অৰুণাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা স্থানীয় নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । দুয়োখন ৰাজ্যতে বিজেপি তথা শাসকীয় মিত্ৰজোঁটে লাভ কৰিছে ঐতিহাসিক সফলতা ।
শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয়, স্থানীয় নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে । মহাৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত আকৰ্ষণীয় প্ৰদৰ্শনেৰে জয়ৰ ধাৰা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে । ইয়াৰ পাছতে এতিয়া গোৱাৰ পাল । ৰাজ্যখনত শাসকীয় বিজেপিয়ে কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব । স্থানীয় নিৰ্বাচনত দলটোৱে বিজয় উদযাপন অতি উৎসাহেৰে পালন কৰিছে, খোদ প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলক এই জয়ৰ বাবে অভিনন্দন জনাইছে ।
বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে । উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশত শাসকীয় দল বিজেপিয়ে স্থানীয় নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখে । ১৫ ডিচেম্বৰত জিলা পৰিষদ আৰু গ্ৰাম পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে । ৰাজধানী ইটানগৰ পৌৰ নিগমতো দলটোৱে ২০টা ৱাৰ্ডৰ ভিতৰত ১৪টা ৱাৰ্ডত জয়লাভ কৰি নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে । ইফালে ইটানগৰত এখনো আসন লাভ নকৰিলে বিৰোধী কংগ্ৰেছ দলে ।
অৰুণাচল প্ৰদেশত বিজেপিৰ আধিপত্য-
ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নিৰ্বাচনী ফলাফলত জিলা পৰিষদৰ ২৪৫খন আসনৰ ভিতৰত ১৭০খন আসনত বিজেপিয়ে জয়লাভ কৰে । ইয়াৰে ৫৯ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৭ খন আসনহে লাভ কৰে । একেদৰে গ্ৰাম পঞ্চায়ত নিৰ্বাচনতো গেৰুৱা দলটোৱে আধিপত্য বিস্তাৰ কৰে । বিনা প্ৰতিদ্বন্দ্বিতাৰে ৫২১১খন আসনকে ধৰি ৮২০৮খন আসনৰ ভিতৰত ৬০৮৫খন আসনত বিজেপিয়ে জয়লাভ কৰে । কংগ্ৰেছে ২১৬খন গ্ৰাম পঞ্চায়তৰ আসনত জয়লাভ কৰাৰ লগতে ১১১খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত বিজয়ৰ পিছত দল আৰু ৰাজ্যক অভিনন্দন জনাই কয়, “অৰুণাচলৰ জনসাধাৰণে সুশাসনৰ ৰাজনীতিক অদম্যভাৱে সমৰ্থন আগবঢ়াইছে । বিজেপিৰ প্ৰতি অৰুণাচলৰ জনসাধাৰণে যি স্নেহ দেখুৱাইছে তাৰ বাবে মই ধন্যবাদ জনাইছো । ইয়াৰ ফলত ৰাজ্যখনৰ ৰূপান্তৰৰ বাবে কাম কৰি যোৱাৰ সংকল্প অধিক শক্তিশালী হৈছে । লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আমাৰ সংকল্প মজবুত হৈ পৰিছে । জনসাধাৰণৰ মাজত কৰা অক্লান্ত শ্ৰমৰ বাবে বিজেপি কৰ্মীসকলকো প্ৰশংসা কৰিছোঁ ।”
প্ৰায় ৪৮ শতাংশ পাৰিষদ বিজেপিৰ-
অৰুণাচল প্ৰদেশৰ দৰেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে মহাৰাষ্ট্ৰতো সফলতা অৰ্জন কৰিছে । মহাৰাষ্ট্ৰৰ পৌৰসভা আৰু নগৰ পঞ্চায়তত শাসকীয় মহাযুতীয়ে অভিলেখ ভংগকাৰী ফলাফল লাভ কৰে । বিজেপি, শিৱসেনা আৰু জাতীয়তাবাদী কংগ্ৰেছ দলকে ধৰি মহাযুতীয়ে ৰাজ্যখনৰ ২৮৮খন পৌৰসভা আৰু নগৰ পঞ্চায়তত ২০৭টা স্থানীয় সংস্থাৰ অধ্যক্ষৰ পদ দখল কৰে । বিৰোধী দল মহা বিকাশ আঘাড়ী মাত্ৰ ৪৪খন আসনতে সীমাবদ্ধ থাকে ।
২০৭খন নগৰ পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ১১৭খন আসন, শিৱসেনাই ৫৩খন আসন আৰু এন চি পিয়ে ৩৭খন আসন লাভ কৰে । তদুপৰি পৌৰসভাৰ নিৰ্বাচনত মহাযুতীয়ে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰে । বিজেপিয়ে ৩,৩২৫খন আসন লাভ কৰে আৰু এতিয়া ৰাজ্যখনৰ প্ৰায় ৪৮% কাউন্সিলাৰ তেওঁলোকৰ হাতত আছে । প্ৰায় ৭৫% নগৰ পৰিষদৰ সভাপতি মহাযুতীৰ ।
মহাৰাষ্ট্ৰৰ বিজয়ক লৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?
মহাযুতীক বিজয়ৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “মহাৰাষ্ট্ৰ উন্নয়নৰ সৈতে দৃঢ়তাৰে থিয় দিছে । পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু মহাযুতীক আশীৰ্বাদ দিয়াৰ বাবে মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ । ইয়াৰ দ্বাৰা জনকেন্দ্ৰিক উন্নয়নৰ আমাৰ দৃষ্টিভংগীৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰতিফলিত হৈছে । আমি নবীকৃত শক্তিৰে কাম কৰি ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” লগতে তেওঁ কয় যে, “তৃণমূল পৰ্যায়ত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে বিজেপি আৰু মহাযুতী কৰ্মীসকলক মই প্ৰশংসা কৰিছো ।”
লগতে পঢ়ক : মমতাৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপত হুমায়ুন কবীৰ… গঠন কৰিলে নতুন ৰাজনৈতিক দল









