অজিত পাৱাৰৰ উত্তৰাধিকাৰী ! আজি মহাৰাষ্ট্ৰৰ উফ-মুখ্যমন্ত্ৰীৰ শপত ল’ব পাৰে সুনেত্ৰা পাৱাৰে

মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে এক বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । অজিত পাৱাৰৰ মৃত্যুৰ পিছতে এতিয়া তেওঁৰ উত্তৰাধিকাৰক লৈ চৰ্চা তীব্ৰতৰ হৈ পৰিছে ।

বাৰামাটি বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজনীতি বৃৎহ পৰিৱৰ্তনৰ দিশে আগবাঢ়িছে । ২৮ জানুৱাৰীত সংঘটিত হোৱা দুৰ্ঘটনাৰ পিছত চৰকাৰী আৰু সাংগঠনিক দুয়োটা পৰ্যায়তে ডাঙৰ ডাঙৰ সিদ্ধান্তৰ সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে । ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল এন চি পিৰ ভৱিষ্যতৰ দিশ আৰু মহাযুতি চৰকাৰৰ পৰৱৰ্তী উপ-মুখ্যমন্ত্ৰী কোন হ’ব ।

অজিত পাৱাৰৰ মৃত্যুৰ পিছত এন চি পিৰ ভিতৰত নতুন নেতৃত্বৰ ছবিৰ উত্থাপন ঘটিছে । জানিব পৰা মতে দলটোৰ নেতৃত্ব এতিয়া পৰিয়ালৰ দুজন সদস্যৰ ওপৰত নিৰ্ভৰশীল । অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰক উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে বিবেচনা কৰা হৈছে । ডাঙৰ পুত্ৰ পাৰ্থ পাৱাৰক সংসদীয় দায়িত্ব দি ৰাজ্যসভালৈ পঠোৱাৰ কথাও চৰ্চা চলিছে । এন চি পি মহাযুতি চৰকাৰতে থাকিব বুলিও অনুমান কৰা হৈছে । এই ইংগিতসমূহে স্পষ্ট কৰি দিছে যে এন চি পিৰ দুয়োটা ফৈদৰ একত্ৰীকৰণ সন্দৰ্ভত আলোচনা এতিয়াৰ বাবে স্থগিত ৰখা হৈছে ।

সুনেত্ৰা পাৱাৰ বৰ্তমান ৰাজ্যসভাৰ সাংসদ আৰু ২০২৪ চনত তেওঁ সক্ৰিয় নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰিছিল । তেওঁ যদি উপ-মুখ্যমন্ত্ৰী হয় তেন্তে মহাৰাষ্ট্ৰত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হ’ব । ইফালে অজিত পাৱাৰৰ জ্যেষ্ঠ পুত্ৰ পাৰ্থ পাৱাৰক ৰাজ্যসভাৰ বাবে বিবেচনা কৰা হৈছে । পাৰ্থ পাৱাৰে ২০১৯ চনত মাৱল লোকসভাৰ আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিন্তু পৰাস্ত হৈছিল । অজিত পাৱাৰৰ মৃত্যুৰ পাছত সাংগঠনিক আৰু ৰাজনৈতিক দুয়োটা স্তৰৰ দায়িত্ব এতিয়া সুনেত্ৰা আৰু পাৰ্থৰ ওপৰত নিৰ্ভৰ কৰিছে । কোৱা হৈছে যে চৰকাৰৰ ভিতৰত ক্ষমতাৰ ভাৰসাম্য আৰু আগন্তুক ৰাজনৈতিক কৌশললৈ লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে ।

ইফালে শনিবাৰে ​​দুপৰীয়া ২ বজাত এন চি পিৰ বিধায়িনী দলৰ বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকখন অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো ইয়াত নেতৃত্ব আৰু ভৱিষ্যতৰ ৰাজনৈতিক কৌশলৰ বিষয়ে আনুষ্ঠানিকভাৱে আলোচনা হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক : ‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ

পঞ্চভূতত বিলীন অজিত পাৱাৰ : ‘দাদা অমৰ হওক’ ধ্বনিৰে অশ্ৰুসিক্ত বিদায়

বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল অজিত পাৱাৰ । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ।

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী অজিত পাৱাৰ । বুধবাৰে বাৰামাটি বিমানবন্দৰৰ সমীপৰ ৰাণৱেৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ ৫জন লোক নিহত হয় । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত “অজিত দাদা অমৰ হওক” ধ্বনিৰে উত্তাল হৈ পৰে । তেওঁৰ পুত্ৰ পাৰ্থ আৰু জয়ে বিদ্যা প্ৰতিস্থানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পাৱাৰৰ মুখাগ্নি কৰে ।

অন্ত্যেষ্টিক্ৰিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ মুৰব্বী নীতিন নবীন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে, এম এন এছৰ মুৰব্বী ৰাজ থাকৰে, শিৱসেনাৰ ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰেকে ধৰি বহু নেতা উপস্থিত থাকে ।

জনপ্ৰিয়ভাৱে ‘দাদা’ নামেৰে পৰিচিত ৬৬ বছৰীয়া অজিত পাৱাৰৰ মৃত্যুয়ে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰাই নহয় তেওঁৰ নেতৃত্বত গঠিত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভৱিষ্যতক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে । ইপালে বিৰোধীৰ বাক্যবাণৰ মাজতে অজিত পাৱাৰৰ খুড়াক তথা এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে কয় যে এয়া এক দুৰ্ঘটনা আৰু ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয় ।

ইফালে বিমানখনৰ পৰা উদ্ধাৰ হোৱা বক্স বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব । ভি এছ আৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত ১৬ বছৰীয়া চাৰ্টাৰ্ড লিয়াৰজেট বিমানখন বাৰামাটি বিমানবন্দৰত দ্বিতীয়বাৰৰ বাবে অৱতৰণ কৰাৰ চেষ্টাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ।

ৰাজ্যখনৰ জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে অজিত পাৱাৰে মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ জনসভাত ভাষণ দিয়াৰ বাবে ৰাওনা হৈছিল । এই দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছিল ১৫ হাজাৰ ঘণ্টাৰ উৰণ অভিজ্ঞতা থকা কেপ্তেইন সুমিত কাপুৰ । এই দুৰ্ঘটনাত ১৫০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা সহ-পাইলট কেপ্তেইন শম্ভৱী পাঠক, ব্যক্তিগত নিৰাপত্তা বিষয়া বিধিপ জাধৱ আৰু বিমান পৰিচাৰিকা পিংকি মালিৰো মৃত্যু হয় ।

লগতে পঢ়ক : বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই বিমান দুৰ্ঘটনাৰ তদন্তৰ দাবী জনাইছে ।

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই এই শোকাৱহ বিমান দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । একেদৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, আপৰ সাংসদ সঞ্জয় সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও মমতাৰ সুৰত সুৰ মিলাই এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ।

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ জনাই বিজেপিৰ সাংসদ জগন্নাথ সৰকাৰে কয় যে, “এই দুৰ্ঘটনাটো মৰ্মান্তিক । দেশৰ বাবে ই এক বৃহৎ ক্ষতি, গতিকে ই এক চিন্তাৰ বিষয় । ইয়াৰ তদন্তত কোনো সমস্যা নাই । এই দুৰ্ঘটনা সন্দৰ্ভত আমি বেছি মন্তব্য কৰা উচিত নহয় ।”

মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা ফাড়নৱীছৰ-

মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে কয়, “এয়া অতি দুখজনক । জ্যেষ্ঠ নেতা শৰদ পাৱাৰে নিজেই স্পষ্টকৈ উল্লেখ কৰিছে যে এটা দুৰ্ঘটনা আৰু এটা কৰুণ মৃত্যুক ৰাজনীতিকৰণ কৰা উচিত নহয় । মই গভীৰ দুখ প্ৰকাশ কৰিছো যে আমি এনে এটা পৰ্যায়ত উপনীত হ’লোঁ য’ত কাৰোবাৰ মৃত্যুক লৈয়ো ইমান লেতেৰা আৰু সস্তীয়া ৰাজনীতি চলি আছে । মই গভীৰ দুখ পাইছো যে, মমতা দিদিয়ে ৰাজনীতিৰ ইমান তলৰ পৰ্যায়লৈ নামি গৈছে । তেওঁ এনে মন্তব্য কৰা উচিত নাছিল । মহাৰাষ্ট্ৰৰ এগৰাকী অতি জনপ্ৰিয় আৰু মানৱদৰদী ৰাজনৈতিক নেতাৰ নেতাৰ মৃত্যুত এনে ৰাজনীতি কৰাটো ভুল কথা ।“

ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক : শিন্দে

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেই এই কৰুণ বিমান দুৰ্ঘটনা সন্দৰ্ভত কয় যে, “যেতিয়া মই এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰিলোঁ, তেতিয়া বিশ্বাস কৰিব পৰা নাছিলো । এজন দয়ালু, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী নেতা এতিয়া আমাৰ লগত নাই । আমি এটা দল হিচাপে কাম কৰি আছিলো । এই ঘটনাৰ বিষয়ে কোনো ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ।”

শিৱসেনা নেতাৰ সমালোচনা-

মমতা বেনাৰ্জীৰ বক্তব্যক লৈ শিৱসেনাৰ নেত্ৰী চাইনা এন চিয়ে কয় যে কাৰোবাৰ মৃত্যুত ৰাজনীতি খেলিব নালাগে । তদন্তৰ প্ৰয়োজন, কিন্তু তেওঁ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেয়া কেৱল তেওঁৰ নিম্নস্তৰৰ ৰাজনীতি । সমগ্ৰ ৰাজ্যই অজিত দাদাক শ্ৰদ্ধাঞ্জলি জনাইছে ।

লগতে পঢ়ক : “এয়া দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শাৰদ পাৱাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

“এয়া দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শাৰদ পাৱাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু সন্দৰ্ভত এন চি পি প্ৰধান শাৰদ পাৱাৰৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে।যিয়ে দূৰ কৰিছে সকলো সন্দেহ

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ শাৰদ পাৱাৰে প্ৰথমটো মন্তব্য কৰিছে।তেওঁ স্পষ্টকৈ কৈছে যে অজিত পাৱাৰৰ মৃত্যুক লৈ কোনো ৰাজনীতি হ’ব নালাগে।এয়া এক দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়।

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ খবৰ শুনাৰ লগে লগেই শৰদ পাৱাৰে বাৰামাটিৰ চিকিৎসালয়ত উপস্থিত হয় য’ত অজিত পাৱাৰৰ মৃতদেহ অনা হয়।

তেওঁ পৰিয়ালৰ লোকৰ সৈতে চিকিৎসালয়ত উপস্থিত আছিল।বৰ্তমান অজিত পাৱাৰৰ মৃতদেহ বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত ৰখা হৈছে। কাইলৈ ​​পুৱা ১১ বজাত তেওঁৰ অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব।

দৰাচলতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছিল।ইয়াৰ পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেও এই দুৰ্ঘটনাৰ তদন্ত দাবী কৰিম বুলি উল্লেখ কৰে।

ৰাজনৈতিক মহলত এনে দাবী উত্থাপন হ’লে এই দুৰ্ঘটনাক লৈ বহু ধৰণৰ সন্দেহৰ সৃষ্টি হোৱাটো স্বাভাৱিক।কিন্তু এন চি পি (এছ পি)ৰ সুপ্ৰিম’ শাৰদ পাৱাৰে ইয়াক দুৰ্ঘটনা বুলি অভিহিত কৰি সকলো সন্দেহ দূৰ কৰে।এই দুৰ্ঘটনাক লৈ কোনো ধৰণৰ ৰাজনীতি হ’ব নালাগে বুলিও তেওঁ আবেদন জনাইছে।

লগতে পঢ়ক: “অজিত দাদাই প্ৰতিখন গাঁৱৰ বাবে কাম কৰিছিল”; অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

“অজিত দাদাই প্ৰতিখন গাঁৱৰ বাবে কাম কৰিছিল”; অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

‘গাঁওবাসীৰ জীৱন উন্নত কৰাৰ বাবে তেওঁ সদায় আগস্থানত কাম কৰি আহিছিল’। অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে,”মহাৰাষ্ট্ৰত হোৱা দুৰ্ঘটনাই অজিত পাৱাৰ জী আৰু কিছু সহকৰ্মীক আমাৰ পৰা কাঢ়ি লৈ ​​গ’ল”।

” অজিত দাদাই মহাৰাষ্ট্ৰ আৰু দেশৰ উন্নয়নত বিপুল অৱদান আগবঢ়াইছিল।বিশেষকৈ গাঁৱৰ মানুহৰ জীৱন উন্নত কৰাৰ বাবে সদায় আগবাঢ়ি কাম কৰিছিল”।

“তেখেতৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো।এই দুৰ্ঘটনাত আমি যিসকল সতীৰ্থক হেৰুৱালো,এই দুখৰ সময়ত আমি সকলোৱে তেওঁলোকৰ লগত আছো।”

নতুন দিল্লীৰ কাৰিয়াপ্পা খেলপথাৰত এন চি চিৰ পেৰেডত ভাষণ দিয়াৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে অজিত পাৱাৰৰ মৃত্যুত এনেদৰে শোক প্ৰকাশ কৰে।

বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ চাৰ্টাৰ্ড বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত তেওঁৰ বাহিৰে আন চাৰিজন লোকৰো মৃত্যু হয়।

প্ৰাণ হেৰুৱা সকলৰ ভিতৰত অজিত পাৱাৰৰ বাহিৰে তেওঁৰ পি এছ অ’ বিদীপ জাধৱ,পাইলটৰ কেপ্তেইন সুমিত কাপুৰ, কেপ্তেইন সাম্ভৱী পাঠক আৰু বিমান পৰিচাৰিকা পিকি মালি আছিল।

লগতে পঢ়ক: “শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য

কোন আছিল পাইলট সম্ভৱী পাঠক? যিয়ে উৰুৱাইছিল অজিত পাৱাৰৰ চাৰ্টাৰ বিমান

দুৰ্ঘটনাত পতিত হোৱা মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমানখনৰ লেডী পাইলট আছিল সম্ভৱী পাঠক। যিয়ে মাত্ৰ ২৫ বছৰ বয়সতে হেৰুৱাব লগা হ’ল জীৱন

অজিত পাৱাৰৰ ব্যক্তিগত চাৰ্টাৰ বিমান লিয়াৰজেট ৪৫ দুৰ্ঘটনাত দেশে কেৱল এজন জ্যেষ্ঠ নেতাকেই হেৰুৱা নাই বৰঞ্চ ভাৰতীয় কৰ্পৰেট বিমান পৰিবহণৰ দুজন প্ৰশিক্ষিত পাইলটেও প্ৰাণো হেৰুৱাইছে।

তেওঁৰ সৈতে ককপিটত উপস্থিত আছিল ২৫ বছৰীয়া সহ-পাইলট সম্ভৱী পাঠক আৰু পাইলট-ইন-কমাণ্ড সুমিত কাপুৰ।

সম্ভৱী পাঠক দেশৰ সেই সকল নতুন মহিলা পাইলটৰ ভিতৰত আছিল, যিয়ে কৰ্পৰেট আৰু চাৰ্টাৰ বিমান পৰিবহণত নিজৰ নাম উজলাইছিল।তেওঁ গ্ৱালিয়াৰৰ বায়ুসেনা বিদ্যালয়ত অধ্যয়ন কৰি বিমান পৰিবহণৰ পথ বাছি লৈছিল।

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা এৰ’নটিক্স/এভিয়েশ্যন অধ্যয়ন কৰিছিল আৰু তাৰ পিছত নিউজিলেণ্ডৰ পৰা কমাৰ্চিয়েল পাইলটৰ প্ৰশিক্ষণ লৈছিল।

তেওঁ কমাৰ্চিয়েল পাইলট লাইচেন্স (চিপিএল) আৰু ফ্লাইট ইনষ্ট্ৰাক্টৰ ৰেটিং (এ) লাভ কৰিছিল। কেৰিয়াৰৰ আৰম্ভণিতে মধ্যপ্ৰদেশ ফ্লাইং ক্লাবত যোগদান কৰে আৰু পিছলৈ ভিএছআৰ এভিয়েশনৰ বাবে লিয়াৰজেটৰ দৰে ব্যৱসায়িক জেট বিমান উৰুৱাবলৈ আৰম্ভ কৰে।

২০২২ চনৰ আগষ্ট মাহৰ পৰা তেওঁ কৰ্পৰেট চাৰ্টাৰ অপাৰেচনৰ অংশ আছিল।সম্ভৱী কাৰিকৰীভাৱে সুস্থ আছিল আৰু তেওঁক দীঘলীয়া বিমানৰ প্ৰশিক্ষণ দিয়া হৈছিল।তেওঁৰ কেৰিয়াৰ এতিয়াও প্ৰাথমিক অৱস্থাতে আছিল।

লগতে পঢ়ক: মাধৱৰাও সিন্ধিয়াৰ পৰা অজিত পাৱাৰলৈ : হেলিকপ্টাৰ বা বিমান দুৰ্ঘটনাত দেশে আকালতে হেৰুওৱা কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি

“শাৰদ পাৱাৰৰ দললৈ ঘূৰি যাব বিচাৰিছিল অজিত পাৱাৰ”; মমতা বেনাৰ্জীৰ চাঞ্চল্যকৰ মন্তব্য

উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এক আচৰিত মন্তব্য কৰিছে।

বিমান দুৰ্ঘটনাত উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুৰ পিছত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে।

মমতা বেনাৰ্জীয়ে কৈছে যে, “অজিত পাৱাৰ, শাৰদ পাৱাৰৰ দললৈ পুনৰ উভতি যাব বিচাৰিছিল। গতিকে বিমান দুৰ্ঘটনাটোৰ ভালদৰে তদন্ত হ’ব লাগে। এজেন্সীবোৰ বিক্ৰী হৈ গৈছে,সেয়ে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হ’ব লাগে।”

মমতা বেনাৰ্জীয়ে লগতে কয় যে, “কেইদিনমানৰ পিছতেই অজিত পাৱাৰ নিজৰ পুৰণি ফৈদলৈ ঘূৰি যাবলৈ ওলাইছিল।কিন্তু তাৰ পূৰ্বেই দুৰ্ঘটনাটো সংঘটিত হ’ল। দেশত জনতাৰ কোনো নিৰাপত্ত নোহোৱা হৈছে”।

“প্ৰথমে আহমেদাবাদত ইমানবোৰ মানুহে প্ৰাণ হেৰুৱালে আৰু এতিয়া অজিত পাৱাৰে এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে।দেশৰ মুখ্যমন্ত্ৰীয়ে  সময়ৰ অভাৱৰ বাবে চাৰ্টাৰ্ড বিমানেৰে যাত্ৰা কৰে, গতিকে তেওঁলোকৰ সুৰক্ষাৰ কথা কি ক’ব?”

“এই দুৰ্ঘটনাটোক লৈ আমি অতিশয় বিচলিত হৈছো।তাক ক’বলৈ আমাৰ ওচৰত ভাষা নাই। উচ্চতম ন্যায়ানয়ৰ নিৰিক্ষণত তদন্ত হ’ব লাগে”।

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ পিছতে মমতা বেনাৰ্জীৰ এই চাঞ্চল্যকৰ মন্তব্যই ৰাজনীতিক ক্ষেত্ৰত হাহাকাৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অন্ত; অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

মাধৱৰাও সিন্ধিয়াৰ পৰা অজিত পাৱাৰলৈ : হেলিকপ্টাৰ বা বিমান দুৰ্ঘটনাত দেশে আকালতে হেৰুওৱা কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তি

হেলিকপ্টাৰ বা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা উল্লেখযোগ্য ব্যক্তিৰ তালিকাত সংযোজন হ’ল অজিত পাৱাৰৰ নাম । জানক বিমান দুৰ্ঘটনাত দেশে হেৰুওৱা কেইগৰাকীমান উল্লেখযোগ্য ব্যক্তিৰ বিষয়ে ।

মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মৃত্যু হৈছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ । তেওঁৰ সৈতে বিমানখনত থকা আন পাঁচজন লোকৰো মৃত্যু হৈছে বুলি বাতৰিত প্ৰকাশ । এন চি পিৰ নেতা অজিত পাৱাৰ (৬৬) সহ আন লোক কঢ়িয়াই অনা বিমানখন বাৰামাটিৰ ৰাণৱেৰ সমীপত ক্ৰেচ-লেণ্ড হোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । মাত্ৰ কেইমাহমানৰ পূৰ্বে দেশত সংঘটিত হোৱা এক বৃহৎ বিমান দুৰ্ঘটনাৰ পিছতে এই খবৰে শোকাহত কৰিছে দেশবাসীক ।

আহমেদাবাদৰ পৰা লণ্ডনলৈ যোৱা বয়িং ৭৮৭ ড্ৰিমলাইনাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ খবৰে কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে শোকৰ ছাঁ পেলাইছিল । উৰণৰ কিছু মুহূৰ্তৰ পিছতে আহমেদাবাদৰ মেঘনীনগৰ অঞ্চলৰ এটা আৱাসিক অট্টালিকাত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাটোৱে বিশ্বজুৰি শোক লহৰৰ সৃষ্টি কৰে । কেইবাখনো দেশৰ নেতাই এই শোকাৱহ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে নিহত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে । এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ এই দুৰ্ঘটনাত মৃত্যু হোৱো লোকৰ তালিকাত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীও আছিল ।

বুধবাৰে বাৰামাটি বিমান দুৰ্ঘটনাই দেশবাসীৰ মনত পুনৰ সজীৱ কৰিছে পুৰণি কৰুণ স্মৃতি । ইয়াৰ পূৰ্বে সংঘটিত হোৱা এই বিমান আৰু হেলিকপ্টাৰ দুৰ্ঘটনাটো দেশে হেৰুৱাইছিল বিভিন্ন ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তি ।

হোমি ভাবা-

১৯৬৬ চনৰ ২৪ জানুৱাৰীৰ দিনটোত ভাৰতবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰে । কিয়নো এই দিনটোতে এক ভয়ংকৰ বিমান দুৰ্ঘটনাত দেশে হেৰুৱাইছিল ভাৰতৰ পাৰমাণৱিক বিজ্ঞানৰ পিতৃ হোমি জাহাংগীৰ ভাবাক ।

ভাৰতৰ আগশাৰীৰ পাৰমাণৱিক পদাৰ্থবিজ্ঞানী হোমি জাহাংগীৰ ভাবাৰ ১৯৬৬ চনৰ ২৪ জানুৱাৰীত এয়াৰ ইণ্ডিয়া ফ্লাইট ১০১ৰ এক হৃদয়বিদাৰক দুৰ্ঘটনাত মৃত্যু হয় । এই দুৰ্ঘটনাটোৱে ভাৰতৰ পাৰমাণৱিক কাৰ্যসূচীৰ স্থপতিগৰাকীক মাত্ৰ ৫৬ বছৰ বয়সতে কাঢ়ি নিয়ে ।

সঞ্জয় গান্ধী-

প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ পুত্ৰ, প্ৰাক্তন সংসদ সদস্য সঞ্জয় গান্ধীৰ ১৯৮০ চনৰ ২৩ জুনত এক বিমান দুৰ্ঘটনাত মৃত্যু হয় । নতুন দিল্লীৰ চফদৰজং বিমানবন্দৰত সংঘটিত হোৱা এই দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিয়ে সঞ্জয়ৰ । সঞ্জয় গান্ধীয়ে পুৱা ট্ৰেইনি বিমানত উৰা মাৰিছিল । তেওঁ নিজেই বিমানখন উৰুৱাইছিল আৰু এটা সময়ত তেওঁৰ বিমানখন নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ দুৰ্ঘটনাগ্ৰস্ত হৈছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল মাত্ৰ ৩৩ বছৰ ।

মাধৱৰাও সিন্ধিয়া-

কংগ্ৰেছ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাধৱৰাও সিন্ধিয়াৰ ২০০১ চনৰ ৩০ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ মইনপুৰীৰ ওচৰত সংঘটিত হোৱা এক বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল । মাধৱৰাও সিন্ধিয়াই দিল্লীৰ পৰা উত্তৰ প্ৰদেশৰ কানপুৰলৈ এখন চাৰ্টাৰ্ড বিমানত ৰাজনৈতিক সমাৱেশত ভাষণ দিবলৈ গৈ আছিল । উৰণৰ কিছু সময়ৰ পাছতে উত্তৰ প্ৰদেশৰ মইনপুৰী জিলাৰ মটলা গাঁৱৰ সমীপত বেয়া বতৰ আৰু কাৰিকৰী বিজুতিৰ বাবে তেওঁৰ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত সিন্ধিয়াৰ লগতে এগৰাকী সাংবাদিক, পাইলট, সহ-পাইলটৰো মৃত্যু হয় ।

অ’ পি জিন্দাল আৰু সুৰেন্দ্ৰ সিং-

হাৰিয়ানাৰ শক্তি মন্ত্ৰী, উদ্যোগপতি অ’ পি জিন্দাল আৰু ৰাজ্যখনৰ কৃষি মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী বংশীলালৰ পুত্ৰ সুৰেন্দ্ৰ সিঙৰো এক হেলিকপ্টাৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িছিল । ২০০৫ চনৰ ৩১ মাৰ্চত উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পেডু গাঁৱৰ সমীপত সংঘটিত হৈছিল এই দুৰ্ঘটনা ।  

হাৰিয়ানাৰ কৃষি আৰু ৰাজহ মন্ত্ৰী সুৰেন্দ্ৰ সিং দিল্লীৰ পৰা কিং হেলিকপ্টাৰেৰে চণ্ডীগড়লৈ উভতি আহিছিল । চাহাৰনপুৰৰ সমীপত চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে জৰুৰী অৱতৰণৰ চেষ্টা চলাওঁতে হেলিকপ্টাৰখন কাৰিকৰী সমস্যাৰ সন্মুখীন হৈ দুৰ্ঘটনাগ্ৰস্ত হয় । এই দুৰ্ঘটনাত হাৰিয়ানাৰ শক্তি মন্ত্ৰী অ’ পি জিন্দাল আৰু পাইলটকে ধৰি তিনিজন লোকৰ মৃত্যু হয় ।

ৱাই এছ ৰাজশেখৰ ৰেড্ডী-

অন্ধ্ৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ ২০০৯ চনৰ ৩ ছেপ্টেম্বৰত সংঘটিত হোৱা এক হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল । অন্ধ্ৰ প্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হায়দৰাবাদৰ পৰা চিত্তুৰ জিলাৰ এক অনুষ্ঠানলৈ চৰকাৰী হেলিকপ্টাৰেৰে আহিছিল । উৰণৰ সময়ত তেওঁৰ হেলিকপ্টাৰখনে ৰাডাৰৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় । ধাৰাসাৰ বৰষুণ আৰু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন নল্লামালাৰ ঘন অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয় । দুৰ্ঘটনাটোত ৱাই এছ ৰাজশেখৰ ৰেড্ডীকে ধৰি পাঁচজন যাত্ৰীৰ মৃত্যু হয় ।

দৰ্জী খাণ্ডু-

২০১১ চনৰ ৩০ এপ্ৰিলত হেলিকপ্টাৰ দুৰ্ঘটনাত দেশে হেৰুৱাইছিল আন এগৰাকী ৰাজনীতিকক । অৰুণাচল প্ৰদেশৰ টাৱাঙত সংঘটিত হোৱা এই দুৰ্ঘটনাত ৰাজ্যখনৰ তেতিয়াৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ মৃত্যু হৈছিল ।

পৱন হংস এ এছ ৩৫০ বি ৩ হেলিকপ্টাৰেৰে টাৱাঙৰ পৰা ইটানগৰলৈ গৈ আছিল অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডু । উৰণৰ প্ৰায় ২০ মিনিটৰ পাছত হেলিকপ্টাৰখনৰ যোগাযোগ হেৰুৱাই পেলায় । ধাৰাসাৰ বৰষুণ আৰু বেয়া বতৰৰ বাবে হেলিকপ্টাৰখন চেলা পাছৰ সমীপত ১৩ হাজাৰ ফুট উচ্চতাত দুৰ্ঘটনাগ্ৰস্ত হয় । ঘটনাৰ প্ৰায় চাৰিদিন পিছত ২০১১ চনৰ ৪ মে’ত মুখ্যমন্ত্ৰী, দুজন পাইলট, এজন নিৰাপত্তা বিষয়া আৰু আন এজন ব্যক্তিকে ধৰি পাঁচোটা মৃতদেহ উদ্ধাৰ কৰা হয় ।

বিপিন ৰাৱাট-

এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ভাৰতৰ প্ৰথমগৰাকী চিডিএছ জেনেৰেলৰ । ২০২১ চনৰ ৮ ডিচেম্বৰত তামিলনাডুৰ কুনুৰত বিশ্ব কঁপাই যোৱা এই শোকাৱহ দুৰ্ঘটনাত ভাৰতৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটৰ মৃত্যু হয় । তামিলনাডুৰ কুনুৰৰ সমীপত তেওঁ যোৱা এম আই-১৭ হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয় । এই দুৰ্ঘটনাত পত্নী মধুলিকা ৰাৱাটকে ধৰি মুঠ ১৩ জন লোকে প্ৰাণ হেৰুৱাইছিল । তেওঁৰ মৃত্যুৰ তিনি বছৰৰ পাছত ২০২৪ চনত লোকসভাত প্ৰতিৰক্ষা সম্পৰ্কীয় স্থায়ী সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত কোৱা হৈছিল যে এম আই-১৭ দুৰ্ঘটনাটো মানৱীয় ভুলৰ বাবে সংঘটিত হৈছিল ।

উল্লেখ্য যে, এই কৰুণ ঘটনাসমূহৰ ওপৰিও বিমান বা হেলিকপ্টাৰ দুৰ্ঘটনাত ভাৰতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক হেৰুৱাইছিল । ইয়াৰ ভিতৰত নেতাজী সুভাষ চন্দ্ৰ বসু (১৮ আগষ্ট, ১৯৪৫), অভিনেত্ৰী কে এছ সৌম্যা সত্যনাৰায়ণ (৩ মাৰ্চ, ২০০২), লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা তেলেগু দেশম পাৰ্টীৰ নেতা জি এম চি বালাযোগী (৩ মাৰ্চ, ২০০২)ৰো বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল ।

লগতে পঢ়ক : বাৰামাটিত বিমান দুৰ্ঘটনা; প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এটা অধ্যায়ৰ অন্ত; অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ

অজিত পাৱাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ । মহাৰাষ্ট্ৰৰ পৰা দিল্লীলৈ শোকৰ লহৰ ।

মহাৰাষ্ট্ৰৰ বাৰামাটিত সংঘটিত হোৱা এক কৰুণ বিমান দুৰ্ঘটনাত মৃত্যু হৈছে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী তথা এন চি পি নেতা অজিত পাৱাৰৰ । তেওঁৰ চাৰ্টাৰ্ড বিমানখন বাৰামাটিত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা । অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে নিশ্চিত কৰিছে যে বিমানখনত থকা পাঁচজন লোকেই নিহত হৈছে । কোনো ব্যক্তিক জীৱিত অৱস্থাত উদ্ধাৰ কৰা হোৱা নাই । দুৰ্ঘটনাটোৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক ফোন কৰি পৰিস্থিতি সন্দৰ্ভত বুজ লয় ।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক ফোন কৰি সমগ্ৰ ঘটনাৰ বুজ লয় । মহাৰাষ্ট্ৰ চৰকাৰে উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ কৰি এই শোকাৱহ ঘটনাক লৈ শোক প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত অজিত পাৱাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অজিত পাৱাৰ এজন গণনেতা আৰু জনসাধাৰণৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্ক আছিল । মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাত সদায় আগৰণুৱা এজন কঠোৰ পৰিশ্ৰমী নেতা হিচাপে পৰিচিত আছিল তেওঁ । প্ৰশাসনিক বিষয়ত তেওঁৰ বুজাবুজি আৰু দৰিদ্ৰ আৰু সমস্যাত আক্ৰান্তৰজনৰ সবলীকৰণৰ প্ৰতি তেওঁৰ আবেগ প্ৰশংসনীয় আছিল । তেওঁৰ অকাল মৃত্যু গভীৰভাৱে দুখজনক । তেখেতৰ পৰিয়াল আৰু অগণন সমৰ্থকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ ।

ইফালে এই ঘটনাৰ পিছতে শৰদ পাৱাৰৰ পৰিয়ালো শোকত ভাগি পৰিছে । খবৰ অনুসৰি দিল্লীৰ পৰা বাৰামাটি অভিমুখে ৰাওনা হৈছে সুপ্ৰিয়া চুলে, অজিত পাৱাৰৰ পত্নী সুনেত্ৰা পাৱাৰ আৰু তেওঁলোকৰ পুত্ৰ পাৰ্থ পাৱাৰ । তিনিওজনেই একেলগে শাৰদ পাৱাৰৰ বাসগৃহত উপস্থিত আছিল ।

অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ ৰাষ্ট্ৰপতিৰ-

উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে । এটা পোষ্টত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে, “মহাৰাষ্ট্ৰৰ বাৰামাটিত বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ লগতে আন কেইবাজনো লোকৰ মৃত্যুৰ খবৰ গভীৰভাৱে দুখজনক । অজিত পাৱাৰৰ অকাল মৃত্যু এক অপূৰণীয় ক্ষতি । মহাৰাষ্ট্ৰৰ উন্নয়নত বিশেষকৈ সমবায় খণ্ডত তেওঁৰ উল্লেখযোগ্য অৱদানৰ বাবে তেওঁক সদায় স্মৰণ কৰা হ’ব । তেওঁৰ পৰিয়াল, সমৰ্থক আৰু প্ৰশংসকসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ । ঈশ্বৰে দুৰ্ঘটনাত মৃত্যু হোৱা সকলোৰে পৰিয়ালক এই ক্ষতি সহ্য কৰিবলৈ শক্তি প্ৰদান কৰক ।”

এই ঘটনাক লৈ সমগ্ৰ ৰাজনৈতিক মহলৰ পৰা শোকবাৰ্তা প্ৰকাশ পাইছে । শিৱসেনাৰ সাংসদ অৰবিন্দ সাৱন্তে কয়, “বৰামাটিৰ উন্নয়নত অজিত পাৱাৰে মুখ্য ভূমিকা পালন কৰিছিল । সমগ্ৰ পাৱাৰ পৰিয়াললৈ মোৰ সমবেদনা জ্ঞাপন কৰিছো ।” কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰেও তেওঁৰ মৃত্যুক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে ডাঙৰ ক্ষতি বুলি অভিহিত কৰে ।

লগতে পঢ়ক : বাৰামাটিত বিমান দুৰ্ঘটনা; প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে