"এয়া দুৰ্ঘটনাই, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শৰদ পাৱাৰৰ প্ৰথম বক্তব্য

“এয়া দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়,কোনো ৰাজনীতি হ’ব নালাগে”;অজিত পাৱাৰৰ মৃত্যুক লৈ শাৰদ পাৱাৰৰ প্ৰথম প্ৰতিক্ৰিয়া

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু সন্দৰ্ভত এন চি পি প্ৰধান শাৰদ পাৱাৰৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে।যিয়ে দূৰ কৰিছে সকলো সন্দেহ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ শাৰদ পাৱাৰে প্ৰথমটো মন্তব্য কৰিছে।তেওঁ স্পষ্টকৈ কৈছে যে অজিত পাৱাৰৰ মৃত্যুক লৈ কোনো ৰাজনীতি হ’ব

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মৃত্যু সন্দৰ্ভত এন চি পি প্ৰধান শাৰদ পাৱাৰৰ এটা ডাঙৰ বক্তব্য পোহৰলৈ আহিছে।যিয়ে দূৰ কৰিছে সকলো সন্দেহ

মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ শাৰদ পাৱাৰে প্ৰথমটো মন্তব্য কৰিছে।তেওঁ স্পষ্টকৈ কৈছে যে অজিত পাৱাৰৰ মৃত্যুক লৈ কোনো ৰাজনীতি হ’ব নালাগে।এয়া এক দুৰ্ঘটনা, ষড়যন্ত্ৰ নহয়।

বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ খবৰ শুনাৰ লগে লগেই শৰদ পাৱাৰে বাৰামাটিৰ চিকিৎসালয়ত উপস্থিত হয় য’ত অজিত পাৱাৰৰ মৃতদেহ অনা হয়।

তেওঁ পৰিয়ালৰ লোকৰ সৈতে চিকিৎসালয়ত উপস্থিত আছিল।বৰ্তমান অজিত পাৱাৰৰ মৃতদেহ বাৰামাটিৰ বিদ্যা প্ৰতিস্থানত ৰখা হৈছে। কাইলৈ ​​পুৱা ১১ বজাত তেওঁৰ অন্তেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব।

দৰাচলতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিমান দুৰ্ঘটনাত অজিত পাৱাৰৰ মৃত্যুৰ তদন্তৰ দাবী জনাইছিল।ইয়াৰ পিছত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেও এই দুৰ্ঘটনাৰ তদন্ত দাবী কৰিম বুলি উল্লেখ কৰে।

ৰাজনৈতিক মহলত এনে দাবী উত্থাপন হ’লে এই দুৰ্ঘটনাক লৈ বহু ধৰণৰ সন্দেহৰ সৃষ্টি হোৱাটো স্বাভাৱিক।কিন্তু এন চি পি (এছ পি)ৰ সুপ্ৰিম’ শাৰদ পাৱাৰে ইয়াক দুৰ্ঘটনা বুলি অভিহিত কৰি সকলো সন্দেহ দূৰ কৰে।এই দুৰ্ঘটনাক লৈ কোনো ধৰণৰ ৰাজনীতি হ’ব নালাগে বুলিও তেওঁ আবেদন জনাইছে।

লগতে পঢ়ক: “অজিত দাদাই প্ৰতিখন গাঁৱৰ বাবে কাম কৰিছিল”; অজিত পাৱাৰৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ