বাৰামাটিত বিমান দুৰ্ঘটনা; প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে
এই বিমান দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি মুঠ ৬জন লোকৰ মৃত্যু হৈছে । বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰামাটিত অৱতৰণ কৰাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
ভয়ংকৰ বিমান দুৰ্ঘটনাৰ চিকাৰ হৈছে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ । বুধবাৰে বাৰামাটিত জিলা পৰিষদ আৰু পঞ্চায়ত সমিতিৰ নিৰ্বাচনৰ সৈতে জড়িত অজিত পাৱাৰৰ পাঁচৰ পৰা ছয়খন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল । খবৰ অনুসৰি এই সভালৈ যোৱাৰ পথত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । ইফালে, দুৰ্ঘটনাটোৰ এক ভয়ানক ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে যে বিমানখন টুকুৰা-টুকুৰ হৈ পৰিছে । ইথিমধ্যে এই বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ জনপ্ৰিয় নেতাগৰাকীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
শেহতীয়া তথ্য অনুসৰি এই দুৰ্ঘটনাত অজিত পাৱাৰকে ধৰি মুঠ ৬জন লোকৰ মৃত্যু হৈছে । বুধবাৰে পুৱা মহাৰাষ্ট্ৰৰ বাৰামাটিত অৱতৰণ কৰাৰ সময়তে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় । নিৰ্বাচনী প্ৰচাৰৰ বাবে বাৰামাটিলৈ গৈ আছিল অজিত পাৱাৰ । বিমানখন ক্ৰেছ লেণ্ডিং নে কাৰিকৰী বিজুতিৰ সন্মুখীন হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই । এই ঘটনাৰ পিছতে ব্যক্তিগত চাৰ্টাৰ্ড বিমানখন সম্পূৰ্ণৰূপে জ্বলি যায় । প্ৰাথমিক তথ্য অনুসৰি অজিত পাৱাৰৰ বিমানত ৬ জন লোক আছিল ।

২৮ জানুৱাৰী, বুধবাৰে বাৰামাটিত অজিত পাৱাৰৰ চাৰিখন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল । সচৰাচৰ দৰে এই সভালৈ তেওঁ পুৱাই ৰাওনা হৈছিল ।
অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে প্ৰকাশ কৰা অনুসৰি বিমানখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰ, দুজন সংগী আৰু দুজন ক্ৰু মেম্বাৰ আছিল । দুৰ্ঘটনাটোত আটাইকেইজনৰে মৃত্যু হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰিছে ।
লগতে পঢ়ক : মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাগ্ৰস্ত… বাৰামাটিত অৱতৰণ কৰাৰ সময়তে অঘটন