১০ লাখ লোকে লাভ কৰিব AI প্ৰশিক্ষণ; ইউ পি চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

এআইৰ প্ৰচাৰৰ বাবে ইউ পি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে।চৰকাৰে বিভিন্ন খণ্ডৰ ১০ লাখ লোকক AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ইয়াৰ অধীনত ইউ পিৰ যোগী চৰকাৰে ৰাজ্যৰ ৭৫খন জিলাত প্ৰতিমাহে ১.৫ লাখ লোকক এ আই প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে ইউ

এআইৰ প্ৰচাৰৰ বাবে ইউ পি চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে।চৰকাৰে বিভিন্ন খণ্ডৰ ১০ লাখ লোকক AI অৰ্থাৎ কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰশিক্ষণ প্ৰদান কৰিব।

ইয়াৰ অধীনত ইউ পিৰ যোগী চৰকাৰে ৰাজ্যৰ ৭৫খন জিলাত প্ৰতিমাহে ১.৫ লাখ লোকক এ আই প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ বাবে ইউ পি চৰকাৰৰ আই টি আৰু ইলেক্ট্ৰনিকছ বিভাগৰ চেণ্টাৰ ফৰ ই-গভৰ্নেন্স (চিইচি)ক মূল সংস্থা বনোৱা হৈছে, যিয়ে এই এআই প্ৰশিক্ষণ আঁচনিখন ৰাজ্যৰ প্ৰতিখন জিলাতে ৰূপায়ণ কৰিব আৰু ইয়াক নিৰীক্ষণ কৰিব।

তিনিটা পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব

ইয়াৰ বাবে চৰকাৰে বৃহৎ আই টি কোম্পানীসমূহৰ সৈতে অংশীদাৰিত্ব কৰিছে।ইয়াত মাইক্ৰ’ছফ্ট, ইণ্টেল, এইচচিএল (গুভি), ৱাধৱানী আৰু ১এম১বিয়ে কৰ্পৰেট ছ’চিয়েল ৰেচপন্সিবিলিটি (চিএছআৰ)ৰ অধীনত মানুহক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব গ্ৰহণ কৰিছে।

ইউ পি চৰকাৰৰ এ আই প্ৰশিক্ষণৰ পৰিকল্পনা তিনিটা পৰ্যায়ত কাৰ্যকৰী হ’ব।প্ৰথম পৰ্যায়ত দুমাহত ৩৫০০ৰো অধিক লোকক এআই প্ৰশিক্ষণ দিয়া হ’ব।

আনহাতে দ্বিতীয় পৰ্যায়ত ৰাজ্যৰ সকলো জিলাতে প্ৰশিক্ষণ কেন্দ্ৰ নিৰ্মাণৰ কাম কৰা হ’ব আৰু প্ৰশিক্ষণ কাৰ্যসূচী সৃষ্টি কৰা হ’ব।

তৃতীয় আৰু অন্তিম পৰ্যায়ত প্ৰতিমাহে ১.৫ লাখ লোকক এআই শিকোৱাৰ কাম মাষ্টাৰ শিক্ষকৰ জৰিয়তে কৰা হ’ব।

ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ লগতে কঠোৰ পৰিশ্ৰমী কৃষক, বেচৰকাৰী সংস্থাৰ কৰ্মী, জনসেৱা কেন্দ্ৰ আৰু মহিলাসকলো ইউ পি চৰকাৰৰ এই আঁচনিৰ দ্বাৰা উপকৃত হ’ব।

ইউ পি চৰকাৰৰ এই আঁচনিৰ অধীনত মানুহক অনলাইন আৰু অফলাইন দুয়োটা দিশতে এ আই প্ৰশিক্ষণ দিয়া হ’ব।

ইয়াৰ বাবে জিলা পৰ্যায়ৰ কাৰিকৰী মহাবিদ্যালয়, বিশ্ববিদ্যালয়, দক্ষতা কেন্দ্ৰ আৰু কৃষি বিজ্ঞান কেন্দ্ৰ বাছনি কৰা হৈছে।