মহাৰাষ্ট্ৰ পৌৰসভা নিৰ্বাচনত মহাযুতিৰ জয়লাভ; মুম্বাইত থাকৰে ৰাজৰ The End

মহাৰাষ্ট্ৰ পৌৰসভা নিৰ্বাচনত মহাযুতিৰ জয়লাভ; মুম্বাইত থাকৰে ৰাজৰ The End

মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয় লাভ কৰি সৰ্ববৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।ইয়াৰ লগে লগে মহাৰাষ্ট্ৰত অন্ত পৰিল থাকৰে শাসন মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ানবিছে বিএমচি আৰু অন্য পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল যে, মই নিশ্চিত যে আমি নিজৰ অভিলেখ ভংগ কৰিম আৰু ঠিক সেইটোৱেই হ’ল।’

মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয় লাভ কৰি সৰ্ববৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।ইয়াৰ লগে লগে মহাৰাষ্ট্ৰত অন্ত পৰিল থাকৰে শাসন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ানবিছে বিএমচি আৰু অন্য পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল যে, মই নিশ্চিত যে আমি নিজৰ অভিলেখ ভংগ কৰিম আৰু ঠিক সেইটোৱেই হ’ল।’

সেইটোও তেতিয়া হৈছে যেতিয়া ২০ বছৰৰ পাছত থাকৰে পৰিয়ালৰ পৰা বেলেগ হোৱা সম্পৰ্কীয় ভাতৃ পুনৰ একত্ৰিত হৈছে আৰু মাৰাঠী বিষয়টো পুনৰ উত্থাপন কৰিছিল। কিন্তু ১৬ জানুৱাৰীত যেতিয়া নিৰ্বাচনৰ ফলাফল আহিল, তেতিয়া ফাড়ানবিছে বিজেপিক ডাঙৰ জয়লাভ কৰিলে।

এই জয়ৰ লগতে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে শাসনৰ অন্ত পৰিছে। ক্ষমতাত নথকা সত্ত্বেও যি থাকৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ গুৰি ধৰোতা আছিল,যি থাকৰে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা কেন্দ্ৰৰ পৰা দূৰত্বত থাকিও ৰাজনীতি আৰু ক্ষমতাৰ শিখৰত আছিল, আজি তেওঁ শূণ্যলৈ সংকুচিত হৈছে।

যি উদ্ধৱ থাকৰেৰ এটা মাতত স্তব্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰ, আজি একেজন থাকৰেক মহাৰাষ্ট্ৰবাসীয়ে একাষৰীয়া কৰিলে। দেশৰ শক্তিশালী আৰু ধনী পৌৰসভাৰ পৰাও থাকৰেক অপসাৰণ কৰা হৈছে।

থাকৰে পৰিয়ালৰ আটাইতকৈ সবল ৰাজনৈতিক দুৰ্গও আজি ভাঙি পৰিল। যি থাকৰে কেতিয়াবা বিএমচি,ৰাজ্য আৰু কেন্দ্ৰত ক্ষমতা দখল কৰিছিল,তেওঁৰ ওচৰত এতিয়া মাত্ৰ মাতাশ্ৰী হে আছে গৈ।সময়ৰ লগে লগে শূন্য হৈ পৰিছে থাকৰেৰ ৰাজনৈতিক কেৰিয়াৰ।   

লগতে পঢ়ক: দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

শেহতীয়া প্ৰৱন্ধসমূহ