নিজৰেই সাংসদৰ বিদ্ৰোহত লজ্জিত উদ্ধৱ থাকৰে!

ছয়জন সাংসদে পক্ষ সলনি কৰাৰ পাছত উদ্ধৱ থাকৰে প্ৰথমবাৰলৈ এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেলৰ সময়ত তেওঁ বিদ্ৰোহী সাংসদসকলৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

শিৱসেনা (ইউবিটি)-ৰ সাংসদসকলে একনাথ শিন্দে গোটত যোগদান কৰাৰ পিছত শনিবাৰে (২৭ জুন) উদ্ধৱ থাকৰেই প্ৰথমখন সংবাদমেল সম্বোধন কৰে। এই সংবাদমেলত উদ্ধৱ থাকৰেই কয়, “শিৱ সৈনিকসকল মোৰ সৈতে আছে। আপোনালোকে তেওঁলোকৰ আচৰণ দেখিছে। তেওঁলোক ইমান দিন কেনেকৈ আমাৰ সৈতে আছিল, তাৰ বাবে মই এতিয়া লাজ অনুভৱ কৰিছো।”

তেওঁ লগতে কয়, “এই সাংসদসকল মোৰ নামত নিৰ্বাচিত হৈছিল। এতিয়া তেওঁলোকে কৈছে যে মোৰ সৈতে থকাৰ কোনো লাভ নাই, কিন্তু তেওঁলোক মোৰ কাৰণেই নিৰ্বাচিত হৈছিল।” সাংসদসকলক লক্ষ্য কৰি তেওঁ আৰু কয়, “কৃষকৰ বাবে কোনো গেৰাণ্টী নাই, কিন্তু এই সাংসদসকলৰ হাতত মিছা কথাৰ গেৰাণ্টী আছে।” মুখ্যমন্ত্ৰী ফাড়নৱীছৰ সৈতে হোৱা সাক্ষাৎ সম্পৰ্কে উদ্ধৱ থাকৰেই কয়, “আমাৰ এখন উচ্চস্তৰীয় বৈঠক হৈছিল। কালিৰ বৈঠকৰ প্ৰতিবেদন অনাগত দিনবোৰত পোহৰলৈ আহিব।”

মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংঘাতৰ মাজতে মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নৱীছ আৰু শিৱসেনা (ইউবিটি) প্ৰধান উদ্ধৱ থাকৰেই শুক্ৰবাৰে মুম্বাইৰ পৰা নাগপুৰলৈ যোৱা একেখন বিমানতে যাত্ৰা কৰা দেখা গৈছে। ৰাজ্যখনৰ তীব্ৰ ৰাজনৈতিক উত্তেজনাৰ মাজতে এই হঠাৎ হোৱা সাক্ষাৎ তাৎপৰ্যপূৰ্ণ হৈ পৰিছে। বিমানত উপস্থিত থকা লোকসকলে জনোৱা মতে, গভীৰ ৰাজনৈতিক প্ৰতিদ্বন্দ্বিতা স্বত্ত্বেও দুয়োগৰাকী নেতাই তিক্ততাক আঁতৰাই ৰাখি সৌজন্যমূলক অভিবাদন বিনিময় কৰে আৰু চমু আলোচনা কৰে।

এই বিমানখনত শিৱসেনা (ইউবিটি)-ৰ বহু কেইজন শীৰ্ষ নেতাও আছিল, যাৰ ভিতৰত বিধায়ক আদিত্য থাকৰে, ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউত আৰু অনিল দেশাই, আৰু প্ৰাক্তন সাংসদ বিনায়ক ৰাউত আছিল। মুখ্যমন্ত্ৰী ফাড়নৱীছ আৰু উদ্ধৱ থাকৰেই একেখন বিমানত তেতিয়া যাত্ৰা কৰিছে  যি সময়ত ইউবিটি-ৰ ছয়জন সাংসদ শিন্দে গোটত যোগদান কৰাক লৈ ৰাজনৈতিক বিতৰ্ক চলি আছে।

লগতে পঢ়ক: ‘মোদী চৰকাৰে বৈদেশিক নীতি নষ্ট কৰিছে’; ছোনিয়া গান্ধীৰ তীব্ৰ কটাক্ষ

দলত বিভাজনৰ মাজতে পদত্যাগৰ প্ৰস্তাৱ উদ্ধৱ থাকৰেৰ

শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে শুকুৰবাৰে স্পষ্ট কৰি দিয়ে যে যদি দলীয় কৰ্মী বা নেতাই তেওঁক মুখ্য পদৰ বাবে উপযুক্ত নহয় বুলি অনুভৱ কৰে,তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু আছে।

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই শুক্ৰবাৰে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ কয় যে, ‘যদি দলৰ কৰ্মী আৰু নেতাসকলে অনুভৱ কৰে যে তেওঁ শিৱসেনা প্ৰধান পদটোৰ বাবে উপযুক্ত নহয়, তেন্তে তেওঁ পদত্যাগ কৰিবলৈ সাজু আছে।’ তেওঁ লগতে কয়, ‘মই যিকোনো যোগ্য ব্যক্তিক শিৱসেনাৰ অধ্যক্ষৰ পদটো এৰি দিবলৈ সাজু আছোঁ। মই সংগ্ৰামৰ পৰা পিছহুহকি অহা মানুহ নহয়, কিন্তু যিদিনা আপোনালোকৰ অনুভৱ হ’ব যে মই এই দায়িত্বৰ বাবে সঠিক নহয়, সেই দিনাই মই এই পদ এৰি দিম।’

শিৱসেনা প্ৰধান উদ্ধৱ থাকৰেই শুক্ৰবাৰে দলীয় কৰ্মীসকলক সম্বোধন কৰে। এই অনুষ্ঠানত তেওঁ কয় যে, ‘কিছুমান লোকে হয়তো ভাবিছে যে শিৱসেনা ভাঙি যোৱাৰ পিছত আৰু ৰাজনৈতিক প্ৰত্যাহ্বানৰ মাজত তেওঁৰ মনোবল ভাঙি পৰিব, কিন্তু তেনে একো নহয়।’ তেওঁ স্পষ্ট কৰি দিয়ে যে তেওঁ কোনো পৰিস্থিতিতে হাৰ মনা লোক নহয়। উদ্ধৱ থাকৰেই ‘অপাৰেচন তোড়ৱা’ (দল ভঙাৰ অভিযান)-ৰ কথা উল্লেখ কৰি কয় যে কিছুমান লোকে তেওঁক নিৰ্দেশ দিয়াৰ কথা কয়। তেওঁ সোঁৱৰাই দিয়ে যে শিৱসেনাৰ প্ৰতিষ্ঠাপক বাৰাছাহেব থাকৰেই ইতিমধ্যেই কৈ গৈছিল যে যিসকলে দলৰ সৈতে বিশ্বাসঘাটকতা কৰে, তেওঁলোকক ৰাজনৈতিকভাৱে উচিত প্ৰত্যুত্তৰ দিব লাগে।

তেওঁ কয় যে যিকোনো ৰাজনৈতিক দলৰ সফলতাৰ মূল্যায়ন নিৰ্বাচনী ফলাফলৰ দ্বাৰাহে হোৱা উচিত। উদ্ধৱে প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাৰ প্ৰসংগ টানি কয় যে বাৰাছাহেবে তেওঁক কৈছিল যে ক্ষমতাৰ প্ৰতি তেওঁৰ কোনো মোহ নাই আৰু চৰকাৰ ভাঙি পৰিলেও তেওঁৰ কোনো আক্ষেপ নাই। কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ উত্থাপিত প্ৰশ্নৰ উত্তৰ দি উদ্ধৱে কয় যে যদি শিৱসেনা ৩০ বছৰ ধৰি বিজেপিৰ সৈতে থকাৰ পিছতো বিজেপত বিলীন হৈ নগ’ল, তেন্তে কংগ্ৰেছৰ সৈতে বিলীন হোৱাৰ প্ৰশ্নই নুঠে। তেওঁ দাবী কৰে যে ৰাজ্যখনত বিজেপি নিজেই শিন্দে গোটৰ বাবে অতিষ্ঠ হৈ পৰিছে।

কংগ্ৰেছৰ সন্দৰ্ভত উদ্ধৱে কয় যে অতীতত দুয়োটা দলৰ মাজত মতানৈক্য আছিল, কিন্তু কংগ্ৰেছে কেতিয়াও ‘মাতোশ্ৰী’ (ঠাকৰে পৰিয়ালৰ বাসস্থান)ক অপমান কৰা নাই। তেওঁ কয় যে কংগ্ৰেছে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছে। ইয়াৰ লগতে বিজেপিক লক্ষ্য কৰি তেওঁ কয় যে যদি শিৱসেনাৰ সমৰ্থন নাপালেহেঁতেন, তেন্তে বিজেপি বহুত আগতেই শেষ হৈ গ’লহেঁতেন। উদ্ধৱ থাকৰেই পুনৰ দোহাৰে যে যদি দলৰ কৰ্মীসকলে অনুভৱ কৰে যে তেওঁ শিৱসেনা প্ৰধান পদৰ যোগ্য নহয়, তেন্তে তেওঁ পদ এৰিবলৈ সাজু, কিন্তু সংগ্ৰামৰ পৰা কেতিয়াও পিছহুহকি নাযায়।

লগতে পঢ়ক: ৫৬ বছৰীয়া হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী, প্ৰধানমন্ত্ৰীয়ে জনালে শুভেচ্ছা

ক্ষমতাৰ বাবেই ভাতৃক বিশ্বাসঘাতক; উদ্ধৱ থাকৰেৰ শত্ৰুৰে হাত মিলালে ৰাজ থাকৰেয়ে

মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনৰ পিছত ৰাজ্যখনত এক ৰাজনৈতিক খেল চলি আছে। উদ্ধৱ থাকৰেক বিশ্বাসঘাতকতা কৰি শিন্দেক সমৰ্থন ৰাজ থাকৰেৰ

মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক বৃহৎ উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে।কেতিয়াবা এজন বন্ধুৱে আন এজনে বন্ধুক বিশ্বাসঘাতকতা কৰিছে আৰু কেতিয়াবা ভাতৃয়ে ভায়েকক পৰিত্যাগ কৰি আছে।

হয়, ক্ষমতাৰ বাবে এইবাৰ ৰাজ থাকৰেৱে নিজৰ ভাতৃ উদ্ধৱ থাকৰেক বিশ্বাসঘাতকতা কৰিছে।কল্যাণ-ডম্বিৱলী পৌৰ নিগম (কেডিএমচি)ত ৰাজ থাকৰেৰ এমএনএছ অৰ্থাৎ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাই একনাথ শিন্দেৰ শিৱসেনাক সমৰ্থন আগবঢ়াইছে।

এই সিদ্ধান্ত উদ্ধৱ থাকৰেৰ বাবে এক ডাঙৰ আঘাত,কাৰণ ৰাজ আৰু উদ্ধৱে অলপতে মহাযুতীৰ বিৰুদ্ধে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। এতিয়া এম এন এছৰ এই পদক্ষেপক লৈ খং উঠিছে উদ্ধৱ থাকৰেৰ।

কালি অৰ্থাৎ বুধবাৰে নিগমৰ সৈতে হোৱা বৈঠকত উদ্ধৱে অসন্তুষ্টি প্ৰকাশ কৰে।এতিয়া প্ৰশ্ন হয় এম এন এছৰ এই পদক্ষেপে থাকৰে ভাই-ভাইৰ মাজৰ ভাতৃত্ববোধৰ অন্ত পেলাব নেকি?

দৰাচলতে,কে ডি এম চি অৰ্থাৎ কল্যাণ-ডম্বিৱলী পৌৰ নিগমত কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰা নাই।ইয়াত মুঠ ১২২খন আসনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ বাবে ৬২খন আসনৰ প্ৰয়োজন।

একনাথ শিন্দে ফৈদৰ শিৱসেনাই সৰ্বাধিক ৫৩খন আসন লাভ কৰে।বিজেপিয়ে পালে ৫০ খন আসন।এম এন এছে ৫ খন, উদ্ধৱ ফৈদে (ইউ বি টি) ১১ খন আৰু শাৰদ পাৱাৰ ফৈদৰ এন চি পিয়ে ১ খন আসন লাভ কৰে।

নিৰ্বাচনৰ পূৰ্বে উদ্ধৱ আৰু ৰাজে মিত্ৰতা কৰিছিল,যাতে মহাযুতিক (শিন্দেসেনা-বিজেপি) পৰাস্ত কৰিব পাৰে,কিন্তু ফলাফলৰ পিছত সকলো সলনি হৈ গ’ল।

বিজেপিক ক্ষমতাৰ পৰা আঁতৰাই ৰাখিবলৈ একনাথ শিন্দেয়ে এমএনএছৰ কাউন্সিলাৰক আকৰ্ষণ কৰিছিল।ইয়াত ৰাজ থাকৰেৰ এম এন এছেও হঠাতে শিন্দে সেনাক সমৰ্থন ঘোষণা কৰে।

এম এন এছে কয় যে এই সিদ্ধান্ত ৰাজ থাকৰেৰ সন্মতি সাপেক্ষে লোৱা হৈছে।এম এন এছৰ সহযোগত অংকথ শিন্দে ফৈদৰ সংখ্যা ৫৩ৰ পৰা ৫৮লৈ বৃদ্ধি পালে।

ইয়াৰ উপৰিও শাৰদ পাৱাৰ এন চি পিৰ এজন কৰ্পৰেটৰেও তেওঁক সমৰ্থন কৰিছিল।একে সময়তে উদ্ধৱ ফৈদৰ ১১ জন নিগমৰ ভিতৰত ৪ জন ‘অপ্ৰৱেশযোগ্য’, অৰ্থাৎ সংস্পৰ্শত নাই।

যদি তেওঁলোকে শিন্দেৰ পক্ষ লয় তেন্তে শিন্দে ফৈদে সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিব পাৰে। অৰ্থাৎ ইয়াত বিজেপি ক্ষমতাৰ বাহিৰত থাকিব।

লগতে পঢ়ক: ‘নীতিন নৱীন মোৰ বছ, মই কাৰ্যকৰ্তা’… বিজেপিৰ নতুন সভাপতিক অভিনন্দন প্ৰধানমন্ত্ৰী মোদীৰ

‘যুঁজ এতিয়াও শেষ হোৱা নাই’; বিএমচি নিৰ্বাচনত পৰাজয়ৰ পিছত উদ্ধৱ আৰু ৰাজ থাকৰেৰ প্ৰথম প্ৰতিক্ৰিয়া

বিএমচি নিৰ্বাচনত পৰাজয়ৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসেনা(উদ্ধৱ ফৈদ) আৰু ৰাজ থাকৰেয়ে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যুঁজখন এতিয়াও শেষ হোৱা নাই।

বিএমচি নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত শিৱসেনা(উদ্ধৱ ফৈদ) আৰু ৰাজ থাকৰেয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।শিৱসেনাই মাৰাঠী মানুহৰ কথা উল্লেখ কৰি কয় যে,এই যুঁজখন এতিয়াও শেষ হোৱা নাই।

উল্লেখযোগ্য যে বিগত তিনিটা দশক ধৰি বিএমচিত ক্ষমতাত থকা শিৱসেনা এইবাৰ মহাযুতীৰ হাতত পৰাস্ত হৈছে ।বিএমচিত বিজেপিয়ে ৮৯খন, শিৱসেনাই (উদ্ধৱ) ৬৫খন আৰু শিৱসেনাই (শিন্দে ফৈদ) ২৯খন আসন লাভ কৰিছে।

শিৱসেনাই (উদ্ধৱ) এক্সত পোষ্ট কৰিছিল, “পৰাজয়ৰ পিছত আকৌ এবাৰ মাৰাঠী মানুছৰ কথা”। দলটোৱে পোষ্টটোত লিখিছে এই যুঁজখন এতিয়াও শেষ হোৱা নাই,মাৰাঠী মানুহে যেতিয়ালৈকে তেওঁলোকৰ উচিত সন্মান লাভ নকৰিব, তেতিয়ালৈকে এনেকৈয়ে চলি থাকিব’।

এই পোষ্টটোত বালাছাহেব থাকৰেৰ এখন ছবিও শ্বেয়াৰ কৰিছে।উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে বিএমচিত বিজেপিৰ মেয়ৰ থাকিব।

এই নির্বাচনত জয়ী হ’বলৈ বিজেপিয়ে যৎপৰোনাস্তি প্রয়োগ কৰিছিল৷ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাভিছে নিজেই এই নিৰ্বাচনৰ দায়িত্ব লৈছিল।

ইফালে ৰাজ থাকৰে এক্সত পোষ্ট কৰি কৈছে যে যদি মাৰাঠী মানুহক মুম্বাইত অত্যাচাৰ কৰা হয় তেন্তে তেওঁৰ দলে কাকো ৰেহাই নিদিয়ে।

ৰাজ থাকৰেৱে নিজৰ পোষ্টোত লিখিছে যে,প্ৰথমে মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনা আৰু শিৱসেনাৰ সকলো নিৰ্বাচিত পৰিষদলৈ মোৰ আন্তৰিক অভিনন্দন।এইবাৰৰ নিৰ্বাচন ইমান সহজ নাছিল।

এইখন  ধন আৰু ক্ষমতাৰ শক্তি বনাম শিৱসেনাৰ শক্তিৰ মাজৰ যুদ্ধ আছিল। এনে সংঘাততো দুয়োটা দলৰ কৰ্মীসকলে তীব্ৰ যুঁজ দিছিল।

কিন্তু দুখৰ বিষয় যে এইবাৰ মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাই আশানুৰূপ সফলতা লাভ কৰিব নোৱাৰিলে।অৱশ্যে আমাৰ হতাশ হ’বলগীয়া একো নাই। আমাৰ নিৰ্বাচিত কাউন্সিলাৰসকলে মাৰাঠাসকলৰ স্বাৰ্থ ৰক্ষা কৰিব।

লগতে পঢ়ক: মহাৰাষ্ট্ৰ পৌৰসভা নিৰ্বাচনত মহাযুতিৰ জয়লাভ; মুম্বাইত থাকৰে ৰাজৰ The End

মহাৰাষ্ট্ৰ পৌৰসভা নিৰ্বাচনত মহাযুতিৰ জয়লাভ; মুম্বাইত থাকৰে ৰাজৰ The End

মহাৰাষ্ট্ৰৰ পৌৰসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে জয় লাভ কৰি সৰ্ববৃহৎ শক্তি হিচাপে আত্মপ্ৰকাশ কৰিছে।ইয়াৰ লগে লগে মহাৰাষ্ট্ৰত অন্ত পৰিল থাকৰে শাসন

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়ানবিছে বিএমচি আৰু অন্য পৌৰসভা নিৰ্বাচনৰ পূৰ্বে কৈছিল যে, মই নিশ্চিত যে আমি নিজৰ অভিলেখ ভংগ কৰিম আৰু ঠিক সেইটোৱেই হ’ল।’

সেইটোও তেতিয়া হৈছে যেতিয়া ২০ বছৰৰ পাছত থাকৰে পৰিয়ালৰ পৰা বেলেগ হোৱা সম্পৰ্কীয় ভাতৃ পুনৰ একত্ৰিত হৈছে আৰু মাৰাঠী বিষয়টো পুনৰ উত্থাপন কৰিছিল। কিন্তু ১৬ জানুৱাৰীত যেতিয়া নিৰ্বাচনৰ ফলাফল আহিল, তেতিয়া ফাড়ানবিছে বিজেপিক ডাঙৰ জয়লাভ কৰিলে।

এই জয়ৰ লগতে মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে শাসনৰ অন্ত পৰিছে। ক্ষমতাত নথকা সত্ত্বেও যি থাকৰে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ গুৰি ধৰোতা আছিল,যি থাকৰে কেন্দ্ৰ আৰু ৰাজ্যৰ ক্ষমতা কেন্দ্ৰৰ পৰা দূৰত্বত থাকিও ৰাজনীতি আৰু ক্ষমতাৰ শিখৰত আছিল, আজি তেওঁ শূণ্যলৈ সংকুচিত হৈছে।

যি উদ্ধৱ থাকৰেৰ এটা মাতত স্তব্ধ হৈ পৰিছিল মহাৰাষ্ট্ৰ, আজি একেজন থাকৰেক মহাৰাষ্ট্ৰবাসীয়ে একাষৰীয়া কৰিলে। দেশৰ শক্তিশালী আৰু ধনী পৌৰসভাৰ পৰাও থাকৰেক অপসাৰণ কৰা হৈছে।

থাকৰে পৰিয়ালৰ আটাইতকৈ সবল ৰাজনৈতিক দুৰ্গও আজি ভাঙি পৰিল। যি থাকৰে কেতিয়াবা বিএমচি,ৰাজ্য আৰু কেন্দ্ৰত ক্ষমতা দখল কৰিছিল,তেওঁৰ ওচৰত এতিয়া মাত্ৰ মাতাশ্ৰী হে আছে গৈ।সময়ৰ লগে লগে শূন্য হৈ পৰিছে থাকৰেৰ ৰাজনৈতিক কেৰিয়াৰ।   

লগতে পঢ়ক: দুজন মুছলমান নেতাৰ কাজিয়াৰ সুযোগ ল’লে ওৱাইছিয়ে; বিএমচিৰ নিৰ্বাচনত ৪ খন আসনত জয়লাভ AIMIMৰ

“উদ্ধৱ থাকৰেৰ সৈতে মিত্ৰতা সন্দৰ্ভত বিবৃতি নিদিব”; সকলো বিষয়াক নিৰ্দেশ ৰাজ থাকৰেৰ

ৰাজ থাকৰেয়ে দিলে নিৰ্দেশ

মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰে তেওঁৰ সকলো বিষয়া-মুখপাত্ৰক উদ্ধৱ থাকৰেক লৈ কঠোৰ নিৰ্দেশ দিছে।

ৰাজ থাকৰেয়ে সকলোকে কৈছে যে শিৱসেনাৰ (থাকৰে ফৈদ)ৰ সৈতে সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভত বৰ্তমান কোনো ৰাজহুৱা বক্তব্য নিদিব।

এই বিষয়ত কোনো মন্তব্য দিয়াৰ আগতে তেওঁৰ অনুমতি লোৱাটো বাধ্যতামূলক হ’ব বুলি তেওঁ স্পষ্টকৈ কৈছে।

দুটা দশকৰ পিছত একেলগে দুই ভাতৃ

দুটা দশকৰো অধিক সময়ৰ পাছত উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেক একেলগে একেখন মঞ্চতে দেখা গ’ল।শনিবাৰে ৱৰ্লিত অনুষ্ঠিত ‘বিজয়’ ৰেলীত এই ঐতিহাসিক বৈঠকখন অনুষ্ঠিত হয়।

যিটো বিজেপি নেতৃত্বাধীন চৰকাৰে হিন্দী ভাষা সন্দৰ্ভত চৰকাৰী আদেশ (জি আৰ) প্ৰত্যাহাৰ কৰাৰ বাবে আয়োজন কৰা হৈছিল।

মাৰাঠী পৰিচয় আৰু আগন্তুক নিৰ্বাচনৰ ওপৰত গুৰুত্ব

সমাৱেশত ভাষণ দি উদ্ধৱ থাকৰে আগন্তুক নাগৰিক নিৰ্বাচনৰ সৈতে একেলগে যুঁজ দিয়াৰ ইংগিত দিয়ে।তেওঁ কয় যে, ‘আমি একত্ৰিত হৈ থাকিবলৈ একত্ৰিত হৈছো।

আমি একেলগে বৃহনমুম্বাই পৌৰ নিগম (বিএমচি) আৰু মহাৰাষ্ট্ৰৰ ক্ষমতা দখল কৰিম।” শিৱসেনাই মুম্বাইৰ সন্মানীয় পৌৰসভা সংস্থাটোক নিজৰ দুৰ্গ আৰু ঘৰুৱা টাৰ্ফ হিচাপে গণ্য কৰে, আৰু আন আন পৌৰসভা নিৰ্বাচন অনাগত মাহত অনুষ্ঠিত হোৱাৰ কথা।

লগতে পঢ়ক: ‘আমি একেলগ হৈছো…একেলগে থাকিবলৈ’; উদ্ধৱ থাকৰেৰ ডাঙৰ ইংগিত

‘আমি একেলগ হৈছো…একেলগে থাকিবলৈ’; উদ্ধৱ থাকৰেৰ ডাঙৰ ইংগিত

উদ্ধৱ থাকৰেৰ ডাঙৰ ইংগিত

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে আজি (শুকুৰবাৰ) এটা ডাঙৰ দিন।মুম্বাইৰ ৱৰ্লিৰ এন এছ চি আই ড’মত শিৱসেনা ইউ বি টি আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ যৌথ ৰেলী কৰে।

এই সমাৱেশৰ নাম দিয়া হৈছিল ‘মাৰাঠী বিজয় ৰেলী’। প্ৰায় ২০ বছৰৰ পিছত দুয়ো ভাতৃদ্বয় উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰে এই ৰেলীত একেলগে দেখা গ’ল।

ৰেলীত ভাষণ দি উদ্ধৱে কয় যে ‘আমি একত্ৰিত হৈছো, একেলগে থাকিবলৈ, এইটো অতি গুৰুত্বপূৰ্ণ।মোৰ আৰু ৰাজৰ মাজত যি বিভেদ আছিল, সেইটো একাংশ লোকে দূৰ কৰিছে। মাৰাঠীক কৰা অপমান সহ্য কৰা নহ’ব’।

তেওঁ লগতে কয় যে,’এই লোকসকলে এটা ব্যৱহাৰ আৰু নিক্ষেপ নীতি ব্যৱহাৰ কৰে।এতিয়া আমাৰ পাল। এতিয়া আমি সেইবোৰ উভালি বাহিৰলৈ পেলাই দিম’।

‘তোমালোকে সকলোৰে স্কুল বিচাৰি ফুৰিছা।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোনখন স্কুললৈ গৈছিল? হিন্দুত্বৰ ওপৰত যিকোনো এজনৰ অধিকাৰ নাই। আমাক হিন্দুত্ব শিকোৱাৰ প্ৰয়োজন নাই’।

তেওঁ আৰু কৈছিল যে- ‘১৯৯২ চনত যেতিয়া মুম্বাইত হিংসা বিয়পি পৰিছিল তেতিয়া ইয়াৰ মাৰাঠী জনসাধাৰণে হিন্দুৰ জীৱন ৰক্ষা কৰিছিল।মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কৈছিল যে গুণ্ডাগিৰি সহ্য কৰা নহ’ব’।

‘গতিকে মই তেওঁলোকক ক’ব বিচাৰো যে যদি তেওঁলোকে নিজৰ ভাষাক লৈ গুণ্ডাগিৰি কৰে তেন্তে আমিও গুণ্ডা’।

লগতে পঢ়ক: ২০ বছৰৰ পাছত একেখন মঞ্চতে উদ্ধৱ আৰু ৰাজ থাকৰে; মাৰাঠী পৰিচয়ৰ বাবে গৰ্জন

২০ বছৰৰ পাছত একেখন মঞ্চতে উদ্ধৱ আৰু ৰাজ থাকৰে; মাৰাঠী পৰিচয়ৰ বাবে গৰ্জন

একেখন মঞ্চতে উদ্ধৱ আৰু ৰাজ থাকৰে

আজি মহাৰাষ্ট্ৰ ৰাজনীতিৰ বাবে এক অতি গুৰুত্বপূৰ্ণ দিন বুলি গণ্য কৰা হয়।যিখন ছবিক লৈ বহুদিন ধৰি জল্পনা-কল্পনা চলি আছিল, সেই ছবিখন আজি সকলোৱে দেখিব। উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেক একেলগে দেখা ৰাজনৈতিক ছবি এয়া।

২০ বছৰ ধৰি ইজনে সিজনৰ পৰা দূৰত্ব বজাই ৰখা উদ্ধৱ থাকৰে আৰু ৰাজ থাকৰেক আজি একেখন মঞ্চতে দেখা যাব। এই মঞ্চখনত এনচিপি নেত্ৰী সুপ্ৰিয়া চুলেও উপস্থিত থাকিব যিয়ে উদ্ধৱ আৰু ৰাজৰ আগত ভাষণ দিব।

মুম্বাইৰ ৱৰ্লিত মাৰাঠী বিজয় দিৱস উদযাপনৰ নামত আজি দুয়ো ভাতৃয়ে মঞ্চ শ্বেয়াৰ কৰিবলৈ ওলাইছে, কিন্তু ৰাজনৈতিক পণ্ডিতসকলে মূল্যায়ন কৰিছে যে দুয়োজন ভাতৃৰ একত্ৰিত হোৱাটোৱে মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন বুলি প্ৰমাণিত হ’ব নেকি?

২০ বছৰৰ পাছত দুয়োজন ভাতৃৰ একত্ৰিত হোৱাটোৱে মাৰাঠী মানুৰ ৰাজনীতিক আৰু অধিক গতি প্ৰদান কৰিবনে? এনেধৰণৰ বহু প্ৰশ্ন উত্থাপন হৈছে।

ইয়াৰ পূৰ্বে দুয়োজন ভাতৃয়ে ৰাজ্য চৰকাৰৰ তিনি ভাষাৰ নীতিৰ প্ৰতিবাদত এক সমদল ঘোষণা কৰিছিল কিন্তু বিতৰ্ক বাঢ়ি অহাৰ লগে লগে মহাৰাষ্ট্ৰ চৰকাৰে তিনি ভাষাৰ নীতি আপাততঃ স্থগিত ৰাখিলে।

উদ্ধৱ থাকৰেৰ দল শিৱসেনা ইউ বি টি আৰু ৰাজ থাকৰেৰ দল এম এন এছে এতিয়া ‘মাৰাঠী বিজয় দিন’ উদযাপন কৰিছে।

কিন্তু থাকৰে ভাতৃদ্বয়ে একেখন মঞ্চ ভাগ লোৱাৰ লগে লগে এতিয়া দুয়োজনে ৰাজনৈতিক মিত্ৰতা কৰিব পাৰিব নেকি সেই বিষয়েও জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

সেয়ে আজি দুয়োৰে ভাষণত ভৱিষ্যতে একেলগে অহাৰ কিবা ইংগিত দিয়ে নেকি তাৰ বাবে দৃষ্টি থাকিব। অৱশ্যে এই সমাৱেশত অংশগ্ৰহণ নকৰে কংগ্ৰেছ নেতাসকলে।

উদ্ধৱ থাকৰে কয় যে তেওঁ হিন্দীৰ বিৰোধী নহয় যদিও ইয়াক জাপি দিয়াটো উচিত নহয়।তেওঁ কয় যে আমি তিনি ভাষাৰ নীতিৰ বিৰোধিতা কৰোঁ।

আনহাতে ৰাজ থাকৰে কয় যে এইটো স্বৈৰাচাৰী শাসন অনাৰ লুকাই থকা এটা এজেণ্ডা।মাৰাঠীৰ গুৰুত্ব হ্ৰাস কৰাৰ ই এক ষড়যন্ত্ৰ।যিটো আমি কেতিয়াও হ’বলৈ নিদিও।

লগতে পঢ়ক: ‘থু পেলোৱা জেহাদ’ৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ধামীৰ কঠোৰ নিৰ্দেশ; লোৱা হ’ব ব্যৱস্থা

‘নিজৰ বাবে নেতা চুৰি কৰিব লগা হৈছে’; বিজেপি আৰু শিৱসেনাক আক্ৰমণ উদ্ধৱ থাকৰেৰ

শিৱসেনাক আক্ৰমণ উদ্ধৱ থাকৰেৰ

শিৱসেনা উদ্ধৱ বালাছাহেব থাকৰে (ইউ বি টি)য়ে বুধবাৰে মুম্বাইৰ সন্মানীয় শনমুখানন্দ প্ৰেক্ষাগৃহত দলৰ প্ৰতিষ্ঠা দিৱস অতি আড়ম্বৰেৰে উদযাপন কৰে।

কাৰ্যসূচীত উদ্ধৱ থাকৰে, আদিত্য থাকৰে, সঞ্জয় ৰাউতকে ধৰি বিশিষ্ট দলৰ নেতাসকল উপস্থিত থাকে। এই উপলক্ষে উদ্ধৱ থাকৰে বিজেপি আৰু সিন্দে ফৈদৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।

বিজেপি আৰু শিন্দে ফৈদক লক্ষ্য কৰি উদ্ধৱে কয় যে তেওঁলোকে নিজৰ বাবে নেতা চুৰি কৰিবলগীয়া হৈছে।

২০২২ চনত শিৱসেনাত বিভাজন ঘটিছিল।শিৱসেনা আৰু দলৰ নিৰ্বাচনী প্ৰতীক একনাথ সিন্দেৰ ফৈদক দিয়াত উদ্ধৱ থাকৰে নতুন দল শিৱসেনা (ইউ বি টি) গঠন কৰে।

যুদ্ধবিৰতিক সমালোচনা উদ্ধৱ থাকৰে

তেওঁ বিজেপি নেতাসকলে সেনাৰ শক্তি দুৰ্বল কৰাৰ অভিযোগ উত্থাপন কৰিছে। পাকিস্তানৰ সৈতে যুদ্ধবিৰতিৰ সিদ্ধান্তক সমালোচনা কৰিছে উদ্ধৱে।

তেওঁ ভাৰতীয় সেনাৰ ভৰি বান্ধি ৰখাৰ অভিযোগ উত্থাপন কৰিছে। উদ্ধৱে অপাৰেচন সিন্দুৰৰ বিষয়ে কয়- “তেওঁলোকে বহুত ভাল নাম দিছে কিন্তু ঘৰে ঘৰে গৈ সেন্দূৰ বিতৰণ কৰা নহয়, দুৰ্নীতি হে বিয়পাব।”

হিন্দী বনাম মাৰাঠী সন্দৰ্ভত কি ক’লে?

ইয়াৰ উপৰিও তেওঁ মহাৰাষ্ট্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰক হিন্দী বনাম মাৰাঠী বিষয়ত সমালোচনা কৰিছে।এই বিষয়ত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে বলপূৰ্বকভাৱে হিন্দী জাপি দিবলৈ চেষ্টা কৰিছে।

তেওঁ লগতে কয় যে যদি আপুনি হিন্দী কঠোৰভাৱে জাপি দিব বিচাৰে তেন্তে গুজৰাটলৈ গৈ কৰক, মহাৰাষ্ট্ৰত তেওঁলোকে অনুমতি নিদিয়ে।

ৰাজ থাকৰেৰ সৈতে মিত্ৰতা সন্দৰ্ভত তেওঁ কি ক’লে?

ৰাজ থাকৰেৰ সৈতে সম্ভাৱ্য মিত্ৰতা সন্দৰ্ভতো বিবৃতি দিছে থাকৰে।তেওঁ ক’লে- “ৰাইজৰ মনত যি আছে সেয়াই হ’ব।

কিন্তু মাৰাঠী মানুসকলে যাতে একত্ৰিত নহয় তাৰ বাবে ধনী মানুহৰ সেৱকসকলে হোটেলত সভা পাতিছে।বিএমচিত কেৱল শিৱসেনাৰ (ইউবিটি) কেশৰ পতাকা উৰিব।”

উদ্ধৱ থাকৰে বিজেপি আৰু সিন্দে শিৱসেনাক প্ৰত্যাহ্বান জনাই কয়-“যদি মোক মাৰিব বিচাৰে তেন্তে আহক, মোক মাৰিবলৈ আহক, কিন্তু এম্বুলেন্স এখন আনিব। অহাৰ সময়ত সুস্থ হৈ আহিব, কিন্তু যাব  এম্বুলেন্সত লাগিব।”

লগতে পঢ়ক: ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা; কোনে কোনে পালে দায়িত্ব ?