মৃতদেহৰ সৈতে বিবাহপাশত আৱদ্ধ এগৰাকী যুৱতী; প্ৰকাশ কৰিলে হৃদয়বিদাৰক কাহিনী

মৃতদেহৰ সৈতে বিবাহপাশত আৱদ্ধ যুৱতী

শেহতীয়াকৈ পোহৰলৈ অহা এক অপৰাধৰ ঘটনাই সমগ্ৰ দেশকে জোঁকাৰি গৈছে । মহাৰাষ্ট্ৰত সংঘটিত হোৱা এই ঘটনাই স্তম্ভিত কৰি তুলিছে সমগ্ৰ দেশক । হৃদয়বিদাৰক এই প্ৰেম কাহিনীয়ে চকু সেমেকাই তুলিছে দেশবাসীৰ ।

মহাৰাষ্ট্ৰৰ নন্দদত পোহৰলৈ আহিছে এই হৃদয় বিদাৰক ঘটনা । জানিব পৰা মতে ২১ বছৰীয়া এগৰাকী যুৱতীয়ে দাবী কৰিছে যে তেওঁৰ প্ৰেমিক সক্ষম থাট্টেক নিম্নবৰ্ণৰ হোৱাৰ বাবেই তেওঁৰ পৰিয়ালে হত্যা কৰিছিল । ইয়াৰ পিছতে যুৱতীগৰাকীয়ে প্ৰেমিকৰ তেজ শিৰত সানি তেওঁ সমগ্ৰ জীৱন সক্ষমৰ পৰিয়ালৰ লগত থাকিব বুলি ঘোষণা কৰে ।

যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালে এই সম্পৰ্ক মানি লোৱা নাছিল । প্ৰেমিক সক্ষম আৰু যুৱতীগৰাকী তিনিবছৰ প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহপাশত আৱদ্ধ হ’বলৈ আগবাঢ়িছিল । কিন্তু যুৱতীগৰাকীৰ পিতৃ আৰু ভাতৃদ্বয়ে এই সম্পৰ্কৰ বিৰোধিতা কৰিছিল । যুৱতীগৰাকীয়ে কয় যে সক্ষমক হত্যা কৰাৰ দিনা তেওঁৰ ভাতৃয়ে তেওঁক পুৱা থানালৈ লৈ গৈছিল যাতে সক্ষমৰ বিৰুদ্ধে ভুৱা গোচৰ ৰুজু কৰিব পৰা যায় । কিন্তু যুৱতীগৰাকীয়ে তেনে কৰিবলৈ অস্বীকাৰ কৰিছিল ।

লগতে যুৱতীগৰাকীয়ে দাবী কৰে যে আৰক্ষীয়ে তেওঁৰ ভাতৃক কৈছিল যে যদি ইমান সমস্যা হৈছে তেন্তে প্ৰথমে তেওঁক হত্যা কৰি আহক । ইয়াৰ পিছত তেওঁৰ ভাতৃয়ে ইয়াক প্ৰত্যাহ্বান বুলি গণ্য কৰে । সন্ধিয়া প্ৰায় ৫:৩০ বজাত যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে অঞ্চলটোত সক্ষমক প্ৰত্যক্ষ কৰি আক্ৰমণ কৰে ।

অভিযোগ অনুসৰি প্ৰথমে গুলীচালনা কৰি তাৰ পিছত ডাঙৰ শিলেৰে আঘাত কৰি যুৱকজনক আক্ৰমণ কৰা হয় । ফলত থিতাতে যুৱকজনৰ মৃত্যু হয় । গোচৰৰ গুৰুত্ব বিবেচনা কৰি আৰক্ষীয়ে ১২ ঘণ্টাৰ ভিতৰতে যুৱতীগৰাকীৰ পিতৃ, দুই ভাতৃকে ধৰি ৮ জন লোকক গ্ৰেপ্তাৰ কৰে ।

যুৱতীগৰাকীয়ে কয় যে তেওঁৰ পৰিয়ালে সদায়ে তেওঁৰ প্ৰেমিক সক্ষমক ভাবুকি দিছিল আৰু তেওঁৰ জাতিক লৈ অপমান কৰিছিল । তেওঁ অভিযোগ কৰে যে তেওঁৰ পৰিয়ালৰ লোকে সক্ষমক হত্যা কৰাৰ সুযোগ বিচাৰি আছিল । ইফালে এই ঘটনাৰ পিছতে পিতৃ-মাতৃ আৰু ভাতৃৰ মৃত্যুদণ্ডৰ দাবী কৰিছে যুৱতীগৰাকীয়ে ।

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ বিশেষ কোষৰ জালত ৩ সন্ত্ৰাসবাদী

‘যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব’; বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত

বিজেপি, শিৱসেনা আৰু এনচিপিৰ মাজত ঐকমত

মহাৰাষ্ট্ৰৰ মহাগঠবন্ধনৰ তিনিটা দলে এটা ডাঙৰ সিদ্ধান্ত লৈছে।ভাৰতীয় জনতা পাৰ্টি, শিৱসেনা আৰু এন চি পিয়ে মিলি মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে,যাৰ অধীনত নাগৰিক নিৰ্বাচনৰ পূৰ্বে মিত্ৰজোঁটৰ তিনিটা গঠনকাৰী দলে নিজৰ মাজতে ভেঙুচালিত লিপ্ত নহ’ব।

তিনিওটা দলে সিদ্ধান্ত লৈছে যে তেওঁলোকে ইজনে সিজন কৰ্মীক নিজৰ দলত প্ৰৱেশ কৰিবলৈ নিদিয়ে।এই কথা মহাৰাষ্ট্ৰ বিজেপিৰ নিৰ্বাচনী প্ৰভাৰী তথা ৰাজহ মন্ত্ৰী চন্দ্ৰশেখৰ বাৱানকুলে কৈছে।

২ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ পৌৰসভা আৰু পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব।ইয়াত তিনিওটা দলৰ মাজত মিত্ৰতা গঠন হোৱা নাই।ভাৰতীয় জনতা পাৰ্টি, শিৱসেনা আৰু এন চি পিয়ে পৃথকে পৃথকে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।অৱশ্যে তিনিওটা দলে একেলগে জিলা পৰিষদ আৰু পৌৰ নিগমত প্ৰতিদ্বন্দ্বিতা কৰিব।

চন্দ্ৰশেখৰ বাৱানকুলেই জনাইছে যে এনে এটা সিদ্ধান্ত লোৱা হৈছে তিনিওটা দলৰ কাৰ্যকৰ্তাক বুজাবলৈ চেষ্টা কৰিব যে যিটো পাৰ্টীৰ কাৰ্যকৰ্তা য‘ত আছে তাতেই থাকিব লাগিব।

কেতিয়াবা স্থানীয় পৰ্যায়ত কথাবোৰ ভুল হয়, গতিকে আমি সকলোৱে একেলগে এই সিদ্ধান্ত লৈছো।মহাৰাষ্ট্ৰত মহাযুতি শক্তিশালী।

চন্দ্ৰশেখৰ বাৱানকুলে কয় যে সমন্বয় সমিতিয়ে ইজনে সিজনৰ দলত প্ৰৱেশ বন্ধ কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।এতিয়া তিনিওটা দলে ইজনে সিজনৰ বিষয়া-কৰ্মীক নিজ নিজ দলত প্ৰৱেশ কৰিবলৈ নিদিয়ে।

লগতে পঢ়ক: ‘ভুলতো যদি পুনৰবাৰ মুখ্যমন্ত্ৰী হও অসমত UCC বলৱৎ কৰিম’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

পিছুৱাই দিয়া হ’ল এমপিএছচি অসামৰিক সেৱাৰ পৰীক্ষা ২০২৫…

পিছুৱাই দিয়া হ’ল এমপিএছচি অসামৰিক সেৱাৰ পৰীক্ষা

মহাৰাষ্ট্ৰত হোৱা প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ বাবে ৰাজ্য খনত হ’বলগীয়া এমপিএছচি অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২৫ পিছুৱাই দিবলগীয়া হৈছে।

মহাৰাষ্ট্ৰ লোকসেৱা আয়োগে কেইবাখনো জিলাত বান সদৃশ পৰিস্থিতি আৰু ৰাজ্যৰ বতৰ বিজ্ঞান বিভাগে জাৰি কৰা বৰষুণৰ সতৰ্কবাণীৰ বাবে ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

এই সিদ্ধান্তই অসামৰিক সেৱা আৰু অন্যান্য চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক প্ৰভাৱিত কৰিব।

মহাৰাষ্ট্ৰ অসামৰিক সেৱাৰ গেজেটেড সংযুক্ত প্ৰাৰম্ভিক পৰীক্ষা ২০২৫, পূৰ্বে ২৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছিল, কিন্তু এতিয়া এই পৰীক্ষা ৯ নৱেম্বৰত অনুষ্ঠিত হ’ব।

লগতে পঢ়ক: ৯০০ গণিতজ্ঞৰ ডাঙৰ তথ্য; কোনো কাম নাই UGC ৰ নতুন গণিতৰ পাঠ্যক্ৰমৰ

পুনেত ভয়ংকৰ ঘটনা; দলং ভাঙি নৈত পৰিল ২০ জনৰো অধিক লোক

পুনেত ভাঙি নৈত পৰিল ২০ জন

পুনেৰ তালেগাওঁ অঞ্চলৰ কুণ্ডমালৰ সমীপৰ ইন্দ্ৰায়নী নদীত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰচণ্ড বৰষুণ আৰু প্ৰবল সোঁতৰ ফলত ইন্দ্ৰায়নী নদীৰ ওপৰত থকা এখন পুৰণি দলং হঠাতে ভাঙি যায়।

এই দুৰ্ঘটনাটোত প্ৰায় ১৫ৰ পৰা ২০জন লোক নদীত উটুৱাই নিয়াৰ আশংকা কৰা হৈছে। ঘটনাটোৰ ফলত ৬ জন লোকৰ মৃত্যু হৈছে।

জানিব পৰা মতে এই দলংখন কিছুদিনৰ পৰা জৰাজীৰ্ণ অৱস্থাত আছিল আৰু ইতিমধ্যে যান-বাহনৰ বাবে বন্ধ হৈ আছিল।

কিন্তু ধাৰাসাৰ বৰষুণ আৰু নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে এই দলংখনলৈ বহু লোক আহি বাঢ়ি অহা পানী চাই আছিল। সেই সময়তে ভাঙি পৰে দলঙখন।

কোৱা হৈছে যে ২-৩ মাহ আগতে এই দলংখন বন্ধ কৰি দিয়া হৈছিল।কাৰণ দলংখন অতি জৰাজীৰ্ণ অৱস্থাত আছিল।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসনৰ দলে সাহায্য আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে।NDRF ৰ সহায়ত  উদ্ধাৰ অভিযান চলোৱা হৈছে।ঘটনাস্থলীত ১৫ খন এম্বুলেন্স উপস্থিত হৈছে।

বিধায়ক সুনীল শ্বেলকে নদীত উটি যোৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে।অৱশ্যে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: ইজৰাইল-ইৰাণ যুদ্ধত শান্তিদূত হ’ব পুটিন! ট্ৰাম্পৰ সৈতে ৫০ মিনিটৰ ফোন কলত কি কি আলোচনা

মুম্বাইত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা; চলন্ত ৰে’লৰ পৰা পৰিল ১০ যাত্ৰী, ৫ জনৰ মৃত্যু

মুম্বাইত চলন্ত ৰে’লৰ পৰা পৰি ৫ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ মুম্ব্ৰা অঞ্চলত সোমবাৰে পুৱাই এক শোকাৱহ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়।চলন্ত ৰে’লৰ পৰা ১০ ৰ পৰা ১২ জন লোক ৰেলপথত পৰি যায়।যাৰ ফলত  পাঁচজন যাত্ৰীৰ মৃত্যু হয়।

চেণ্ট্ৰেল ৰেলৱেৰ মতে এই দুৰ্ঘটনাটো দিভা-কোপাৰ ৰে’লৱে ষ্টেচনৰ মাজত সংঘটিত হয়।দুৰ্ঘটনাটোৰ কাৰণ ৰে’লখনত অত্যধিক ভিৰ হোৱা বুলি সন্দেহ কৰা হৈছে।

জানিব পৰা মতে চলন্ত ৰে’লখনত অত্যধিক ভিৰ হোৱাৰ বাবে যাত্ৰীসকলে দুৱাৰত ওলমি যাত্ৰা কৰি আছিল আৰু এই সময়তে এই দুৰ্ঘটনা সংঘটিত হয়।

ৰে’ল প্ৰশাসন আৰু আৰক্ষী উপস্থিত হৈ আহতসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাটোৰ তদন্ত আৰম্ভ হৈছে। স্থানীয় সেৱাসমূহো এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।

কেন্দ্ৰীয় ৰেলৱেই জনোৱা মতে, থানেৰ মুম্বাই ৰেলৱে ষ্টেচনত চি এছ এম টি অভিমুখে গৈ থকা অৱস্থাত চলন্ত ৰে’লৰ পৰা একাংশ যাত্ৰী বাগৰি পৰে ।

ৰেলখনত অতি ভিৰ আছিল, যাৰ বাবে এই যাত্ৰীসকলে ৰেলৰ দুৱাৰত ওলমি যাত্ৰা কৰিছিল। কাছাৰালৈ যোৱা মুম্বাই ৰেলখনৰ চকীদাৰে জনোৱা মতে, মুম্বাই ষ্টেচনৰ সমীপত ৰে’লৰ পৰা ১০ ৰ পৰা ১২জন যাত্ৰী বাগৰি পৰে।নিহত লোকসকলক চিনাক্ত কৰা হৈছে। নিহত আটাইকেইজনৰ বয়স ৩০ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব।

লগতে পঢ়ক: পৰকিয়া প্ৰেম; ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক, চুপাৰী কিলাৰৰ সহযোগত হত্যা

‘১৫ হাজাৰ টকীয়া ড্ৰোণৰ বাবে নিক্ষেপ ১৫ লাখৰ মিছাইল’; অপাৰেচন সিন্দূৰক লৈ কংগ্ৰেছী বিধায়কৰ বিতৰ্কিত মন্তব্য

মহাৰাষ্ট্ৰ কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক বিজয় বাদেত্তিৱাৰে অপাৰেচন সিন্দূৰক লৈ আকৌ এবাৰ বিতৰ্কিত মন্তব্য কৰিছে। তেওঁ নাগপুৰত এটা সাক্ষাৎকাৰত কৈছে যে, চৰকাৰে অপাৰেচন সিন্দুৰত স্বচ্ছতা বজাই ৰাখিব লাগে আৰু ৰাইজক সঠিক তথ্য দিব লাগে।

বাদেত্তিৱাৰে কৈছিল যে, যদি কোনোৱে প্ৰশ্ন কৰে যে যুদ্ধখন ডাঙৰ নে সৰু হৈছিল, কিমান লোকচান হৈছিল, আমেৰিকাৰ নিৰ্দেশত মিত্ৰতা কৰা হৈছিল নেকি, তেনেহলে ইয়াত ভুল ক’ত।

তেওঁ অভিযোগ কৰে যে অপাৰেচন সিন্দূৰৰ সময়ত চীনত নিৰ্মিত ৫ হাজাৰৰ পৰা ১৫ হাজাৰ টকাৰ ড্ৰোন প্ৰেৰণ কৰা হৈছিল, যাৰ কোনো ডাঙৰ প্ৰভাৱ পৰা নাছিল।

তেওঁ লগতে কৈছিল যে, সেই ড্ৰোণ সমূহ ধ্বংস কৰিবলৈ ভাৰতে ১৫ লাখ টকীয়া মিছাইল নিক্ষেপ কৰিছিল। ইয়াক লৈ চৰকাৰে স্পষ্টিকৰণ দিব লাগে। তেওঁ লগতে কয় যে আনকি ৰাফেল বিমানো ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰ পূৰ্বেও বিধায়ক গৰাকীয়ে অপাৰেচন সিন্দূৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল। বিধায়ক বিজয় বাদেত্তিৱাৰৰ এই প্ৰশ্নত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে।   

প্ৰজননৰ বাবে ৪৫০০ কিলোমিটাৰ সাঁতুৰি শ্ৰীলংকা হৈ মহাৰাষ্ট্ৰত উপস্থিত এটা কাছ…

চলিত বৰ্ষৰ আৰম্ভণিতে মহাৰাষ্ট্ৰ বন বিভাগৰ এটা দলে ৰত্নাগিৰিৰ গুহাগৰ সমুদ্ৰ তীৰত বাহ সাজি থকা এটা অকলশৰীয়া কাছ উদ্ধাৰ কৰে । ভালদৰে পৰীক্ষা কৰি তেওঁলোকে কাছৰ সন্মুখৰ দুয়োটা ফ্লিপাৰতে দুটা চিকচিকিয়া ধাতুৰ টেগ পাইছিল । এই অলিভ ৰিডলী কাছটোক ০৩২৩৩ বুলি চিনাক্ত কৰা হয় আৰু ইয়াৰ বিষয়ে এটা কাহিনী পোহৰলৈ আহে ।

৪৫০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ যাত্ৰা-

গৱেষকসকলে জানিব পাৰিছে যে কাছটোৱে প্ৰায় ৪৫০০ কিলোমিটাৰ দীঘলীয়া আৰু কঠিন যাত্ৰা কৰিছিল । ওড়িশাৰ গহিৰমাথাৰ পৰা আৰম্ভ কৰি পূব উপকূলৰ কাষেৰে নামি শ্ৰীলংকাৰ কাষেৰে ঘূৰি উত্তৰ দিশলৈ গৈ জাফনালৈ ঘূৰাৰ পাছত পুনৰ তিৰুৱনন্তপুৰমলৈ আৰু তাৰ পিছত পশ্চিম উপকূলৰ ওপৰেৰে ওপৰলৈ উঠি অৱশেষত ৰত্নগিৰিৰ উপকূলত উপস্থিত হয় ।

কাছৰ বাহ আৰু ১২৫ টা কণী-

গুৱাগৰৰ বগা বালিৰ সমুদ্ৰ তীৰত বাহ সাজি ১২৫টা কণী পাৰে কাছটোৱে, ইয়াৰে কমেও ১০৭টা কণী ফুটিছে । ফ্লিপাৰ টেগটোৰ নম্বৰ আছিল ০৩২৩৩ আৰু ২০২১ চনৰ ১৮ মাৰ্চত ওড়িশাৰ গহিৰমাথা সামুদ্ৰিক বন্যপ্ৰাণী অভয়াৰণ্যত ভাৰতীয় জুলজিকেল চাৰ্ভে অব্ ইণ্ডিয়াই(ZSI)  ইয়াক টেগ কৰিছিল ।

প্ৰথমবাৰৰ বাবে ঘটিল এই ঘটনা-

সেই বছৰ ১২ হাজাৰ অলিভ ৰিডলী কাছৰ ভিতৰত এটা আছিল এই কাছটো, যাক ফ্লিপাৰত টেগ কৰা হৈছিল যাতে ইহঁতৰ প্ৰব্ৰজনৰ ধৰণ আৰু খাদ্য গ্ৰহণ কৰা ঠাই অনুসৰণ কৰাত সহায়ক হয় । ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান (WII)ৰ জ্যেষ্ঠ বিজ্ঞানী ড০ সুৰেশ কুমাৰে কয় যে মই কেতিয়াও ভবা নাছিলো যে কাছ পূব উপকূলৰ পৰা পশ্চিম উপকূললৈ আহিব পাৰে । যদিও এইটো বিৰল পৰিঘটনা নহ’বও পাৰে, তথাপিও এইটো হয়তো প্ৰথম লিপিবদ্ধ দৃষ্টান্ত য’ত পূব উপকূলত টেগ কৰা কাছ এটা পশ্চিম উপকূলত পোৱা গৈছে । আমি নাজানিছিলো যে এই প্ৰজাতিটোত এনে প্ৰব্ৰজন সম্ভৱপৰ ।

একনাথ চিন্দেক লৈ ধেমালি কৰি বিপদত কমেডিয়ান কুনাল কামৰা; শিৱসেনাৰ সাংসদে দিলে ধমকি

মহাৰাষ্ট্ৰত ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাৰ শ্ব’ৰ পিছতে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। কমেডিয়ানগৰাকীৰ শ্ব’ অনুষ্ঠিত হোৱা মুম্বাই হোটেলত শিৱসেনাৰ কৰ্মীসকলে হুলস্থুল কৰাৰ লগতে ভাঙি লণ্ড ভণ্ড কৰে আচবাব।

দৰাচলতে কমেডিয়ান কুনাল কামৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে য’ত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ চিন্দেক দেশদ্ৰোহী আখ্যা দিয়া দেখা গৈছে।

ইয়াৰ পিছতেই দেওবাৰে শিৱসেনাৰ কৰ্মীয়ে মুম্বাইৰ খাৰ অঞ্চলৰ এখন হোটেল ভাঙি লণ্ডভণ্ড কৰে। ষ্টেণ্ড আপ কমেডিয়ান কুনাল কামৰাৰ শ্ব’টো ইয়াত শ্বুটিং কৰা হৈছিল।

এতিয়া শিৱসেনাৰ সাংসদ নৰেশ ম্হাস্কে কুনাল কামৰাক মুকলি ভাবুকি দিছে। তেওঁ কৈছে যে কুনাল কামৰাক কেৱল মহাৰাষ্ট্ৰতে নহয়, ভাৰততো ঘূৰি ফুৰিবলৈ দিয়া নহ’ব।

থানে লোকসভাৰ সাংসদ তথা শিৱসেনাৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নৰেশ ম্হাস্কে কুনাল কামৰাক মুকলি সকীয়নী দিছে। তেওঁ কয় যে এই ভাড়াতীয়া কমেডিয়ানসকলে আমাৰ ওপৰত মন্তব্য কৰিছে, কিছু টকাৰ বিনিময়ত আমাৰ নেতাৰ ওপৰত মন্তব্য কৰিছে।

কুনাল কামৰা, এতিয়া কেৱল মহাৰাষ্ট্ৰতে নহয় ভাৰততো বিচৰণ কৰিব নোৱাৰিব। আমাৰ শিৱ সৈনিকসকলে আপোনাক আপোনাৰ স্থান দেখুৱাব।

সঞ্জয় ৰাউতৰ কি হৈছে,  বেয়া লাগিছে যে আমাৰ নেতাৰ ওপৰত মন্তব্য কৰিবলৈ আপোনাৰ ওচৰত কৰ্মীও নাই । সেইবাবেই আপুনি ভাড়াতীয়া মানুহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

সঞ্জয় ৰাউত, যদি আপোনাৰ সাহস আছে তেন্তে কিবা এটা কওক। ভাড়াতীয়া মানুহক টকা দি এইবোৰ কাম কৰিছে।”

ইফালে শিন্দে ফৈদৰ নেতা ৰাহুল কানালে কুনাল কামৰাৰ বিৰুদ্ধে মুম্বাইৰ খাৰ থানাত এজাহাৰ দাখিল কৰিছে। একনাথ শিন্দেৰ বিৰুদ্ধে কৰা মন্তব্যক লৈও শিৱ সৈনিকসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। একনাথ চিন্দেক লৈ ধেমালি কৰি বিপদত কমেডিয়ান কুনাল কামৰা; শিৱসেনাৰ সাংসদে দিলে ধমকি।

প্ৰমাণপত্ৰৰ পৰা বাছৰ টিকট বুকিংলৈ; এতিয়াৰে পৰা হোৱাটছএপতে লাভ কৰিব বহুতো সুবিধা

তাৎক্ষণিক বাৰ্তাৰ বাবে হোৱাটছএপ আটাইতকৈ বেছি ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, ইয়াক ভইচ কলিং আৰু ভিডিঅ’ কলিংৰ বাবেও বহুলভাৱে ব্যৱহাৰ কৰা হয়।

কিন্তুঅতি শীঘ্ৰেই, বাছৰ টিকট বুক কৰা আৰু প্ৰমাণপত্ৰ ডাউনলোড কৰাৰ দৰে বহুতো গুৰুত্বপূৰ্ণ কাম হোৱাটছএপৰ জৰিয়তে সম্ভৱ হ’ব।

যদি আপুনি হোৱাটছএপ ব্যৱহাৰ কৰি আছে, তেনেহলে আপোনাৰ বাবে এটা ভাল খবৰ আছে। হোৱাটছএপে লাখ লাখ ব্যৱহাৰকাৰীৰ বাবে বহুতো নতুন সুবিধা আনিবলৈ ওলাইছে।

হোৱাটছএপৰ নতুন সেৱাসমূহ মহাৰাষ্ট্ৰৰ ব্যৱহাৰকাৰীসকলৰ বাবে হ’ব। দৰাচলতে, মহাৰাষ্ট্ৰ চৰকাৰে এক নতুন পদক্ষেপ আৰম্ভ কৰিছে। ইয়াৰ বাবে, ৰাজ্য চৰকাৰে মেটাৰ সৈতে অংশীদাৰীত্ব কৰিছে।

এই অংশীদাৰিত্বৰ সৈতে, চৰকাৰে ৰাজ্যখনত হোৱাটছএপ-আধাৰিত নাগৰিক সেৱা আৰম্ভ কৰিব। চৰকাৰৰ এই পদক্ষেপে ভৱিষ্যতে ৰাজ্যখনৰ জনসাধাৰণক গুৰুত্বপূৰ্ণ সহায় আগবঢ়াব বুলি আশা কৰা হৈছে।

মন কৰিবলগীয়া যে মেটা আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ সৈতে অংশীদাৰীত্বত ৰাজ্যখনত আপল সৰকাৰ নামৰ এটা নতুন চেটবট মুকলি কৰা হ’ব।

এই চেটবটৰ সহায়ত ৰাজ্যখনৰ লাখ লাখ হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ৰাজ্যখনৰ যিকোনো ঠাইৰ পৰা চৰকাৰী সেৱাৰ বিষয়ে তথ্য প্ৰাপ্ত কৰিবলৈ সক্ষম হ’ব। এই চেটবটটো মাৰাঠী, হিন্দী আৰু ইংৰাজীকে ধৰি তিনিটা ভাষাত মুকলি কৰা হ’ব।

“আপলি চৰকাৰ” চেটবট ব্যৱহাৰকাৰী সকলে টেক্স ফৰ্মেটৰ লগতে  ভইচ ফৰ্মেট দুয়োটাতে ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব।

এই চেটবটৰ জৰিয়তে, ব্যৱহাৰকাৰীসকলে অভিযোগবোৰ সমাধান কৰিবলৈ আৰু তেওঁলোকৰ গুৰুত্বপূৰ্ণ নথিপত্ৰ ডাউনলোড কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও, এই চেটবটৰ জৰিয়তে বাছৰ টিকটও বুক কৰিব পাৰি।

“আপলি চৰকাৰ” চেটবটৰ বিষয়ে তথ্য প্ৰদান কৰাৰ সময়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছে কয় যে মুক্ত উৎস জেনেএআই প্ৰযুক্তিৰ সহায়ত ৰাজ্যখনৰ লাখ লাখ লোকৰ বাবে চৰকাৰী সেৱা উন্নত আৰু সহজ কৰাৰ বাবে চৰকাৰ সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

তেওঁলোকে কৈছিল যে মেটাৰ সৈতে অংশীদাৰী ত্বৰান্বিত কৰি ৰাজ্য চৰকাৰৰ সেৱাসমূহ ডিজিটেলভাৱে উপলব্ধ কৰাৰ দিশত কাম দ্ৰুতগতিত আগবাঢ়িছে।