পুনৰ দেশত নিৰ্ভয়া কাণ্ড; বাইদেউ বুলি মাতি বাছতে ধৰ্ষণ যুৱতীক

পুনৰ দেশত সংঘটিত হৈছে নিৰ্ভয়া কাণ্ড। এইবাৰ মহাৰাষ্ট্ৰৰ পুনেত এগৰাকী ২৬ বছৰীয়া যুৱতীক বাছৰ ভিতৰতে ধৰ্ষণ যুৱকৰ।

পুনেৰ জনবহুল স্বৰ্গেট বাছ আস্থানত ৰখাই থোৱা এখন চৰকাৰী বাছত যুৱতী গৰাকী বৰ্বৰতাৰ সন্মুখীন হ’ব লগা হৈছিল। এই ঘটনাৰ অপৰাধী হৈছে ৩৬ বছৰীয়া দত্তাত্ৰেয় ৰামদাস গাদে।

যাৰ পূৰ্বে কেইবাটাও অপৰাধমূলক ৰেকৰ্ড আছে।অভিযুক্ত দত্তাত্ৰেয় ৰামদাস গাদেৰ বিৰুদ্ধে পুনে আৰু অহিলিয়ানগৰত চুৰি, ডকাইতিৰ বাবে ৬-৭ টা গোচৰ ৰুজু কৰা হৈছে।

অৱশ্যে ২০১৯ চনৰ পৰা দত্তাত্ৰেয় ৰামদাস গাদে জামিনত আছে। ঘটনাটো পোহৰলৈ অহাৰ পিছতে প্ৰতিবাদ আৰম্ভ হৈছিল। আৰক্ষীয়েও আৰম্ভ কৰিছিল তদন্ত।

অৱশেষত মহাৰাষ্ট্ৰ আৰক্ষীয়ে পুনেৰ স্বৰ্গেট বাছ আস্থানত এগৰাকী যুৱতীক বলাৎকাৰ কৰাৰ অভিযুক্ত দত্তাত্ৰেয় গাদেক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীয়ে শুকুৰবাৰে শিৰুৰ তহচিলত এজন লোকক আটক কৰিছিল। সেই লোকজনেই অভিযুক্তজনক দত্তাত্ৰেয় গাদে বুলি চিনাক্ত কৰা হৈছে, যাক পুনে আৰক্ষীয়ে মাজনিশা পুনেৰ শিৰুৰৰ পৰা জিম্মাত লৈছিল।

একনাথ চিন্দেক প্ৰাণে মৰাৰ ভাবুকি ; উপ মুখ্যমন্ত্ৰী গৰাকীৰ বাহনক বোমা দি উৰুৱাই দিয়াৰ ধমকি

এইবাৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেক প্ৰাণে মৰাৰ ভাবুকি দিছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেক হত্যা কৰাৰ ভাবুকিৰ এটা গোচৰ ৰুজু কৰা হৈছে।

গোৰেগাঁও আৰক্ষীয়ে এজন অজ্ঞাত ব্যক্তিৰ পৰা এটাইমেইল পাইছিল।ইয়াত, একনাথ চিন্দেৰ বাহনখন বোমা দি উৰুৱাই দিয়াৰো ভাবুকি দিছে দুৰ্বৃত্তই । মন্ত্ৰালয় আৰু জে জে মাৰ্গ আৰক্ষী থানাতো একেধৰণৰ ভাবুকিপূৰ্ণ মেইল পোৱা গৈছে।

উল্লেখ্য যে একনাথ চিন্দে বৰ্তমান দিল্লীৰ ভ্ৰমণত আছে। আজি ৰামলীলী ময়দান অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল উপ মুখ্যমন্ত্ৰী গৰাকী। মেইলটো লাভ কৰাৰ পিছতেই গোৰেগাওঁ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো প্ৰাণে মৰাৰ ধমকি দিয়া হৈছিল। মুম্বাই আৰক্ষীলৈ ফোন কৰি কোনো দুৰ্বৃত্তই দিছিল প্ৰামে মৰাৰ ভাবুকি। অৱশ্যে পিছত আৰক্ষীয়ে তদন্ত কৰি জানিব পাৰে যে ফোন কৰা ব্যক্তি গৰাকী মানসিক ভাৱে বিকাৰগ্ৰস্থ আছিল।

মহাৰাষ্ট্ৰত উদ্ধৱ ঠাকৰেৰ বিৰুদ্ধে অপাৰেচন টাইগাৰ; দলটোত হ’ব পাৰে ডাঙৰ বিভাজন

উদ্ধৱ ঠাকৰেৰ নেতৃত্বত শিৱসেনাত ডাঙৰ বিভাজন হ’ব পাৰে। উদ্ধৱৰ গোটৰ কেইবাজনো বিধায়ক, সাংসদ আৰু প্ৰাক্তন বিধায়কে দল ত্যাগ কৰিব পাৰে আৰু একনাথ চিন্দেৰ শিৱসেনাৰ সৈতে হাত মিলাব পাৰে।

মহাৰাষ্ট্ৰৰ উদ্যোগ মন্ত্ৰী উদয় সামন্তই দাবী কৰিছে যে উদ্ধৱ ঠাকৰেৰ কেইবাজনো বিধায়ক, সাংসদ, প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন সাংসদ  উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেৰ সৈতে যোগাযোগত আছে। তেওঁ কৈছিল যে ‘অপাৰেচন টাইগাৰ’ ৩ মাহৰ ভিতৰত সফল হ’ব।

উদয় সাৱন্তে কৈছিল যে একনাথ চিন্দেৰ নেতৃত্বত কৰা কামে মানুহক অনুভৱ কৰাইছে যে তেওঁলোকে একনাথ চিন্দেৰ নেতৃত্বত কাম কৰা উচিত।

তেওঁলোকে দাবী কৰিছিল যে অহা তিনি মাহত উদ্ধৱ ঠাকৰেৰ দলৰ প্ৰাক্তন বিধায়কসকলে শীঘ্ৰেই উদ্ধৱ ঠাকৰেৰ নেতৃত্ব ত্যাগ কৰিব আৰু একনাথ চিন্দেৰ নেতৃত্ব গ্ৰহণ কৰিব।

একনাথ চিন্দে বিচলিত হৈছে নে নাই সেই সন্দৰ্ভত উত্তৰ দি মহাৰাষ্ট্ৰৰ উদ্যোগ মন্ত্ৰীয়ে কয় যে একনাথ চিন্দে বিচলিত হৈছে নে নাই বিশ্লেষণ কৰাৰ পৰিৱৰ্তে বিৰোধীয়ে মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা সকলৰ ওপৰত গুৰুত্ব দিয়া উচিত।

তেওঁলোকৰ অৱস্থা কি, তেওঁলোকে ভাবিব লাগে। মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰকাশ কৰিছে যে একনাথ চিন্দে মুখ্যমন্ত্ৰীৰ বৈঠকত কিয় উপস্থিত নাছিল। কংগ্ৰেছৰ মানুহে নিজকে চোৱা উচিত।

একনাথ চিন্দে বিচলিত নেকি? ইয়াৰ প্ৰত্যুত্তৰত মহাৰাষ্ট্ৰৰ উদ্যোগ মন্ত্ৰীয়ে কয় যে মুখ্যমন্ত্ৰীয়ে নিজেই প্ৰকাশ কৰিছে যে দুদিন পূৰ্বে একনাথ চিন্দে কিয় বৈঠকত উপস্থিত নাছিল, আৰু কংগ্ৰেছৰ সদস্যসকলে নিজকে চোৱা উচিত।

লাডলি বেহনা আঁচনিয়ে মহাৰাষ্ট্ৰক দেউলিয়া কৰি তুলিছে বুলি বিৰোধীৰ অভিযোগৰ উত্তৰত উদয় সাৱন্তে কয় যে মুখ্যমন্ত্ৰীৰ লাডলি বেহনা আঁচনিৰ দ্বাৰা বিৰোধী দলেক দেউলিয়া হৈছে। সেয়েহে এই অভিযোগৰ আদান-প্ৰদান আৰম্ভ হৈছে।

প্ৰসাদত বিষক্ৰিয়া; তীৰ্থযাত্ৰাৰ ভোজ খাই চিকিৎসালয়ত ভৰ্তি ৩০০ জন

মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ পৰা এক শোকাৱহ ঘটনা পোহৰলৈ আহিছে। শিৰোলি তহচিলৰ শিৱনকৱাড়ীত তীৰ্থযাত্ৰাৰ সময়ত, মহাপ্ৰসাদ সেৱন কৰাৰ পিছত প্ৰায় ৩০০ ৰ পৰা ৩৫০ জন লোকৰ বিষক্ৰিয়া হয়।

বুধবাৰে মাজনিশাৰ পৰা, গাওঁখনৰ প্ৰতিটো ঘৰৰে দুইৰ পৰা তিনিজন লোকে বমি আৰু ডায়েৰিয়া কৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছত, বুধবাৰে ইচালকৰঞ্জীৰ ইন্দিৰা গান্ধী সাধাৰণ চিকিৎসালয়ত শিশু, মহিলা, পুৰুষ আৰু বৃদ্ধসহ প্ৰায় ১০০জন লোকক চিকিৎসা কৰা হৈছে, আৰু তেওঁলোকৰ বাবে এটা পৃথক ৱাৰ্ড সৃষ্টি কৰা হৈছে।

জানিব পৰা মতে মঙলবাৰে, শিৱনকৱাড়ীত গাওঁখনৰ দেৱতা শ্ৰী কল্যাণতাই মাতা দেৱীলৈ তীৰ্থযাত্ৰা হৈছিল। তীৰ্থযাত্ৰা উপলক্ষে আবেলি এক বিশাল ভোজৰ আয়োজন কৰা হৈছিল।

গোটেই গাওঁখনে এই বিশাল ভোজ উপভোগ কৰিছিল।কিন্তু মাজনিশাৰ পিছৰে পৰা  কিছুমান লোকৰ ডায়েৰিয়া আৰু বমি আৰম্ভ হয়।

ৰাতিপুৱালৈকে, গোটেই গাওঁখনৰ লোকসকলৰ একেই অৱস্থা হোৱাত লগে লগে সকলোকে  এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

কিন্তু সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তেওঁলোকক ইচলকৰঞ্জীৰ ইন্দিৰা গান্ধী জেনেৰেল হস্পিটেলত ভৰ্তি কৰোৱা হয়।ৰোগীসকলক বৰ্তমান চিকিৎসা কৰি থকা হৈছে।  

শোকাৱহ; ২০০ ফুট দ’ খাৱৈত পৰিল যাত্ৰীবাহী বাছ, ৭ জনৰ মৃত্যু

মহাৰাষ্ট্ৰৰ নাছিক-গুজৰাট ঘাইপথত এটা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ২০০ ফুট দ’ খাৱৈত পৰিল  এখন যাত্ৰীবাহী বাছ।

দেওবাৰে পুৱা প্ৰায় ৫:৩০ বজাত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ৭ জন যাত্ৰীৰ মৃত্যু হয় আৰু আন ১৫ জন আহত হয়।

জানিব পৰা মতে বাছখন নাছিকৰ সপুতাৰা ঘাটহৈ চুৰাট অভিমুখে যাত্ৰা কৰি আছিল।বাছখনত বেছিভাগ যাত্ৰী মধ্য প্ৰদেশৰ আৰু নাছিকৰ তীৰ্থস্থানসমূহ দৰ্শন কৰিবলৈ আহিছিল।

যাত্ৰাটোৰ সময়ত এটা টাৰ্ণিঙত  বাছখন হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছতেই আৰক্ষীৰ লোক উপস্থিত হৈ বাছখনৰ পৰা যাত্ৰী সকলক উদ্ধাৰ কৰে। আহত সকলক ততাতৈয়াকৈ চিকিৎসাৱয়ত ভৰ্তি কৰোৱা হয়।  

সাৱধান! দেশত হঠাৎ নতুন ৰোগৰ প্ৰদুৰ্ভাৱ; ঘৰে ঘৰে স্বাস্থ্য বিভাগৰ  অভিযান

মহাৰাষ্ট্ৰৰ পুনেত গুইলিন-বেৰে চিণ্ড্ৰোম (জিবিএছ)ৰ বাঢ়ি অহা ঘটনাই মানুহৰ মাজত আতংকৰ সৃষ্টি কৰিছে।পুনেত, এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা ১৫০ ৰ অতিক্ৰম কৰিছে।

এই ৰোগৰফলত চোলাপুৰ জিলাত এজন লোক নিহত হৈছে। স্বাস্থ্য বিষয়াসকলৰ মতে, মহাৰাষ্ট্ৰত গুইলিন-বেৰে চিণ্ড্ৰোমৰ ফলত এইটো সম্ভৱতঃ প্ৰথম মৃত্যু।আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰো গুইলিন-বেৰে চিণ্ড্ৰোমৰ ফলত মৃত্যু হৈছে।

মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে কয় যে পুনেত গুইলিন-বেৰে চিণ্ড্ৰোমৰ মুঠ ঘটনাৰ সংখ্যা দেওবাৰে ১৫০ লৈ বৃদ্ধি পাইছে। সংক্ৰমিত ৰোগীসকলৰ ভিতৰত ৬৮ জন পুৰুষ আৰু ৩৩ গৰাকী মহিলা। ইয়াৰ ভিতৰত, ১৬ জন ৰোগী ভেণ্টিলেটৰত আছে।

গুইলিন-বেৰে চিণ্ড্ৰোম হৈছে এক ৰোগ প্ৰতিৰোধ প্ৰণালী সম্পৰ্কীয় বিৰল ৰোগ। ইয়াৰ ফলত, শৰীৰৰ অংশবোৰ হঠাতে জঠৰ হৈ পৰে আৰু পেশীবোৰ দুৰ্বল হৈ পৰে।

এই ৰোগৰ ফলত, হাত আৰু ভৰি দুৰ্বলতাৰ দৰে লক্ষণো দেখা যায়। চিকিৎসকৰ মতে, গুইলিন-বেৰে চিণ্ড্ৰোমৰ কাৰণ হৈছে সাধাৰণতে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণ। ই ৰোগীসকলৰ ৰোগ প্ৰতিৰোধ প্ৰণালী দুৰ্বল কৰে।

পুনেত, দ্ৰুত সঁহাৰি দল আৰু পৌৰ স্বাস্থ্য বিষয়াসকলে গুইলিন-বেৰে চিণ্ড্ৰোমৰ দ্বাৰা প্ৰভাৱিত সিনহাগড় ৰোডৰ এলেকাবোৰত সংক্ৰমণৰ ঘটনাবোৰ নিৰীক্ষণ কৰি আছে।বিষয়াসকলৰ মতে, এতিয়ালৈকে ২৫,৫৭৮ টা পৰিয়ালৰ জৰীপ কৰা হৈছে।

গুইলিন-বেৰে চিণ্ড্ৰোম যি স্তৰলৈ মাৰাত্মক হ’ব পাৰে সেইটো আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্টৰো এই ৰোগৰ ফলত মৃত্যু হোৱাৰ পৰা অনুমান কৰিব পাৰি।

ৰুজভেল্ট পক্ষাঘাতগ্ৰস্ত হৈছিল আৰু তেওঁৰ কঁকালৰ তলৰ অংশ কাম কৰা বন্ধ হৈ গৈছিল। প্ৰথমতে এইটো বিশ্বাস কৰা হৈছিল যে ইয়াৰ কাৰণ পলিঅ’ৰ আছিল। অৱশ্যে, পিছৰ গৱেষণাই প্ৰকাশ কৰিছিল যে তেওঁৰ মৃত্যুৰ কাৰণ আছিল গুইলিন-বেৰে চিণ্ড্ৰোম।

মহাৰাষ্ট্ৰত ‘অপাৰেচন টাইগাৰ’! থমকিব নেকি উদ্ধৱৰ সৈন্যবাহিনী ? মন্ত্ৰী উদয় সামন্তৰ ডাঙৰ দাবী

মহাৰাষ্ট্ৰত এটা ৰাজনৈতিক চৰ্চা চলি আছে। মহাৰাষ্ট্ৰৰ ৰাজনৈতিক চক্ৰত ‘অপাৰেচন টাইগাৰ’ৰ বিষয়ে আলোচনা কৰা হৈছে। কাৰণ মহাৰাষ্ট্ৰত এটা ডাঙৰ ৰাজনৈতিক আলোড়ন হ’বলৈ গৈ আছে।

মহাৰাষ্ট্ৰৰ উদ্যোগ মন্ত্ৰী উদয় সামন্তৰ দাবীৰ পিছত, সমগ্ৰ মহাৰাষ্ট্ৰত ইয়াকে লৈ চৰ্চা আৰম্ভ হৈছে। উদ্ধৱ গোট, কংগ্ৰেছৰ কেইবাজনো বিধায়ক আৰু সাংসদে শিৱসেনাত যোগদান কৰিবলৈ গৈ আছে।

উদয় সামন্তই দাবী কৰিছে যে নেতাসকলৰ সৈতে যোগদানৰ প্ৰক্ৰিয়া অতি সোনকালেই আৰম্ভ হ’ব। অৱশ্যে, এই বিষয়টোত, উদ্ধৱ গোট আৰু কংগ্ৰেছ দুয়োটাই স্পষ্টকৈ কৈছে যে কোনো বিধায়ক আৰু সাংসদ ক’লৈও যোৱা নাই।

উদয় সামন্তই আৰু কৈছিল যে যিজনে বালাচাহেবৰ বিষয়ে ভালকৈ কয় আমি তেওঁক সমৰ্থন কৰিম। কাইলৈ ৰত্নগিৰিৰ ইউবিটিৰ ৯০ শতাংশ বিষয়াই একনাথ চিন্দে চাহাবৰ নেতৃত্বক আমাৰ সৈতে কাম কৰিবলৈ গ্ৰহণ কৰিছে আৰু ৰত্নগিৰিৰ ২-৩ জন প্ৰাক্তন বিধায়কেও আমাৰ সৈতে যোগদান কৰিব। তেওঁক সন্মানীয় একনাথ চিন্দে চাহেবৰ সৈতে আলোচনা কৰা হ’ব আৰু পিছত তেওঁ আহিব।

সেনাৰ জ্যেষ্ঠ প্ৰাক্তন বিধায়ক ৰাজেন চালভিয়ে শুকুৰবাৰে ৰত্নাগিৰিৰ শিন্দে নেতৃত্বাধীন শিৱসেনাত যোগদান কৰাৰ সম্ভাৱনা আছে।

শেহতীয়াকৈ অনুষ্ঠিত বিধানসভা নিৰ্বাচনত, চালভি ৰাজাপুৰ সমষ্টিৰ পৰা শিন্দে সেনাৰ প্ৰাৰ্থী কিৰণ সামন্তৰ হাতত পৰাজিত হৈছিল।

চালভিয়ে শিৱসেনাৰ (ইউবিটি) নেতাসকলক নিৰ্বাচনৰ সময়ত তেওঁৰ বিৰুদ্ধে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

ইফালে, মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ চিন্দেয়ে শিৱসেনাক (ইউবিটি) সতৰ্ক কৰি দিয়ে যে যদি তেওঁৰ দল আৰু মহায়ুতিক সমালোচনা কৰা বন্ধ নকৰে, তেন্তে উদ্ধৱ ঠাকৰে নেতৃত্বাধীন দলটো বৰ্তমানৰ ২০ জনৰ ভিতৰত মাত্ৰ দুজন বিধায়কৰ সৈতে থাকিব।

তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণে যোৱা বছৰ বিধানসভা নিৰ্বাচনত শিৱসেনাক (ইউবিটি) উপযুক্ত প্ৰত্যুত্তৰ দিছিল আৰু এতিয়া তেওঁলোকৰ আত্মনিৰীক্ষণৰ সময় আহি পৰিছে।

মহাৰাষ্ট্ৰৰ অৰ্ডনেন্স ফেক্টৰীত ভয়ংকৰ বিস্ফোৰণ;৮ জন শ্ৰমিকৰ মৃত্যু

মহাৰাষ্ট্ৰত এক হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। ভাণ্ডাৰাৰ অৰ্ডনেন্স ফেক্টৰীত এটা ডাঙৰ বিস্ফোৰণ হৈছে। ভাণ্ডাৰা জিলাৰ জৱাহৰ নগৰত অৱস্থিত অৰ্ডনেন্স মেনুফেকচাৰিং কোম্পানীৰ চি শাখাত এই বিস্ফোৰণটো সংঘটিত হৈছিল।

এই বিস্ফোৰণত আঠজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰো সম্ভাৱনা আছে।

বিস্ফোৰণৰ বিষয়ে তথ্য পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়। ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই আহতসকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ প্ৰেৰণ কৰা হৈছে।

বিস্ফোৰণটো ভয়ংকৰ আছিল। জানিব পৰা মতে বিস্ফোৰণৰ শব্দ ৫-৭ কিলোমিটাৰ দূৰলৈকে শুনা গৈছিল। তাৰ পৰাই বিস্ফোৰণটোৰ তীব্ৰতা অনুমান কৰিব পাৰি।

বিস্ফোৰণটো চি শাখাৰ ২৩ নম্বৰৰ নিৰ্মাণত সংঘটিত হৈছিল। কোৱা হৈছে যে বিস্ফোৰণটো দিনৰ প্ৰায় ১১ বজাত সংঘটিত হৈছিল।

বহুতো শ্ৰমিকে কাম কৰি থকাৰ সময়তে বিস্ফোৰণ হৈছিল। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।৭ জন লোক আহত হোৱাৰ লগতে ৮ জন লোকৰ মৃত্যু হৈছে।মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

ট্ৰেইনত অগ্নিকাণ্ডৰ উৰাবাতৰি আৰু…কেনেকৈ সংঘটিত হ’ল জলগাঁও ৰে’ল দুৰ্ঘটনা

মহাৰাষ্ট্ৰৰ জলগাঁও জিলাত বুধবাৰে সন্ধিয়া লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছত যাত্ৰা কৰা একাংশ যাত্ৰীয়ে অগ্নিকাণ্ডৰ উৰাবাতৰি শুনি জঁপিয়াই নামি যোৱাত বিপৰীত দিশৰ পৰা অহা আন এখন ৰে’লে মহটিয়াই নিয়াত সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে । এই ঘটনাত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে । দুৰ্ঘটনাটোত নিহতসকলৰ বাবে ক্ষতিপূৰণো ঘোষণা কৰা হৈছে ।

বিষয়াসকলে জনোৱা মতে, লক্ষ্ণৌ-মুম্বাই পুষ্পক এক্সপ্ৰেছ (১২৫৩৩)ত যাত্ৰা কৰা যাত্ৰীসকলে জুইৰ আশংকাত কাষৰীয়া ট্ৰেকত খৰখেদাকৈ জঁপিয়াই পৰে আৰু বেংগালুৰু-দিল্লী কৰ্ণাটক এক্সপ্ৰেছত খুন্দা মাৰে । এই দুৰ্ঘটনাত ১৫ জনতকৈ অধিক যাত্ৰী আহত হয় ।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো ?

উত্তৰ মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ পাচোৰা চহৰৰ সমীপত মহেজী আৰু পৰ্ধাডে ষ্টেচনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা । সন্ধিয়া প্ৰায় ৪.৪৫ বজাত কোনো লোকে পুষ্পক ৰেলৰ ইমাৰ্জেন্সি চেইন টানে, তাৰ পিছতে ৰে’লখন ৰৈ যায় । অৱশ্যে ৰে’লৱে ব’ৰ্ডৰ তথ্য আৰু প্ৰচাৰ বিভাগৰ কাৰ্যবাহী সঞ্চালক দিলীপ কুমাৰে ডবাখনৰ ভিতৰত কোনো ধৰণৰ স্ফুলিংগ বা জুইৰ বাবে যাত্ৰীসকলে এলাৰ্ম দিয়াৰ আঁৰৰ কাৰণ বুলি অস্বীকাৰ কৰে ।

কি ক’লে মুখ্যমন্ত্ৰী ফাড়নৱিছে ?

চুইজাৰলেণ্ডৰ ডাভোছৰ পৰা এক ভিডিঅ’ বাৰ্তাত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছে কয়: “আমি লাভ কৰা তথ্য অনুসৰি, কোচটোত কোনো স্ফুলিংগ বা জুই দেখা হোৱা নাছিল । ৰেলখনত থকা একাংশ যাত্ৰীয়ে ভুলবশতঃ ৰেলখনৰ পৰা ধোঁৱা ওলাই অহা বুলি বিশ্বাস কৰিছিল আৰু জঁপিয়াই পৰিছিল । দুৰ্ভাগ্যবশতঃ, তেওঁলোকক আন এখন ৰেলে মহটিয়াই নিছিল ।“

মৃতকৰ পৰিয়ালৰ বাবে ক্ষতিপূৰণ ঘোষণা-

দুৰ্ঘটনাত নিহত যাত্ৰীসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে ফাড়নবিছে । ৰে’লৱে ব’ৰ্ডে পৃথকে পৃথকে মৃতকৰ পৰিয়ালক ১.৫ লাখ টকাকৈ, গুৰুতৰভাৱে আহতসকলক ৫০ হাজাৰকৈ আৰু সামান্য আঘাতপ্ৰাপ্তসকলক ৫ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰে ।

জলগাঁও জিলা তথ্য বিষয়া যুৱৰাজ পাটিলে জানিবলৈ দিয়া মতে, এই দুৰ্ঘটনাত ১৩ জন যাত্ৰীৰ মৃত্যু হোৱাৰ লগতে ১৫ জন আহত হয় । ৰে’লৱেৰ এগৰাকী বিষয়াই জনোৱা মতে, পুষ্পক এক্সপ্ৰেছ ৰেলখনে ১৫ মিনিটৰ ভিতৰতে দুৰ্ঘটনাস্থলী এৰি যোৱাৰ বিপৰীতে কৰ্ণাটক এক্সপ্ৰেছ গাড়ীখন দুৰ্ঘটনাৰ ২০ মিনিটৰ ভিতৰতে আঁতৰোৱা হয় ।

এই ঘটনাৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই-

জলগাঁৱত এই দুৰ্ঘটনাৰ আঁৰৰ কাৰণৰ তদন্ত কৰিব ৰেল সুৰক্ষা আয়ুক্তই । চি আৰ এছ (কেন্দ্ৰীয় চক্ৰ) মনোজ অৰোৰাই বৃহস্পতিবাৰে সেই স্থানত উপস্থিত হ’ব বুলি জানিবলৈ দিয়ে । ইয়াৰ পিছত ৰে’লৰ ক্ৰু, যাত্ৰী আৰু প্ৰত্যক্ষদৰ্শীৰ বক্তব্য লিপিবদ্ধ কৰা হ’ব । তেওঁ কয়, “আমি যাত্ৰী আৰু অন্যান্য প্ৰত্যক্ষদৰ্শীক মাতিম । তেওঁলোকে দুৰ্ঘটনাটোৰ বিষয়ে নিজৰ বক্তব্য দিব পাৰে ।”

শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদী আৰু ৰে’ল মন্ত্ৰীয়ে-

এই দুৰ্ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে । প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিষয়াসকলে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । গৃহমন্ত্ৰী অমিত শ্বাহে এই দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছৰ সৈতে কথা পাতিছে বুলি জানিবলৈ দিয়ে । স্থানীয় প্ৰশাসনে আহতসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে । বৰ্তমান ৱৰ্ল্ড ইক’নমিক ফ’ৰামত অংশগ্ৰহণৰ বাবে ডাভোছত উপস্থিত থকা ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে । তেওঁ ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু অন্যান্য বিষয়াৰ পৰা ঘটনাৰ সম্পূৰ্ণ বিৱৰণ লৈ আটাইকেইজন আহত লোকৰ সঠিক চিকিৎসাৰ বাবে নিৰ্দেশনা দিয়ে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথেও জলগাঁও দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।