দুখন পাৰ্চপৰ্টৰ গোচৰত আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড…

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ আব্দুল্লা আজমক ৭ বছৰৰ কাৰাদণ্ড…

উত্তৰ প্ৰদেশৰ ৰামপুৰৰ এখন আদালতে এছ পি নেতা আজম খানৰ পুত্ৰ,আব্দুল্লা আজমক দুখন পাছপ’ৰ্ট আৰু পেন কাৰ্ডৰ গোচৰত দোষী সাব্যস্ত কৰি ৭ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । লগতে ৫০ হাজাৰ টকা জৰিমনাও বিহিছে।

দৰাচলতে, এই গোচৰটো ২০১৯ চনৰ, যেতিয়া বিজেপি বিধায়ক আকাশ ছাক্সেনাই আব্দুল্লা আজম আৰু অন্যান্যসকলৰ বিৰুদ্ধে জালিয়াতিৰ অভিযোগ (ধাৰা ৪২০), জাল নথি-পত্ৰ (ধাৰা ৪৬৭, ৪৬৮)পৰিচয় পত্ৰ জালিয়াতি (ধাৰা ৪৭১)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। শুনানি সমাপ্ত হোৱাৰ পিছতে আজি আদালতে ৰায় প্ৰদান কৰে।

আব্দুল্লা আজমে দুখন পাছপ’ৰ্ট আৰু পেন কাৰ্ড বনোৱাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ নামত এখন প্ৰকৃত আৰু বৈধ নথি,আৰু দ্বিতীয়টো আছিল ভুৱা নাম/পৰিচয় ব্যৱহাৰ কৰি অবৈধভাৱে নথি প্ৰস্তুত কৰা।অভিযোগ কৰা হৈছিল যে ভুৱা পৰিচয় আৰু নথি-পত্ৰ বেংকিং, ভোটদান বা অন্যান্য স্পৰ্শকাতৰ কামত ব্যৱহাৰ কৰিব পৰা গ’লহেঁতেন।

আজি আদালতত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ হোৱা আব্দুল্লা আজমক দোষী সাব্যস্ত কৰাৰ পিছত কেৱল সাত বছৰৰ কাৰাদণ্ডই নহয়,আদালতে কয় যে এই অপৰাধ সমাজ আৰু জাতিৰ বাবে বিপদজনক কাৰণ ভুৱা নথি-পত্ৰই অপৰাধ, দাঙ্গা, পৰিচয় জালিয়াতিৰ সৃষ্টি কৰিব পাৰে।

লগতে পঢ়ক: “মমতা বেনাৰ্জীয়ে আৰ এছ এছৰ কাম কৰি আছে”; বহিষ্কৃত বিধায়ক হুমায়ুন কবীৰ বিস্ফোৰক মন্তব্য

বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ; ৩ জনৰ মৃত্যু

বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ

উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ সাছনি থানা এলেকাৰ গাঁও সমমাইৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন গাখীৰৰ টেংকাৰ আৰু এখন ৰোডৱেজ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত ১৪ বছৰীয়া শিশুসহ তিনিজন লোক নিহত হোৱাৰ লগতে ১৭ জন যাত্ৰী আহত হয়।এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।

আহত আটাইকেইজনক চি এইচ চি সাছনি আৰু জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।গুৰুতৰভাৱে আহত ৮ জন লোকক চি এইচ চি ছাছনীৰ পৰা উন্নত চিকিৎসাৰ বাবে আগ্ৰালৈ প্ৰেৰণ কৰাৰ লগতে একাংশক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰি ডি এম গৰাকীয়ে কয় যে বাছখনে এখন বাইক বচাবলৈ গৈ টেংকাৰখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

লগতে পঢ়ক: নিৰ্বাচনৰ মাজতে উত্তপ্ত পৰিস্থিতি; মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱৰ কনভয়ত আক্ৰমণ

তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল; ৰে’লৰ খুন্দাত প্ৰাণ গ’ল ৪ গৰাকীকৈ ভক্তৰ

তীৰ্থযাত্ৰাই হ’ল কাল

কাৰ্তিক পূৰ্ণিমাৰ দিনাই উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । তীৰ্থযাত্ৰা কৰিবলৈ যোৱাই হ’ল কাল । চুনাৰ ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত চাৰিজন তীৰ্থযাত্ৰীৰ মৃত্যু হয় । খবৰ অনুসৰি এই তীৰ্থযাত্ৰীসকলে চোপন-প্ৰয়াগৰাজ যাত্ৰীবাহী ৰে’লৰ পৰা চাৰি নম্বৰ প্লেটফৰ্মত নামিছিল । ষ্টেচনত যাত্ৰীসকলে খৰখেদাকৈ ৰে’লপথ পাৰ হোৱাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা এক্সপ্ৰেছ ৰে’ল (হাউৰা-কলকা নেতাজী এক্সপ্ৰেছ)এ মহতিয়াই নিয়ে আটাইকেইজনক ।

ৰে’লপথ পাৰ হোৱাৰ সময়ত সংঘটিত হয় এই ভয়াবহ দুৰ্ঘটনা । আটাইকেইজন ভক্তৰ থিতাতে মৃত্যু হয় । এই লোক কেইজন গংগাত পবিত্ৰ স্নানৰ বাবে গৈ আছিল । এই ঘটনাই চুনাৰ ৰেল ষ্টেচনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে । ঘটনাৰ লগে লগে ৰে’লৱেৰ বিষয়া আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে । প্ৰশাসনে যাত্ৰীসকলক নিজৰ সুৰক্ষাৰ বাবে প্লেটফৰ্ম আৰু অভাৰব্ৰিজ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ।

ঘটনাস্থলীত উপস্থিত থকা লোকসকলে জনোৱা মতে, এই ঘটনা ইমানেই ভয়াৱহ আছিল যে মৃতদেহবোৰ ছিন্নভিন্ন হৈ পৰে । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ আৰম্ভ হয় । ততাতৈয়াকৈ জি আৰ পি আৰু আৰ পি এফৰ দল ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । মৃতদেহ দুটা জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । পৰিস্থিতিৰ বুজ ল’বলৈ ঘটনাস্থলীত উপস্থিত আছে জ্যেষ্ঠ বিষয়া ।

লগতে পঢ়ক : ডাম্পাৰৰ দৌৰাত্ম; মহটিয়াই নিলে ৫০ জনকৈ লোকক, ১০ জনৰ মৃত্যু

শোকাৱহ; ভক্তৰে ভৰা এখন ট্ৰেক্টৰত খুন্দা কন্টেইনাৰৰ, ৮ জনৰ মৃত্যু

ভক্তৰে ভৰা এখন ট্ৰেক্টৰত খুন্দা কন্টেইনাৰৰ

উত্তৰ প্ৰদেশৰ বুলণ্ডশহৰত মাজনিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। আলিগড় সীমান্তৰ সমীপৱৰ্তী ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগেৰে অহা এখন কণ্টেইনাৰে ভক্ত কঢ়িয়াই অনা এখন ট্ৰেক্টৰক পিছফালৰ পৰা খুন্দা মাৰে।

সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে ট্ৰেক্টৰখন বাগৰি পৰে। এই দুৰ্ঘটনাত ৮ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৪৫ জন লোক আহত হৈছে।

বুলণ্ডশহৰ আৰক্ষী থানাৰ অন্তৰ্গত ৩৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘটাল গাঁৱৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনা।দুৰ্ঘটনাৰ সময়ত ট্ৰেক্টৰখনত ৬০-৬১জন ভক্ত আছিল, যিসকলে কাছগঞ্জৰ পৰা ৰাজস্থানৰ গোগামেডিলৈ গৈ আছিল।

সেই সময়তে পিছফালৰ পৰা অহা এখন কন্টেইনাৰে ট্ৰেক্টৰখনত জোৰেৰে খুন্দা মাৰে, যাৰ ফলত ট্ৰেক্টৰখন বাগৰি পৰে।

এই দুৰ্ঘটনাৰ পিছত সমগ্ৰ অঞ্চলটোত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। ভক্ত সকলে  নিজৰ জীৱন ৰক্ষাৰ বাবে চিঞৰ-বাখৰ কৰিছিল।ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে স্থানীয় লোক তথা আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ চলাই ।

আৰক্ষীয়ে ততাতৈয়াকৈ দুৰ্ঘটনাত আহত লোকসকলক এম্বুলেন্সৰ জৰিয়তে স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে, য’ত তেওঁলোকৰ চিকিৎসা চলি আছে।এই দুৰ্ঘটনাত ৮ জন লোকৰ থিতাতে মৃত্যু হয়।

লগতে পঢ়ক: ইজৰাইলৰ বিমান আক্ৰমণত জোকাৰি গ’ল য়েমেনৰ ৰাজধানী ছানা…

ভয়ংকৰ দুৰ্ঘটনা… খালত পৰিল মন্দিৰ অভিমুখী চাৰিচকীয়া বাহন, একেটা পৰিয়ালৰ ৯জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা…

দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তৰে ভৰা এখন বলেৰো গাড়ী নিয়ন্ত্ৰণহীন পুখুৰীত বাগৰি পৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনা ইতিয়াথক থানা এলেকাত সংঘটিত হৈছে য’ত একেটা পৰিয়ালৰ ৯ জনকে ধৰি মুঠ ১১ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন ভক্ত আহত হয় । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

দেওবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । বলেৰোত থকা সকলো ব্যক্তি পৃথ্বিনাথ মন্দিৰলৈ বুলি গৈছিল । বাটত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পোনে পোনে সৰ্যু খালত বাগৰি পৰে । বলেৰ’খনত মুঠ ১৫ জন লোক আছিল । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ শুনি গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ পিছতে আৰক্ষী দলটো উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহত লোককেইজন গাড়ীৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল, গাড়ীৰ গ্লাছ ভাঙি তেওঁলোকক ওলিয়াই অনা হয় ।

গোণ্ডাৰ আৰক্ষী অধীক্ষক বিনীত জয়ছোৱালে জনোৱা মতে, ইতিয়াথোক থানা এলেকাৰ ৰেহৰা গাঁৱত এখন বলেৰো গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰি যায় । তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । য’ত চালককে ধৰি ৪টা শিশুক নিৰাপদে গাড়ীৰ পৰা উলিয়াই চি এইচ চি ইতিয়াথকলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হয় । তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি গোণ্ডা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না; এদিন পূৰ্বে হৈছিল দোষী সাব্যস্ত

UPSC মেইনছৰ এডমিট কাৰ্ড মুকলি; ২৯ জুনৰ পৰা ২ জুলাইৰ ভিতৰত হ’ব পৰীক্ষা

UPSC মেইনছৰ এডমিট কাৰ্ড মুকলি

উত্তৰ প্ৰদেশ লোকসেৱা আয়োগৰ সৈতে জড়িত এটা ডাঙৰ খবৰ ওলাইছে। আয়োগে UPSC মেইনছ পৰীক্ষা ২০২৪ ৰ এডমিট কাৰ্ড মুকলি কৰিছে।

আয়োগৰ মতে ২০২৫ৰ ২৯ জুনৰ পৰা ২ জুলাইৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে প্ৰয়াগৰাজ আৰু লক্ষ্ণৌত দুখন জিলাৰ সৃষ্টি কৰা হৈছে। দুটা শ্বিফটত অনুষ্ঠিত হ’ব এই পৰীক্ষা।

পুৱা ৯ বজাৰ পৰা ১২:০০ বজালৈ আৰু দুপৰীয়া ২:৩০ বজাৰ পৰা ৫:৩০ বজালৈ অনুষ্ঠিত হ’ব UPSC মেইনছ পৰীক্ষা।

প্ৰাৰ্থীসকলে আয়োগৰ ৱেবছাইট https://uppsc.up.nic.in ৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।২৭ মে’ত পৰীক্ষাৰ সময়সূচী প্ৰকাশ পাব।এইবাৰ পিচিএছৰ ৯৪৭টা পদত নিযুক্তি দিয়া হ’ব।

পিচিএছৰ মূল পৰীক্ষা ১৫০০ নম্বৰৰ হ’ব।য’ত সাধাৰণ অধ্যয়ন আৰু ইউ পিৰ সৈতে জড়িত প্ৰশ্ন সোধা হ’ব।সাধাৰণ অধ্যয়নৰ ৬ খন প্ৰশ্নকাকত থাকিব, য’ত প্ৰতিখন প্ৰশ্নকাকত ২০০ নম্বৰৰ হ’ব।সাধাৰণ হিন্দী আৰু হিন্দী ৰচনা পৰীক্ষাত ১৫০-১৫০ নম্বৰ হ’ব।

লগতে পঢ়ক: আই আই টি দিল্লীৰ কৃতিত্ব; বিশ্বৰ শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত অন্তৰ্ভুক্ত দেশৰ ৫০ খন বিশ্ববিদ্যালয়

ISRO ৰ সফলতা; প্ৰথমবাৰলৈ উত্তৰ প্ৰদেশত পেলোডৰ সৈতে ৰকেট উৎক্ষেপণ পৰীক্ষণ

ISRO ৰ সফলতা

উত্তৰ প্ৰদেশৰ কুশনগৰ জিলাৰ পৰা এটা ডাঙৰ খবৰ আহিছে। ISRO আৰু ইন-স্পেচৰ সহযোগত ভাৰতীয় মহাকাশ সমাজে এটা ৰকেট উৎক্ষেপণৰ সফলতাৰে পৰীক্ষা কৰিছিল।

ইয়াৰ বিশেষ কথাটো আছিল যে এই ৰকেটৰ লগতে এটা পেলোডো পঠিওৱা হৈছিল।এই পৰীক্ষা সফলতাৰে সম্পূৰ্ণ হ’ল।শনিবাৰে সন্ধিয়া ৫:১৪ বজাত উৎক্ষেপণ কৰা এই মডেল ৰকেটটোৱে ১.১১ কিলোমিটাৰ উচ্চতাত উপনীত হয়।

সমগ্ৰ অঞ্চলটোৰ লগতে সমগ্ৰ দেশৰ শিশুসকলৰ মাজত মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

প্ৰথমবাৰৰ বাবে ৰকেট উৎক্ষেপণৰ পৰীক্ষণ

আচলতে উত্তৰ প্ৰদেশৰ কুশনগৰ জিলাত এটা সফল মডেল ৰকেট উৎক্ষেপণ পৰীক্ষণ কৰা হৈছিল।এইটো প্ৰথমবাৰলৈ হৈছে যেতিয়া ৰাজ্যৰ পৰা ৰকেটৰ জৰিয়তে পেলোড নিক্ষেপ কৰা হৈছে।

বিষয়াসকলে এই সন্দৰ্ভত তথ্য প্ৰদান কৰে।ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদন কেন্দ্ৰ (IN-SPACe) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ সহযোগত ভাৰতীয় মহাকাশ সমাজৰ দ্বাৰা এই পৰীক্ষা শনিবাৰে কৰা হৈছিল।ইয়াৰ মাজতে আবেলি ৫:১৪ বজাত মডেল ৰকেটখন ১.১১ কিলোমিটাৰলৈ উঠি যায়।

১.১ কিলোমিটাৰ উচ্চতাত উপনীত হ’ল ৰকেট

পৰীক্ষণ স্থানত উপস্থিত থকা ইছৰোৰ বিজ্ঞানী অভিষেক সিঙে কয় যে, “ৰকেটটো সন্ধিয়া ৫ বাজি ১৪ মিনিট ৩৩ ছেকেণ্ডত নিক্ষেপ কৰা হৈছিল , যি ১.১ কিলোমিটাৰ উচ্চতাত উপনীত হয়”।

“ইয়াৰ পিছত এটা সৰু উপগ্ৰহ (পেলোড) ওলাই আহিল। যেতিয়াই ই পাঁচ মিটাৰ নামি আহে, ইয়াৰ পেৰাচুট সক্ৰিয় হৈ যায় আৰু উপগ্ৰহটো মাটিৰ পৰা ৪০০ মিটাৰ দূৰত্বত নামি আহে। ১৫ কিলোগ্ৰাম ওজনৰ ৰকেটটোও নিৰাপদে অৱতৰণ কৰোৱা হয়।”

সফলতাৰে কৰা হ’ল পৰীক্ষণ

ইয়াৰ উপৰিও ইন-স্পেচৰ প্ৰচাৰ সঞ্চালকালয়ৰ সঞ্চালক বিনোদ কুমাৰে পৰীক্ষাৰ সফলতা নিশ্চিত কৰে।তেওঁ কয় যে, “এই কাৰ্যসূচী সমগ্ৰ অঞ্চলটোৰ লগতে সমগ্ৰ দেশৰ শিশুসকলৰ মাজত মহাকাশ প্ৰযুক্তিৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ বাবে আয়োজন কৰা হৈছে।”

বিনোদ কুমাৰে কয় যে উত্তৰ প্ৰদেশত প্ৰথমবাৰৰ বাবে ৰকেটৰ দ্বাৰা পোনপটীয়াকৈ উপগ্ৰহ উৎক্ষেপণ কৰা হৈছিল, যিটো সম্পূৰ্ণ সফল হৈছিল।IN-SPACe হৈছে মহাকাশ বিভাগৰ (DoS) অধীনত কাম কৰা এটা স্বায়ত্তশাসিত সংস্থা।

লগতে পঢ়ক: পুনেত ভয়ংকৰ ঘটনা; দলং ভাঙি নৈত পৰিল ২০ জনৰো অধিক লোক

পৰকিয়া প্ৰেম; ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক, চুপাৰী কিলাৰৰ সহযোগত হত্যা

ৰাজ কুশৱাহা সৈতে সোনমৰ আছিল প্ৰেমৰ সম্পৰ্ক

 ইন্দোৰৰ নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশীৰ হত্যা আৰু পত্নী সোণম ৰঘুবংশীৰ নিৰুদ্দেশৰ গোচৰত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে।

উত্তৰ প্ৰদেশৰ গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাৰ সমীপত সোনমক উদ্ধাৰ কৰি জিম্মাত লোৱা হয়।বিয়াৰ মাত্ৰ কেইদিনমান পিছতে কিয় স্বামীক এনে নৃশংসতাৰে হত্যা কৰিলে সোনমে, সেই প্ৰশ্ন এতিয়া প্ৰতিগৰাকী লোকৰ মনত উদয় হৈছে।

জানিব পৰা মতে, ৰাজ কুশৱাহা সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ বাবেই সোনমে ৰাজাক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল।এই গোচৰত ইন্দোৰৰ পৰা ২ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে, আনহাতে উত্তৰ প্ৰদেশৰ এজন অভিযুক্ত এতিয়াও পলাতক হৈ আছে।

দেওবাৰে পুৱা ৩ৰ পৰা ৪ বজাৰ ভিতৰত গাজীপুৰৰ নন্দগঞ্জৰ এখন ধাবাত উপস্থিত হয় সোনম।তাৰ পৰাই তেওঁ ধাবাৰ মালিকৰ ফোনৰ পৰা ভায়েক গোবিন্দ ৰঘুবংশীলৈ ভিডিঅ’ কল কৰি গাজীপুৰত থকাৰ কথা সদৰি কয়।

লগে লগে গোবিন্দে ইন্দোৰ আৰক্ষীক খবৰ দিয়ে, যিয়ে গাজীপুৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰে।তাৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সোনমক।

উল্লেখ্য যে যোৱা ২০ মে’ত মেঘালয়ৰ শ্বিলঙলৈ হনিমুনৰ বাবে যোৱা ৰাজা আৰু সোনম ২৩ মে’ত নংগ্ৰিয়াট গাঁৱৰ এটা হোমষ্টেৰ পৰা চেক আউট কৰাৰ পিছত নিৰুদ্দেশ হৈছিল।

আৰক্ষীয়ে কৰা তদন্তত ২ জুনত ভেইছাৱাডং জলপ্ৰপাতৰ সমীপৰ গভীৰ জংঘলৰ পৰা ৰাজাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, যিয়ে এইটো হত্যাকাণ্ড বুলি নিশ্চিত কৰিছিল।

আৰক্ষীয়ে তদন্ত কৰাৰ সময়ত চেৰাপুঞ্জীৰ দ খাৱৈতে উদ্ধাৰ হোৱা সোনমৰ জাকেটত  আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল তেজৰ দাগ। তাৰ পিছতে মেঘালয় আৰক্ষীৰ মনত সন্দেহ উপজিছিল।

আৰু তদন্তৰ অন্তত সোনমে সদৰি কৰিছে যে বিবাহৰ পূৰ্বে ৰাজ কুশৱাহা নামৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল তেওঁ, যাৰ বাবে ৰাজাক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল তেওঁলোকে।

সোনমে লগতে কয় যে,  এই ৩হত্যাকাৰীৰ ভিতৰত আছে সোনমৰ পৰকীয়া প্ৰেমিক ৰাজ কুশৱাহা।গ্ৰেপ্তাৰৰ সময়তো ধাবাখনত একেলগে আছিল ৰাজ কুশৱাহা আৰু সোনম।  

ইফালে সোমনৰ পৰিয়ালে এই সমগ্ৰ কাণ্ডত তৃতীয় পক্ষৰ হাত আছে বুলি কৈছে । সোনমৰ পিতৃৰ মতে সকলোৰে অনুমতিৰ পিছত হে সম্পন্ন হৈছিল বিয়াখন। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে বৰ্তমান সোধা-পোচা অৱ্যাহত ৰাখিছে।

লগতে পঢ়ক: স্পেইনক পৰাস্ত কৰি নেচনছ লীগৰ চেম্পিয়ন পৰ্তুগাল; উচুপি উঠিল ৰোনাল্ডো

১০ লাখ লোকে লাভ কৰিব AI প্ৰশিক্ষণ; ইউ পি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

এআইৰ প্ৰচাৰৰ বাবে ইউ পি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে।চৰকাৰে বিভিন্ন খণ্ডৰ ১০ লাখ লোকক AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

ইয়াৰ অধীনত ইউ পিৰ যোগী চৰকাৰে ৰাজ্যৰ ৭৫খন জিলাত প্ৰতিমাহে ১.৫ লাখ লোকক এ আই প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাবে ইউ পি চৰকাৰৰ আই টি আৰু ইলেক্ট্ৰনিকছ বিভাগৰ চেণ্টাৰ ফৰ ই-গভৰ্নেন্স (চিইচি)ক মূল সংস্থা বনোৱা হৈছে, যিয়ে এই এআই প্ৰশিক্ষণ আঁচনিখন ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰিব আৰু ইয়াক নিৰীক্ষণ কৰিব।

তিনিটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব

ইয়াৰ বাবে চৰকাৰে বৃহৎ আই টি কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব কৰিছে।ইয়াত মাইক্ৰ’ছফ্ট, ইণ্টেল, এইচচিএল (গুভি), ৱাধৱানী আৰু ১এম১বিয়ে কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চিএছআৰ)ৰ অধীনত মানুহক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে।

ইউ পি চৰকাৰৰ এ আই প্ৰশিক্ষণৰ পৰিকল্পনা তিনিটা পৰ্যায়ত কাৰ্যকৰী হ’ব।প্ৰথম পৰ্যায়ত দুমাহত ৩৫০০ৰো অধিক লোকক এআই প্ৰশিক্ষণ দিয়া হ’ব।

আনহাতে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ সকলো জিলাতে প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ কাম কৰা হ’ব আৰু প্ৰশিক্ষণ কাৰ্যসূচী সৃষ্টি কৰা হ’ব।

তৃতীয় আৰু অন্তিম পৰ্যায়ত প্ৰতিমাহে ১.৫ লাখ লোকক এআই শিকোৱাৰ কাম মাষ্টাৰ শিক্ষকৰ জৰিয়তে কৰা হ’ব।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগতে কঠোৰ পৰিশ্ৰমী কৃষক, বেচৰকাৰী সংস্থাৰ কৰ্মী, জনসেৱা কেন্দ্ৰ আৰু মহিলাসকলো ইউ পি চৰকাৰৰ এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

ইউ পি চৰকাৰৰ এই আঁচনিৰ অধীনত মানুহক অনলাইন আৰু অফলাইন দুয়োটা দিশতে এ আই প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ বাবে জিলা পৰ্যায়ৰ কাৰিকৰী মহাবিদ্যালয়, বিশ্ববিদ্যালয়, দক্ষতা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ বাছনি কৰা হৈছে।