈ পৰিছে । জনসাধাৰণৰ মাজত কৰা অক্লান্ত শ্ৰমৰ বাবে বিজেপি কৰ্মীসকলকো প্ৰশংসা কৰিছোঁ ।”

প্ৰায় ৪৮ শতাংশ পাৰিষদ বিজেপিৰ-

অৰুণাচল প্ৰদেশৰ দৰেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে মহাৰাষ্ট্ৰতো সফলতা অৰ্জন কৰিছে । মহাৰাষ্ট্ৰৰ পৌৰসভা আৰু নগৰ পঞ্চায়তত শাসকীয় মহাযুতীয়ে অভিলেখ ভংগকাৰী ফলাফল লাভ কৰে । বিজেপি, শিৱসেনা আৰু জাতীয়তাবাদী কংগ্ৰেছ দলকে ধৰি মহাযুতীয়ে ৰাজ্যখনৰ ২৮৮খন পৌৰসভা আৰু নগৰ পঞ্চায়তত ২০৭টা স্থানীয় সংস্থাৰ অধ্যক্ষৰ পদ দখল কৰে । বিৰোধী দল মহা বিকাশ আঘাড়ী মাত্ৰ ৪৪খন আসনতে সীমাবদ্ধ থাকে ।

২০৭খন নগৰ পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ১১৭খন আসন, শিৱসেনাই ৫৩খন আসন আৰু এন চি পিয়ে ৩৭খন আসন লাভ কৰে । তদুপৰি পৌৰসভাৰ নিৰ্বাচনত মহাযুতীয়ে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰে । বিজেপিয়ে ৩,৩২৫খন আসন লাভ কৰে আৰু এতিয়া ৰাজ্যখনৰ প্ৰায় ৪৮% কাউন্সিলাৰ তেওঁলোকৰ হাতত আছে । প্ৰায় ৭৫% নগৰ পৰিষদৰ সভাপতি মহাযুতীৰ ।

মহাৰাষ্ট্ৰৰ বিজয়ক লৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মহাযুতীক বিজয়ৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “মহাৰাষ্ট্ৰ উন্নয়নৰ সৈতে দৃঢ়তাৰে থিয় দিছে । পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু মহাযুতীক আশীৰ্বাদ দিয়াৰ বাবে মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ । ইয়াৰ দ্বাৰা জনকেন্দ্ৰিক উন্নয়নৰ আমাৰ দৃষ্টিভংগীৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰতিফলিত হৈছে । আমি নবীকৃত শক্তিৰে কাম কৰি ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” লগতে তেওঁ কয় যে, “তৃণমূল পৰ্যায়ত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে বিজেপি আৰু মহাযুতী কৰ্মীসকলক মই প্ৰশংসা কৰিছো ।”

লগতে পঢ়ক : মমতাৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপত হুমায়ুন কবীৰ… গঠন কৰিলে নতুন ৰাজনৈতিক দল