উত্তৰ-পূব ভাৰতক লৈ বৃহৎ পৰিকল্পনা যুগুত কৰিছে কেন্দ্ৰীয় চৰকাৰে । সোমবাৰে এই বৃহৎ প্ৰকল্পটোৰ কথা উল্লেখ কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।
উত্তৰ-পূব ভাৰতক দেশৰ বাকী অংশৰ সৈতে সংযোগ কৰা, কৌশলগতভাৱে “চিকেন নেক” নামেৰে জনাযাত পথটো আৰু অধিক সুৰক্ষিত আৰু শক্তিশালী হ’ব । কেন্দ্ৰীয় চৰকাৰে এই গুৰুত্বপূৰ্ণ কৰিড’ৰটোত ভূগৰ্ভস্থ ৰে’লপথ স্থাপনৰ পৰিকল্পনা যুগুত কৰিছে । সোমবাৰে বাজেট আবণ্টনৰ বিষয়ে চৰ্চাত এই বৃহৎ প্ৰকল্পটোৰ কথা উল্লেখ কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ।
চৰকাৰৰ পৰিকল্পনা কি ?
পশ্চিম বংগৰ শিলিগুৰিৰ মাজেৰে পাৰ হৈ যোৱা এই পথটো অতি ঠেক আৰু ই ভাৰতৰ বাবে কৌশলগতভাৱে স্পৰ্শকাতৰ । ৰে’ল মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই কৰিডৰৰ বাবে এক বিশেষ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে । এই অঞ্চলত ভূগৰ্ভস্থ ৰেলপথ স্থাপনৰ পৰিকল্পনা কৰিছে । লগতে বৰ্তমানৰ ৰেলপথৰ ক্ষমতা চাৰি লেনলৈ বৃদ্ধি কৰাৰ বাবেও পৰিকল্পনা প্ৰ্সতুত কৰিছে চৰকাৰে ।
ভাৰতীয় ৰেলৱেৰ নেটৱৰ্ক আধুনিকীকৰণ আৰু সংযোগ সম্প্ৰসাৰণৰ ক্ষেত্ৰত পশ্চিম বংগই এক ডাঙৰ সাফল্য অৰ্জন কৰিছে । কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছে যে পশ্চিম বংগই প্ৰথমখন বুলেট ট্ৰেইন লাভ কৰিব । এই তীব্ৰবেগী কৰিড’ৰে কেৱল যাত্ৰাৰ সময় হ্ৰাস কৰাই নহয় উত্তৰ-পূব আৰু উত্তৰ ভাৰতৰ অৰ্থনৈতিক সম্পৰ্কলৈও এক নতুন গতি প্ৰদান কৰিব ।
বাৰাণসী-শিলিগুৰি বুলেট ট্ৰেইন আৰু আঞ্চলিক সংযোগ-
ৰে’ল মন্ত্ৰীগৰাকীৰ মতে, বংগৰ প্ৰথমখন বুলেট ট্ৰেইন বাৰাণসী আৰু শিলিগুৰিৰ মাজত চলিব, পাটনা (বিহাৰ)ৰ মাজেৰে পাৰ হৈ যাব । এই অভিলাষী প্ৰকল্পটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল ইয়াৰ ভৱিষ্যত সম্প্ৰসাৰণ । মন্ত্ৰালয়ে শিলিগুৰি পাৰ হৈ গুৱাহাটীলৈকে কৰিড’ৰ সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰিছে ।
ব্যৱসায়িক দৃষ্টিকোণৰ পৰা শিলিগুৰিক “চিকেন নেক” কৰিডৰৰ দুৱাৰমুখ বুলি গণ্য কৰা হয় । বাৰাণসী, পাটনা আৰু গুৱাহাটীৰ দৰে ডাঙৰ হাবসমূহক তীব্ৰবেগী ৰে’লৰ জৰিয়তে সংযোগ কৰিলে পৰ্যটনক উন্নীত হোৱা নহয় সেৱা খণ্ড আৰু এমএছএমইৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ’ব । এই প্ৰকল্পটো হ’ব উত্তৰ-পূবৰ ৰাজ্যসমূহক বিশেষকৈ ৰাষ্ট্ৰীয় মূলসুঁতিৰ সৈতে সংযোগ স্থাপনৰ এক শক্তিশালী মাধ্যম ।
লগতে পঢ়ক : ‘মই থকালৈকে মিঞাৰ শান্তি নাই’: অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী









