ডিব্ৰুগড়ত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতিঃ বন্যাৰ্তৰ বাবে জাৰি নিৰ্দেশনা

ৰাজ্যৰ ঠায়ে ঠায়ে বানে লৈছে কালৰূপ । বলিয়া বানৰ তাণ্ডৱত দিশহাৰা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । ডিব্ৰুগড়তো বান পৰিস্থিতি ভয়াৱহ হৈ পৰিছে ।

ডিব্ৰুগড়ত ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি

-জিলা প্ৰশাসনে মুকলি কৰিছে ৩টা হেল্পলাইন নম্বৰ

-হেল্পলাইন নম্বৰকেইটা হৈছে- ০৩৭৩-২৩১২৯৪০

০৩৭৩-২৪৫০১০০

-টোল ফ্ৰী নম্বৰ- ১০৭৭

-বন্যাৰ্তৰ বাবে  জাৰি ১০টাকৈ নিৰ্দেশনা

১. নদী, নিজৰা বা চাপৰি অঞ্চলৰ পথাৰত মাছ ধৰিবলৈ বা কাম কৰিবলৈ নাযাব

২. প্লাৱিত পথ, দলং বা কালভাৰ্ট খোজকাঢ়ি বা বাহনেৰে পাৰ নহ’ব

৩. বানপানী চাবলৈ নদীৰ পাৰ, মথাউৰি বা খহনীয়াত পৰিব পৰা স্থানলৈ নাযাব

৪. শিশুক বানপানীৰ পানীত খেলা-ধূলা কৰিবলৈ, সাঁতুৰিবলৈ বা গা ধুবলৈ নিদিব

৫. লাইফ জেকেট আৰু প্ৰশিক্ষিত নাৱিক অবিহনে নাও ব্যৱহাৰ নকৰিব

৬. পানীৰ তলত পৰি থকা বৈদ্যুতিক খুঁটা, চিঙা তাঁৰ বা বৈদ্যুতিক সঁজুলিত হাত নিদিব

৭. পানীৰ তলত থকা বা জলমগ্ন পথত গাড়ী নচলাব

৮. শিশু, বৃদ্ধ, গৰ্ভৱতী মহিলা বা দিব্যাংগ লোকসকলক অকলে এৰি নাযাব

৯. গুৰুত্বপূৰ্ণ নথি-পত্ৰ, দৰব, নগদ ধন বা মোবাইল ফোন মাটিত নাৰাখিব

১০. ঘৰত পানীৰ স্তৰ দ্ৰুতগতিত বাঢ়িলে ওখ ঠাইলৈ যাব

লগতে পঢ়ক : ৰাজ্যত বানৰ তাণ্ডৱ, ছয়খন জিলাৰ ২২ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত

ডিব্ৰুগড়ত অবৈধ দখলৰ বিৰুদ্ধে এক্সন মুডত জিলা প্ৰশাসন

ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ৰ পিছফালে থকা পল্টন বজাৰত সোমবাৰে জিলা প্ৰশাসনে এক উচ্ছেদ অভিযান চলায় ।

অবৈধ দখলৰ বিৰুদ্ধে এক্সন মুডত ডিব্ৰুগড় জিলা প্ৰশাসন । সোমবাৰে জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ পিছফালে থকা পল্টন বজাৰত এক বৃহৎ উচ্ছেদ অভিযান চলাই । এই উচ্ছেদ অভিযানত প্ৰশাসনে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থকা প্ৰায় ৯ বিঘা মাটি বেদখল মুক্ত কৰে । কোনো বাধা অবিহনেই শান্তিপূৰ্ণভাৱে এই উচ্ছেদ সমাপন কৰে প্ৰশাসনে ।

ডিব্ৰুগড় জিলা প্ৰশাসনে জনোৱা মতে উচ্ছেদিত এই মাটিখিনিত দীৰ্ঘদিনৰ পৰা প্ৰায় ৬০ টা পৰিয়ালে অবৈধভাৱে বাস কৰি আছিল । উচ্ছেদৰ পূৰ্বে এই পৰিয়ালসমূহলৈ স্থান খালী কৰিবলৈ জাননীও প্ৰেৰণ কৰিছিল প্ৰশাসনে ।

আৰক্ষীৰ সহযোগত চলোৱা এই উচ্ছেদ অভিযানত কোনো ধৰণৰ বাধা বা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হয় । প্ৰশাসনে জনোৱা মতে অকৰ্তৃত্বশীলভাৱে দখল কৰি থকা চৰকাৰী মাটি উদ্ধাৰৰ বাবে এই উচ্ছেদ অভিযান চলোৱা হয় । প্ৰশাসনে এক্সেভেটৰ আৰু অন্যান্য যন্ত্ৰ-পাতি ব্যৱহাৰ কৰি অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰে ।

উল্লেখ্য যে, এই অঞ্চলটো ডিব্ৰুগড়ৰ মাইজান অঞ্চলৰ সমীপৱৰ্তী নদীৰ পাৰৰ অংশ, য’ত প্ৰশাসনে পূৰ্বেও ৰাজহুৱা ভূমি দখলক লৈ উদ্বেগ প্ৰকাশ কৰিছিল । ইফালে চৰকাৰী ভূমি বেদখল হৈ থকা ডিব্রুগড়ৰ অন্যান্য প্ৰান্ততো অনাগত দিনত অনুৰূপ অভিযান চলোৱাৰ সম্ভাৱনা আছে বুলি ইংগিত দিয়ে প্ৰশাসনে ।

লগতে পঢ়ক : গুৱাহাটীবাসী সাৱধান! দুৰ্যোগ প্ৰশমন বিভাগৰ জৰুৰী সতৰ্কবাণী!

দ্বিতীয় ৰাজধানীলৈ পৰিণত হ’ব ডিব্ৰুগড়;নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত

অসমৰ কেবিনেটে ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানীলৈ পৰিণত কৰিবৰ বাবে অনুমোদন জনাইছে।

অসম কেবিনেটে ডিব্ৰুগড়বাসীৰ বাবে এক সুখবৰ দিছে।ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ নতুন কেবিনটৰ ডাঙৰ সিদ্ধান্ত লৈছে। ৰাজ্যখনৰ দ্বিতীয়খন ৰাজধানীৰ প্ৰসাৰ কাৰ্যত দিশদৰ্শন কৰিবলৈ এটা সুকীয়া উন্নয়ন প্ৰাধিকৰণ গঠনৰ বাবে অনুমোদন জনাইছে। শুকুৰবাৰে হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত অনুষ্ঠিত প্ৰথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰস্তাৱিত ৰাজ্যিক ৰাজধানী অঞ্চলটোৱে ডিব্ৰুগড় ৰাজধানী কমপ্লেক্সৰ ২০ কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰৰ এলেকাসমূহ সাঙুৰি ল’ব। এই অঞ্চলটোৰ পৰিকল্পনা আৰু উন্নয়নৰ তদাৰক কৰিবলৈ চৰকাৰে ‘ৰাজ্যিক ৰাজধানী অঞ্চল উন্নয়ন প্ৰাধিকৰণ, ডিব্ৰুগড়’ গঠনত অনুমোদন দিছে।ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী এই Authorityৰ অধ্যক্ষ দিয়া হ’ব। এই Authorityৰ অধ্যক্ষ গৰাকী কেবিনেট মৰ্যাদা লাভ কৰিব।কেৱল ইমানেই নহয়  জিলা আয়ুক্ত এই Authorityৰ সদস্য হিচাপে থাকিব। ইয়াৰ বাবে এজন CEO নিযুক্ত কৰা হ’ব। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী হিচাবে নিৰ্মাণ কৰিবলৈ ৫০০ কোটি  ব্যয় কৰিব চৰকাৰে। ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে এই ধন ব্যয় কৰা হ’ব।

দ্বিতীয়খন ৰাজধানী অঞ্চলৰ উন্নয়নৰ সৈতে সংগতি ৰাখি আঞ্চলিক আৰু খণ্ডভিত্তিক উন্নয়ন পৰিকল্পনা প্ৰস্তুত কৰা, বিকাশৰ কৰিডৰসমূহ চিনাক্ত কৰা আৰু ভৱিষ্যতৰ নগৰীকৰণৰ প্ৰসাৰৰ পৰিকল্পনা কৰাৰ দায়িত্ব এই প্ৰাধিকৰণক অৰ্পণ কৰা হ’ব।

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ ভাল খবৰ; বৃদ্ধি পালে মৰগীয়া বানচ

অসমত জৰুৰীকালীন অৱতৰণৰ সুবিধাৰ আৰম্ভণি, প্ৰধানমন্ত্ৰী মোদীৰ বিমানৰ ঐতিহাসিক অৱতৰণ; জানক সকলো

ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছত নিৰ্মিত জৰুৰীকালীন অৱতৰণ সুবিধাত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

চীন সীমান্তৰ সমীপত দেশৰ কৌশলগত শক্তিৰ ক্ষেত্ৰত আজি সংযোজন হয় এক নতুন অধ্যায় । ডিব্ৰুগড় জিলাৰ মৰাণ বাইপাছত নিৰ্মিত জৰুৰীকালীন অৱতৰণ সুবিধাত বায়ুসেনাৰ বিশেষ বিমানেৰে অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ অৱতৰণৰ লগে লগে ঘাইপথৰ এই ষ্ট্ৰিপটো বায়ুসেনাৰ কৌশলগত নেটৱৰ্কৰ অংশ হৈ পৰে । ভাৰতীয় বায়ুসেনাৰ চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমানত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

একে সময়তে ডিব্ৰুগড়ৰ মৰাণ বাইপাছত থকা ইমাৰ্জেন্সি লেণ্ডিং ফেচিলিটি (ই এল এফ)ৰ পৰা ভাৰতীয় বায়ুসেনাৰ ছুখই-৩০এম কে আই উৰা মাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে উপস্থিত থকা আন সকলো এই ঐতিহাসিক মূহুৰ্তৰ সাক্ষী হয় ।

প্ৰধানমন্ত্ৰীৰ বিমান অৱতৰণৰ ঐতিহাসিক মুহুৰ্ত-

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ডিব্ৰুগড়ৰ মৰাণ বাইপাছৰ জৰুৰী অৱতৰণ সুবিধাত অৱতৰণ কৰে । এয়া আছিল এক ঐতিহাসিক মুহূৰ্ত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চি-১৩০জে ছুপাৰ হাৰকিউলিছ বিমানেৰে ই এল এফত অৱতৰণ কৰে । ইয়াৰ পিছত তেওঁ যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আদিয়ে প্ৰদৰ্শন কৰা এয়াৰশ শ্ব’ৰ সাক্ষী হয় । উল্লেখ্য যে, এই সুবিধা উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ই এল এফ । ইয়াৰ নিৰ্মাণৰ ফলত জৰুৰীকালীন অৱস্থাত সামৰিক আৰু অসামৰিক বিমানৰ অৱতৰণ আৰু উৰণৰ সুবিধা হ’ব ।

জৰুৰীকালীন অৱতৰণ সুবিধা কি ?

যুদ্ধ আৰু জৰুৰীকালীন অৱস্থাৰ বাবে জৰুৰীকালীন অৱতৰণ সুবিধা (ELF) হৈছে এক বিকল্প ৰাণৱে সুবিধা । যুদ্ধ বা জৰুৰীকালীন অৱস্থাত যুঁজাৰু বিমান, পৰিবহণ বিমান, হেলিকপ্টাৰ আদিৰ বাবে বিকল্প অৱতৰণ স্থান প্ৰদান কৰিবলৈ ঘাইপথত এটা ষ্ট্ৰিপ নিৰ্মাণ কৰা হয় । ই এল এফে ৪০ টন পৰ্যন্ত ওজনৰ যুদ্ধ বিমান আৰু সৰ্বোচ্চ টেক অফ ওজন ৭৪ টন পৰ্যন্ত বিমান পৰিবহণ কৰিবলৈ সক্ষম ।

উল্লেখ্য যে সমগ্ৰ দেশতে ২৮টা ই এল এফৰ পৰিকল্পনা কৰা হৈছে । বৰ্তমান অসমক বাদ দি দেশত পাঁচটা এনে সুবিধা আছে । অসমৰ এই সুবিধা গুৰুত্বপূৰ্ণ কাৰণ ই চীন সীমান্তৰ অতি ওচৰত, যিটো কৌশলগতভাৱে অতিশয় গুৰুত্বপূৰ্ণ ।

দেশৰ এই পাঁচটা স্থানত আছে ই এল এফৰ সুবিধা :

-ৰাজস্থানৰ বাৰ্মেৰ (এন এইচ-৯২৫এ)

-উত্তৰ প্ৰদেশৰ আগ্ৰা-লক্নৌ এক্সপ্ৰেছৱে

-উত্তৰ প্ৰদেশৰ পূৰ্বাঞ্চল এক্সপ্ৰেছৱে

-ওড়িশাৰ বালাছোৰ (এন এইচ-১৬)

-অন্ধ্ৰ প্ৰদেশৰ নেল্লোৰ (NH-16)

উত্তৰ-পূৱত কিয় প্ৰয়োজনীয় এই সুবিধাৰ ?

উত্তৰ-পূব ভাৰত স্পৰ্শকাতৰ সীমান্ত (চীন, ম্যানমাৰ, বাংলাদেশ)ৰ ওচৰত । ইয়াৰ ভূখণ্ড নদী, পাহাৰৰ দৰে কঠিন বৈশিষ্ট্যৰ লগতে বানপানীৰ দৰে প্ৰাকৃতিক দুৰ্যোগ সঘনাই হয় । এই প্ৰকল্পসমূহে প্ৰাকৃতিক দুৰ্যোগ আৰু শত্ৰুৰ আক্ৰমণ দুয়োটাৰে পৰা সুৰক্ষা প্ৰদান কৰিব । এই সুবিধাই সামৰিক বাহিনীৰ বাবে দ্ৰুত সঁহাৰি আৰু উন্নত লজিষ্টিক প্ৰদান কৰিব । প্ৰতিৰক্ষা আৰু অসামৰিক দুয়োটা ক্ষেত্ৰতে সংযোগ আৰু উন্নয়ন আনিব ।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিৰক্ষা মেৰুদণ্ড শক্তিশালী কৰাৰ ক্ষেত্ৰত ডিব্ৰুগড় ই এল এফ এক মাইলৰ খুঁটি । ই ভাৰতৰ কৌশলগত দৃষ্টিভংগীক প্ৰতিফলিত কৰে । ই ভৌগলিক প্ৰত্যাহ্বানসমূহক শক্তিলৈ ৰূপান্তৰিত কৰিছে । ভৱিষ্যতে এনেধৰণৰ প্ৰকল্পই উত্তৰ-পূবক আৰু অধিক সুৰক্ষিত আৰু বিকাশ সাধন কৰিব ।

লগতে পঢ়ক : বাংলাদেশলৈ যাব নেকি প্ৰধানমন্ত্ৰী মোদী? তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত নিমন্ত্ৰণৰ সম্ভাৱনা

‘অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’; ডিব্ৰুগড়ৰ পৰা অবৈধ বিদেশীক হুংকাৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ অবৈধ বিদেশীক সকীয়নি গৃহমন্ত্ৰী অমিত শ্বাহৰ। এজন এজনকৈ বিদশীক বহিষ্কাৰৰ ঘোষণা।

আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত এখন বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই জনসভাৰ পৰাই ২৬ ৰ নিৰ্বাচনী ৰণডংকা বজালে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে।ডিব্ৰুগড় অসমৰ দ্বিতীয় ৰাজধানী হোৱাৰ বাবে ডিব্ৰুগড়ৰ বাসীক গৃহমন্ত্ৰী গৰাকীয়ে অভিনন্দন জনাই।

ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰৰ পৰা গৃহমন্ত্ৰী গৰাকীয়ে অবৈধ বাংলাদেশীৰ সকীয়নি দিয়ে। তেওঁ কয় যে, ‘হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত তৃতীয় বাৰলৈ বিজেপি চৰকাৰ বনাওক।অসমৰ পৰা এজন এজনকৈ বিদশী বহিষ্কাৰ কৰা হ’ব’।

‘অনুপ্ৰৱেশকাৰীয়ে মহাপুৰুষ শংকৰদেৱৰ জন্মস্থানকো নেৰিলে।অনুপ্ৰৱেশকাৰীয়ে অসমৰ জনবিন্যাস সলনি কৰি পেলাইছে।যিসকল বিদেশী পূৰ্বে আহিলে তেওঁলোকক বহিষ্কাৰ কৰিবই লাগিব’।

‘কেৱল বিজেপিয়েহে সেই কাম কৰিব পাৰিব।১লাখ ২৪হাজাৰ একৰ ভূমি বাংলাদেশীৰ পৰা মুক্ত কৰাৰ দায়িত্ব বিজেপিৰ । সেয়ে সকলোৱে পুনৰবাৰে বিজেপি চৰকাৰ বনাওক’।

লগতে পঢ়ক: শেষ হ’ল মতানৈক্য; শশী থাৰুৰ আৰু ৰাহুল গান্ধীৰ ফটোৱে লগাইছে তোলপাৰ

মাজ আকাশতে এয়াৰ ইণ্ডিয়াৰ ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী বিমানত অঘটন

এয়াৰ ইণ্ডিয়াৰ ডিব্ৰুগড় অভিমুখী যাত্ৰীবাহী বিমানত অঘটন

গুৱাহাটীৰ পৰা ডিব্ৰুগড় অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমান কাৰিকৰী বিজুতিৰ সন্মুখীন হৈ পুনৰ গুৱাহাটীলৈ উভতি আহে । সোমবাৰে সংঘটিত হয় এই ঘটনা । পৰৱৰ্তী সময়ত মেৰামতি কৰাৰ পিছত বিমানখনে পুনৰ সন্ধিয়া নিৰাপদে ডিব্ৰুগড়ত উপস্থিত অৱতৰণ কৰে । অৱশ্যে এই সমস্যাৰ সবিশেষ এতিয়াও বিমান সংস্থাটোৱে প্ৰকাশ কৰা নাই ।

জানিব পৰা মতে বয়িং ৭৩৭ মেক্স ৮ বিমানখনে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দুপৰীয়া ১২:২০ বজাত উৰা মাৰিছিল আৰু ডিব্ৰুগড় বিমানবন্দৰত ১:২৫ বজাত অৱতৰণ কৰাৰ কথা আছিল । কিন্তু অৱতৰণ কৰাৰ ঠিক পূৰ্বে পাইলটে বিমানখনৰ এটা উইঙৰ সৈতে জড়িত এভিয়নিকছ চিষ্টেমত এক সমস্যা লক্ষ্য কৰি ততাতৈয়াকৈ গুৱাহাটীলৈ উভতি যাবলৈ বাধ্য হয় ।

অভিযন্তাৰ দ্বাৰা পৰিদৰ্শন আৰু মেৰামতিৰ অন্তত পুনৰ গুৱাহাটীৰ পৰা IX-1186 নম্বৰৰ বিমানখনে উৰা মাৰি সন্ধিয়া ৬:২০ বজাত ডিব্ৰুগড়ত উপস্থিত হয় । সকলো যাত্ৰী সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : নৌসেনাৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰ; দেখা গ’ল আই এন এছ বিক্ৰান্তৰ শক্তি

চলিত বৰ্ষতেই ৰাজ্যবাসীলৈ ৫০ হাজাৰ চৰকাৰী চাকৰি; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা

গণৰাজ্য দিৱসৰ দিনটোতেই ৰাজ্যৰ নিৱনুৱালৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিছে ভালখবৰ। চলিত বৰ্ষতেই ৫০ হাজাৰ চৰকাৰী চাকৰিত দিয়া হ’ব নিযুক্তি।

ইফালে ফেব্ৰুৱাৰীৰ শেষত অথবা মাৰ্চৰ প্ৰথম সপ্তাহতে ঘোষণা হ’ব ADRE ৰ ফলাফল।ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ কৰিলে ডাঙৰ মন্তব্য।

মুখ্যমন্ত্ৰী গৰাকীয়ে সম্পূৰ্ণ স্বচ্ছতাৰে ৫০ হাজাৰ নিৱনুৱাক পুনৰ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়ে।

ভয়ংকৰ ; ৰোগী কঢ়িয়াই নিয়াৰ সময়তেই দুৰ্ঘটনাত পতিত ১০৮ বাহন

ডিব্ৰুগড় লেঙেৰীৰ ৫২ নং B ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। ঘন কুঁৱলীৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰিল ১০৮ বাহন ।

দুৰ্ঘটনাটোৰ ফলত আশা কৰ্মীসহ কেইবা জনো অহত হোৱা বুলি জানিব পৰা গৈছে । জানিব পৰা মতে জয়পুৰৰ পৰা অসম মেডিকেল কলেজলৈ ৰোগী কঢ়িয়াই নিছিল এম্বুলেন্স খনে। সেই সময়তে দুৰ্ঘটনাত পতিত হয় ১০৮ বাহনখন।

ডিব্ৰুগড় আৰক্ষী চাউনিত অঘটন; নিজৰ ছাৰ্ভিচ ৰিভলভাৰ পৰিস্কাৰ কৰি থাকোতেই নিহত কনিষ্টবল

ডিব্ৰুগড়ৰ আৰক্ষী চাউনিত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। গুলীবিদ্ধ হৈ মৃত্যু কনিষ্টবল মাধৱ চুতীয়া। জানিব পৰা মতে নিজৰ এ কে ৪৭ ছাৰ্ভিচ ৰিভলভাৰটো পৰিস্কাৰ কৰি থকাৰ সময়তে গুলীবিদ্ধ হয় মাধৱ চুতীয়া।

বন্দুকৰ গুলি আহি বুকুত লাগে মাধৱ চুতীয়াৰ । ফলত থিতাতে নিহত হয় জোৱানগৰাকী। ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ পি এছ অ হিচাপে কৰ্মৰত আছিল চুতিয়া ।