ভয়ংকৰ! নিশা ঘৰলৈ গৈ থকা বৃদ্ধাক পেটত ভৰালে খুকুৰি

গুৱাহাটীৰ মৌচুমী গগৈৰ হৃদয়বিদাৰক ঘটনাৰ সংঘটিত হোৱাৰ নিশাই ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চল লাহোৱালত আন এটি চাঞ্চল্যকৰ ঘটনা ।এগৰাকী বৃদ্ধা মহিলাক চুৰিকাঘাট দুৰ্বৃত্তৰ।

মহিলা গৰাকী কেশলতা হাজৰিকা ৬০ উধ্ব বুলি জানিব পৰা গৈছে। লাহোৱাল ৰাজাখাট তিনিআলিত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে বৃহস্পতিবাৰে নিশা প্ৰায় ১১ বজাত বন্ধু ধাৱাৰ সন্মুখত থকা পাণ দোকান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত মুখত কাপোৰ বান্ধি অহা অচিনাক্ত দুৰ্বৃত্তই টকা থকা বেগ কাঢ়িবলৈ লৈ মহিলাগৰাকী পেটত চুৰিকাঘাট কৰে ।

পিছত মহিলা গৰাকীক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ।  ঘটনাত ব্যৱহৃত চুৰি খন মহিলা গৰাকীৰ পেটত সোমাই থকা অৱস্থাতে পলায়ণ কৰে দুজনীয়া দুৰ্বৃত্তই।

বৰ্তমান লাহোৱাল আৰক্ষী ঘটনা স্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । টকা কাঢ়িবলৈ মহিলা গৰাকীক আক্ৰমণ কৰাৰ সন্দেহ আৰক্ষীৰ। একেদিনাই  সংঘটিত হোৱা দুটাকৈ লোমহৰ্ষক ঘটনায়ে এতিয়াৰ ৰাজ্যখনত জনসাধাৰণৰ মাজত চাঞ্চল্য সৃষ্টি কৰিছে।

শোকাৱহ ;  কইনা থৈ উভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা , গাড়ীৰ ভিতৰতে আৱদ্ধ হৈ মৃত্যু যুৱকৰ

ডিব্ৰুগড়ৰ লাহোৱালৰ চেচাঁ দলংত পুৱাই এক ভয়ংকৰ অঘটন সংঘটিত হৈছে। নিশা দলংৰ পৰা নদীত পৰিল এখন বিলাসী বাহন ।

জানিবপৰা মতে টেঙাখাটৰ তামুলীখাটৰ এখন বিয়াৰ কইনা থৈ ঘুৰি আহোতে এই ঘটনাটো সংগঠিত হয়।পিছত স্থানীয় লোকৰ তৎপৰতাত ৪জনক উদ্ধাৰ কৰা হয়। গুৰুতৰভাৱে আহত ৪জনক AMCHলৈ প্ৰেৰণ কৰা হয়।

কিন্তু দীৰ্ঘ সময় ধৰি সন্ধানহীন হৈ আছিল ঈশান গগৈ নামৰ যুৱক গৰাকী।পিছত SDRF, আৰক্ষী, স্থানীয় লোকৰ অভিযানত উদ্ধাৰ হয় যুৱকজনৰ মৃতদেহ।বাহনখনতেই আৱদ্ধ হৈ ঈশান গগৈৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে।

লাহোৱালৰ পৰা টেঙাখাট অভিমুখী পথত এই অঘটন। AMCHত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে অখিৰাজ গগৈ, ত্ৰিদীপ গগৈ, লাটু গগৈ আৰু বিপ্লৱ গগৈক।

শোকাৱহ;  জুইত জাহ গ’ল সপোনৰ ঘৰখন

ডিব্ৰুগড়ৰ লাহোৱালৰ মোহনবাৰীত ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডত নিমিষতে জাহ গ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান আৰু এটা বাসগৃহ । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয় ।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে যদিও সকলো জুইত জাহ যায় । অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই । ঘৰৰ সকলো জুইত জাহ যোৱাৰ পিছতেই কান্দোনত ভাগি পৰিছে গৃহস্থ।