ব্ৰহ্মপুত্ৰৰ মেগা ডেমক লৈ হাহাকাৰ! চীনৰ নিজৰ বিজ্ঞানীৰ গৱেষণাতে ওলাল ভয়ংকৰ তথ্য

চীনে বিগত ২০২৫ চনৰ জুলাই মাহত প্ৰায় ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই সপোনৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছিল ।

তিব্বতত ব্ৰহ্মপুত্ৰ নদীৰ (যাক চীনত য়াৰলুং ছাংপো বুলি জনা যায়) ওপৰত চীনে নিৰ্মাণ কৰি থকা বিশ্বৰ আটাইতকৈ ডাঙৰ জলবিদ্যুৎ প্ৰকল্পটোক লৈ এতিয়া বিশ্বজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আশ্চৰ্যজনকভাৱে, এইবাৰ কোনো বিদেশী সংস্থা নহয়, বৰং চীনৰ নিজৰ বিজ্ঞানীসকলৰ এটা নতুন গৱেষণাতহে এই মেগা ডেমটোৰ সুৰক্ষাক লৈ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে । গৱেষণাটোৰ মতে, যিটো স্থানত এই বিশাল বান্ধটো নিৰ্মাণ কৰা হৈছে, তাৰ ঠিক তলিৰেই পাৰ হৈ গৈছে এটা অতি সক্ৰিয় ফল্ট লাইন (Active Fault Line) । ইয়াৰ ফলত ভৱিষ্যতে এক ডাঙৰ ভূমিকম্পই সমগ্ৰ অঞ্চলটোত প্ৰলয়ৰ সৃষ্টি কৰাৰ আশংকা ঘনীভূত হৈ পৰিছে ।

কি আছে এই বিতৰ্কিত প্ৰকল্পটোত?

চীনে বিগত ২০২৫ চনৰ জুলাই মাহত প্ৰায় ১৬৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষে এই সপোনৰ প্ৰকল্পটোৰ কাম আৰম্ভ কৰিছিল । তিব্বতৰ যিটো খণ্ডত ব্ৰহ্মপুত্ৰই হিমালয়ৰ অতি গভীৰ উপত্যকাৰ মাজেৰে গতি কৰি ভাৰতৰ অৰুণাচল প্ৰদেশত প্ৰৱেশ কৰিছে, ঠিক সেই কৌশলগত স্থানতে এই বান্ধটো সাজি থকা হৈছে । চীনৰ দাবী আছিল যে এই প্ৰকল্পৰ পৰা বছৰি ৩০০ বিলিয়ন কিলোৱাট-ঘণ্টাতকৈও অধিক বিদ্যুৎ উৎপাদন হ’ব, যাৰ দ্বাৰা প্ৰায় ৩০ কোটি মানুহৰ বিদ্যুতৰ প্ৰয়োজন পূৰণ কৰিব পৰা যাব ।

চীনৰ চৰকাৰী বিজ্ঞানীৰ গৱেষণাত কি ওলাইছে?

চীনৰ ‘চেনগ্দু ইউনিভাৰ্চিটি অফ টেকন’লজী’ আৰু ‘চাইনা জিঅ’লজিকেল চাৰ্ভে’ৰ দৰে আগশাৰীৰ চৰকাৰী প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে যুটীয়াভাৱে কৰা এই অধ্যয়নটো অলপতে চীনা ভাষাৰ এখন প্ৰতিষ্ঠিত বৈজ্ঞানিক জাৰ্নেলত প্ৰকাশ পাইছে । এই গৱেষণাৰ মূল দিশসমূহ হ’ল :

-বান্ধটোৰ নিৰ্মাণস্থলীৰ একেবাৰে ওচৰতে থকা পাইঝেন ফল্ট লাইনটো দীৰ্ঘদিন ধৰি সক্ৰিয় হৈ আছে । টেকটনিক প্লেটৰ ধাৰাবাহিক লৰচৰৰ বাবে ইয়াৰ আশে-পাশে থকা পাহাৰীয়া শিলাসমূহ ইতিমধ্যে অত্যন্ত দুৰ্বল আৰু থুনুকা হৈ পৰিছে ।

-বিজ্ঞানীসকলে সকীয়াই দিছে যে যিকোনো সময়তে ইয়াত বৃহৎ ভূমিকম্প হ’ব পাৰে । গৱেষণা পত্ৰখনত ২০১৭ চনত এই অঞ্চলৰ মিলিনত অহা ৬.৯ প্ৰাবল্যৰ ভূমিকম্পৰ উদাহৰণ দি কোৱা হৈছে যে এই ফল্ট লাইনটো এতিয়াও জীৱন্ত ।

-ভূমিকম্পৰ জোকাৰণিয়ে বান্ধ, সুৰংগ, দলং আৰু বৃহৎ জলাশয়ৰ ভেটি লৰাই দিব পাৰে । ইয়াৰ উপৰি প্ৰচণ্ড ভূমিস্খলন আৰু পাহাৰ খহি বান্ধটো সম্পূৰ্ণৰূপে ধ্বংস হ’ব পাৰে ।

ভাৰত আৰু বাংলাদেশৰ বাবে কিয় চিন্তাজনক?

ব্ৰহ্মপুত্ৰ নদীৰ নামনি ভাগত ভাৰত (বিশেষকৈ অসম আৰু অৰুণাচল) আৰু বাংলাদেশ অৱস্থিত । যদি ভূমিকম্পৰ বাবে তিব্বতৰ এই আটাইতকৈ বৃহৎ বান্ধটোত কিবা বিজুতি ঘটে বা ই ভাঙি পৰে, তেন্তে নামনিৰ সমগ্ৰ অঞ্চল মুহূৰ্তৰ ভিতৰতে এক প্ৰলয়ংকাৰী বানৰ কৱলত পৰিব । ই কোটি কোটি মানুহৰ জীৱন আৰু সম্পত্তিৰ বাবে চৰম ভাবুকি কঢ়িয়াই আনিব পাৰে । চীনা বিজ্ঞানীসকলেও ইতিমধ্যে বান্ধৰ আশে-পাশে থকা পাহাৰীয়া ঢালবোৰ জৰুৰীভাৱে শক্তিশালী কৰিবলৈ অতিৰিক্ত সুৰক্ষা ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিছে ।

লগতে পঢ়ক : ভাৰত মহাসাগৰ কঁপাবলৈ সাজু থলুৱা প্ৰযুক্তিৰ নতুন সমুদ্ৰ প্ৰহৰী ‘মহেন্দ্ৰগিৰি’

ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ যাত্ৰীবাহী ফেৰী; যাত্ৰীৰ মাজত হাহাকাৰ

বৃহস্পতিবাৰে আবেলি প্ৰায় ৩.৩০ বজাত যোৰহাটৰ  নিমাতিঘাটৰ পৰা মাজুলী অভিমুখে গৈ আছিল এখন যাত্ৰীবাহী ফেৰী। কিন্তু যান্ত্ৰিক বিজুতিৰ বাবেই ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ জলতৰি নামৰ জাহাজখন।

ব্ৰহ্মপুত্ৰৰ বুকুত আৱদ্ধ হৈ পৰে যাত্ৰীবাহী ফেৰী।যান্ত্ৰিক বিজুতিৰ বাবেই লুইতৰ বুকুত আৱদ্ধ জলতৰি নামৰ জাহাজখন। জানিব পৰা মতে ফেৰীখন ৩.৩০ বজাত যোৰহাটৰ  নিমাতিঘাটৰ পৰা মাজুলী অভিমুখে গৈ আছিল।ফেৰিখনত ৪৫ গৰাকী যাত্ৰীৰ লগতে কেইবাখনো বাহন আছে।

লুইতৰ বুকুত জাহাজখন আৱদ্ধ হোৱাত যাত্ৰী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। ফেৰী খন আৱদ্ধ হৈ পৰা স্থানত এটি বনৰীয়া হাতীৰ জাকে অৱস্থান কৰিছে।অৱশ্যে পিছত উদ্ধাৰকাৰী দলে আৱদ্ধ হৈ পৰা যাত্ৰীসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। ফেৰীখনত ২২ খন দুচকীয়া বাহন আৰু ২ খন চাৰিচকীয়া বাহনো আছিল।

লগতে পঢ়ক: গুৱাহাটী বিমানবন্দৰত মোতায়ন হ’ল অত্যাধুনিক গগনচুম্বী সংকটকালীন অগ্নিনিৰ্বাপক বাহন

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি: গুৱাহাটীত সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ

যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে চলি থকা সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে

শেহতীয়াকৈ কেইবাদিনো ধৰি ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ তীব্ৰ গতিত বৃদ্ধি পাইছে । যাৰ বাবে যাত্ৰীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী আৰু ইয়াৰ আশে-পাশে চলি থকা সকলো ফেৰী সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । বুধবাৰ, ২৪ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

যাত্ৰীৰ সুৰক্ষাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা

বৰ্ধিত জলস্তৰৰ বাবে ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ সোঁত অত্যন্ত বৃদ্ধি পাইছে, যাৰ ফলত নৌ-পৰিবহণৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে । আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জানিবলৈ দিয়া মতে, যাত্ৰীসকলৰ জীৱনৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক প্ৰতিৰোধমূলক আৰু সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই ফেৰী সেৱা স্থগিত ৰখা হৈছে ।

বন্ধ থাকিব উমানন্দৰ ফেৰী সেৱা

এই স্থগিতাদেশৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত বিখ্যাত পৰ্যটন তথা তীৰ্থস্থলী উমানন্দ মন্দিৰ দ্বীপলৈ যোৱা ফেৰী সেৱাও সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে । যিহেতু উমানন্দলৈ যোৱাৰ একমাত্ৰ মাধ্যম হৈছে জল পৰিবহণ, সেয়েহে সুৰক্ষাজনিত কাৰণত পৰৱৰ্তী নিৰ্দেশ অহালৈকে ভক্ত আৰু পৰ্যটকসকলৰ বাবে দ্বীপটোলৈ যোৱা নিষিদ্ধ কৰা হৈছে ।

প্ৰভাৱিত হ’ব দৈনিক যাত্ৰীসকল

গুৱাহাটীৰ উত্তৰ আৰু দক্ষিণ পাৰক সংযোগ কৰা সকলোবোৰ ফেৰী পথ এই নিৰ্দেশনাৰ অধীনত বন্ধ কৰি দিয়া হৈছে । ইয়াৰ ফলত দৈনিক কাম-কাজৰ বাবে নদী পাৰ হ’বলগীয়া হোৱা নিয়মীয়া যাত্ৰীসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

যাত্ৰীসকললৈ বিশেষ আহ্বান

আভ্যন্তৰীণ জল পৰিবহণ বিভাগে সাধাৰণ ৰাইজ তথা দৈনিক যাতায়ত কৰা লোকসকলক বিকল্প পথ বা ভ্ৰমণৰ ব্যৱস্থা কৰিবলৈ পৰামৰ্শ দিছে । ইয়াৰ উপৰিও ফেৰী সেৱা পুনৰ আৰম্ভ কৰা সন্দৰ্ভত বিভাগীয়ভাৱে জাৰি কৰিবলগীয়া চৰকাৰী জাননীসমূহৰ ওপৰত চকু ৰাখিবলৈ আহ্বান জনোৱা হৈছে ।

লগতে পঢ়ক : এৰি দিয়া হৈছে খান্দং বান্ধৰ পানী! নৈপৰীয়া ৰাইজলৈ জাৰি জৰুৰী নিৰ্দেশনা

ব্ৰহ্মপুত্ৰ এতিয়া অসমৰ উন্নতিৰ জীৱনৰেখা: মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

ব্ৰহ্মপুত্ৰ নদী সংযোগ, অৰ্থনৈতিক বিকাশ তথা জীৱিকাৰ এক অন্যতম চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ৰাজ্যখনৰ পৰিৱৰ্তন এতিয়া জলপথৰ দ্বাৰা ক্ৰমান্বয়ে গতিশীল হৈ উঠিছে আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগ, অৰ্থনৈতিক বিকাশ তথা জীৱিকাৰ এক অন্যতম চালিকা শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।

​এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসমৰ পৰিৱৰ্তন এতিয়া জলপথেৰে বৈছে। আধুনিক টাৰ্মিনেল আৰু নৈশ ফেৰী সেৱাৰ পৰা আদি কৰি নতুন জাহাজ আৰু আগন্তুক প্ৰকল্পলৈকে—ব্ৰহ্মপুত্ৰ নদী সংযোগ আৰু সুযোগৰ এক প্ৰকৃত জীৱনৰেখাত পৰিণত হৈছে।”

​তেওঁ কয় যে অভ্যন্তৰীণ জল পৰিবহণে পথ, ৰেল আৰু আকাশী পথৰ দৰে পৰম্পৰাগত মাধ্যমসমূহৰ পৰিপূৰক হিচাপে কাম কৰাৰ লগতে ৰাজ্যখনৰ পৰ্যটন আৰু নিয়োগৰ ক্ষেত্ৰতো বিশেষ উৎসাহ যোগাইছে।

​মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখযোগ্য পদক্ষেপসমূহৰ ভিতৰত ২০খন আধুনিক catamarans প্ৰৱৰ্তন আৰু ‘জীৱনডিঙা’ আঁচনিৰ অধীনত ৮৫০ খনতকৈও অধিক পৰম্পৰাগত নাও উন্নীতকৰণৰ কথা উল্লেখ কৰে।

​তেওঁ লগতে কয় যে ভাৰতৰ প্ৰথমটো নৈশ ফেৰী নেভিগেচন চিষ্টেম কাৰ্যকৰী কৰা হৈছে, যাৰ দ্বাৰা নিশাৰ ভাগত ১১ লাখতকৈও অধিক যাত্ৰী উপকৃত হৈছে। ইয়াৰ উপৰিও, মুখ্যমন্ত্ৰী শৰ্মাই জনায় যে যাত্ৰী আৰু মালবাহী জাহাজৰ চলাচল অধিক সুচল কৰাৰ উদ্দেশ্যে যোগীঘোপাত এটা নতুন অভ্যন্তৰীণ জল পৰিবহণ টাৰ্মিনেলকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ কাম চলি আছে।

তেওঁ কয় ​”পথ, ৰেল আৰু আকাশী পথৰ বাহিৰেও জল পৰিবহণে বিকাশ, পৰ্যটন আৰু জীৱিকাক শক্তিশালী কৰি তুলিছে ।”

লগতে পঢ়ক : বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

ব্ৰহ্মপুত্ৰৰ তলেৰে নিৰ্মাণ হ’ব দেশৰ দীৰ্ঘতম সুৰংগ, কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

ই প্ৰকল্পৰ বিশেষত্ব হ’ল ব্ৰহ্মপুত্ৰৰ তলত নিৰ্মাণ হ’বলগীয়া ভাৰতৰ প্ৰথমটো পানীৰ তলৰ পথ তথা ৰে’ল সুৰংগ ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ অৰ্থনৈতিক পৰিক্ৰমা সমিতিয়ে অসমৰ গহপুৰ (ৰাষ্ট্ৰীয় ঘাইপথ-১৫) আৰু নুমলীগড়ৰ (ৰাষ্ট্ৰীয় ঘাইপথ-৭১৫) মাজত ৪-লেনযুক্ত এক ‘এক্সেছ-কন্ট্ৰলড্ গ্ৰীনফিল্ড কৰিডৰ’ নিৰ্মাণত অনুমোদন জনাইছে । এই প্ৰকল্পৰ বিশেষত্ব হ’ল ব্ৰহ্মপুত্ৰৰ তলত নিৰ্মাণ হ’বলগীয়া ভাৰতৰ প্ৰথমটো পানীৰ তলৰ পথ তথা ৰে’ল সুৰংগ ।

অভিযান্ত্ৰিক, ক্ৰয় আৰু নিৰ্মাণ (EPC) আৰ্হিত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পৰ মুঠ ব্যয় নিৰ্ধাৰণ কৰা হৈছে ১৮,৬৬২ কোটি টকা । এই আঁচনিত অন্তৰ্ভুক্ত আছে ১৫.৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘টুইন-টিউব টিবিএম’ (TBM) প্ৰযুক্তিসম্পন্ন সুৰংগ, য’ত প্ৰতিটো দিশতে দুটাকৈ লেন থকা পথৰ লগতে এটা টিউবত ৰে’লপথৰ আন্তঃগাঁথনিৰ সুবিধা থাকিব । সমগ্ৰ প্ৰকল্পটোৰ মুঠ দৈৰ্ঘ্য হ’ব ৩৩.৭ কিলোমিটাৰ ।

প্ৰকল্পটোৰ গুৰুত্বপূৰ্ণ দিশসমূহ :

যাতায়তৰ সময় হ্ৰাস : বৰ্তমান শিলাঘাটৰ কলিয়াভোমোৰা সেতুৰে নুমলীগড় আৰু গহপুৰৰ মাজৰ দূৰত্ব প্ৰায় ২৪০ কিলোমিটাৰ, যি অতিক্ৰম কৰিবলৈ প্ৰায় ৬ ঘণ্টা সময় লাগে । এই নতুন সংযোগী পথটোৱে যাতায়তৰ সময় উল্লেখনীয়ভাৱে হ্ৰাস কৰাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বিশ্বনাথ চাৰিআলি চহৰৰ যান-জঁট লাঘৱ কৰিব ।

গোলকীয় স্বীকৃতি : সম্পূৰ্ণ হোৱাৰ পিছত এই সুৰংগটো হ’ব ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো পানীৰ তলৰ পথ-ৰে’ল সুৰংগ ।

ৰাজ্যিক আৰু আঞ্চলিক সংযোগ : এই প্ৰকল্পই অসমৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহৰ সৈতে সংযোগ ব্যৱস্থা উন্নত কৰিব, যাৰ ফলত পৰিবহণ ব্যয় হ্ৰাস পাব ।

মাল্টি-মডেল ইণ্টিগ্ৰেচন : এই কৰিডৰটোৱে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া ডিভিজনৰ অন্তৰ্গত ৰঙিয়া-মুৰ্কংচেলেক শাখা আৰু তিনিচুকীয়া ডিভিজনৰ ফৰকাটিং-মৰিয়নি লুপ লাইনক সংযোগ কৰিব । ইয়াৰ উপৰি ই ১১টা অৰ্থনৈতিক কেন্দ্ৰ, ৩টা সামাজিক কেন্দ্ৰ, ৮টা লজিষ্টিক হাব, ৪টা ৰে’ল ষ্টেচন, ২টা বিমানবন্দৰ আৰু ২টা আভ্যন্তৰীণ জলপথ টাৰ্মিনেলক একেলগে সংযোগ কৰিব ।

অৰ্থনৈতিক আৰু কৌশলগত প্ৰভাৱ :

এই মেগা প্ৰকল্পটোৱে প্ৰায় ৮০ লাখ ব্যক্তি-দিনৰ প্রত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ ফলত ঔদ্যোগিক বিকাশ খৰতকীয়া হোৱাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বাণিজ্যিক দিশত এক নতুন দিগন্তৰ সূচনা হ’ব ।

এই বৃহৎ আন্তঃগাঁথনিমূলক পদক্ষেপে প্ৰযুক্তি-নিৰ্ভৰ প্ৰকল্পৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ যোগাযোগ ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অঞ্চলটোৰ দীৰ্ঘম্যাদী আৰ্থ-সামাজিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ব্ৰহ্মপুত্ৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ কাম; অসমৰ বাবে অশনি সংকেত

ব্ৰহ্মপুত্ৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ বান্ধ নিৰ্মাণৰ কাম

শনিবাৰে চীনে আনুষ্ঠানিকভাৱে অৰুণাচল প্ৰদেশৰ ভাৰত সীমান্তৰ সমীপৱৰ্তী তিব্বতৰ ব্ৰহ্মপুত্ৰ নদীত ১৬৭.৮ বিলিয়ন মাৰ্কিন ডলাৰৰ বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰে । চৰকাৰী তথ্য অনুসৰি চীনৰ প্ৰধানমন্ত্ৰী লি কেকিয়াঙে স্থানীয়ভাৱে ইয়াৰলুং জাংবো নামেৰে জনাজাত ব্ৰহ্মপুত্ৰ নদীৰ তলৰ অংশৰ নিয়িংচি চহৰত অনুষ্ঠিত এক অনুষ্ঠানত বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।

চৰকাৰী সংবাদ সংস্থা ছিনহুয়াই প্ৰকাশ কৰা অনুসৰি তিব্বত অঞ্চলৰ নিয়িংচিৰ মেইনলিং জলবিদ্যুৎ কেন্দ্ৰৰ বান্ধস্থলীত এই অনুষ্ঠান অনুষ্ঠিত হয় । বিশ্বৰ সৰ্ববৃহৎ আন্তঃগাঁথনি প্ৰকল্প বুলি গণ্য কৰা এই জলবিদ্যুৎ প্ৰকল্পই তলৰ দেশ, ভাৰত আৰু বাংলাদেশৰ বাবে চিন্তাৰ সৃষ্টি কৰিছে ।

প্ৰতিবেদনত কোৱা হৈছে যে এই প্ৰকল্পত পাঁচটা জল শক্তি কেন্দ্ৰ অন্তৰ্ভুক্ত কৰা হ’ব, য’ত মুঠ বিনিয়োগ প্ৰায় ১.২ ট্ৰিলিয়ন ইউয়ান (প্ৰায় ১৬৭.৮ বিলিয়ন মাৰ্কিন ডলাৰ) হ’ব বুলি অনুমান কৰা হৈছে ।

২০২৩ চনৰ এক প্ৰতিবেদন অনুসৰি এই জল শক্তি কেন্দ্ৰটোৱে প্ৰতি বছৰে ৩০০ বিলিয়ন কিলোৱাট ঘণ্টাৰো অধিক বিদ্যুৎ উৎপাদন কৰিব বুলি আশা কৰা হৈছে, যিটো ৩০ কোটিতকৈ অধিক লোকৰ বাৰ্ষিক প্ৰয়োজনীয়তা পূৰণৰ বাবে যথেষ্ট । ইয়াৰ জৰিয়তে মূলতঃ বাহ্যিক ব্যৱহাৰৰ বাবে বিদ্যুৎ যোগান ধৰাৰ লগতে চীনে আনুষ্ঠানিকভাৱে জিজাং বুলি কোৱা তিব্বতৰ স্থানীয় চাহিদা পূৰণ কৰিব ।

এই অনুষ্ঠানত ৰাষ্ট্ৰীয় উন্নয়ন আৰু সংস্কাৰ আয়োগ আৰু চীনৰ শক্তি নিৰ্মাণ নিগমকে ধৰি বিভিন্ন সংগঠনৰ প্ৰতিনিধি আৰু স্থানীয় লোকে অংশগ্ৰহণ কৰে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । যোৱা বছৰৰ ডিচেম্বৰ মাহত এই প্ৰকল্পই অনুমোদন লাভ কৰিছিল ।

ব্ৰহ্মপুত্ৰ নদীয়ে বিশাল ইউ টাৰ্ণ লৈ অৰুণাচল প্ৰদেশ আৰু তাৰ পিছত বাংলাদেশত প্ৰৱেশ কৰা হিমালয়ৰ পৰ্বতমালাৰ বিশাল উপত্যকাটোৰ ওপৰেৰে নিৰ্মাণ হ’ব এই বান্ধ । পূৰ্বৰ খবৰ অনুসৰি এই প্ৰকল্পৰ আকাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বুলি বিবেচিত চীনৰ নিজা থ্ৰী গৰ্জেছ বান্ধকে ধৰি বিশ্বৰ আন আন্তঃগাঁথনি প্ৰকল্পতকৈ বহু বেছি হ’ব ।

ইতিমধ্যে চীনে ২০১৫ চনত তিব্বতৰ সৰ্ববৃহৎ ১.৫ বিলিয়ন মাৰ্কিন ডলাৰৰ জেম হাইড্ৰ’ পাৱাৰ ষ্টেচন আৰম্ভ কৰি ভাৰতত উদ্বেগ বৃদ্ধি কৰিছে ।

ভাৰতে উদ্বেগ প্ৰকাশ কৰিছে যে এই বান্ধৰ আকাৰ আৰু পৰিসৰৰ বাবে চীনক পানীৰ প্ৰবাহ নিয়ন্ত্ৰণৰ অধিকাৰ দিয়াৰ উপৰিও বেইজিঙে বৃহৎ পৰিমাণৰ পানী এৰি দিব পাৰিব, যাৰ ফলত যুদ্ধৰ সময়ত সীমান্ত অঞ্চল বানপানী হ’ব পাৰে । ভাৰতেও অৰুণাচল প্ৰদেশৰ ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰি আছে ।

ভাৰত আৰু চীনে ২০০৬ চনত সীমা অতিক্ৰম কৰা নদীৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ এক্সপাৰ্ট লেভেল মেকানিজম (ELM) স্থাপন কৰিছিল, যাৰ অধীনত চীনে বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ নদী আৰু ছুটলেজ নদীৰ জলবিজ্ঞানৰ তথ্য ভাৰতক প্ৰদান কৰে ।

লগতে পঢ়ক : জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !

‘চীনে ব্ৰহ্মপুত্ৰৰ পানী বন্ধ কৰিলে কি হ’ব’; পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

পাকিস্তানৰ ভাবুকিৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে কয় যে ভাৰতে সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত পাকিস্তানে এটা নতুন কাহিনী বনাইছে যে যদি চীনে ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহ বন্ধ কৰি দিয়ে তেন্তে কি হ’ব ? অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পাকিস্তানৰ মনেগঢ়া এই ভাবুকি নুই কৰি কয় যে প্ৰথমে চীনে এনে কোনো পদক্ষেপ গ্ৰহণ নকৰে আৰু সেয়া হ’লেও অসমত প্ৰতি বছৰে হোৱা বানপানী হ্ৰাস কৰাতহে সহায় কৰিব ।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এটা পোষ্টত হিমন্ত বিশ্ব শৰ্মাই কয় যে ‘ভাৰতে সিন্ধু জল চুক্তিক নস্যাৎ কৰাৰ পাছত পাকিস্তানে এতিয়া নতুন এক কল্পনাপ্রসূত শংকাৰ সৃষ্টি কৰিব খুজিছে- ‘যদি চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটা দিয়ে ভাৰতৰ কি হ’ব?’ ভাৰতৰ একো নহয় ৷ এই ভ্ৰান্ত ধাৰণাসমূহ তথ্যৰ আধাৰত আমি নস্যাৎ কৰিম ৷’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই আৰু লিখিছে যে, ‘ব্ৰহ্মপুত্ৰই ইয়াৰ মহাবাহু বিশাল ৰূপ ধাৰণা কৰিছে ভাৰততহে ৷ চীনে ব্ৰহ্মপুত্ৰৰ পানীৰ ৩০-৩৫% হে যোগান ধৰে ৷ ইয়াৰে বেছিভাগ হিমবাহ গলি যোৱাৰ পাছত সৃষ্টি হোৱা পানী আৰু সীমিত তিব্বতীয় উপত্যকাত হোৱা বৰষুণৰ পৰা সৃষ্টি হোৱা পানী । বাকী থকা ৬৫ৰ ৭০% ব্ৰহ্মপুত্ৰৰ পানী ভাৰততে সৃষ্টি হৈছে, ভাৰততে বৈছে, এই পানী ব্ৰহ্মপুত্ৰলৈ বৈ আহিছে…

ক) অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড আৰু মেঘালয়ৰ মুষলধাৰ বৰষুণৰ পৰা

খ) সোৱণশিৰি, লোহিত, কামেং, মানস, ধনশিৰি, জীয়া-ভৰলী, কপিলী আদি প্ৰধান উপনৈৰ পৰা

গ) খাচি, গাৰো আৰু জয়ন্তীয়া পাহাৰৰ পৰা; কৃষ্ণাই, ডিগাৰু, কুলসী আদি নৈৰ পৰা’

হিমন্ত বিশ্ব শৰ্মাই কয় ‘ভাৰত-চীন সীমান্তৰ টুটিঙত ব্ৰহ্মপুত্ৰৰ প্ৰবাহ প্ৰায় ২,০০০–৩,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ড ৷ অসমৰ ভৈয়ামত, যেনে- গুৱাহাটীত  এই প্ৰবাহ বাৰিষাৰ সময়ত ই ১৫,০০০ৰ পৰা ২০,০০০ ঘনমিটাৰ প্ৰতি ছেকেণ্ডলৈ বৃদ্ধি পায় ৷ ব্ৰহ্মপুত্ৰ ভাৰতৰ এনে এখন নদী নহয়, যি বৈ যাবলৈ হিমালয়ৰ ওপৰত নিৰ্ভৰ কৰে ৷ ব্ৰহ্মপুত্ৰক ভৰুণ কৰি ৰাখে ভাৰতৰ দোপালপিটা বৰষুণে ৷ সেয়ে লুইতে বল পাইছে ভাৰততহে ৷’

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পাকিস্তানক প্ৰত্যুত্তৰ দি কয়, ‘পাকিস্তানে এটা শাশ্বত সত্য জনা উচিত, যদিও চীনে চৰকাৰী মঞ্চত একো ভাবুকি প্ৰদান কৰা নাই, তথাপি যদিহে চীনে ব্ৰহ্মপুত্ৰৰ পানী ভেটাও দিয়ে ই আওপকীয়াকৈ হ’লেও ভাৰতক সহায়হে কৰিব, বিশেষকৈ বাৰিষাৰ বান নিয়ন্ত্ৰণৰ সময়ত ৷ যি বানে প্ৰতি বছৰে লক্ষাধিক লোকক ক্ষতিগ্ৰস্ত কৰে । ইফালে, পাকিস্তানে যোৱা ৭৪ বছৰে সিন্ধু জল চুক্তিৰ অধীনত ভাৰতৰ পৰা বৈ যোৱা পানীৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰি অভ্যস্ত হৈ পৰাৰ পাছত এতিয়া শংকাত ভুগিছে, যিহেতু ভাৰতে এতিয়া নিজৰ সাৰ্বভৌম অধিকাৰৰ কথা মনত পেলাই দিছে ৷ট

তেওঁ কয়, ‘সংক্ষেপে এটা কথা বুজাই দিবলৈ বিচাৰিছোঁ, ব্ৰহ্মপুত্ৰক কোনো এটা মাত্ৰ উৎসই নিয়ন্ত্ৰণ কৰিব নোৱাৰে ৷ ব্ৰহ্মপুত্ৰ চিৰ প্ৰবহমান নিজৰ ভৌগোলিক স্থিতিৰ বাবে ৷ আমাৰ আশীৰ্বাদ স্বৰূপ বাৰিষাৰ বাবে আৰু লুইতপৰীয়া সভ্যতাৰ ঐক্য-শক্তিৰ বাবে ৷’

লগতে পঢ়ক : আমাক দোষ দিয়া বন্ধ কৰক, নিজৰ ভিতৰলৈ চাওক… শ্বাহবাজৰ মন্তব্যক লৈ পাকিস্তানক প্ৰত্যুত্তৰ ভাৰতৰ

ব্ৰহ্মপুত্ৰ নদী ৰাফটিং অভিযানৰ ফ্লেগ অফ কৰিলে মুখ্যমন্ত্ৰীয়ে, দুঃসাহসিক পৰ্যটনে লাভ কৰিব প্ৰসাৰ

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে শনিবাৰে ব্ৰহ্মপুত্ৰ নদীত ৰাফ্টৰ বাবে এক ঐতিহাসিক অভিযানৰ ফ্লেগ অফ কৰে । ১৪ জানুৱাৰীৰ পৰা অৰুণাচল প্ৰদেশৰ গেলিঙৰ পৰা আৰম্ভ কৰি ১৪ ফেব্ৰুৱাৰীত অসমৰ ধুবুৰী-হাটশিঙিমাৰীত সামৰণি পৰিব এই অভিযান । এই অনুষ্ঠানৰ আয়োজন কৰিছে নেচনেল ইনষ্টিটিউট অৱ মাউণ্টেইনিং এণ্ড এডভেঞ্চাৰ স্পৰ্টছে ।

গুৱাহাটীত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে প্ৰকাশ কৰা অনুসৰি ব্ৰহ্মপুত্ৰ নদীৰ ৯১৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লগা এয়া এনেধৰণৰ প্ৰথমটো যাত্ৰা । ই ইয়াৰ সৌন্দৰ্য আৰু প্ৰত্যাহ্বানমূলক ৰেপিড প্ৰদৰ্শন কৰিব । এই অভিযানৰ লক্ষ্য হৈছে দুঃসাহসিক পৰ্যটনক প্ৰসাৰিত কৰা, পৰিৱেশ সজাগতাক উৎসাহিত কৰা আৰু যুৱক-যুৱতীসকলক দুঃসাহসিক ক্ৰীড়াত অংশগ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰা ।

ইটানগৰস্থিত মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত এক অনুষ্ঠানত নিমাছৰ সঞ্চালক কৰ্ণেল ৰণবীৰ সিং জামৱালে মুখ্যমন্ত্ৰী পেমা খাণ্ডুক অভিযানৰ উদ্দেশ্য, প্ৰত্যাহ্বান আৰু আশা কৰা ধৰণৰ ফলাফলৰ বিষয়ে অৱগত কৰে । জামৱাল নিমাছৰ উপ-সভাপতিও । মুখ্যমন্ত্ৰীয়ে সমগ্ৰ দলটোৰ সৈতে মত বিনিময় কৰি শুভেচ্ছা জনায় আৰু প্ৰত্যাহ্বানমূলক অভিযানৰ সফলতাৰ ওপৰত আস্থা প্ৰকাশ কৰে । লগতে দলটোক ঘূৰি আহিলে আদৰিবলৈ আগ্ৰহী বুলিও কয় ।

এই ঐতিহাসিক অভিযানে মানৱ আত্মাৰ অজেয় শক্তিৰ সাক্ষ্যই নহয়, ভাৰতত নদী ৰাফটিঙক দুঃসাহসিক ক্ৰীড়া হিচাপে প্ৰচাৰ কৰাৰ ক্ষেত্ৰতো উল্লেখযোগ্য অৱদান আগবঢ়াব ।

ভাৰতত ইয়াৰ কোনো প্ৰভাৱ নপৰে… ব্ৰহ্মপুত্ৰত নিৰ্মাণ হ’বলগীয়া বান্ধ সন্দৰ্ভত চীনৰ স্পষ্টীকৰণ

চীনৰ নতুন বান্ধ প্ৰকল্পই ভাৰত আৰু বাংলাদেশৰ বাবে মূৰৰ বিষ বুলি প্ৰমাণিত হৈছে । ইয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰবাহত প্ৰভাৱ পৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ সুক্ষ্ম ভৌগোলিক অৱস্থাও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে । অৱশ্যে চীনে সোমবাৰে কয় যে প্ৰস্তাৱিত প্ৰকল্পটোৰ সম্পূৰ্ণ বৈজ্ঞানিক পৰীক্ষণ কৰা হৈছে আৰু ইয়াৰ ফলত নদীখনৰ তলত অৱস্থিত ভাৰত আৰু বাংলাদেশত ইয়াৰ কোনো নেতিবাচক প্ৰভাৱ নপৰে । প্ৰায় ১৩.৭ বিলিয়ন মাৰ্কিন ডলাৰ ব্যয় হ’ব বুলি অনুমান কৰা এই প্ৰকল্পটো সঘনাই ভূমিকম্পৰ প্ৰৱণতা থকা পৰিৱেশগতভাৱে ভংগুৰ হিমালয় অঞ্চলৰ টেকটনিক প্লেটৰ সীমাত অৱস্থিত ।

যোৱা মাহত চীনে তিব্বতত ভাৰতৰ সীমান্তৰ সমীপৱৰ্তী ব্ৰহ্মপুত্ৰ নদীত য়াৰলুং জাংবো নামৰ বান্ধ নিৰ্মাণৰ পৰিকল্পনাত অনুমোদন জনাইছিল । পৰিকল্পনা অনুসৰি হিমালয়ৰ ঢালৰ বিশাল উপত্যকাৰ ওপৰেৰে এই বৃহৎ নদীবান্ধটো নিৰ্মাণ কৰা হ’ব, য’ৰ পৰা ব্ৰহ্মপুত্ৰ অৰুণাচল প্ৰদেশলৈ আৰু তাৰ পিছত বাংলাদেশলৈ বৈ যায় ।

ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণ কৰিবলৈ যোৱা চীনে কি ক’লে ?

চীনৰ নতুন বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ গুও জিয়াকুনে সংবাদমেলযোগে বান্ধ সন্দৰ্ভত উদ্বেগ প্ৰকাশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে য়াৰলুং ছাংপো নদী (ব্ৰহ্মপুত্ৰ নদীৰ তিব্বতী নাম)ৰ তলৰ অংশত চীনে নিৰ্মাণ কৰি থকা জলবিদ্যুৎ প্ৰকল্পটো ভালদৰে বৈজ্ঞানিকভাৱে পৰীক্ষা কৰা হৈছে । ইয়াৰ ফলত তলৰ দেশসমূহৰ পৰিৱেশ, ভূতাত্ত্বিক আৰু জলসম্পদত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে ।