হঠাৎ অৱনতি বৰ্ষীয়ান নেতা শাৰদ পাৱাৰৰ স্বাস্থ্য, চিকিৎসালয়ত ভৰ্তি

হঠাৎ অৱনতি বৰ্ষীয়ান নেতা শাৰদ পাৱাৰৰ স্বাস্থ্য, চিকিৎসালয়ত ভৰ্তি

এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি । বাৰামাটিত অসুস্থ হৈ পৰা পাৱাৰক পুনেৰ ৰুবী হল ক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে । পাৱাৰ কাহ আৰু উশাহ-নিশাহ

এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ।

মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, এন চি পিৰ মুৰব্বী, প্ৰবীণ নেতা শাৰদ পাৱাৰৰ স্বাস্থ্যৰ হঠাৎ অৱনতি । বাৰামাটিত অসুস্থ হৈ পৰা পাৱাৰক পুনেৰ ৰুবী হল ক্লিনিক হাস্পতালত ভৰ্তি কৰোৱা হৈছে । পাৱাৰ কাহ আৰু উশাহ-নিশাহ লোৱাত কষ্ট পোৱা বুলি তেওঁৰ কাৰ্যালয়ে নিশ্চিত কৰিছে । অৱশ্যে তেওঁৰ অসুস্থতা কিমান গুৰুতৰ সেই সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক তথ্য প্ৰকাশ কৰা হোৱা নাই । চিকিৎসকে তেওঁৰ অৱস্থা নিৰীক্ষণ কৰি প্ৰয়োজনীয় চিকিৎসা পৰীক্ষা সম্পন্ন কৰিছে ।

উল্লেখ্য যে, মহাৰাষ্ট্ৰ আৰু ভাৰতীয় ৰাজনীতিৰ অন্যতম প্ৰভাৱশালী আৰু অভিজ্ঞ নেতা শাৰদ পাৱাৰ । নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ পৰা বিচ্ছিন্ন হৈ ১৯৯৯ চনত তেওঁ ৰাষ্ট্ৰীয় জনতা দল (NCP) প্ৰতিষ্ঠা কৰে । দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় হৈ থকা পাৱাৰে কেইবাবাৰো ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে । তেওঁৰ নেতৃত্বত এন চি পিয়ে ৰাজ্যখনৰ ৰাজনীতিত দৃঢ় দখল গঢ়ি তুলিছে আৰু কংগ্ৰেছকে ধৰি অন্যান্য দলৰ সৈতে মিত্ৰজোঁট চৰকাৰৰ মূল অংগ হিচাপে পৰিগণিত হৈছে ।

এন চি পিৰ মুৰব্বীগৰাকীৰ ভতিজাক শ্ৰীনিবাস পাৱাৰে কয় যে ৰাতিৰ পৰা পাৱাৰে অবিৰতভাৱে কাহি থকাৰ লগতে উশাস লোৱাত কষ্ট পোৱাত তেওঁক চিকিৎসালয়লৈ অনা হয় । পাৱাৰৰ লগত আছিল পত্নী প্ৰতিভা পাৱাৰ, কন্যা সুপ্ৰিয়া চুলে, জোঁৱাই সদানন্দ চুলে ।

লগতে পঢ়ক : হাত এৰিলে ড০ সঞ্জু বৰুৱাই : গৌৰৱ গগৈৰ ‘পাকিস্তান সংযোগ’ক লৈ কংগ্ৰেছত তীব্ৰ জোকাৰণি