বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাক লৈ ৰাজনৈতিক বাকযুদ্ধ : বিৰোধীৰ তদন্তৰ দাবীক লৈ বিজেপিৰ তীব্ৰ প্ৰতিক্ৰিয়া

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই বিমান দুৰ্ঘটনাৰ তদন্তৰ দাবী জনাইছে । বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই বিমান দুৰ্ঘটনাৰ তদন্তৰ দাবী জনাইছে ।

বিমান দুৰ্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ লগতে সমগ্ৰ দেশে শোক প্ৰকাশ কৰাৰ সময়তে এই ঘটনাক লৈ ৰাজনীতিও তীব্ৰতৰ হৈ পৰিছে । কেইবাজনো বিৰোধী নেতাই এই শোকাৱহ বিমান দুৰ্ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি তদন্তৰ দাবী জনাইছে । পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে । একেদৰে জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, আপৰ সাংসদ সঞ্জয় সিং আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱেও মমতাৰ সুৰত সুৰ মিলাই এই ঘটনাৰ তদন্তৰ দাবী কৰিছে ।

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ জনাই বিজেপিৰ সাংসদ জগন্নাথ সৰকাৰে কয় যে, “এই দুৰ্ঘটনাটো মৰ্মান্তিক । দেশৰ বাবে ই এক বৃহৎ ক্ষতি, গতিকে ই এক চিন্তাৰ বিষয় । ইয়াৰ তদন্তত কোনো সমস্যা নাই । এই দুৰ্ঘটনা সন্দৰ্ভত আমি বেছি মন্তব্য কৰা উচিত নহয় ।”

মমতা বেনাৰ্জীক তীক্ষ্ণ সমালোচনা ফাড়নৱীছৰ-

মমতা বেনাৰ্জীৰ মন্তব্য সন্দৰ্ভত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে কয়, “এয়া অতি দুখজনক । জ্যেষ্ঠ নেতা শৰদ পাৱাৰে নিজেই স্পষ্টকৈ উল্লেখ কৰিছে যে এটা দুৰ্ঘটনা আৰু এটা কৰুণ মৃত্যুক ৰাজনীতিকৰণ কৰা উচিত নহয় । মই গভীৰ দুখ প্ৰকাশ কৰিছো যে আমি এনে এটা পৰ্যায়ত উপনীত হ’লোঁ য’ত কাৰোবাৰ মৃত্যুক লৈয়ো ইমান লেতেৰা আৰু সস্তীয়া ৰাজনীতি চলি আছে । মই গভীৰ দুখ পাইছো যে, মমতা দিদিয়ে ৰাজনীতিৰ ইমান তলৰ পৰ্যায়লৈ নামি গৈছে । তেওঁ এনে মন্তব্য কৰা উচিত নাছিল । মহাৰাষ্ট্ৰৰ এগৰাকী অতি জনপ্ৰিয় আৰু মানৱদৰদী ৰাজনৈতিক নেতাৰ নেতাৰ মৃত্যুত এনে ৰাজনীতি কৰাটো ভুল কথা ।“

ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক : শিন্দে

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দেই এই কৰুণ বিমান দুৰ্ঘটনা সন্দৰ্ভত কয় যে, “যেতিয়া মই এই দুৰ্ভাগ্যজনক দুৰ্ঘটনাৰ বিষয়ে জানিব পাৰিলোঁ, তেতিয়া বিশ্বাস কৰিব পৰা নাছিলো । এজন দয়ালু, স্পষ্টবাদী আৰু কঠোৰ পৰিশ্ৰমী নেতা এতিয়া আমাৰ লগত নাই । আমি এটা দল হিচাপে কাম কৰি আছিলো । এই ঘটনাৰ বিষয়ে কোনো ৰাজনৈতিক মন্তব্য কৰাটো দুৰ্ভাগ্যজনক ।”

শিৱসেনা নেতাৰ সমালোচনা-

মমতা বেনাৰ্জীৰ বক্তব্যক লৈ শিৱসেনাৰ নেত্ৰী চাইনা এন চিয়ে কয় যে কাৰোবাৰ মৃত্যুত ৰাজনীতি খেলিব নালাগে । তদন্তৰ প্ৰয়োজন, কিন্তু তেওঁ যি ষড়যন্ত্ৰ ৰচনা কৰিছে সেয়া কেৱল তেওঁৰ নিম্নস্তৰৰ ৰাজনীতি । সমগ্ৰ ৰাজ্যই অজিত দাদাক শ্ৰদ্ধাঞ্জলি জনাইছে ।

লগতে পঢ়ক : “এয়া দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শাৰদ পাৱাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

শেহতীয়া প্ৰৱন্ধসমূহ