গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধন কৰাৰ লগতে এই সেতু খোজ কাঢ়ি পৰিদৰ্শন কৰে । উন্নয়নৰ বতৰা লৈ শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমভূমিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিয়ে কেইবাটাও অভিলাষী প্ৰকল্প । ডিব্ৰুগড় জিলাৰ মৰাণত ইমাৰ্জেন্সী

প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধন কৰাৰ লগতে এই সেতু খোজ কাঢ়ি পৰিদৰ্শন কৰে ।

উন্নয়নৰ বতৰা লৈ শনিবাৰে অসমত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অসমভূমিত উপস্থিত হৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যবাসীক উপহাৰ দিয়ে কেইবাটাও অভিলাষী প্ৰকল্প । ডিব্ৰুগড় জিলাৰ মৰাণত ইমাৰ্জেন্সী লেণ্ডিং ফেচিলিটি উদ্বোধন কৰাৰ পাছত গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী । গুৱাহাটীত ৰাজ্যবাসীলা কেইবাটাও উল্লেখ্যযোগ্য প্ৰকল্পৰ উচৰ্গা কৰে তেওঁ । ইয়াৰ ভিতৰত আছিল বহু প্ৰত্যাশিত গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলং উদ্বোধন কৰাৰ লগতে এই সেতু খোজ কাঢ়ি পৰিদৰ্শন কৰে ।

উল্লেখ্য যে, বহু প্ৰত্যাশিত এই দলংখনে গুৱাহাটীক উত্তৰ-গুৱাহাটীৰ সৈতে সংযোগ কৰিব আৰু ই উত্তৰ-পূব ভাৰতৰ প্ৰথমখন এক্সট্ৰাড’জড দলং । এই আধুনিক, ছয় লেনযুক্ত দলংখন প্ৰায় ৩,০৩০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হৈছে । ইয়াৰ নিৰ্মাণৰ ফলত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত যাতায়তৰ সময় মাত্ৰ ৭ মিনিটলৈ হ্ৰাস পাব, যাৰ ফলত যাতায়ত কৰা লোকসকলে যথেষ্ট সকাহ পাব ।

কিয় বিশেষ কুমাৰ ভাস্কৰ বৰ্মা সেতু ?

অসম ভূমিকম্প প্ৰৱণ অঞ্চল, বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি এই দলং নিৰ্মাণ কৰা হৈছে । এই সেতু নিৰ্মাণত বেচ আইছ’লেচন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যিয়ে ভূমিকম্পৰ কম্পন হ্ৰাস কৰাত সহায় কৰে । তদুপৰি ইয়াৰ শক্তি আৰু স্থায়িত্ব নিশ্চিত কৰিবলৈ উচ্চ কাৰ্যক্ষম কেবল স্থাপন কৰা হৈছে ।

ইয়াৰ উপৰিও দলংখনত ব্ৰীজ হেল্থ মনিটৰিং চিষ্টেম স্থাপন কৰা হৈছে । এই ব্যৱস্থাই দলঙৰ অৱস্থা নিৰীক্ষণ কৰিব, যিকোনো ক্ষতি আগতীয়াকৈ ধৰা পেলাব আৰু সুৰক্ষা নিশ্চিত কৰিব । এই দলঙে কেৱল যাতায়ত সহজ কৰি তোলাই নহয়, অঞ্চলটোৰ উন্নয়ন আৰু সংযোগ ক্ষমতাও বৃদ্ধি কৰিব ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ লগতে IIMৰ অস্থায়ী কেম্পাছ আৰু ১০০খন ইলেক্ট্ৰিক বাছো মুকলি কৰি ৰাজ্যবাসীলৈ উচ্ৰগা কৰে ।

লগতে পঢ়ক : অসমত জৰুৰীকালীন অৱতৰণৰ সুবিধাৰ আৰম্ভণি, প্ৰধানমন্ত্ৰী মোদীৰ বিমানৰ ঐতিহাসিক অৱতৰণ; জানক সকলো