মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ এম ভি এৰ নেতাসকলৰ, উপাধ্যক্ষ পদৰ দাবী

মহাবিকাশ আঘাড়ীৰ নেতাসকলে দেওবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱিছক সাক্ষাৎ কৰে । তেওঁলোকে বিৰোধী মিত্ৰজোঁটৰ এটা গঠনকাৰী দলৰ পৰা উপাধ্যক্ষৰ পদ বিচাৰিছিল । মিত্ৰজোঁটে মুখ্যমন্ত্ৰী ফাড়নৱিছক কয় যে বিৰোধীয়ে বিধানসভাৰ অধ্যক্ষক বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰিবলৈ অনুমতি দিব, কিন্তু একে সময়তে তেওঁলোকে বিচাৰে যে শাসকীয় পক্ষই প্ৰট’কল মানি উপাধ্যক্ষৰ পদ দিব । পিছত এম ভি এৰ নেতাসকলে বিধানসভাত মিত্ৰতাৰ কৌশল সম্পৰ্কে আলোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত কৰে ।

শপত গ্ৰহণ অনুষ্ঠানৰ সময়ত সোণৰ চেইনকে ধৰি ১২ লাখ টকা চুৰি-

মুম্বাইৰ আজাদ ময়দান মহাযুটী চৰকাৰৰ শপতগ্ৰহণৰ সময়ত মুঠ ১২ লাখ টকাৰ সোণৰ চেইন, মোবাইল ফোন আৰু নগদ ধন চুৰি হয় । ঘটনা সন্দৰ্ভত অজ্ঞাত লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰ চেষ্টা অব্যাহত আছে । আজাদ ময়দান থানাৰ বিষয়াই এই তথ্য প্ৰদান কৰিছে ।

উল্লেখ্য যে আজাদ ময়দানত মহাযুটী চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । তেওঁৰ পিছত একনাথ শিন্দে আৰু অজিত পাৱাৰে উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৰাজনীতি আৰু চিনেমা জগতৰ বহু তাৰকা উপস্থিত থাকে ।

মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষৰ শপত গ্ৰহণ; দায়িত্ব ল’লে বিজেপিৰ বিধায়কে

ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক কালিদাস কোলাম্বকাৰে শুকুৰবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ প্ৰ’ টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ কৰে । মহাৰাষ্ট্ৰ বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ এদিন পূৰ্বে শপত গ্ৰহণ কৰে কোলাম্বকাৰে । তেওঁ ৯ বাৰ বিধায়ক হৈ ৰূপে নিৰ্বাচিত হৈছে । ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে তেওঁক শপত গ্ৰহণ কৰোৱাই ।

‘প্ৰ’ টেম অধ্যক্ষ’ হিচাপে তেওঁ ২৮৮গৰাকী নৱনিৰ্বাচিত বিধায়কক শপত বাক্য পাঠ কৰোৱাব । ইয়াৰ পিছত ৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া ১৫ সংখ্যক বিধানসভাৰ তিনিদিনীয়া বিশেষ অধিৱেশনৰ সময়ত তেওঁ বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন পৰিচালনা কৰিব । অহা ৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিধানসভাৰ অধ্যক্ষৰ নিৰ্বাচন, তাৰ পিছত দেৱেন্দ্ৰ ফাড়নৱিছৰ নেতৃত্বত গ্ৰেণ্ড এলায়েন্স চৰকাৰে আস্থা ভোট বিচাৰিব । ১৬ ডিচেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ নাগপুৰত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধান মণ্ডলৰ শীতকালীন অধিৱেশন ।

ইয়াৰ পূর্বে বৃহস্পতিবাৰে সন্ধিয়া ফাড়নৱীছে ৰাজ্যখনৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাৰ বিপৰীতে বিজেপি নেতৃত্বাধীন মহাযুটীৰ মিত্রজোঁটৰ নেতা একনাথ শিন্দে আৰু অজিত পাৱাৰে দক্ষিণ মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত এক অনুষ্ঠানত উপ-মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে । ২০ নৱেম্বৰত মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা নিৰ্বাচনত বিজেপি-শিৱসেনা-এন চি পিৰ মহাযটী মিত্ৰজোঁটে ২৮৮খন বিধানসভাৰ আসনৰ ভিতৰত ২৩০খন আসন লাভ কৰিছিল ।

উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ বাবে অনুৰোধ কৰিছে : গোগাৱলে

শিৱসেনাৰ বিধায়ক ভাৰত গোগাৱলে কয় যে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী একনাথ শিন্দেই বিজেপিৰ পৰা গৃহ বিভাগৰ দাবী জনাইছে । বিভাগৰ আৱণ্টন সন্দৰ্ভত আলোচনা চলি আছে । ৰাজ্যিক বিধানসভাৰ শীতকালীন অধিৱেশনৰ ঠিক পূৰ্বে ১১ৰ পৰা ১৬ ডিচেম্বৰৰ ভিতৰত কেবিনেট সম্প্ৰসাৰণ হোৱাৰ সম্ভাৱনা আছে । দেৱেন্দ্ৰ ফাড়নৱিছ যেতিয়া উপ-মুখ্যমন্ত্ৰী আছিল তেতিয়া তেওঁ হোম পৰ্টফলিঅ’তো আছিল । পূৰ্বৰ মহাযুটী চৰকাৰত শিৱসেনাই যি বিভাগ পাতিছিল সেই বিভাগসমূহ সলনি কৰাৰ প্ৰয়াস কৰা হৈছে । দুদিনত সম্পূৰ্ণ হ’ব দপ্তৰ আবণ্টনৰ আলোচনা ।

দেৱেন্দ্ৰ ফাড়নৱিছ, একনাথ শিণ্ডে নে অজিত পাৱাৰ…কাৰ কিমান সম্পত্তি ?

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী সন্দৰ্ভত চলি থকা উৎকণ্ঠা শেষ । আজি ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব দেৱেন্দ্ৰ ফাড়নৱিছে । আনহাতে একনাথ শিণ্ডে আৰু অজিত পাৱাৰে উপ-মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব । নিৰ্বাচনৰ ফলাফল আৰু বৃহৎ জয়ৰ পিছত মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ ১৩ দিন সময় লাগিল । মুখ্যমন্ত্ৰীৰ চকী সন্দৰ্ভত দীৰ্ঘদিনীয়া বিতৰ্ক আৰু অংকৰ অন্তত দেৱেন্দ্ৰ ফাড়নৱিছৰ নাম চূড়ান্ত হয় । তেওঁৰ লগতে শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে আৰু এন চি পিৰ অধ্যক্ষ অজিত পাৱাৰে আজি সন্ধিয়া উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । মহাৰাষ্ট্ৰৰ ৰাজনৈতিক হেভীৱেইটৰ ভিতৰত থকা এই তিনিজনৰ মৰ্যাদা সকলোৰে সন্মুখত । কিন্তু  ধন-সম্পত্তিৰ ফালৰ পৰা কোন বেছি শক্তিশালী ?

কিমান ধনী দেৱেন্দ্ৰ ফাড়নৱিছ ?

ফাড়নৱিছ দম্পতীৰ মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে নিৰ্বাচনী শপতনামা অনুসৰি দেৱেন্দ্ৰ ফাড়নৱিছৰ মুঠ সম্পত্তি প্ৰায় ৫.২ কোটি টকা । তেওঁৰ ৫৬ লাখ টকাৰ স্থাৱৰ সম্পত্তি আৰু ৪.৬ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । আনহাতে পত্নী অমৃতা ফাড়নৱিছৰ সম্পত্তিৰ পৰিমাণ ৭.৯ কোটি টকা । তেওঁৰ ৬.৯ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৯৫ লাখ টকাৰ অস্থাৱৰ সম্পত্তি আছে । অৰ্থাৎ ফাড়নৱিছ দম্পতীৰ মুঠ সম্পত্তি ১৩ কোটি টকা ।

একনাথ শিণ্ডেৰ মুঠ সম্পত্তি-

মহাৰাষ্ট্ৰত ক্ষমতা দখল কৰাৰ পিছত পূৰ্বৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ প্ৰভাৱ বেলেগ । নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৩৭,৬৮,৫৮,১৫০ টকা । বিশেষ কথাটো হ’ল যোৱা পাঁচ বছৰত তেওঁৰ ধন-সম্পত্তি তিনিগুণ বৃদ্ধি পাইছে । ২০১৯ বৰ্ষৰ নিৰ্বাচনী শপতনামা অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ আছিল ১১,৫৬,৭২,৪৬৬ টকা, যিটো পাঁচ বছৰৰ পাছত ২০২৪ চনত ৩৭ কোটি টকালৈ বৃদ্ধি পাইছে । তেওঁৰ ১,৪৪,৫৭,১৫৫ টকাৰ স্থাৱৰ সম্পত্তি আছে । তেওঁৰ পত্নীৰ ৭,৭৭,২০,৯৯৫ টকাৰ স্থাৱৰ সম্পত্তি আছে । ইয়াৰ বাহিৰেও তেওঁ সোণ আৰু মাটিত বিনিয়োগ কৰিছে ।

কিমান ধনী অজিত পাৱাৰ-

পুনৰবাৰ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হ’বলৈ ওলোৱা অজিত পাৱাৰৰ মুঠ সম্পত্তিৰ পৰিমাণ ৪৫.৩৭ কোটি টকা । তেওঁৰ ৮.২২ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৩৭.১৫ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । টয়োটা কেম্ৰী আৰু হোণ্ডা চি আৰ ভি গাড়ী, এখন ট্ৰেক্টৰ, ৰূপৰ গহনা, এফ ডি, শ্বেয়াৰ, বণ্ডত তেওঁৰ ভাল বিনিয়োগ আছে । তেওঁৰ পত্নী তথা ৰাজ্যসভাৰ সাংসদ সুনেত্ৰা পাৱাৰৰ ১৪.৫৭ কোটি টকাৰ স্থাৱৰ সম্পত্তি আৰু ৫৮.৩৯ কোটি টকাৰ অস্থাৱৰ সম্পত্তি আছে । অজিত পাৱাৰ ৰাজনীতিৰ লগতে ব্যৱসায়ৰ বিশেষজ্ঞ খেলুৱৈ । বহু কোম্পানীত তেওঁৰ অংশীদাৰিত্ব আছে ।

কোন আটাইতকৈ ধনী-

তিনিওজন নেতাৰ ভিতৰত অজিত পাৱাৰ টকাৰ ফালৰ পৰা আটাইতকৈ শক্তিশালী । একনাথ শিণ্ডে আৰু দেৱেন্দ্ৰ ফাড়নৱিছৰ তুলনাত তেওঁ আটাইতকৈ ধনী । দেৱেন্দ্ৰ ফাড়নৱিছৰ ১৩ কোটি টকাৰ সম্পত্তি থকাৰ বিপৰীতে একনাথ শিণ্ডেৰ ৩৭ কোটি টকাৰ সম্পত্তি আছে । এই দুজনৰ আগত আছে ৪৫.৩৭ কোটি টকাৰ সম্পত্তিৰে অজিত পাৱাৰ ।

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ… দেৱেন্দ্ৰ ফাড়নৱিছৰ শপত গ্ৰহণ অনুষ্ঠানৰ অতিথি তালিকাত কোন কোন ?

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে নতুন চৰকাৰ গঠনৰ বাবে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছক আমন্ত্ৰণ জনাইছে । তেওঁ বৃহস্পতিবাৰে (৫ ডিচেম্বৰ) ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । দক্ষিণ মুম্বাইৰ আজাদ ময়দানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এন চি পিৰ নেতা অজিত পাৱাৰকে ধৰি দুগৰাকী উপ-মুখ্যমন্ত্ৰীয়েও শপত গ্ৰহণ কৰিব ।

শপতগ্ৰহণৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে । নিৰাপত্তাৰ ব্যৱস্থা কটকটীয়া কৰা হৈছে । একে সময়তে অতিথিৰ তালিকা প্ৰস্তুত কৰা হৈছে । প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও ‘লাডলী বেহনা’ আঁচনিৰ ১০০০ হিতাধিকাৰীকো ফাড়নৱিছৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

৪২ হাজাৰ লোকে অংশগ্ৰহণ কৰিব-

বিজেপি নেতা প্ৰসাদ লাডে কয় যে প্ৰায় ৪২ হাজাৰ লোকে শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ কয়, ‘প্ৰধানমন্ত্ৰী মোদী, ৯ৰ পৰা দহজন কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৯গৰাকী মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ কয় যে ৪০ হাজাৰ বিজেপি সমৰ্থকৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে আৰু বিভিন্ন ধৰ্মৰ নেতাকে ধৰি ২০০০ ভি আই পিৰ বাবে সুকীয়াকৈ আসনৰ ব্যৱস্থা কৰা হৈছে ।‘

এই অতিথিসকল অনুষ্ঠানত উপস্থিত থাকিব-

-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

-কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

-বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা

-এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী/উপমুখ্যমন্ত্ৰী

-কেন্দ্ৰীয় মন্ত্ৰী

-সাধু-সন্ত

-‘লাডলী বেহনা’ আঁচনিৰ ১০০০ হিতাধিকাৰী মহিলা

-কৃষক হিতাধিকাৰী

-উদ্যোগ, মনোৰঞ্জন, শিক্ষা আৰু সাহিত্য জগতৰ সুপৰিচিত ব্যক্তি

-মহাযুটীৰ সকলো গঠনকাৰী দল – বিজেপি, শিৱসেনা আৰু এন চি পিৰ কৰ্মী

৪ হাজাৰৰো অধিক আৰক্ষীক নিয়োগ কৰা হৈছিল-

এজন বিষয়াই জনোৱা মতে, শপতগ্ৰহণৰ সময়ত নিৰাপত্তাৰ বাবে ৪ হাজাৰৰো অধিক আৰক্ষীক নিয়োগ কৰা হৈছে । বিষয়াগৰাকীয়ে কয় যে নিৰাপত্তাৰ ব্যৱস্থাৰ বাবে কমেও ৩৫০০ আৰক্ষী আৰু ৫২০জন বিষয়া নিয়োগ কৰা হৈছে ।

মহাৰাষ্ট্ৰত আজি মহাযুটী চৰকাৰৰ শপত গ্ৰহণ, মুখ্যমন্ত্ৰী হিচাবে শপত ল’ব দেবেন্দ্ৰ ফাড়নৱিছে

মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে । আজি ৫ ডিচেম্বৰ, ২০২৪ তাৰিখে দেৱেন্দ্ৰ ফাড়নৱিছে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । মুম্বাইৰ ঐতিহাসিক আজাদ ময়দানত অনুষ্ঠিত হ’ব শপতগ্ৰহণ অনুষ্ঠান, য’ত ইতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তাৰ ব্যৱস্থা ।

মহাৰাষ্ট্ৰৰ ২১ সংখ্যক মুখ্যমন্ত্ৰী হিচাবে আজি শপত ল’ব দেৱেন্দ্ৰ ফাড়নৱিছে । বাছ ষ্টপেজ আৰু থিয়েটাৰকে ধৰি বিভিন্ন ৰাজহুৱা স্থানত লাইভ সম্প্ৰচাৰ কৰা হ’ব শপত গ্ৰহণ অনুষ্ঠানৰ । এই স্থানসমূহত ইতিমধ্যে এল ই ডি স্ক্ৰীণ স্থাপন কৰা হৈছে । এই কার্যসূচীত মহাযুটী মিত্রজোঁটৰ কেইবাহাজাৰ কাৰ্যকৰ্তা আৰু সমর্থকে অংশগ্রহণ কৰাৰ সম্ভাৱনা আছে ৷

উল্লেখ্য যে, তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰ্ৰৰ মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰিব ফাড়নৱিছে । সন্ধিয়া ৫.৩০ বজাত মুম্বাইৰ আজাদ ময়দানত শপত গ্ৰহণ কৰিব তেওঁ । ফাড়নৱিছৰ লগতে অজিত পাৱাৰেও উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । একনাথ শ্বিণ্ডেই উপ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব পাৰে যদিও এতিয়ালৈকে এই বিষয়ে স্পষ্ট হোৱা নাই । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ।

আজাদ ময়দানত কটকটীয়া নিৰাপত্তা-

শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি সকলো ভি আই পি আৰু ১৫খন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ আগমনৰ বাবে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । আজাদ ময়দানৰ আশে-পাশে থকা অঞ্চলত ড্ৰ’নৰ দৰে বস্তু নিষিদ্ধ কৰা হৈছে । কেৱল এয়াই নহয়, আজাদ ময়দানত আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত কেৱল নিৰ্ধাৰিত পাছৰ জৰিয়তেহে প্ৰৱেশৰ অনুমতি দিয়া হ’ব । ইয়াৰ সমান্তৰালকৈ যাতায়তৰ দিশটো কিছু নিষেধাজ্ঞা কাৰ্যকৰী কৰা হৈছে । মুম্বাই আৰক্ষীয়ে শপতগ্ৰহণৰ বাবে অহা লোকসকলক ৰাজহুৱা পৰিবহণেৰে আহিবলৈ অনুৰোধ জনাইছে যাতে পাৰ্কিঙৰ কোনো সমস্যা নহয় । ইয়াৰ পিছত বন্ধ কৰি দিয়া হৈছে কিছুমান ডাঙৰ ডাঙৰ পথ । যাত্ৰীসকলৰ বাবে বিকল্প পথৰ ব্যৱস্থা কৰিছে যান-বাহন আৰক্ষীয়ে ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত দেৱেন্দ্ৰ ফাড়নৱিছৰ প্ৰথম প্ৰতিক্ৰিয়া, দিলে এই শ্লোগান

বিজেপি বিধায়িনী দলৰ বৈঠকত নেতা নিৰ্বাচিত হোৱাৰ পিছতে বিধায়কসকলক সম্বোধন কৰে দেৱেন্দ্ৰ ফাড়নবৱিছে । এই সময়ছোৱাত তেওঁ পৰ্যবেক্ষক নিৰ্মলা সীতাৰমণ, বিজয় ৰূপানীকে ধৰি দলৰ বিধায়কসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে । লগতে বিজেপি হাইকমাণ্ডলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । নিৰ্বাচনৰ সময়ত দিয়া শ্লোগান পুনৰবাৰ উল্লেখ কৰি ফড়নৱিছে কয় যে এক থাকিলে নিৰাপদ আৰু মোদী থাকিলে সকলো সম্ভৱ ।

ডাঙৰ লক্ষ্যৰ দিশে আগবাঢ়িছেঃ দেৱেন্দ্ৰ ফাড়নৱিছ

দেৱেন্দ্ৰ ফাড়নৱিছে কয় যে বৃহৎ জনাদেশৰ পিছত আমাৰ ওপৰত এক বৃহৎ দায়িত্ব আছে । আমি জনসাধাৰণৰ বাবে অবিৰতভাৱে কাম কৰি থাকিব লাগিব । আমি ৰাজনীতিত এটা ডাঙৰ লক্ষ্যৰ ৰাখিছো । মোক মুখ্যমন্ত্ৰী বনোৱাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ । প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত এখন নতুন ভাৰত নিৰ্মাণ কৰা হৈছে ।

যি প্ৰতিশ্ৰুতি দিছিলো পূৰণ কৰিম : দেৱেন্দ্ৰ ফাড়নৱিছ

ফাড়নৱিছে কয় যে এইটো এনে এক আদেশ যিয়ে আমাক দায়িত্বশীল অনুভৱ কৰায় । আমি দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাটোৱেই আমাৰ দায়িত্ব নহয়, ৰাজ্যখনক আগুৱাই নিয়াৰ বাবেও আমি কঠোৰ পৰিশ্ৰম কৰিব লাগিব । উল্লেখ্য যে দেৱেন্দ্ৰ ফাড়নৱিছে তৃতীয়বাৰৰ বাবে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’বলৈ গৈ আছে । বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত তেওঁ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ।

এই নেতাসকলে প্ৰস্তাৱক সমৰ্থন কৰে-

উল্লেখ্য যে বৃহস্পতিবাৰে বিজেপিৰ জ্যেষ্ঠ নেতা দেৱেন্দ্ৰ ফাড়নৱিছে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । বুধবাৰে অনুষ্ঠিত হোৱা বিধায়িনী দলৰ বৈঠকত তেওঁ নেতা নিৰ্বাচিত হয় । চন্দ্ৰকান্ত পাটিলে দেৱেন্দ্ৰ ফাড়নৱিছৰ নাম প্ৰস্তাৱ কৰিছিল । দ্বিতীয়টো প্ৰস্তাৱ উত্থাপন কৰে সুধিৰ মুংগনতিৱাৰে । ইয়াৰ পিছত পংকজা মুণ্ডে, প্ৰবীণ দাৰেকৰ, ৰবীন্দ্ৰ চাৱন, সঞ্জয় কুন্তে, প্ৰাক্তন মন্ত্ৰী বিধায়ক অশোক উইকে, মেঘনা বৰ্দিকাৰ, যোগেশ সাগৰ, সম্ভাজী পাটিল নীলাংগেকাৰ, গোপিচান্দ পদলকাৰ, আশীষ শেলাৰে প্ৰস্তাৱৰ সমৰ্থন কৰে ।

উকণ্ঠাৰ অন্তঃ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব দেৱেন্দ্ৰ ফাড়নৱিছ

বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নৱিছ হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী । বুধবাৰে অনুষ্ঠিত মহাযুটীৰ বৈঠকত পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাবে দেৱেন্দ্ৰ ফাড়নৱিছৰ নামত লাগিল মোহৰ । বিজেপিৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচিত হৈছে ফাড়নৱিছ । মহাযুটীৰ এই বৈঠকত একনাথ শিণ্ডে আৰু অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে ।

এই সিদ্ধান্তৰ পিছত, দেৱেন্দ্ৰ ফাড়নৱিছে এতিয়া সমৰ্থক আৰু বিধায়কসকলৰ নাম লৈ মহাৰাষ্ট্ৰৰ ৰাজ্যপালক সাক্ষাৎ কৰিব আৰু চৰকাৰ গঠনৰ দাবী কৰিব । মহাযুটীৰ নেতাসকল আজি বিয়লি ৩.৩০ বজাত ৰাজভৱনলৈ যাব । ৫ ডিচেম্বৰত মহাৰাষ্ট্ৰৰ আজাদ ময়দানত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । অনুষ্ঠানটোত বিজেপিৰ কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকিব ।

বিধানসভা নিৰ্বাচনত বিজেপিয়ে যিদৰে আসন লাভ কৰিছিল, বিশ্বাস কৰা হৈছিল যে পৰৱৰ্তী মুখ্যমন্ত্ৰীজন বিজেপিৰেই হ’ব । নাগপুৰ দক্ষিণ পশ্চিম আসনৰ পৰা নিৰ্বাচিত হৈছে দেৱেন্দ্ৰ ফাড়নৱিছ । তেওঁ পূৰ্বেও মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । একনাথ শিণ্ডে চৰকাৰত উপ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈ থকা দেৱেন্দ্ৰ ফাড়নৱিছে ২০১৯ চনতো মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল যদিও দুদিনৰ পিছত পদত্যাগ কৰিবলগীয়া হৈছিল ।

মহাৰাষ্ট্ৰ সাজুঃ আজি শেষ হ’ব নতুন মুখ্যমন্ত্ৰীৰ অপেক্ষা, পৰ্যবেক্ষকৰ বৈঠকৰ পিছতে ঘোষণা কৰা হ’ব নাম !

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচন ২০২৪ৰ ফলাফলৰ প্ৰায় ১০ দিনৰ পাছত আজি বুধবাৰে (৪ ডিচেম্বৰ ২০২৪) শেষ হ’ব পাৰে ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰীক লৈ চলি থকা উৎকণ্ঠা । ভাৰতীয় জনতা পাৰ্টিয়ে নিযুক্তি দিয়া দুয়োজন পৰ্যবেক্ষকে আজি মুম্বাইত বিজেপি বিধায়িনী দলৰ সৈতে বৈঠকত মিলিত হ’ব । ইয়াৰ পিছত মুখ্যমন্ত্রীৰ নাম ঘোষণা হোৱাৰ সম্ভাৱনা আছে ৷

সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীৰ দৌৰত দেৱেন্দ্ৰ ফাড়নৱিছ আগশাৰীত আছে আৰু তেওঁ যে মুখ্যমন্ত্ৰী হ’ব সেয়া প্ৰায় নিশ্চিত, মাথোঁ আনুষ্ঠানিক ঘোষণাহে বাকী আছে । প্ৰতিবেদন অনুসৰি ইতিমধ্যে দলৰ জ্যেষ্ঠ নেতাসকল তেওঁৰ পক্ষত আছে । একে সময়তে এতিয়া তেওঁ শিৱসেনা শিণ্ডেৰ ফৈদৰ মুৰব্বী একনাথ শিণ্ডেকো পতিয়ন নিয়াইছে । উপ-মুখ্যমন্ত্ৰীৰ পদত সন্মতি প্ৰকাশ কৰিছে শিণ্ডেই ।

একনাথ শিণ্ডেৰ সৈতে হোৱা বৈঠকত কেইবাটাও বিষয়ত আলোচনা হয়-

উল্লেখ্য যে মহাৰাষ্ট্ৰ বিজেপিৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে দেৱেন্দ্ৰ ফাড়নৱিছে মঙলবাৰে ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক মুম্বাইস্থিত তেওঁৰ বাসগৃহত সাক্ষাৎ কৰে । ইয়াত মুখ্যমন্ত্ৰীৰ পদৰ পৰা উপ-মুখ্যমন্ত্ৰীলৈ বিতংভাৱে আলোচনা কৰা হয় । কোৱা হৈছে যে এই সময়ছোৱাত দেৱেন্দ্ৰ ফাড়নৱিছে শিণ্ডেক উপ-মুখ্যমন্ত্ৰীৰ পদৰ বাবে সন্মত কৰে, আনহাতে পূৰ্বে খবৰ ওলাইছিল যে শিণ্ডে ফাড়নৱীছৰ সৈতে এই পদ ল’বলৈ সাজু নাছিল ।

আজিৰ বিজেপিৰ বৈঠকত সকলোৰে দৃষ্টি থাকিব-

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু দলৰ হাইকমাণ্ডে বিধায়িনী দলৰ বৈঠকৰ কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিযুক্তি দিয়া গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানী দুয়োজনেই মুম্বাইত উপস্থিত হ’ব । তেওঁলোকৰ উপস্থিতিত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব আৰু বিধায়কসকলে নিজৰ নেতা নিৰ্বাচন কৰিব । ইয়াৰ উপৰিও বৈঠকত কেবিনেট সন্দৰ্ভতো আলোচনা কৰা হ’ব । পুৱা ১০ বজাৰ পৰা আৰম্ভ হ’ব বিজেপি বিধায়িনী দলৰ বৈঠক । এই বৈঠক সমাপ্ত হোৱাৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে ।

কাইলৈ ​​বিয়লি ৰাজ্যপালক সাক্ষাৎ কৰিব মহাযুটীৰ নেতাই, চৰকাৰ গঠনৰ কৰিব দাবী !

বুধবাৰে (৪ ডিচেম্বৰ) ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ সাক্ষাৎৰ সময় বিচাৰিছে মহাযুটীৰ নেতাসকলে । বিয়লি ৩.৩০ বজাত মহাযুটীৰ নেতাসকলে ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবীত উত্থাপন কৰিব । প্ৰকৃততে দুপৰীয়া ১.৩০ বজাৰ ভিতৰত বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচিত হ’ব । ইয়াৰ পিছতে চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব । বুধবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ’ব ।

মুম্বাইত উপস্থিত বিজয় ৰূপানী-

সূত্ৰ অনুসৰি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ পূৰ্বে পুৱা ১০ বজাত বিজেপিৰ মূল সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব । ইফালে, মঙলবাৰে সন্ধিয়া মহাৰাষ্ট্ৰৰ বিজেপিৰ পৰ্যবেক্ষক বিজয় ৰূপানীয়ে মুম্বাইত উপস্থিত হয় । তেওঁ কয় যে আমি পৰ্যবেক্ষক আৰু আমি নিজৰ কাম কৰি আছো । দেৱেন্দ্ৰ ফাড়নৱীছ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব নে নহয় সেই প্ৰশ্নৰ সন্দৰ্ভত তেওঁ কয় যে কাইলৈৰ বৈঠকৰ পিছত জানিব পাৰিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হ’ব ।

শিণ্ডেক সাক্ষাৎ ফাড়নবিছৰ-

ইফালে মঙলবাৰে বৰ্ষা বাংলোত ভাৰপ্ৰাপ্ত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক সাক্ষাৎ কৰে দেৱেন্দ্ৰ ফাড়নবিছে । যোৱা সপ্তাহত দিল্লীত অমিত শ্বাহৰ সৈতে হোৱা বৈঠকৰ পাছত এইখন আছিল শিণ্ডে আৰু ফাড়নৱীছৰ প্ৰথমখন বৈঠক ।

শিণ্ডে উপ মুখ্যমন্ত্ৰী হ’বনে ?

একনাথ শিণ্ডে উপ মুখ্যমন্ত্ৰী হ’ব নেকি সেই প্ৰশ্নও মহাৰাষ্ট্ৰত প্ৰচাৰিত হৈছে । এই সন্দৰ্ভত শিৱসেনাৰ নেতা ভাৰত গোগাৱালে কয় যে কোনো সমস্যা নাই । আমি তাত (আজাদ ময়দান) শিণ্ডেৰ লগত থাকিবলৈ ওলাইছো । আমি যি বিভাগ পাওঁ তাক ন্যায় দিম । তেওঁ কয়, “সিদ্ধান্ত লোৱাৰ পিছত একনাথ শিণ্ডেই শপত গ্ৰহণ কৰিব । সিদ্ধান্ত লবলৈ দিয়ক । বিজেপি বিধায়িনী দলৰ নেতাৰ নিৰ্বাচন হবলৈ দিয়ক ।”

ভাৰত গোগাৱালে কয়, “তেওঁৰ স্বাস্থ্য ভাল নহয়, গতিকে তেওঁ কাকো লগ কৰা নাছিল । আজিও তেওঁ মুখ্যমন্ত্ৰী হিচাপে কাম চম্ভালি আছে । আমাৰ বিধায়ক আৰু প্ৰাক্তন মন্ত্ৰীসকলক লগ কৰি আছে । ক্ষোভৰ প্ৰশ্ন নাই ।”