ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছত নিৰ্মিত জৰুৰীকালীন অৱতৰণ সুবিধাত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।
চীন সীমান্তৰ সমীপত দেশৰ কৌশলগত শক্তিৰ ক্ষেত্ৰত আজি সংযোজন হয় এক নতুন অধ্যায় । ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছত নিৰ্মিত জৰুৰীকালীন অৱতৰণ সুবিধাত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ অৱতৰণৰ লগে লগে ঘাইপথৰ এই ষ্ট্ৰিপটো বায়ুসেনাৰ কৌশলগত নেটৱৰ্কৰ অংশ হৈ পৰে । ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমানত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
একে সময়তে ডিব্ৰুগড়ৰ মৰাণ বাইপাছত থকা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ)ৰ পৰা ভাৰতীয় বায়ুসেনাৰ ছুখই-৩০এম কে আই উৰা মাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উপস্থিত থকা আন সকলো এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হয় ।
প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণৰ ঐতিহাসিক মুহুৰ্ত-
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰী অৱতৰণ সুবিধাত অৱতৰণ কৰে । এয়া আছিল এক ঐতিহাসিক মুহূৰ্ত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমানেৰে ই এল এফত অৱতৰণ কৰে । ইয়াৰ পিছত তেওঁ যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আদিয়ে প্ৰদৰ্শন কৰা এয়াৰশ শ্ব’ৰ সাক্ষী হয় । উল্লেখ্য যে, এই সুবিধা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ই এল এফ । ইয়াৰ নিৰ্মাণৰ ফলত জৰুৰীকালীন অৱস্থাত সামৰিক আৰু অসামৰিক বিমানৰ অৱতৰণ আৰু উৰণৰ সুবিধা হ’ব ।
জৰুৰীকালীন অৱতৰণ সুবিধা কি ?
যুদ্ধ আৰু জৰুৰীকালীন অৱস্থাৰ বাবে জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) হৈছে এক বিকল্প ৰাণৱে সুবিধা । যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আদিৰ বাবে বিকল্প অৱতৰণ স্থান প্ৰদান কৰিবলৈ ঘাইপথত এটা ষ্ট্ৰিপ নিৰ্মাণ কৰা হয় । ই এল এফে ৪০ টন পৰ্যন্ত ওজনৰ যুদ্ধ বিমান আৰু সৰ্বোচ্চ টেক অফ ওজন ৭৪ টন পৰ্যন্ত বিমান পৰিবহণ কৰিবলৈ সক্ষম ।

উল্লেখ্য যে সমগ্ৰ দেশতে ২৮টা ই এল এফৰ পৰিকল্পনা কৰা হৈছে । বৰ্তমান অসমক বাদ দি দেশত পাঁচটা এনে সুবিধা আছে । অসমৰ এই সুবিধা গুৰুত্বপূৰ্ণ কাৰণ ই চীন সীমান্তৰ অতি ওচৰত, যিটো কৌশলগতভাৱে অতিশয় গুৰুত্বপূৰ্ণ ।
দেশৰ এই পাঁচটা স্থানত আছে ই এল এফৰ সুবিধা :
-ৰাজস্থানৰ বাৰ্মেৰ (এন এইচ-৯২৫এ)
-উত্তৰ প্ৰদেশৰ আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱে
-উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে
-ওড়িশাৰ বালাছোৰ (এন এইচ-১৬)
-অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ (NH-16)
উত্তৰ-পূৱত কিয় প্ৰয়োজনীয় এই সুবিধাৰ ?
উত্তৰ-পূব ভাৰত স্পৰ্শকাতৰ সীমান্ত (চীন, ম্যানমাৰ, বাংলাদেশ)ৰ ওচৰত । ইয়াৰ ভূখণ্ড নদী, পাহাৰৰ দৰে কঠিন বৈশিষ্ট্যৰ লগতে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ সঘনাই হয় । এই প্ৰকল্পসমূহে প্ৰাকৃতিক দুৰ্যোগ আৰু শত্ৰুৰ আক্ৰমণ দুয়োটাৰে পৰা সুৰক্ষা প্ৰদান কৰিব । এই সুবিধাই সামৰিক বাহিনীৰ বাবে দ্ৰুত সঁহাৰি আৰু উন্নত লজিষ্টিক প্ৰদান কৰিব । প্ৰতিৰক্ষা আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতে সংযোগ আৰু উন্নয়ন আনিব ।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা মেৰুদণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় ই এল এফ এক মাইলৰ খুঁটি । ই ভাৰতৰ কৌশলগত দৃষ্টিভংগীক প্ৰতিফলিত কৰে । ই ভৌগলিক প্ৰত্যাহ্বানসমূহক শক্তিলৈ ৰূপান্তৰিত কৰিছে । ভৱিষ্যতে এনেধৰণৰ প্ৰকল্পই উত্তৰ-পূবক আৰু অধিক সুৰক্ষিত আৰু বিকাশ সাধন কৰিব ।
লগতে পঢ়ক : বাংলাদেশলৈ যাব নেকি প্ৰধানমন্ত্ৰী মোদী? তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰণৰ সম্ভাৱনা









