ভয়ংকৰ দুৰ্ঘটনা… খালত পৰিল মন্দিৰ অভিমুখী চাৰিচকীয়া বাহন

ভয়ংকৰ দুৰ্ঘটনা… খালত পৰিল মন্দিৰ অভিমুখী চাৰিচকীয়া বাহন, একেটা পৰিয়ালৰ ৯জনৰ মৃত্যু

ভয়ংকৰ দুৰ্ঘটনা… দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তৰে ভৰা এখন বলেৰো গাড়ী নিয়ন্ত্ৰণহীন পুখুৰীত বাগৰি পৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনা ইতিয়াথক থানা এলেকাত সংঘটিত হৈছে য’ত একেটা পৰিয়ালৰ

ভয়ংকৰ দুৰ্ঘটনা…

দেওবাৰে পুৱা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তৰে ভৰা এখন বলেৰো গাড়ী নিয়ন্ত্ৰণহীন পুখুৰীত বাগৰি পৰাৰ ফলতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এই দুৰ্ঘটনা ইতিয়াথক থানা এলেকাত সংঘটিত হৈছে য’ত একেটা পৰিয়ালৰ ৯ জনকে ধৰি মুঠ ১১ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চাৰিজন ভক্ত আহত হয় । আহতসকলক চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । এই দুৰ্ঘটনাৰ পিছতে অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে । মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ।

দেওবাৰে পুৱা প্ৰায় ১০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা । বলেৰোত থকা সকলো ব্যক্তি পৃথ্বিনাথ মন্দিৰলৈ বুলি গৈছিল । বাটত গাড়ীখন নিয়ন্ত্ৰণহীন হৈ পোনে পোনে সৰ্যু খালত বাগৰি পৰে । বলেৰ’খনত মুঠ ১৫ জন লোক আছিল । দুৰ্ঘটনাটোৰ পিছতে চিঞৰ-বাখৰ শুনি গাঁওবাসীয়ে ঘটনাস্থলীত উপস্থিত হয় । ইয়াৰ পিছতে আৰক্ষী দলটো উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে । আহত লোককেইজন গাড়ীৰ ভিতৰত আৱদ্ধ হৈ পৰিছিল, গাড়ীৰ গ্লাছ ভাঙি তেওঁলোকক ওলিয়াই অনা হয় ।

গোণ্ডাৰ আৰক্ষী অধীক্ষক বিনীত জয়ছোৱালে জনোৱা মতে, ইতিয়াথোক থানা এলেকাৰ ৰেহৰা গাঁৱত এখন বলেৰো গাড়ী নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰি যায় । তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে স্থানীয় ৰাইজৰ সৈতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । য’ত চালককে ধৰি ৪টা শিশুক নিৰাপদে গাড়ীৰ পৰা উলিয়াই চি এইচ চি ইতিয়াথকলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় । এই দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হয় । তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰি গোণ্ডা জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না; এদিন পূৰ্বে হৈছিল দোষী সাব্যস্ত

শেহতীয়া প্ৰৱন্ধসমূহ