অজিত পাৱাৰৰ উত্তৰাধিকাৰী ! আজি মহাৰাষ্ট্ৰৰ উফ-মুখ্যমন্ত্ৰীৰ শপত ল’ব পাৰে সুনেত্ৰা পাৱাৰে

অজিত পাৱাৰৰ উত্তৰাধিকাৰী ! আজি মহাৰাষ্ট্ৰৰ উফ-মুখ্যমন্ত্ৰীৰ শপত ল’ব পাৰে সুনেত্ৰা পাৱাৰে

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । অজিত পাৱাৰৰ মৃত্যুৰ পিছতে এতিয়া তেওঁৰ উত্তৰাধিকাৰক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে । বাৰামাটি বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতি বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । ২৮ জানুৱাৰীত সংঘটিত হোৱা

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । অজিত পাৱাৰৰ মৃত্যুৰ পিছতে এতিয়া তেওঁৰ উত্তৰাধিকাৰক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে ।

বাৰামাটি বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতি বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । ২৮ জানুৱাৰীত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত চৰকাৰী আৰু সাংগঠনিক দুয়োটা পৰ্যায়তে ডাঙৰ ডাঙৰ সিদ্ধান্তৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এন চি পিৰ ভৱিষ্যতৰ দিশ আৰু মহাযুতি চৰকাৰৰ পৰৱৰ্তী উপ-মুখ্যমন্ত্ৰী কোন হ’ব ।

অজিত পাৱাৰৰ মৃত্যুৰ পিছত এন চি পিৰ ভিতৰত নতুন নেতৃত্বৰ ছবিৰ উত্থাপন ঘটিছে । জানিব পৰা মতে দলটোৰ নেতৃত্ব এতিয়া পৰিয়ালৰ দুজন সদস্যৰ ওপৰত নিৰ্ভৰশীল । অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰক উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিবেচনা কৰা হৈছে । ডাঙৰ পুত্ৰ পাৰ্থ পাৱাৰক সংসদীয় দায়িত্ব দি ৰাজ্যসভালৈ পঠোৱাৰ কথাও চৰ্চা চলিছে । এন চি পি মহাযুতি চৰকাৰতে থাকিব বুলিও অনুমান কৰা হৈছে । এই ইংগিতসমূহে স্পষ্ট কৰি দিছে যে এন চি পিৰ দুয়োটা ফৈদৰ একত্ৰীকৰণ সন্দৰ্ভত আলোচনা এতিয়াৰ বাবে স্থগিত ৰখা হৈছে ।

সুনেত্ৰা পাৱাৰ বৰ্তমান ৰাজ্যসভাৰ সাংসদ আৰু ২০২৪ চনত তেওঁ সক্ৰিয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল । তেওঁ যদি উপ-মুখ্যমন্ত্ৰী হয় তেন্তে মহাৰাষ্ট্ৰত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হ’ব । ইফালে অজিত পাৱাৰৰ জ্যেষ্ঠ পুত্ৰ পাৰ্থ পাৱাৰক ৰাজ্যসভাৰ বাবে বিবেচনা কৰা হৈছে । পাৰ্থ পাৱাৰে ২০১৯ চনত মাৱল লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল । অজিত পাৱাৰৰ মৃত্যুৰ পাছত সাংগঠনিক আৰু ৰাজনৈতিক দুয়োটা স্তৰৰ দায়িত্ব এতিয়া সুনেত্ৰা আৰু পাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিছে । কোৱা হৈছে যে চৰকাৰৰ ভিতৰত ক্ষমতাৰ ভাৰসাম্য আৰু আগন্তুক ৰাজনৈতিক কৌশললৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

ইফালে শনিবাৰে ​​দুপৰীয়া ২ বজাত এন চি পিৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ইয়াত নেতৃত্ব আৰু ভৱিষ্যতৰ ৰাজনৈতিক কৌশলৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ