ব্ৰহ্মপুত্ৰ নদী ৰাফটিং অভিযানৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে, দুঃসাহসিক পৰ্যটনে লাভ কৰিব প্ৰসাৰ

ব্ৰহ্মপুত্ৰ নদী ৰাফটিং অভিযানৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে, দুঃসাহসিক পৰ্যটনে লাভ কৰিব প্ৰসাৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে ব্ৰহ্মপুত্ৰ নদীত ৰাফ্টৰ বাবে এক ঐতিহাসিক অভিযানৰ ফ্লেগ অফ কৰে । ১৪ জানুৱাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা আৰম্ভ কৰি ১৪ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰী-হাটশিঙিমাৰীত সামৰণি পৰিব এই অভিযান । এই অনুষ্ঠানৰ আয়োজন কৰিছে নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে ব্ৰহ্মপুত্ৰ নদীত ৰাফ্টৰ বাবে এক ঐতিহাসিক অভিযানৰ ফ্লেগ অফ কৰে । ১৪ জানুৱাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা আৰম্ভ কৰি ১৪ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰী-হাটশিঙিমাৰীত সামৰণি পৰিব এই অভিযান । এই অনুষ্ঠানৰ আয়োজন কৰিছে নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ স্পৰ্টছে ।

গুৱাহাটীত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ ৯১৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগা এয়া এনেধৰণৰ প্ৰথমটো যাত্ৰা । ই ইয়াৰ সৌন্দৰ্য আৰু প্ৰত্যাহ্বানমূলক ৰেপিড প্ৰদৰ্শন কৰিব । এই অভিযানৰ লক্ষ্য হৈছে দুঃসাহসিক পৰ্যটনক প্ৰসাৰিত কৰা, পৰিৱেশ সজাগতাক উৎসাহিত কৰা আৰু যুৱক-যুৱতীসকলক দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰা ।

ইটানগৰস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নিমাছৰ সঞ্চালক কৰ্ণেল ৰণবীৰ সিং জামৱালে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক অভিযানৰ উদ্দেশ্য, প্ৰত্যাহ্বান আৰু আশা কৰা ধৰণৰ ফলাফলৰ বিষয়ে অৱগত কৰে । জামৱাল নিমাছৰ উপ-সভাপতিও । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দলটোৰ সৈতে মত বিনিময় কৰি শুভেচ্ছা জনায় আৰু প্ৰত্যাহ্বানমূলক অভিযানৰ সফলতাৰ ওপৰত আস্থা প্ৰকাশ কৰে । লগতে দলটোক ঘূৰি আহিলে আদৰিবলৈ আগ্ৰহী বুলিও কয় ।

এই ঐতিহাসিক অভিযানে মানৱ আত্মাৰ অজেয় শক্তিৰ সাক্ষ্যই নহয়, ভাৰতত নদী ৰাফটিঙক দুঃসাহসিক ক্ৰীড়া হিচাপে প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াব ।

শেহতীয়া প্ৰৱন্ধসমূহ