বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল অজিত পাৱাৰ । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় ।
মহাৰাষ্ট্ৰৰ পুনে জিলাৰ বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ল নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ মুৰব্বী অজিত পাৱাৰ । বুধবাৰে বাৰামাটি বিমানবন্দৰৰ সমীপৰ ৰাণৱেৰ পৰা মাত্ৰ ২০০ মিটাৰ দূৰত্বত সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ ৫জন লোক নিহত হয় । সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে বৃহস্পতিবাৰে পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় । অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত “অজিত দাদা অমৰ হওক” ধ্বনিৰে উত্তাল হৈ পৰে । তেওঁৰ পুত্ৰ পাৰ্থ আৰু জয়ে বিদ্যা প্ৰতিস্থানত হাজাৰ হাজাৰ লোকৰ উপস্থিতিত পাৱাৰৰ মুখাগ্নি কৰে ।
অন্ত্যেষ্টিক্ৰিয়াত গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ মুৰব্বী নীতিন নবীন, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে, এম এন এছৰ মুৰব্বী ৰাজ থাকৰে, শিৱসেনাৰ ইউ বি টিৰ মুৰব্বী উদ্ধৱ থাকৰেকে ধৰি বহু নেতা উপস্থিত থাকে ।
জনপ্ৰিয়ভাৱে ‘দাদা’ নামেৰে পৰিচিত ৬৬ বছৰীয়া অজিত পাৱাৰৰ মৃত্যুয়ে মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰত এক বৃহৎ শূন্যতাৰ সৃষ্টি কৰাই নহয় তেওঁৰ নেতৃত্বত গঠিত নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ ভৱিষ্যতক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে । ইপালে বিৰোধীৰ বাক্যবাণৰ মাজতে অজিত পাৱাৰৰ খুড়াক তথা এন চি পিৰ প্ৰতিষ্ঠাপক শাৰদ পাৱাৰে কয় যে এয়া এক দুৰ্ঘটনা আৰু ইয়াক ৰাজনীতিকৰণ কৰা উচিত নহয় ।
ইফালে বিমানখনৰ পৰা উদ্ধাৰ হোৱা বক্স বিশ্লেষণ কৰি দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয় কৰা হ’ব । ভি এছ আৰ ভেঞ্চাৰছ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত ১৬ বছৰীয়া চাৰ্টাৰ্ড লিয়াৰজেট বিমানখন বাৰামাটি বিমানবন্দৰত দ্বিতীয়বাৰৰ বাবে অৱতৰণ কৰাৰ চেষ্টাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ।
ৰাজ্যখনৰ জিলা পৰিষদ নিৰ্বাচনৰ প্ৰচাৰৰ অংশ হিচাপে অজিত পাৱাৰে মুম্বাইৰ পৰা বাৰামাটিলৈ গৈ জনসভাত ভাষণ দিয়াৰ বাবে ৰাওনা হৈছিল । এই দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত আছিল ১৫ হাজাৰ ঘণ্টাৰ উৰণ অভিজ্ঞতা থকা কেপ্তেইন সুমিত কাপুৰ । এই দুৰ্ঘটনাত ১৫০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা থকা সহ-পাইলট কেপ্তেইন শম্ভৱী পাঠক, ব্যক্তিগত নিৰাপত্তা বিষয়া বিধিপ জাধৱ আৰু বিমান পৰিচাৰিকা পিংকি মালিৰো মৃত্যু হয় ।
লগতে পঢ়ক : বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া









