ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত ভয়ংকৰ নাও দুৰ্ঘটনা । নাওখনত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কোনো লাইফ জেকেটৰ ব্যৱস্থা নাছিল ।
ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ সংঘটিত হ’ল এক ভয়ংকৰ নাও দুৰ্ঘটনা । বৰপেটা জিলাৰ মন্দিয়াৰ ৰহমপুৰত এখন যাত্ৰীবাহী যন্ত্ৰচালিত নাও ডুব যোৱাৰ ফলত সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয় । এই দুৰ্ঘটনাত একেটা পৰিয়ালৰে ৭ জনকৈ সদস্য নিৰুদ্দেশ হৈ হোৱাৰ খবৰে শোকৰ ছাঁ পেলাইছে ।
প্ৰত্যক্ষদৰ্শীৰ মতে, যাত্ৰীৰে ভৰ্তি নাওখন হঠাৎ নদীৰ মাজত ডুব যায় । আটাইতকৈ উদ্বেগজনক কথাটো হ’ল, নাওখনত যাত্ৰীসকলৰ সুৰক্ষাৰ বাবে কোনো লাইফ জেকেটৰ ব্যৱস্থা নাছিল । নাওখনত মুঠ ২২ গৰাকী যাত্ৰী আছিল ।
নিৰুদ্দেশ হোৱা লোকসকল-
দুৰ্ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন হৈ থকা লোকসকলক চিনাক্ত কৰা হৈছে । তেওঁলোক হ’ল :
-মাদু মিঞা
-শুকুৰজান নেছা
-আমিনা পাৰবিন
-ৰাহুল
-আৰিয়ান ইছলাম
-জানুফা ইয়াছমিন
উদ্ধাৰ অভিযান
ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত NDRF আৰু SDRF-ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । অৱশ্যে অন্ধকাৰ আৰু প্ৰতিকূল পৰিৱেশৰ বাবে নিশাৰ ভাগত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সৃষ্টি হৈছে । ইফালে ঘটনাস্থলীত ভুক্তভোগীৰ আত্মীয়ৰ হিয়াভঙা কান্দোন আৰু এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক : ৰাহুল গান্ধীৰ বিৰুদ্ধে উত্তৰ-পূবক অপমান কৰাৰ অভিযোগ বিজেপিৰ









