‘২০২৫ জয়েৰে আৰম্ভ হ’ব’…দিল্লী নিৰ্বাচন সন্দৰ্ভত মহাৰাষ্ট্ৰত অমিত শ্বাহৰ ভৱিষ্যদ্বাণী

স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে দেওবাৰে (১২ জানুৱাৰী, ২০২৫) মহাৰাষ্ট্ৰৰ শিৰডীত মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক পৰ্যায়ৰ অধিৱেশনৰ আয়োজন কৰা হয় । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সভাত অংশগ্ৰহণ কৰি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে । ইয়াৰ মাজতে ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচন সন্দৰ্ভতো তেওঁ ভৱিষ্যদ্বাণী কৰে ।

বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে কয়, ‘দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ গঠন হ’বলৈ গৈ আছে । ২০২৪ চনত মহাৰাষ্ট্ৰত বৃহৎ জয়েৰে বছৰটোৰ অন্ত পৰিল আৰু ২০২৫ চনৰ নতুন বছৰটো দিল্লীত জয়েৰে আৰম্ভ হ’ব ।” অধিৱেশনৰ সময়ত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, ৰাজ্যিক সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে কৰ্মীসকলক সম্বোধন কৰে ।

ইফালে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেক আক্ৰমণ কৰি অমিত শ্বাহে বিজেপি কৰ্মীসকলক কয়, “উদ্ধৱ থাকৰেই আমাক বিশ্বাসঘাতকতা কৰিছিল আৰু আপোনালোকে (বিজেপি কৰ্মী) তেওঁক তেওঁৰ স্থান দেখুৱাইছিল ।”  ইয়াৰ সমান্তৰালকৈ শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক লক্ষ্য কৰি তেওঁ কয়, ‘মহাৰাষ্ট্ৰৰ নিৰ্বাচনত প্ৰকৃত এন চি পি আৰু প্ৰকৃত শিৱসেনাই জয়লাভ কৰিছে । ৰাজ্যবাসীয়ে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ ৰাজনীতিক সম্পূৰ্ণৰূপে নাকচ কৰিলে । বংশবাদী ৰাজনীতি আৰু শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেৰ প্ৰতাৰণাক মহাৰাষ্ট্ৰৰ জনসাধাৰণে নাকচ কৰিছে । এই নিৰ্বাচনে শৰদ পাৱাৰ আৰু উদ্ধৱ থাকৰেক তেওঁলোকৰ প্ৰকৃত স্থান দেখুৱাই দিলে ।”

‘বিৰোধী মিত্ৰতা পতনৰ পথত’

বিৰোধী মিত্ৰজোঁট ইণ্ডি ব্লকক আক্ৰমণ কৰি তেওঁ কয়, ‘ইণ্ডি মিত্ৰজোঁটৰ স্থিতি কি ?  উদ্ধৱ আৰু শিৱসেনাই পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে । দিল্লীত কি হ’ল ?  মমতা আৰু লালুৱে আক্ৰমণ কৰি থাকে । এই অহংকাৰী মিত্ৰতা ছিন্নভিন্ন হ’বলৈ আৰম্ভ কৰিছে ।” একে সময়তে মহাৰাষ্ট্ৰবাসীক প্ৰশংসা কৰি তেওঁ কয়, “মই মোৰ মৰমৰ ভগ্নীসকল আৰু কৃষকসকলক বিশেষ ধন্যবাদ জনাইছো ।”

শোকাৱহ; তীৰ্থযাত্ৰালৈ যোৱা পথতেই একেটা পৰিয়ালৰ ৪ জন নিহত

সমগ্ৰ দেশৰ লোকসকল নৱবৰ্ষ উদযাপনত নিমজ্জিত হৈ থকাৰ সময়তে মহাৰাষ্ট্ৰৰ জালনা জিলাত এটা শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাটোত চাৰিজন লোক নিহত হোৱাৰ লগতে আন দুজন আহত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ৰৈ থকা  এখন গাড়ী ট্ৰাকত খুন্দা মাৰে তীৰ্থ যাত্ৰী কঢ়িয়াই নিয়ে বাহনখনে। যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

ঘটনাটো আক্কালকোট তালুকাত সংঘটিত হৈছিল। জানিব পৰা মতে নান্দেদ জিলাৰ পৰা এখন স্ক’ৰপিঅ বাহনত তীৰ্থযাত্ৰী দলটোৱে গংগাপুৰলৈ গৈ আছিল।

ঘন কুঁৱলীৰ ফলত স্ক’ৰপিঅ বাহনখনে পথৰ দাঁতিত ৰৈ থকা ট্ৰাকখনত খুন্দা মাৰে। যাৰ ফলত একেটা পৰিয়ালৰে দুজন পুৰুষ আৰু দুগৰাকী মহিলাৰ মৃত্যু হয়।ঘটনাটোৰ পিছত আক্কালকোট আৰক্ষী দুৰ্ঘটনাস্থলীলৈ গৈ আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰাই।  

নৃশংষ ; তৃতীয়বাৰ কন্যা সন্তান জন্ম হোৱাৰ বাবেই জীৱন্তে জ্বলাই দিলে পত্নীক

মহাৰাষ্ট্ৰৰ পাৰভানি জিলাত এক জঘন্য ঘটনা সংঘটিত হৈছে। কন্যা সন্তান জন্ম দিয়াৰ বাবে এজন স্বামীয়ে জীৱন্তে জ্বলাই দিলে পত্নীক। ঘৰত কোনো ল’ৰা নাছিল। পুনৰ বাৰ কন্যা সন্তান জন্ম হোৱাত ক্ষুব্ধ হৈ স্বামীয়ে তেওঁৰ পত্নীক জীৱন্তে জ্বলাই দিলে।

আৰক্ষীয়ে জনোৱা অনুসৰি, পাৰভানি জিলাৰ বাসিন্দা কুণ্ডালিক উত্তম কালেয়ে তেওঁৰ পত্নী মাইনা কুণ্ডলিক দেহৰ পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই দিছিল।দৰাচলতে স্বামী কুণ্ডালিক উত্তম কালেক এটি পুত্ৰ সন্তানৰ প্ৰয়োজন আছিল।

দুয়োৰে ইতিমধ্যে দুগৰাকী কন্যা সন্তান আছিল। এইবাৰো পত্নী মাইনা কুণ্ডলিয়ে এটি কন্যা সন্তান জন্ম দিয়াৰ বাবেই খং উঠিছিল স্বামীৰ।

যাৰ বাবে দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল। আৰু এই কাজিয়াই ইমানেই ভয়ংকৰ ৰূপ লয় যে ঘৰৰ সন্মুখতে হত্যা কৰিলে পত্নীক। ঘটনাটোৰ পিছতেই

মৃত মহিলাগৰাকীৰ ভগ্নী ভাগ্যশ্ৰীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। দাখিল কৰা অভিযোগত, কোৱা হৈছিল যে পুত্ৰ নোহোৱাৰ বাবে মহিলাগৰাকীক প্ৰতিদিনে তেওঁৰ স্বামীয়ে অত্যাচাৰ কৰিছিল।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত এই ঘটনাটো সংঘটিত হৈছিল।ঘটনাক লৈ আৰক্ষীয়ে তদন্ত কৰি পাষাণ স্বামীক গ্ৰেপ্তাৰ কৰিছে।   

শোকাৱহ ;দ’ খাৱৈত পৰিল বিবাহযাত্ৰীৰ বাহন; একেটা পৰিয়ালৰ ৫ জনৰ মৃত্যু

শুক্ৰবাৰে মহাৰাষ্ট্ৰৰ পুনেত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে।পুৱা ৯:৩০ বজাৰ পৰা ১০:০০ বজাৰ ভিতৰত বিবাহৰ অতিথিৰে ভৰ্তি এখন বাছ খাৱৈত পৰি যায়।

বাছখনত প্ৰায় ৪০ জন যাত্ৰী আছিল, যাৰ ভিতৰত পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ২৭ তকৈও অধিক লোক জন গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোৱা গৈছে। ঘটনাটো পুনেৰ তামহানি ঘাটৰ ওচৰত সংঘটিত হৈছিল।

জানিব পৰা মতে চাকানৰ পৰা মাহাদলৈ বিয়াৰ বাবে যাত্ৰা কৰোঁতে বাছখনে এটা টাৰ্ণিঙত নিয়ন্ত্ৰণ হেৰুৱাইছিল, যাৰ ফলত বাছখন এফালে হেলনীয়া হৈ পথৰ কাষতে থকা এটা দ’ খাৱৈত পৰি গৈছিল।

যাদৱ নামৰ এজন বক্ত্যিৰ পৰিয়ালৰ সদস্যসকল এই বাছখনত আছিল।মৃতসকলৰ ভিতৰত, ২ জন পুৰুষ আৰু ৩ গৰাকী মহিলাসহ মুঠ ৫ জন লোক আছে।

ইফালে, উদ্ধাৰকাৰী দল আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ২৭ জন ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ উদ্ধৱ থাকৰেৰ, উপস্থিত আদিত্য থাকৰেও

শিৱসেনা (UBT)ৰ মুৰব্বী উদ্ধৱ থাকৰেই মঙলবাৰে নাগপুৰৰ বিধান ভৱনত থকা কক্ষত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছক সাক্ষাৎ কৰে । এই বৈঠকত উদ্ধৱ থাকৰেৰ সৈতে শিৱসেনাৰ (ইউ বি টি)ৰ বিধায়ক আদিত্য থাকৰে, অনিল পৰব আৰু বৰুণ সৰদেশাই উপস্থিত থাকে । উল্লেখ্য যে উদ্ধৱ থাকৰেই ৰাজ্যিক বিধানসভাৰ চলি থকা শীতকালীন অধিৱেশনত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে নাগপুৰত উপস্থিত হয় । য’ত তেওঁ সন্ধিয়া শিৱসেনা (ইউ বি টি) বিধানসভা দলৰ বৈঠকতো অংশগ্ৰহণ কৰিব ।

ফাড়নৱিছক সাক্ষাতৰ পিছত কি ক’লে আদিত্যই-

শিৱসেনাৰ নেতা আদিত্য থাকৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ কৰি কয় আজি আমাৰ দলৰ মুৰব্বী উদ্ধৱ থাকৰে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছ আৰু বিধানসভাৰ অধ্যক্ষ ৰাহুল নাৰ্ভেকাৰক সাক্ষাৎ কৰে । এয়া এটা পদক্ষেপ আগবাঢ়িছে ।

তেওঁ কয় যে মহাৰাষ্ট্ৰ চৰকাৰৰ হৈ কাম কৰাৰ সময়ত দুয়ো (শাসক দল আৰু বিৰোধীয়ে) ৰাজনৈতিক পৰিপক্কতা দেখুৱাই দেশ আৰু ৰাজ্যৰ স্বাৰ্থত একেলগে কাম কৰিব লাগে । ইয়াৰ সমান্তৰালকৈ আদিত্য থাকৰেই কয় যে বৈঠকৰ সময়ত বিৰোধী দলৰ নেতাৰ পদৰ ওপৰত কোনো আলোচনা হোৱা নাছিল ।

উল্লেখ্য যে ২০ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত মহা বিকাশ আঘাড়ীৰ তিনিটা দলে ১০ শতাংশ আসন লাভ কৰিব নোৱাৰাৰ বাবে ১৫ সংখ্যক বিধানসভাত বিৰোধীৰ কোনো নেতা নাই । শিৱসেনাই (ইউ বি টি) ২০, কংগ্ৰেছে ১৬ আৰু এন চি পি (এছ পি) ১০ খন আসন লাভ কৰে । উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনত বিজেপি, শিৱসেনা আৰু এন চি পিৰ মহাযুটী মিত্ৰজোঁটে ২৮৮খন আসনৰ ভিতৰত ২৩০খন আসন লাভ কৰাৰ বিপৰীতে বিৰোধী দল মহা বিকাশ আঘাড়ী মাত্ৰ ৪৬খন আসনত সীমাবদ্ধ আছিল ।

উদ্ধৱৰ আক্ৰমণ-

ইয়াৰ পূৰ্বে নাগপুৰ পোৱাৰ লগে লগে উদ্ধৱ থাকৰেই মহাৰাষ্ট্ৰ চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ কৰে । সাংবাদিকৰ সৈতে বাৰ্তালাপৰ সময়ত তেওঁ ৰাজ্য চৰকাৰৰ পৰা ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়ক কাৰ্যকৰী কৰাৰ পূৰ্বে এক স্বচ্ছ নিৰ্বাচনী প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ দাবী জনায় । তেওঁ আৰু কয় যে নিৰ্বাচন আয়ুক্তৰ বাছনিও নিৰ্বাচনৰ জৰিয়তে কৰিব লাগে । অৱশ্যে এই কাম কেনেকৈ কৰিব পাৰি সেই বিষয়ে তেওঁ উল্লেখ কৰা নাছিল ।

মহাৰাষ্ট্ৰত কেবিনেট সম্প্ৰসাৰণ…মুঠ ৩৯ গৰাকী মন্ত্ৰীয়ে ল’লে শপত

মহাৰাষ্ট্ৰত মহাযুটী চৰকাৰ গঠন হোৱাৰ পিছত অৱশেষত মন্ত্ৰালয় বিতৰণৰ ক্ষেত্ৰত সহমতত উপনীত হয় সকলো । দেওবাৰে নাগপুৰত আয়োজন কৰা এক কাৰ্যসূচীত কেবিনেট সম্প্ৰসাৰণ কৰা হয় । বিয়লি ৪ বজাত নাগপুৰত ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱাই । এই সময়ত মঞ্চত উপস্থিত থাকে নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, দুয়োজন উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডে আৰু অজিত পাৱাৰ ।

ইয়াৰ ভিতৰত বিজেপিৰ ১৯জন, শিৱসেনাৰ ১১জন আৰু এন চি পিৰ ৯জন বিধায়ক আছে । ৩৩ জন বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে ৬ জন বিধায়কে ৰাজ্য মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । এতিয়া ফাড়নৱিছ কেবিনেটত মুঠ মন্ত্ৰীৰ সংখ্যা ৪২ লৈ বৃদ্ধি পাইছে । ইয়াৰ ভিতৰত মুখ্যমন্ত্ৰী আৰু দুজন উপ মুখ্যমন্ত্ৰী আছে ।

উল্লেখ্য যে, ১৬ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ নাগপুৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত ৰাজ্যপাল পি চি ৰাধাকৃষ্ণনে নতুন মন্ত্ৰীসকলক শপত গ্ৰহণ কৰোৱাই । এই অনুষ্ঠানত ৫ ডিচেম্বৰত মুম্বাইত শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ, উপ-মুখ্যমন্ত্ৰী একনাথ শিন্দে আৰু উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰো উপস্থিত থাকে ।

নতুন মন্ত্ৰী পৰিষদত ৰাজ্যিক বিজেপিৰ সভাপতি চন্দ্ৰশেখৰ বাৱনকুলে আৰু বিজেপি মুম্বাই ইউনিটৰ সভাপতি আশীষ শ্বেলাৰকো অন্তৰ্ভুক্ত কৰা হৈছে । শিৱসেনাৰ গুলাব্ৰাই পাটিল আৰু দাদা ভূছে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । সঞ্জয় ৰাঠোড়, শিৱসেনাৰ বিধায়ক উদয় সমান্ত, শম্ভুৰাজ দেশাইয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । মাৰাথৱাড়াৰ পৰা অহা সঞ্জয় শিৰছাটে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । আনহাতে মাৰাঠা সম্প্ৰদায়ৰ বিশিষ্ট নেতা প্ৰতাপ সাৰ্নাইকে ফড়নৱীছ চৰকাৰত মন্ত্ৰী হিচাপে অন্তৰ্ভূক্ত কৰা হৈছে । ভাৰত গোগাৱলে ফাড়নৱীছ চৰকাৰত মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । প্ৰকাশ অবিতকাৰ, আশীষ জয়ছোৱালে আৰু যোগেশ কদমেও মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

এন চি পিৰ জ্যেষ্ঠ নেতা হাছান মুছৰিফে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । একনাথ শিন্দে চৰকাৰতো মন্ত্ৰী হৈ আহিছে তেওঁ । ইফালে ধনঞ্জয় মুণ্ডে, দত্তত্ৰেয় ভৰ্ণে আৰু এন চি পিৰ প্ৰবীণ নেতা সুনীল তাটকাৰেৰ কন্যা অদিতি তাটকাৰে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

দেশৰ কোনকেইখন ৰাজ্য আটাইতকৈ ধনী ? জানক GDP আৰু  GSDP পৰিসংখ্যা

২০২৪ বৰ্ষটো ভাৰতীয় অৰ্থনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ আৰু সফল বছৰ হিচাপে প্ৰমাণিত হৈছে । এইবাৰ ভাৰতে ৮.২% জি ডি পি (GDP) বৃদ্ধি লাভ কৰিছে, যি চৰকাৰৰ আনুমানিক ৭.৩% বৃদ্ধিৰ হাৰৰ তুলনাত অধিক । ইয়াৰ লগে লগে ভাৰতৰ জি ডি পি ৪৭.২৪ লাখ কোটি টকা হৈছেগৈ । এই প্ৰদৰ্শনে বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ভাৰতৰ স্থান আৰু অধিক শক্তিশালী কৰি তুলিছে ।

দেশৰ আটাইতকৈ ধনী ৰাজ্য-

২৮খন ৰাজ্য, ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু এখন ৰাজধানী সামৰি লোৱা ভাৰতৰ বৈচিত্ৰ্যই ইয়াৰ অৰ্থনৈতিক শক্তিৰ সংজ্ঞা নিৰ্ধাৰণ কৰে । এই ৰাজ্যসমূহৰ কিছুমান ৰাজ্য কেৱল আঞ্চলিকভাৱে নহয়, ৰাষ্ট্ৰীয় পৰ্যায়তো অৰ্থনৈতিক উন্নয়নৰ মূল কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে । জি ডি পি আৰু জি এছ ডি পিৰ ভিত্তিত এইবাৰ মহাৰাষ্ট্ৰ, তামিলনাডু আৰু কৰ্ণাটক আটাইতকৈ ধনী ৰাজ্যৰ ভিতৰত আছিল ।

মহাৰাষ্ট্ৰৰ আটাইতকৈ ধনী ৰাজ্য-

দেশৰ অৰ্থনৈতিক ৰাজধানী হিচাপে গণ্য কৰা মহাৰাষ্ট্ৰ ২০২৪ চনত আটাইতকৈ ধনী ৰাজ্য । ইয়াৰ আনুমানিক মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) আছিল ৪২.৬৭ লাখ কোটি টকা, যি ৰাষ্ট্ৰীয় জি ডি পিৰ ১৩.৩% ।

মহাৰাষ্ট্ৰৰ অৰ্থনৈতিক শক্তিৰ এক বৃহৎ অংশ ইয়াৰ বিত্তীয় সেৱা, উদ্যোগ আৰু চলচ্চিত্ৰ উদ্যোগৰ পৰাই আহে । ৰাজ্যখনৰ ৰাজধানী মুম্বাইত ৰাষ্ট্ৰীয় ষ্টক এক্সচেঞ্জ আৰু বম্বে ষ্টক এক্সচেঞ্জৰ দৰে বিত্তীয় প্ৰতিষ্ঠান আছে । ৰিলায়েন্স আৰু টাটাৰ দৰে কোম্পানীৰ মুখ্য কাৰ্যালয়েও ইয়াক আন ৰাজ্যতকৈ পৃথক কৰি তুলিছে ।

দ্বিতীয় স্থানত তামিলনাডু-

জি এছ ডি পি ৩১.৫৫ লাখ কোটি টকাৰে দ্বিতীয় স্থানত আছে তামিলনাডু । অটোমোবাইল, বস্ত্ৰ আৰু তথ্য প্ৰযুক্তিৰ দৰে উদ্যোগৰ ইয়াৰ অৰ্থনীতিত ডাঙৰ অৱদান আছে । তামিলনাডুৰ জনমূৰি জি ডি পি ৩.৫০ লাখ টকা (২০২৩-২৪ বিত্তীয় বৰ্ষ) আছিল, যাৰ ফলত জনমূৰি আয়ৰ ক্ষেত্ৰতো তামিলনাডুৰ এখন শক্তিশালী ৰাজ্য ।

তৃতীয় স্থানত কৰ্ণাটক-

কৰ্ণাটক ২৮.০৯ লাখ কোটি টকাৰ জি এছ ডি পিৰে তৃতীয় স্থানত আছে । ৰাষ্ট্ৰীয় জি ডি পিত ইয়াৰ অৰিহণা ৮.২% । ভাৰতৰ “চিলিকন ভেলী” নামেৰে পৰিচিত বেংগালুৰু ৰাজ্যখনৰ অৰ্থনৈতিক শক্তিৰ মূল উৎস । এই ৰাজ্যখন তথ্য প্ৰযুক্তি, ষ্টাৰ্টআপ আৰু উদ্ভাৱনৰ ক্ষেত্ৰত আগৰণুৱা ।

চতুৰ্থ স্থানত গুজৰাট-

২৭.৯ লাখ কোটি টকাৰ জি এছ ডি পিৰে চতুৰ্থ স্থানত আছে গুজৰাট । ৰাষ্ট্ৰীয় জি ডি পিত ইয়াৰ অৰিহণা ৮.১% । এই ৰাজ্যখন শক্তিশালী উদ্যোগিক ভিত্তি আৰু ব্যৱসায়িক পৰিৱেশৰ বাবে বিখ্যাত । পেট্ৰ’কেমিকেল, বস্ত্ৰশিল্প, হীৰা পলিচিং আদি খণ্ডত এই ৰাজ্যখন আগশাৰীৰ ।

উত্তৰ প্ৰদেশ পঞ্চম স্থানত-

ভাৰতৰ সৰ্বাধিক জনবহুল ৰাজ্য উত্তৰ প্ৰদেশৰ জি এছ ডি পি ২৪.৯৯ লাখ কোটি টকা আৰু ৰাষ্ট্ৰীয় জি ডি পিৰ অৱদান ৮.৪%ৰে পঞ্চম স্থানত আছে । কিন্তু ৰাজ্যখনৰ জনমূৰি আয় মাত্ৰ ০.৯৬ লাখ টকা, যিটো আন শীৰ্ষ ৰাজ্যতকৈ কম ।

এই ৰাজ্যসমূহো তালিকাত আছে-

পশ্চিম বংগঃ ১৮.৮ লাখ কোটি টকা জি এছ ডি পি আৰু ৫.৬% ৰাষ্ট্ৰীয় অৱদানৰে ষষ্ঠ স্থান ।

তেলেংগানাঃ ১৬.৫ লাখ কোটি টকা জি এছ ডি পি আৰু ৪.৯% অৱদানৰে দ্ৰুতগতিত উদীয়মান ৰাজ্য, এই তালিকাত ৮ নম্বৰত আছে ।

অন্ধ্ৰ প্ৰদেশঃ ১৫.৮৯ লাখ কোটি টকা জি এছ ডি পি আৰু ৪.৭% বৰঙণিৰে অষ্টম স্থান ।

দিল্লীঃ ভাৰতৰ ৰাজধানীৰ জি এছ ডি পি ৰেকৰ্ড ১১.০৭ লাখ কোটি টকা । ই ৰাষ্ট্ৰীয় জি ডি পিত ৩.৬% অৰিহণা যোগায় ।

ভৱিষ্যতৰ সম্ভাৱনা-

এছ এণ্ড পি গ্ল’বেল মাৰ্কেট ইনটেলিজেন্সৰ তথ্য অনুসৰি ২০৩০ চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতিয়ে ৭ ট্ৰিলিয়ন ডলাৰ অতিক্ৰম কৰিব পাৰে । এই বৃদ্ধিৰ কাৰণ হ’ব পাৰে প্ৰধান ৰাজ্যসমূহৰ অৰ্থনৈতিক অৱদান আৰু ইয়াৰ মৌলিক গাঁথনি ।

মহাৰাষ্ট্ৰত এইবাৰ দপ্তৰ বিভাজনক লৈ শিন্দে-অজিতৰ বিশেষ দাবী, কি কৰিব মুখ্যমন্ত্ৰী ফাড়নৱিছে ?

দীঘলীয়া অপেক্ষাৰ পিছত, মহাৰাষ্ট্ৰত মহাযুতি চৰকাৰ গঠন কৰা হয়। দেৱেন্দ্ৰ ফাড়নৱিছ মুখ্যমন্ত্ৰীও হ’ল। একনাথ চিন্দে আৰু অজিত পাৱাৰক উপ মুখ্যমন্ত্ৰী ঘোষণা কৰা হ’ল। এতিয়া দপ্তৰ বিভাজনত বিষয়টো আবদ্ধ হৈ আছে।

ফাড়নৱিছ চৰকাৰে ৫ ডিচেম্বৰত শপত গ্ৰহণ কৰিছিল। কিন্তু শপত গ্ৰহণৰ ৬ দিনৰ পিছটো দপ্তৰবোৰ মহায়ুতি, বিজেপি, শিৱসেনা (শিন্দে গোট), এনচিপি (অজিত পাৱাৰ গোট)ৰমাজত ভাগ কৰা হোৱা নাই।

জানিব পৰা মতে শিন্দে গোটে গৃহ মন্ত্ৰালয় আৰু ৰাজহ মন্ত্ৰালয়ৰ দাবী জনাইছে।কিন্তু বিজেপিয়ে এই দুয়োটা মন্ত্ৰালয় নিজৰ লগত ৰাখিব বিচাৰে।

আনহাতে, অজিত পাৱাৰে তেওঁৰ প্ৰিয় মন্ত্ৰালয়সমূহৰ এখন তালিকাও ইতিমধ্যে দিছে। এনে পৰিস্থিতিত, মুখ্যমন্ত্ৰী ফাড়নৱিছে বুধবাৰে বিজেপি নেতৃত্বৰ সৈতে আলোচনা কৰিবলৈ দিল্লীত উপস্থিত হৈছে।

একনাথ চিন্দেয়ে যোৱা সপ্তাহত মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, যাৰ ফলত প্ৰায় দুসপ্তাহ ধৰি চলি থকা চৰ্চাৰ সমাপ্তি ঘটিছিল।

শপত গ্ৰহণৰ পূৰ্বে প্ৰশ্ন কৰা হৈছিল যে শিৱসেনাৰ নেতাজনে বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নৱিছৰ বাবে সৌহাৰ্দ্যপূৰ্ণভাৱে চকী এৰিব নেকি?

চিন্দে মুখ্যমন্ত্ৰীৰ চকী এৰিছে আৰু দেৱেন্দ্ৰ ফাড়নৱিছ চৰকাৰত উপ মুখ্যমন্ত্ৰী হোৱাৰ সিদ্ধান্ত লৈছে। অৱশ্যে, একনাথ চিন্দে মহাযুতিৰ বাবে এক নতুন উত্তেজনা আৰম্ভ কৰিব পাৰে।

বিজেপি আৰু দেৱেন্দ্ৰ ফাড়নাৱিছৰ বাবে,’কোনে কি মন্ত্ৰালয় পাব’ আৰু মহাৰাষ্ট্ৰৰ কেবিনেট গঠন কৰাটো পৰৱৰ্তী ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে। বিশেষকৈ যেতিয়া দুয়োটা মিত্ৰশক্তিয়ে সমৰ্থনৰ বিনিময়ত ডাঙৰ দপ্তৰ দাবী কৰিছে।

উদাহৰণ স্বৰূপে, শিন্দেৰ সেনা গোটে উচ্চ-প্ৰফাইল গৃহ মন্ত্ৰালয় বিচাৰিছে, যিটো পূৰ্বৰ চৰকাৰৰ সময়ত দেৱেন্দ্ৰ ফাড়নাৱিছৰ ওচৰত আছিল।  

তেওঁলোকে চৰ্ত দিছে যে মুখ্যমন্ত্ৰীৰ চকী এৰি যোৱাৰ বাবে এইটো এটা ডাঙৰ পুৰস্কাৰ হ’ব। অৱশ্যে, বিজেপিয়ে গৃহ বিভাগ ত্যাগ কৰিব বিচৰাটো সম্ভৱ নহয়।

যুক্তিটো হ’ল যে দলটোৱে অনুভৱ কৰে যে ইয়াত বহুতো প্ৰাৰ্থী আছে যিয়ে বিভাগটো কাৰ্যকৰীভাৱে চলাব পাৰে। শিৱসেনাক নগৰ উন্নয়ন, ৰাজহুৱা নিৰ্মাণ বিভাগ আৰু ৰাজহ বিভাগ দিব পাৰে।  

এফালে ফাড়নৱিছ-শিন্দে-পাৱাৰে লৈ আছিল শপত, সিফালে ভিৰৰ মাজত চোৰে লুটিলে লাখ লাখ টকা মূল্যৰ সামগ্ৰী

যোৱা ৫ ডিচেম্বৰত মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত মহাযুটী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত চোৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰে । এই ডাঙৰ অনুষ্ঠানত প্ৰায় ১২ লাখ টকাৰ সম্পত্তি চুৰি হয় । চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে সোণৰ চেইন, মোবাইল ফোন আৰু নগদ ধন । অজ্ঞাত চোৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

শিন্দে-পাৱাৰে ফাড়নৱিছৰ লগত ল’লে শপত-

এই অনুষ্ঠানটো মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দিশ নিৰ্ণয় কৰিব বুলি বিবেচনা কৰা হৈছিল । এই উপলক্ষে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বিপৰীতে শিৱসেনাৰ একনাথ শিন্দে আৰু এন চি পি নেতা অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

কটকটীয়া নিৰাপত্তাৰ মাজতো সক্ৰিয় চোৰ-

এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি উদ্যোগ, চিনেমা আৰু ৰাজনীতিৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । ইমান ডাঙৰ অনুষ্ঠানৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছিল । মুম্বাই আৰক্ষীয়ে মোতায়েন কৰিছিল ৪ হাজাৰৰো অধিক আৰক্ষীক । ইয়াৰ উপৰিও চি চি টিভি কেমেৰা আৰু অন্যান্য কাৰিকৰী ব্যৱস্থাৰ জৰিয়তেও নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল ।

তদন্ত আৰম্ভ আৰক্ষীৰ-

ইয়াৰ পিছতো দুই নম্বৰ গেটৰ পৰা ওলাই অহা ৰাইজৰ সুযোগ লৈ চোৰে চুৰি কাণ্ড সংঘটিত কৰে । আজাদ ময়দান আৰক্ষীয়ে এই বিষয়ত এফ আই আৰ ৰুজু কৰি অপৰাধ শাখাৰ বিশেষ দলে তদন্ত কৰি আছে । বিষয়াগৰাকীয়ে কয় যে চি চি টিভিৰ ফুটেজসমূহ ভালদৰে পৰীক্ষা কৰা হৈছে  আৰু অনুষ্ঠানত উপস্থিত থকা সাক্ষীসকলকো সোধা-পোছা কৰা হৈছে । অৱশ্যে এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

মহাৰাষ্ট্ৰৰ ৰাজনীতিত পৰিৱৰ্তনৰ সময়-

আৰক্ষী বিষয়াজনে কয়, “অতিমাত্ৰা ভিৰৰ বাবে এনে কাণ্ড সংঘটিত হয়, কিন্তু আমি অপৰাধীক সোনকালে ধৰিবলৈ চেষ্টা কৰিছো ।” মহাৰাষ্ট্ৰৰ ৰাজনীতিত বৃহৎ পৰিৱৰ্তন দেখা পোৱাৰ সময়ত এই ঘটনা সংঘটিত হৈছে । ক্ষমতা দখল কৰাৰ লগে লগে মহাযুটী চৰকাৰে ৰাজ্যৰ ৰাজনীতিক এক নতুন দিশ দিছে । বিজেপি, শিৱসেনা আৰু এন চি পি ফৈদৰ মিত্ৰতাই ৰাজ্যত স্থিতিশীলতা অনাৰ প্ৰতিশ্ৰুতি দিছে ।

এই শপত গ্ৰহণ অনুষ্ঠানক মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত হিচাপে বিবেচিত হৈছিল, য’ত তিনিটা বৃহৎ দলে একত্ৰিত হৈ ক্ষমতাৰ বাঘজৰী দখল কৰিছিল । কিন্তু এই সময়ছোৱাত চুৰিৰ ঘটনাই নিৰাপত্তাৰ ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্নৰ উত্থাপন কৰিছে । এই ঘটনাই বৃহৎ অনুষ্ঠানত ভিৰ ব্যৱস্থাপনা আৰু নিৰাপত্তাৰ অভাৱসমূহ উদঙাই দিছে । বিশেষজ্ঞসকলৰ মতে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ অধিক কাৰিকৰী ব্যৱস্থা আৰু কঠোৰতা আৱশ্যক ।