দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগত উৰিল ত্ৰিৰংগা, ইতিহাস সৃষ্টি কৰিলে অৰুণাচলৰ কন্যাই

নিজৰ সাহস আৰু দৃঢ়তাৰে বলত ১ ফেব্ৰুৱাৰীত দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চত সফলতাৰে আৰোহণ কৰি ইতিহাস সৃষ্টি কৰে অৰুণাচলৰ কাবাক ইয়ানোৱে ।

অৰুণাচল প্ৰদেশৰ পৰ্বতাৰোহী কাবাক ইয়ানোৱে নিজৰ সাহস আৰু দৃঢ়তাৰে বলত ১ ফেব্ৰুৱাৰীত দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট একনকাগুয়া (আৰ্জেন্টিনা)ত সফলতাৰে আৰোহণ কৰি ইতিহাস ৰচনা কৰে । ২২,৮৩১ ফুট উচ্চতাৰ এই পৰ্বতটোক পশ্চিম গোলাৰ্ধৰ সৰ্বোচ্চ শৃংগ হিচাপে জনা যায় আৰু অভিজ্ঞ পৰ্বতাৰোহীৰ বাবেও ই যথেষ্ঠ প্ৰত্যাহ্বানমূলক ।

এই ঐতিহাসিক সাফল্যৰ বাবে ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল কে টি পাৰ্নাইকে কাবাক ইয়ানোক অভিনন্দন জ্ঞাপন কৰে । তেওঁ কয় যে এই সফলতা অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলৰ বাবে প্ৰেৰণাৰ উৎস আৰু অনুশাসন, আত্মবিশ্বাস আৰু নিৰন্তৰ প্ৰচেষ্টাৰে কঠিন লক্ষ্যতো উপনীত হ’ব পৰা যায় ।

কাবাক ইয়ানোৰ এই অভিযান ‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ৰ অংশ, য’ত বিশ্বৰ সাতখন মহাদেশৰ সৰ্বোচ্চ শৃংগ আৰোহণ অন্তৰ্ভূক্ত আছে । ইয়াৰ পূৰ্বে তেওঁ ২০২৫ চনৰ ৪ আগষ্টত আফ্ৰিকাৰ মাউণ্ট কিলিমাঞ্জাৰো আৰু ২০২৫ চনৰ ১৬ আগষ্টত ইউৰোপৰ মাউণ্ট এলব্ৰাছত সফলতাৰে আৰোহণ কৰিছিল । কাবাক ইয়ানোৰ এই সাফল্যই অৰুণাচল প্ৰদেশৰ যুৱক-যুৱতীসকলক ক্ৰীড়া, দুঃসাহসিক অভিযান, পৰ্বতাৰোহণৰ বাবে অনুপ্ৰাণিত কৰিব বুলি কয় । লগতে যুৱক-যুৱতীসকলৰ মাজত ক্ৰীড়া আৰু দুঃসাহসিক ক্ৰীড়াৰ প্ৰসাৰৰ বাবে প্ৰশাসনৰ দায়বদ্ধতাক পুনৰ উল্লেখ কৰে ।

উল্লেখযোগ্য যে ২০২৫ চনৰ ২৮ জুলাইত ৰাজ্যপালগৰাকীয়ে ইটানগৰৰ লোকভৱনৰ পৰা কাবাক ইয়ানোৰ ‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ক আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰিছিল । এই অনুষ্ঠানত ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কেণ্টো জিনিও উপস্থিত আছিল ।

‘৭-ছামিট মাউণ্টেইনিং এক্সপেডিচন’ত এছিয়াৰ মাউণ্ট এভাৰেষ্ট, দক্ষিণ আমেৰিকাৰ একনকাগুয়া, উত্তৰ আমেৰিকাৰ ডেনালি, আফ্ৰিকাৰ কিলিমাঞ্জাৰো, ইউৰোপৰ এলব্ৰাছ, এন্টাৰ্কটিকাৰ ভিনছন মেছিফ আৰু অ’চেনিয়াৰ পাঞ্চক জয়া বা মাউণ্ট কচচিউস্কো আৰোহণ অন্তৰ্ভূক্ত আছে । এই বিৰল কৃতিত্ব এতিয়ালৈকে নিৰ্বাচিত কেইগৰাকীমান পৰ্বতাৰোহীয়েহে লাভ কৰিছে ।

লগতে পঢ়ক : উত্তৰ-পূবৰ বাবে চৰকাৰৰ বৃহৎ পৰিকল্পনা… ‘চিকেন নেক’ত চলিব ভূগৰ্ভস্থ ৰে’ল

স্থানীয় নিৰ্বাচনঃ অৰুণাচল আৰু মহাৰাষ্ট্ৰত বিজেপিৰ আধিপত্য, এইবাৰ গোৱাৰ পাল…

অৰুণাচল প্ৰদেশ আৰু মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা স্থানীয় নিৰ্বাচনত বিজেপিয়ে পুনৰবাৰ নিজৰ শক্তি প্ৰদৰ্শন কৰিছে । দুয়োখন ৰাজ্যতে বিজেপি তথা শাসকীয় মিত্ৰজোঁটে লাভ কৰিছে ঐতিহাসিক সফলতা ।

শাসকীয় ভাৰতীয় জনতা পাৰ্টিয়ে কেৱল বিধানসভা নিৰ্বাচনতে নহয়, স্থানীয় নিৰ্বাচনতো শক্তিশালী প্ৰদৰ্শন অব্যাহত ৰাখিছে । মহাৰাষ্ট্ৰ আৰু অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত আকৰ্ষণীয় প্ৰদৰ্শনেৰে জয়ৰ ধাৰা অব্যাহত ৰাখিছে গেৰুৱা দলটোৱে । ইয়াৰ পাছতে এতিয়া গোৱাৰ পাল । ৰাজ্যখনত শাসকীয় বিজেপিয়ে কেনে প্ৰদৰ্শন কৰে সেয়া লক্ষণীয় হ’ব । স্থানীয় নিৰ্বাচনত দলটোৱে বিজয় উদযাপন অতি উৎসাহেৰে পালন কৰিছে, খোদ প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলক এই জয়ৰ বাবে অভিনন্দন জনাইছে ।

বৰ্তমান দেশৰ কেইবাখনো ৰাজ্যত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হৈ আছে । উত্তৰ-পূবৰ ৰাজ্য অৰুণাচল প্ৰদেশত শাসকীয় দল বিজেপিয়ে স্থানীয় নিৰ্বাচনত ঐতিহাসিক বিজয় সাব্যস্ত কৰি নিজৰ স্থিতি অক্ষুণ্ণ ৰাখে । ১৫ ডিচেম্বৰত জিলা পৰিষদ আৰু গ্ৰাম পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে । ৰাজধানী ইটানগৰ পৌৰ নিগমতো দলটোৱে ২০টা ৱাৰ্ডৰ ভিতৰত ১৪টা ৱাৰ্ডত জয়লাভ কৰি নিৰ্ণায়ক বিজয় সাব্যস্ত কৰে । ইফালে ইটানগৰত এখনো আসন লাভ নকৰিলে বিৰোধী কংগ্ৰেছ দলে ।

অৰুণাচল প্ৰদেশত বিজেপিৰ আধিপত্য-

ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নিৰ্বাচনী ফলাফলত জিলা পৰিষদৰ ২৪৫খন আসনৰ ভিতৰত ১৭০খন আসনত বিজেপিয়ে জয়লাভ কৰে । ইয়াৰে ৫৯ খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিয়ে জয় লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে মাত্ৰ ৭ খন আসনহে লাভ কৰে । একেদৰে গ্ৰাম পঞ্চায়ত নিৰ্বাচনতো গেৰুৱা দলটোৱে আধিপত্য বিস্তাৰ কৰে । বিনা প্ৰতিদ্বন্দ্বিতাৰে ৫২১১খন আসনকে ধৰি ৮২০৮খন আসনৰ ভিতৰত ৬০৮৫খন আসনত বিজেপিয়ে জয়লাভ কৰে । কংগ্ৰেছে ২১৬খন গ্ৰাম পঞ্চায়তৰ আসনত জয়লাভ কৰাৰ লগতে ১১১খনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ স্থানীয় নিৰ্বাচনত বিজয়ৰ পিছত দল আৰু ৰাজ্যক অভিনন্দন জনাই কয়, “অৰুণাচলৰ জনসাধাৰণে সুশাসনৰ ৰাজনীতিক অদম্যভাৱে সমৰ্থন আগবঢ়াইছে । বিজেপিৰ প্ৰতি অৰুণাচলৰ জনসাধাৰণে যি স্নেহ দেখুৱাইছে তাৰ বাবে মই ধন্যবাদ জনাইছো । ইয়াৰ ফলত ৰাজ্যখনৰ ৰূপান্তৰৰ বাবে কাম কৰি যোৱাৰ সংকল্প অধিক শক্তিশালী হৈছে । লগতে ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আমাৰ সংকল্প মজবুত হৈ পৰিছে । জনসাধাৰণৰ মাজত কৰা অক্লান্ত শ্ৰমৰ বাবে বিজেপি কৰ্মীসকলকো প্ৰশংসা কৰিছোঁ ।”

প্ৰায় ৪৮ শতাংশ পাৰিষদ বিজেপিৰ-

অৰুণাচল প্ৰদেশৰ দৰেই বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে মহাৰাষ্ট্ৰতো সফলতা অৰ্জন কৰিছে । মহাৰাষ্ট্ৰৰ পৌৰসভা আৰু নগৰ পঞ্চায়তত শাসকীয় মহাযুতীয়ে অভিলেখ ভংগকাৰী ফলাফল লাভ কৰে । বিজেপি, শিৱসেনা আৰু জাতীয়তাবাদী কংগ্ৰেছ দলকে ধৰি মহাযুতীয়ে ৰাজ্যখনৰ ২৮৮খন পৌৰসভা আৰু নগৰ পঞ্চায়তত ২০৭টা স্থানীয় সংস্থাৰ অধ্যক্ষৰ পদ দখল কৰে । বিৰোধী দল মহা বিকাশ আঘাড়ী মাত্ৰ ৪৪খন আসনতে সীমাবদ্ধ থাকে ।

২০৭খন নগৰ পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে ১১৭খন আসন, শিৱসেনাই ৫৩খন আসন আৰু এন চি পিয়ে ৩৭খন আসন লাভ কৰে । তদুপৰি পৌৰসভাৰ নিৰ্বাচনত মহাযুতীয়ে ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰে । বিজেপিয়ে ৩,৩২৫খন আসন লাভ কৰে আৰু এতিয়া ৰাজ্যখনৰ প্ৰায় ৪৮% কাউন্সিলাৰ তেওঁলোকৰ হাতত আছে । প্ৰায় ৭৫% নগৰ পৰিষদৰ সভাপতি মহাযুতীৰ ।

মহাৰাষ্ট্ৰৰ বিজয়ক লৈ কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

মহাযুতীক বিজয়ৰ বাবে অভিনন্দন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, “মহাৰাষ্ট্ৰ উন্নয়নৰ সৈতে দৃঢ়তাৰে থিয় দিছে । পৌৰসভা আৰু নগৰ পৰিষদৰ নিৰ্বাচনত বিজেপি আৰু মহাযুতীক আশীৰ্বাদ দিয়াৰ বাবে মই মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ । ইয়াৰ দ্বাৰা জনকেন্দ্ৰিক উন্নয়নৰ আমাৰ দৃষ্টিভংগীৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰতিফলিত হৈছে । আমি নবীকৃত শক্তিৰে কাম কৰি ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ আকাংক্ষা পূৰ্ণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।” লগতে তেওঁ কয় যে, “তৃণমূল পৰ্যায়ত কৰা কঠোৰ পৰিশ্ৰমৰ বাবে বিজেপি আৰু মহাযুতী কৰ্মীসকলক মই প্ৰশংসা কৰিছো ।”

লগতে পঢ়ক : মমতাৰ বিৰুদ্ধে যুদ্ধংদেহি ৰূপত হুমায়ুন কবীৰ… গঠন কৰিলে নতুন ৰাজনৈতিক দল

অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা, ১০০০ ফুট তললৈ বাগৰিল শ্ৰমিক কঢ়িওৱা ডাম্পাৰ

অৰুণাচল প্ৰদেশত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এই দুৰ্ঘটনাত প্ৰাণ হানি হৈছে অসমৰ ২১জনকৈ শ্ৰমিকৰ ।

-অৰুণাচলত ভয়ংকৰ দুৰ্ঘটনা

-পাহাৰৰ পৰা ১০০০ ফুট তললৈ বাগৰিল শ্ৰমিক কঢ়িওৱা ডাম্পাৰ

-অসমৰ ২১ জন শ্ৰমিকৰ কৰুণ মৃত্যু

-শ্ৰমিকসকলক এক নিৰ্মাণ স্থানলৈ লৈ গৈ থকা অৱস্থাত এই কৰুণ ঘটনা

– ৭ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ হাউলিয়াং-চাগলাগাম পথৰ সংঘটিত হয় ঘটনাটো

-বুধবাৰে নিশা আৰক্ষীয়ে এই তথ্য লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়

-আজি পুৱাৰ পৰা আৰম্ভ হ’ল তদন্ত প্ৰক্ৰিয়া

-চিনাক্ত হ’ল শ্ৰমিকসকলৰ পৰিচয়, আটাইকেইজন তিনিচুকীয়াৰ গেলাপুখুৰী চাহ বাগিচাৰ

-বুধেশ্বৰ দীপ, ৰাহুল কুমাৰ, সমীৰ দীপ, জুন কুমাৰ,

-পংকজ মানকী, অজয় ​​মানকী, বিজয় কুমাৰ,

-অভয় ভূমিজ, ৰোহিত মানকী, বীৰেন্দ্ৰ কুমাৰ,

-আগৰ তাঁতী, ধীৰেন চেতিয়া, ৰাজনী নাগ, দীপ গোৱালা,

-ৰামচাবাক সোণাৰ, সোনাতন নাগ, সঞ্জয় কুমাৰ, কৰণ কুমাৰ আৰু জোনাছ মুণ্ডা

-এই পৰ্যন্ত উদ্ধাৰ হৈছে ১৩টা মৃতদেহ

লগতে পঢ়ক : নিশা মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, এতিয়াও নিৰ্বাপন হোৱা নাই জুই

অৰুণাচলত প্ৰবল বৰষুণ আৰু ভূমিস্খলনৰ তাণ্ডৱ… ৭ জনৰ মৃত্যু

অৰুণাচলত বৰষুণ-ভূমিস্খলনৰ তাণ্ডৱ

শুকুৰবাৰে নিশা অৰুণাচল প্ৰদেশৰ পূব কামেং জিলাৰ ছেপ্পাত প্ৰৱল বৰষুণৰ বাবে হোৱা ভূমিস্খলনৰ ফলত ৭ জন লোকৰ মৃত্যু হয় । এখন বাহনত গৈ থকা অৱস্থাতেই সংঘটিত হয় এই শোকাৱহ ঘটনা । এই দুৰ্ঘটনাৰ পিছত ৩০ আৰু ৩১ মে’ৰ মাজনিশা ধাৰাসাৰ বৰষুণৰ মাজতে নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান আৰম্ভ কৰা হয় ।

দুটা পৰিয়াল কঢ়িয়াই নিয়া বাহনখনত ৭ জন লোক আছিল । দুৰ্ঘটনাটোত আটাইকেইজন যাত্ৰীৰে মৃত্যু হয় । পূব কামেং জিলাৰ ছেপ্পাৰ ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শুকুৰবাৰে নিশা ধাৰাসাৰ বৰষুণৰ বাবে এই ঘটনা সংঘটিত হয় । ইষ্ট কামেঙৰ আৰক্ষী অধীক্ষকে ঘটনাত ৭ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰিছে । তেওঁ কয় যে ভূমিস্খলনৰ বাবে গাড়ীখন পাহাৰৰ পৰা বাগৰি অহা পানীয়ে উটুৱাই নিয়াত এটা দ খাৱৈত পৰি যায় । এই সময়ছোৱাত কোনো যাত্ৰীয়েই গাড়ীৰ পৰা নামিবলৈ কোনো সুযোগ নাপালে, ফলত আটাইকেইজনৰে মৃত্যু হয় ।

গাঁওবাসীৰ প্ৰচেষ্টা আৰু গুৰুত্বপূৰ্ণ সাহায্যৰে ৩১ মে’ৰ পৰা পুনৰ উদ্ধাৰ অভিযান আৰম্ভ হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে । কেইবা ঘণ্টা ধৰি চলা অনুসন্ধানৰ অন্তত অৱশেষত ঘাইপথৰ পৰা প্ৰায় ১৫০ মিটাৰ তলত উদ্ধাৰ হয় দুৰ্ঘটনাগ্ৰস্ত বাহনখন ।

ইয়াৰ পিছত বহু কষ্টৰ অন্তত বাহনখনৰ পৰা সকলো মৃতদেহ উলিয়াই অনা হয় । ইয়াৰ পিছতে আইনী আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব । অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী মামা নাটঙে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক : ৰাজ্যত বানৰ বিধ্বংসী ৰূপ… ভূমিস্খলনত ৫ জনৰ মৃত্যু, হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত

চীনৰ ‘জল বোমা’ই ভাৰতলৈ কঢ়িয়াই আনিব পাৰে ‘বিপৰ্যয়’, চিন্তিত বিশেষজ্ঞ… উদ্বেগ প্ৰকাশ বিজেপি সাংসদৰ

অৰুণাচলৰ ভাৰতীয় জনতা পাৰ্টিৰ লোকসভাৰ সদস্য তাপিৰ গাওৱে চীনে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ ঘোষণাক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ দাবী কৰে যে এই বান্ধটো ‘জল বোমা’ৰ দৰে হ’ব যিয়ে উত্তৰ-পূব ভাৰত আৰু বাংলাদেশৰ দৰে তলৰ অঞ্চলত জল প্ৰলয় সৃষ্টি কৰিব পাৰে ।

গুৱাহাটীত ‘উপহিমালয় অঞ্চলত জল সুৰক্ষা, পৰিৱেশ অখণ্ডতা আৰু দুৰ্যোগ স্থিতিস্থাপকতা নিশ্চিত কৰা: ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰ’ শীৰ্ষক এখন সন্মিলনত ভাষণ দি এই মন্তব্য কৰে গাওৱে । তেওঁ কয়, “চীনে ইতিমধ্যে এনে এটা বান্ধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে যিয়ে ৬০ হাজাৰ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সক্ষম হ’ব । এয়া বান্ধ নহয় বৰঞ্চ ভাৰত আৰু অন্যান্য নিম্ন নদীপৰীয়া দেশৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হ’ব ‘জল বোমা’ ।”

ভাৰতকে ধৰি পূব এছিয়াৰ দেশসমূহ ধ্বংস হ’ব-

গাওৱে দাবী কৰে যে ২০০০ চনৰ জুন মাহৰ বিধ্বংসী বানপানীও একেধৰণৰ “জল বোমা”ৰ ফল, যিয়ে ছিয়াং নদীৰ ১০খনতকৈও অধিক দলং উটুৱাই লৈ গৈছিল । অসমত প্ৰৱেশ কৰি ব্ৰহ্মপুত্ৰ হৈ পৰা অৰুণাচল প্ৰদেশৰ ছিয়াং নদী নামেৰে জনাজাত য়াৰলুং ছাংপো । অৰুণাচল পূৱ লোকসভা সমষ্টিৰ বিজেপি সাংসদ গাওৱে কয় যে, “যদি চীনে ভৱিষ্যতে বান্ধটোৰ পৰা পানী এৰি দিয়াৰ সিদ্ধান্ত লয়, তেন্তে অৰুণাচল প্ৰদেশ, অসম, বাংলাদেশ আৰু দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশসমূহ বিধ্বস্ত হ’ব ।”

এই জলবোমাৰ পৰা হাত সাৰিবলৈ ভাৰতে কি কৰিব লাগে সেই কথা ক’লে গাওৱে-

তেওঁ কয় যে প্ৰস্তাৱিত বান্ধৰ পৰা (চীনৰ দ্বাৰা) হঠাতে পানী নিৰ্গত হ’লে তলৰ অঞ্চলত দুৰ্যোগ ৰোধ কৰিবলৈ অৰুণাচল প্ৰদেশৰ ছিয়াং নদীত আন এটা বান্ধ নিৰ্মাণৰ প্ৰস্তাৱক সমৰ্থন কৰে । গাওৱে কয় যে এই প্ৰকল্পক লৈ উদ্বেগ ন্যায্য কাৰণ এই বান্ধটোৱে তিব্বতৰ পৰা পানীৰ সোঁতত ব্যাঘাত জন্মাব পাৰে, যাৰ ফলত তলৰ অঞ্চলত ক্ষন্তেকীয়া বানপানী বা পানীৰ মাত্ৰা কম হ’ব পাৰে ।

তেওঁ কয়, “ইয়াৰ ফলত ভাৰতৰ বিশেষকৈ অৰুণাচল প্ৰদেশ আৰু অসমৰ লগতে বাংলাদেশতো কৃষি আৰু পানী যোগানৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পৰিব আৰু এই গুৰুত্বপূৰ্ণ সম্পদ (পানী)ৰ বাবে চীনৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি পাব ।” গাওৰ মতে, ভাৰত চৰকাৰে এই বিষয়ত চীনৰ সৈতে কূটনৈতিকভাৱে কথা পাতিবলৈ চেষ্টা কৰিছে যাতে বিষয়টো সমাধান হ’ব পাৰে ।

চীনে সৰ্ববৃহৎ বান্ধৰ বাবে জনালে অনুমোদন-

যোৱা বছৰৰ ২৫ ডিচেম্বৰত চীনে তিব্বতৰ ইয়াৰলুং ছাংপো নদীত বিশ্বৰ সৰ্ববৃহৎ মথাউৰি নিৰ্মাণৰ বাবে অনুমোদন জনাইছিল, যাৰ বাবে আনুমানিক ১৩৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰা হৈছিল । য়াৰলুং ছাংপো নদী চীনৰ মেডগ কাউন্টিৰ ফালে ঘূৰি তাৰ পিছত অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰা ঠাইত নিৰ্মাণ হ’ব এই বান্ধ ।

মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত ৬ মাহৰ বাবে বৃদ্ধি AFSPAৰ ম্যাদ… কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

মণিপুৰত কেন্দ্ৰীয় চৰকাৰে এটা ডাঙৰ পদক্ষেপ লৈছে । ১৩টা থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰত কেন্দ্ৰই সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) জাৰি কৰিছে । লগতে নাগালেণ্ডৰ ৮খন জিলা আৰু আন ৫খন জিলাৰ ২১খন থানা এলেকাত আৰু ছমাহৰ বাবে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ ম্যাদ বৃদ্ধি কৰা হৈছে । দেওবাৰে এই তথ্য প্ৰদান কৰিছে গৃহ মন্ত্ৰালয়ে ।

দেওবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক বিবৃতি অনুসৰি ১৩খন থানা এলেকাৰ বাহিৰে সমগ্ৰ মণিপুৰ ৰাজ্যত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) কাৰ্যকৰী কৰা হৈছে । অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাৰ লগতে ৰাজ্যৰ তিনিটা থানা এলেকালৈ আফস্পা ছমাহৰ বাবে বৃদ্ধি কৰা হৈছে বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে । আশীৰ দশকৰ আৰম্ভণিৰ পৰাই মণিপুৰত বলবৎ হৈ আহিছে AFSPA । ইয়াৰ দ্বাৰা নিৰাপত্তা বাহিনীক ‘বিক্ষিপ্ত অঞ্চল’ত জনশৃংখলা বজাই ৰখাৰ বিশেষ ক্ষমতা প্ৰদান কৰা হয় ।

বহুতো অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ-

ইফালে শনিবাৰে নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ পাহাৰীয়া আৰু উপত্যকা জিলাৰ সীমান্ত আৰু স্পৰ্শকাতৰ অঞ্চলত তালাচী অভিযান আৰম্ভ কৰি অঞ্চলটো দখল কৰে ।

ইম্ফল আৰক্ষীয়ে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ‘অভিযানৰ সময়ত তলত উল্লেখ কৰা সামগ্ৰীসমূহ উদ্ধাৰ কৰা হৈছে । এটা দেশত নিৰ্মিত ৰাইফল, এটা বল্ট একচন ৰাইফল, এটা .২২ পিষ্টল, এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-৫ ফুট), এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-4 ফুট), এটা দেশত নিৰ্মিত মৰ্টাৰ (Pompey-4 ফুট), এটা স্থানীয়ভাৱে নিৰ্মিত হেণ্ড গ্ৰেনেড, এটা হেলমেট, এটা বেতাঁৰ চেট, এটা বেতাঁৰ চেট চাৰ্জাৰ, এটা HE বোমা, দহটা লাইভ ৰাউণ্ড ৫.৫৬ মি.মি., বাৰটা খালী কেচ ৭.৬২x৩ মিমি, চুৰাচান্দপুৰ জিলাৰ থাংজিং পাহাৰীয়া অৰণ্যৰ পৰা ৭.৬২x৪৫ মিমি আৰু ৫০০ গ্ৰাম বন্দুকৰ গুলীৰ চাৰিটা খালী কেচ উদ্ধাৰ কৰা হৈছে ।’

২৫০ৰো অধিক লোকৰ মৃত্যু-

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে পদৰ পৰা পদত্যাগ কৰে । তাৰ কিছুদিন পিছত ১৩ ফেব্ৰুৱাৰীৰ সন্ধিয়া মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন জাপি দিয়াত বিধানসভা স্থগিত ৰখাৰ ফলত ৰাজ্যখনত ৰাজনৈতিক অনিশ্চয়তাৰ সৃষ্টি হয় । ২০১৭ চনৰ পৰা মণিপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰৰ নেতৃত্ব দি থকা এন বীৰেণ সিঙে ২০২৩ চনৰ মে’ মাহৰ পৰা প্ৰায় ২১ মাহ ধৰি সংঘটিত হোৱা জাতিগত হিংসাৰ অন্তত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ।

শোকাৱহ; অৰুণাচলত ফুৰিবলৈ গৈ শেষ হ’ল দুটাকৈ পৰিয়াল

এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে অৰুণাচল প্ৰদেশত। নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত পৰিল এখন স্ক’ৰপিঅ বাহন। নুমলীগড়ৰ পৰা অৰুনাচলৰ মায়দিয়ালৈ ফুৰিবলৈ গৈছিল দুটা পৰিয়াল।

উভতনি পথত মায়দিয়া-ৰয়িঙৰ মাজত নিয়ন্ত্ৰণ হেৰুৱাই ৫০০ ফুট দ’ খাৱৈত পৰি যায় স্ক’ৰপিঅ বাহনখন। দুৰ্ঘটনাটোৰ ফলত চালক অজয় ছেত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও ৰঞ্জিত ছেত্ৰী, মিনা ছেত্ৰী আৰু সুৰজ ছেত্ৰীৰ এতিয়াও কোনো সন্ধান লাভ কৰা নাই।

আহত হৰিমায়া ছেত্ৰী আৰু ৯ বছৰীয়া ৰৌছনী ছেত্ৰীক ততাতৈয়াকৈ AMCHলৈ প্ৰেৰণ কৰা হৈছে। নুমলীগড়ৰ ঔগুৰি চাপৰিৰ পৰা অৰুণাচললৈ গৈছিল পৰিয়ালদুটা।

ঘন অৰণ্যত হঠাৎ লাগিল বনজুই…চুবুৰীয়া ৰাজ্য অৰুণাচলত ভয়ংকৰ পৰিস্থিতি

শুকুৰবাৰে পুৱা অৰুণাচলৰ টাৱাং চু নদীৰ আশে-পাশে থকা বনাঞ্চলত বনজুইৰ সূত্ৰপাত হয় । জিলা বিষয়াসকলে জনোৱা মতে, এই জুই দ্ৰুতগতিত বিয়পি পৰাৰ ফলত ছাগকিউৰ আৰু কাষৰীয়া গাঁওসমূহৰ বাবে ভাবুকিৰ সৃষ্টি হয় ।

বিষয়াসকলে জনোৱা মতে লুংলা প্ৰশাসনে সাশাস্ত্ৰ সীমা বাল (এছ এছ বি), টাৱাং ব্ৰিগেডৰ ভাৰতীয় সেনা, স্থানীয় আৰক্ষী আৰু ৰাইজৰ সহায়ত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰি গাঁওখনৰ সমীপত আৰু আৱাসিক অঞ্চলৰ সমীপত জুই নিয়ন্ত্ৰণ কৰি সফলতাৰে জীৱন আৰু সম্পত্তিৰ সম্ভাব্য ক্ষতি ৰোধ কৰে ।

কিন্তু এতিয়াও থিয় পাহাৰ আৰু দুৰ্গম অঞ্চলৰ বাবে ঘন অৰণ্যত জুই জ্বলি আছে আৰু ইয়াক বিয়পি পৰাত বাধা দিবলৈ কৰ্তৃপক্ষ সষ্টম হৈ আছে । লুংলাৰ অতিৰিক্ত জিলা আয়ুক্ত আমা নুংনু মাৰা আৰু জিলা দুৰ্যোগ ব্যৱস্থাপনা বিষয়া গেণ্ডেন ছ’মুৱে ক্ষেত্ৰভিত্তিক সমন্বয় প্ৰচেষ্টাৰ নেতৃত্ব দিছে ।

ব্ৰহ্মপুত্ৰ নদী ৰাফটিং অভিযানৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে, দুঃসাহসিক পৰ্যটনে লাভ কৰিব প্ৰসাৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে ব্ৰহ্মপুত্ৰ নদীত ৰাফ্টৰ বাবে এক ঐতিহাসিক অভিযানৰ ফ্লেগ অফ কৰে । ১৪ জানুৱাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা আৰম্ভ কৰি ১৪ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰী-হাটশিঙিমাৰীত সামৰণি পৰিব এই অভিযান । এই অনুষ্ঠানৰ আয়োজন কৰিছে নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ স্পৰ্টছে ।

গুৱাহাটীত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ ৯১৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগা এয়া এনেধৰণৰ প্ৰথমটো যাত্ৰা । ই ইয়াৰ সৌন্দৰ্য আৰু প্ৰত্যাহ্বানমূলক ৰেপিড প্ৰদৰ্শন কৰিব । এই অভিযানৰ লক্ষ্য হৈছে দুঃসাহসিক পৰ্যটনক প্ৰসাৰিত কৰা, পৰিৱেশ সজাগতাক উৎসাহিত কৰা আৰু যুৱক-যুৱতীসকলক দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰা ।

ইটানগৰস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নিমাছৰ সঞ্চালক কৰ্ণেল ৰণবীৰ সিং জামৱালে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক অভিযানৰ উদ্দেশ্য, প্ৰত্যাহ্বান আৰু আশা কৰা ধৰণৰ ফলাফলৰ বিষয়ে অৱগত কৰে । জামৱাল নিমাছৰ উপ-সভাপতিও । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দলটোৰ সৈতে মত বিনিময় কৰি শুভেচ্ছা জনায় আৰু প্ৰত্যাহ্বানমূলক অভিযানৰ সফলতাৰ ওপৰত আস্থা প্ৰকাশ কৰে । লগতে দলটোক ঘূৰি আহিলে আদৰিবলৈ আগ্ৰহী বুলিও কয় ।

এই ঐতিহাসিক অভিযানে মানৱ আত্মাৰ অজেয় শক্তিৰ সাক্ষ্যই নহয়, ভাৰতত নদী ৰাফটিঙক দুঃসাহসিক ক্ৰীড়া হিচাপে প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াব ।