বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ; ৩ জনৰ মৃত্যু

বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ; ৩ জনৰ মৃত্যু

বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ সাছনি থানা এলেকাৰ গাঁও সমমাইৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন গাখীৰৰ টেংকাৰ আৰু এখন ৰোডৱেজ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই দুৰ্ঘটনাত ১৪ বছৰীয়া শিশুসহ তিনিজন লোক নিহত হোৱাৰ লগতে

বাইক আৰোহীক বচাবলৈ গৈ টেংকাৰত খুন্দা যাত্ৰীবাহী বাছৰ

উত্তৰ প্ৰদেশৰ হাথৰাছ জিলাৰ সাছনি থানা এলেকাৰ গাঁও সমমাইৰ সমীপত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন গাখীৰৰ টেংকাৰ আৰু এখন ৰোডৱেজ বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

এই দুৰ্ঘটনাত ১৪ বছৰীয়া শিশুসহ তিনিজন লোক নিহত হোৱাৰ লগতে ১৭ জন যাত্ৰী আহত হয়।এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।

আহত আটাইকেইজনক চি এইচ চি সাছনি আৰু জিলা চিকিৎসালয়লৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।গুৰুতৰভাৱে আহত ৮ জন লোকক চি এইচ চি ছাছনীৰ পৰা উন্নত চিকিৎসাৰ বাবে আগ্ৰালৈ প্ৰেৰণ কৰাৰ লগতে একাংশক জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰি ডি এম গৰাকীয়ে কয় যে বাছখনে এখন বাইক বচাবলৈ গৈ টেংকাৰখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

লগতে পঢ়ক: নিৰ্বাচনৰ মাজতে উত্তপ্ত পৰিস্থিতি; মহামিত্ৰজোঁটৰ প্ৰাৰ্থী সত্যেন্দ্ৰ যাদৱৰ কনভয়ত আক্ৰমণ

শেহতীয়া প্ৰৱন্ধসমূহ