‘মই থকালৈকে মিঞাৰ শান্তি নাই’: অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী

‘মই থকালৈকে মিঞাৰ শান্তি নাই’: অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী

শাসনত থকালৈকে মিঞা বা অবৈধ লোকসকলে কষ্ট পাই থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মিঞাক কষ্ট দিলেহে ইয়াৰ পৰা যাব বুলি কয় তেওঁ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মিঞা তথা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি তীব্ৰ মন্তব্য

শাসনত থকালৈকে মিঞা বা অবৈধ লোকসকলে কষ্ট পাই থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । মিঞাক কষ্ট দিলেহে ইয়াৰ পৰা যাব বুলি কয় তেওঁ ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ মিঞা তথা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক লক্ষ্য কৰি তীব্ৰ মন্তব্য প্ৰদান কৰিছে । বিগত কিছুদিন ধৰি এই বিষয়টোত ধাৰাবাহিকভাৱে সৰৱ হৈ থকা মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে তেওঁ শাসনত থকালৈকে মিঞা বা অবৈধ লোকসকলে কষ্ট পাই থাকিব ।

কষ্ট দিলেহে মিঞা যাব

মুখ্যমন্ত্ৰীগৰাকীয়ে অতি স্পষ্টভাৱে কয় যে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰাটো ইমান সহজ কাম নহয় ।মুখ্যমন্ত্ৰীয়ে কয় :

“আমি তেওঁলোকক ক্ৰীম আৰু দৈ খুৱাই থাকিব নোৱাৰো আৰু তেওঁলোকে আমাৰ মাটি এৰি যাব বুলি আশা কৰিব নোৱাৰো । সেয়েহে মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী বিলাকে কষ্ট পাই থাকিব । তেওঁলোকক কষ্ট দিলেহে ইয়াৰ পৰা যাব ।”

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে তেওঁ যি কয় সেয়া পোনপটীয়াকৈ কয় । সেয়েহে তেওঁ পোনপোটকাকৈ কোৱা বুলি উল্লেখ কৰি কয় যে, যেতিয়ালৈকে তেওঁ শাসনৰ গদীত থাকিব, তেতিয়ালৈকে মিঞাক কষ্ট দি থাকিব । কোনোবা নহয় কোনোবা প্ৰকাৰে তেওঁলোকক কষ্ট দিয়া হ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

‘ৰিক্সাও চলাব নোৱাৰিব মিঞাই’

আনহাতে মিঞাই ৰিক্সা চলোৱাক লৈ কৰা পূৰ্বৰ মন্তব্যৰ স্পষ্টীকৰণ দি তেওঁ কয় যে যিহেতু মিঞা ভাৰতীয় নাগৰিক নহয়, সেয়েহে আইন অনুসৰি তেওঁলোকৰ ইয়াত কাম কৰাৰ কোনো অধিকাৰেই নাই । “এই দেশত কেৱল ভাৰতীয় নাগৰিকেহে কাম কৰিব পাৰে, গতিকে বাংলাদেশীয়ে কেনেকৈ কাম কৰিব ?”—এই বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

লগতে পঢ়ক : ‘অসমত অখিল গগৈৰ চৰকাৰ আৰু ৫০০ বছৰ পিছটো নাহে’; মুখ্যমন্ত্ৰী