অভেদ্য দুৰ্গত পৰিণত হ’ব পূৱ ভাৰতৰ আকাশ, শত্ৰুক ৰোধিবলৈ সাজু বায়ুসেনা

চৰকাৰৰ এই সিদ্ধান্তই কৌশলগতভাৱে স্পৰ্শকাতৰ চীন সীমান্তৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব ।

পূব ভাৰতৰ আকাশী সুৰক্ষাক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ পশ্চিমবংগ চৰকাৰে এক অত্যন্ত গুৰুত্বপূৰ্ণ তথা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰাজ্য চৰকাৰে ভাৰতীয় বায়ুসেনাৰ সামৰিক প্ৰস্তুতি আৰু ভৱিষ্যতৰ প্ৰয়োজনসমূহৰ প্ৰতি লক্ষ্য ৰাখি দুটাকৈ গুৰুত্বপূৰ্ণ বিমান ঘাটিৰ সম্প্ৰসাৰণৰ বাবে ভূমি আৱণ্টন কৰাৰ কথা ঘোষণা কৰিছে ।

চৰকাৰী সিদ্ধান্ত অনুসৰি, ৰাজ্যৰ বিখ্যাত হাছিমাৰা এয়াৰ ফৰ্চ ষ্টেচনৰ বাবে ২৫ একৰ আৰু কলাইকুণ্ডা এয়াৰ ফৰ্চ ষ্টেচনৰ বাবে ৩৭ একৰ ভূমি আৱণ্টন কৰা হৈছে । এই অতিৰিক্ত ভূমিয়ে কৌশলগতভাৱে স্পৰ্শকাতৰ চীন সীমান্তৰ ওচৰত ভাৰতীয় বায়ুসেনাৰ শক্তি বহুগুণে বৃদ্ধি কৰিব ।

হাছিমাৰা এয়াৰবেচ: ৰাফেল আৰু S-400 ৰ শক্তিশালী দুৰ্গ

পশ্চিমবংগৰ আলিপুৰদুৱাৰ জিলাত, ভূটান সীমান্তৰ তেনেই কাষত অৱস্থিত হাছিমাৰা এয়াৰবেচ ভাৰতীয় বায়ুসেনাৰ এক অন্যতম ফৰৱাৰ্ড বেচ । এই বিমান ঘাটিৰ গুৰুত্ব অতি বিশেষ । এই ঘাটিতেই মোতায়েন আছে ভাৰতীয় বায়ুসেনাৰ আটাইতকৈ আধুনিক ৰাফেল ফাইটাৰ এয়াৰক্ৰাফ্টৰ দ্বিতীয়টো স্কোৱাড্ৰন । যিকোনো বতৰতে শত্ৰুৰ ৰাডাৰক ধূলি দি আক্ৰমণ কৰিব পৰা ৰাফেলৰ উপস্থিতিয়ে ভাৰত-চীন সীমান্তত বৰ্তমান ভাৰতক এক সুকীয়া শক্তি প্ৰদান কৰিছে ।

ইফালে এই বিমান ঘাটিত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ এয়াৰ ডিফেন্স চিষ্টেম S-400 ট্ৰায়াম্ফ নিয়োগ কৰা হৈছে, যিয়ে ৪০০ কিলোমিটাৰ দূৰত্বৰ পৰাই শত্ৰুৰ বিমান, মিছাইল বা ড্ৰোন ধূলিস্যাৎ কৰিব পাৰে । উল্লেখ্য যে, ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ পিছত ১৯৬৩ চনত সক্ৰিয় কৰা এই বিমান ঘাটিটোৱে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক সংযোগ কৰা অন্যতম স্পৰ্শকাতৰ অংশ শিলিগুড়ি কৰিডৰ আৰু পূব হিমালয় অঞ্চলৰ নিৰাপত্তা নিশ্চিত কৰে ।

কি লাভ হ’ব অতিৰিক্ত ২৫ একৰ ভূমিৰ পৰা ?

চৰকাৰে প্ৰদান কৰা এই ভূমিৰ জৰিয়তে হাছিমাৰাত নতুন ৰানৱেৰ সুবিধা, আধুনিক হেংগাৰ, মেৰামতি কাৰ্যশালা আৰু সৈনিকসকলৰ বাবে উচ্চমানৰ আৱাসিক ব্যৱস্থা গঢ়ি তোলা হ’ব ।

কলাইকুণ্ডা এয়াৰবেচ : প্ৰশিক্ষণ আৰু অপাৰেচনৰ মূল কেন্দ্ৰ

পশ্চিম মেদিনীপুৰ জিলাত অৱস্থিত কলাইকুণ্ডা এয়াৰবেচ হৈছে ভাৰতীয় বায়ুসেনাৰ পূব এয়াৰ কমাণ্ডৰ এক অন্যতম বৃহৎ ফাইটাৰ আৰু প্ৰশিক্ষণ হাব । ইয়াত মূলতঃ Su-30 MKI আৰু হক ট্ৰেইনাৰ এয়াৰক্ৰাফ্টসমূহ মোতায়েন হৈ থাকে ।

এই বিমান ঘাটিটো আন্তঃৰাষ্ট্ৰীয় বিমান যুদ্ধাভ্যাসৰ বাবে বিখ্যাত । ছিংগাপুৰ এয়াৰ ফৰ্চৰ দৰে বিদেশী শক্তিৰ সৈতেও ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক সামৰিক অনুশীলন সম্পন্ন হৈছে । ইফালে কলাইকুণ্ডাৰ ৰানৱে প্ৰায় ১০,০০০ ফুট দীঘল, যিয়ে গধুৰ পৰিবহন বিমান আৰু যুঁজাৰু বিমান- দুয়োটাকে একেলগে চম্ভালিব পাৰে ।

নতুনকৈ লাভ কৰা ৩৭ একৰ ভূমিৰ ফলত ইয়াত লজিষ্টিক ছাপৰ্ট, আৱাসিক আৰু ডাঙৰ মেৰামতিৰ সা-সুবিধাসমূহ বৃদ্ধি কৰা হ’ব, যিয়ে শান্তিকালীন আৰু যুদ্ধকালীন— দুয়োটা সময়তে এক ‘গেম চেঞ্জাৰ’ হিচাপে কাম কৰিব ।

চীনৰ প্ৰত্যাহ্বান আৰু পূব কমাণ্ডৰ ৰণনীতি

পূব ভাৰতৰ ভৌগোলিক অৱস্থিতি অত্যন্ত স্পৰ্শকাতৰ । এই অঞ্চল ভূটান, নেপাল, বাংলাদেশ আৰু চীনৰ সীমান্ত জুৰি আছে । শেহতীয়াকৈ চীনৰ ক্ৰমবৰ্ধমান কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় বায়ুসেনাই সমগ্ৰ পূব ক্ষেত্ৰতে নিজৰ উপস্থিতি সক্ৰিয় কৰি তুলিছে ।

কেৱল বিমান ঘাটিৰ সম্প্ৰসাৰণেই নহয়, বৰঞ্চ সমগ্ৰ অঞ্চলটোত নতুন ৰাডাৰ, উন্নত যোগাযোগ প্ৰণালী আৰু লজিষ্টিক নেটৱৰ্ক শক্তিশালী কৰা হৈছে । আধুনিক যুদ্ধক্ষেত্ৰত এয়াৰবেচসমূহ কেৱল বিমান উৰুওৱা স্থান হৈ থকা নাই, বৰঞ্চ এইবোৰ কমাণ্ড চেন্টাৰ, ড্ৰোন বেচ আৰু চোৰাংচোৱা গোট হিচাপে গঢ়ি তোলা হৈছে ।

উল্লেখ্য যে, ৰাফেল আৰু S-400 ৰ দৰে শক্তিশালী সামৰিক প্ৰণালীৰে সুসজ্জিত হাছিমাৰা আৰু কলাইকুণ্ডা বিমান ঘাটিৰ এই সম্প্ৰসাৰণে আঞ্চলিক প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাৰতক এক নতুন উচ্চতালৈ লৈ যাব । পশ্চিমবংগ চৰকাৰৰ এই পদক্ষেপে স্থলসেনা, নৌসেনা আৰু বায়ুসেনাৰ মাজত এক শক্তিশালী সমন্বয় ৰক্ষাতো বিশেষ সহায় কৰিব ।

লগতে পঢ়ক : শত্ৰুৰ বুকু কঁপাই দীৰ্ঘ দূৰত্বৰ ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ

অভেদ্য সুৰক্ষা বেহুত পৰিণত চিকেন নেক… সাজু মিছাইল, যুদ্ধ বিমান

বাংলাদেশৰ শেহতীয়া আভ্যন্তৰীণ পৰিস্থিতি আৰু দেশখনে গ্ৰহণ কৰা ভাৰত বিকোধী স্থিতিৰ বাবে চিকেন নেকত গঢ়ি তোলা হৈছে সুৰক্ষা বেহু ।

চুবুৰীয়া দেশ বাংলাদেশৰ শেহতীয়া অস্থিৰ তথা হিংসাত্মক পৰিস্থিতিয়ে ভাৰতলৈয়ো ভাবুকি কঢ়িয়াই আনিছে । বিশেষকৈ ভাৰতৰ মূল ভূ-খণ্ডক উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সংযুক্ত কৰা চিকেন নেককলৈ বাংলাদেশে শেহতীয়াকৈ গ্ৰহণ কৰা স্থিতিয়ে উদ্বেগ সৃষ্টি কৰিছে । সেয়েহে শিলিগুৰি কৰিডৰ বা চিকেন নেক সামৰি এক অভেদ্য সুৰক্ষা বেহু গঢ়ি তুলিছে ভাৰত চৰকাৰে । বাংলাদেশত শেহতীয়াকৈ সংঘটিত হৈ থকা ঘটনাৱলী তথা হাছিনা চৰকাৰৰ পতনৰ পিছত দেশখনে গ্ৰহণ কৰি অহা ভাৰতবিৰোধী স্থিতিৰ বাবে ভাৰতে অঞ্চলটোৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তুলিছে ।

অঞ্চলটোৰ সুৰক্ষা কটকটীয়া কৰি তুলিবলৈ বহুওৱা হৈছে অত্যধুনিক ফেঞ্চিং । শেহতীয়াকৈ জানিব পৰা মতে ভাৰত-বাংলাদেশ সীমান্তৰ ৭৫ শতাংশ এলেকাত বহুওৱা হৈছে এই নতুন বেৰ । এই অত্যধুনিক ফেঞ্চিং সমূহৰ সৈতে সংযুক্ত কৰা হৈছে শতক্তিশালী কেমেৰা আৰু এয়াৰ উন্নত এয়াৰ ডমিনেচন ব্যৱস্থা । লগতে আকাশ মাৰ্গেৰে প্ৰৱেশস কৰিব পৰা যিকোনো আক্ৰমণ প্ৰতিহত কৰিবলৈ নিযুক্ত কৰা হৈছে ‘সুদৰ্শন চক্ৰ’ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম । বাংলাদেশত শেহতীয়াকৈ চলি থকা আভ্যন্তৰীণ উত্তেজনা তথা অস্থিৰতাৰ ফলত এই সতৰ্কমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

উল্লেখ্য সীমান্তত বহুওৱা অত্যধুনিক ফেঞ্চিং ব্যৱস্থা প্ৰায় ১২ ফুট ওখ আৰু ইয়াত সংযুক্ত কৰা হৈছে শক্তিশালী কেমেৰা, যাৰ জৰিয়তে প্ৰতিটো ঘটনা ৰিয়েল টাইমত নিৰীক্ষণ কৰিব পৰা যাব । এই ফেঞ্চিং এন্টি ক্লাইম্ব আৰু এন্টি কাটাৰ । ইয়াৰ সম্পূৰ্ণ দায়িত্বত আছে বি এছ এফ ।

ভাৰতৰ পাঁচখন ৰাজ্যৰ সৈতে বাংলাদেশৰ ৪,০৯৬ কিলোমিটাৰ জুৰি আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে । নিৰাপত্তাজনিত কাৰণত অতিশয় গুৰুত্বপূৰ্ণ এই আন্তঃৰাষ্ট্ৰীয় সীমান্ত । ইয়াৰে ২,২১৭ কিলোমিটাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পশ্চিমবংগত আছে । ইয়াতেই এই অত্যধুনিক ফেঞ্চিং বহুওৱা হৈছে ।

ইফালে ভাৰত-বাংলাদেশ সীমান্তত অনুপ্ৰৱেশ, চোৰাং কাৰবাৰ আদিৰ প্ৰতি লক্ষ্য ৰাখি শক্তিশালী নিৰাপত্তাৰ বাবে দুটা অতিৰিক্ত আকাশ এডভান্স মিছাইল চিষ্টেম, ভৈৰৱ বেটেলিয়ন মোটায়েন কৰা হৈছে । ইয়াৰ বাবে ব্যৱ কৰা হৈছে অতিৰিক্ত ৮,৬৬০ কোটী টকা ।

লগতে পঢ়ক : অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

মহম্মদ ইউনুছক উভতি ধৰিলে হিমন্ত বিশ্বই; ‘চিকেন নেক’ সন্দৰ্ভত মোদী চৰকাৰক দিলে গুৰুত্বপূৰ্ণ পৰামৰ্শ…

মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অন্তৱৰ্তীকালীন বাংলাদেশ চৰকাৰৰ অৰ্থহীন বক্তব্যক তীব্ৰ সমালোচনা কৰে । মহম্মদ ইউনুছে ঢাকাক এই অঞ্চলৰ একমাত্ৰ সাগৰৰ ৰক্ষক বুলি অভিহিত কৰিছিল । মুখ্যমন্ত্ৰী শৰ্মাই এই বক্তব্যক অপমানজনক আৰু তীব্ৰ নিন্দনীয় বুলি অভিহিত কৰে । দৰাচলতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে বেইজিঙক দেশখনত অৰ্থনৈতিক প্ৰভাৱ বৃদ্ধিৰ বাবে আবেদন জনাইছিল । এই সময়ছোৱাত তেওঁ উল্লেখ কৰিছিল যে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভূমি আৱদ্ধ প্ৰকৃতি এক সুযোগ বুলি প্ৰমাণিত হ’ব পাৰে । শেহতীয়াকৈ ইউনুছে চাৰিদিনীয়া চীন ভ্ৰমণৰ সময়ত কৰা এই মন্তব্য সোমবাৰে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে ।

মুখ্যমন্ত্ৰী শৰ্মাই ‘এক্স’ত পোষ্ট কৰিছে, ‘বাংলাদেশৰ মহম্মদ ইউনুছৰ বক্তব্য নিন্দনীয় । তথাকথিত অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ দিয়া বক্তব্যত তেওঁ উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্যক (সাত ভনী) ভূ-অৱচ্ছিন্ন বুলি অভিহিত কৰি বাংলাদেশক তেওঁলোকৰ সাগৰীয় প্ৰৱেশৰ ৰক্ষক হিচাপে উপস্থাপন কৰে । এইটো লজ্জাজনক আৰু তীব্ৰ নিন্দাৰ যোগ্য ।’

তেওঁ কয়, ‘মহম্মদ ইউনুছৰ এনে উচটনিমূলক বক্তব্যক সহজভাৱে লোৱা উচিত নহয় । তেওঁৰ গভীৰ কৌশলগত ধাৰণা আৰু দীৰ্ঘম্যাদী এজেণ্ডা আছে ।‘ শৰ্মাই কয় যে এই মন্তব্যই ভাৰতৰ কৌশলগত ‘চিকেন নেক’ কৰিড’ৰত চলি থকা গতিবিধিক প্ৰতিফলিত কৰিছে । ঐতিহাসিকভাৱে ভাৰতৰ আভ্যন্তৰীণ উপাদানসমূহেও উত্তৰ-পূবক বিচ্ছিন্ন কৰিবলৈ এই গুৰুত্বপূৰ্ণ পথটো কাটি পেলোৱাৰ বিপদজনক পৰামৰ্শ আগবঢ়াইছে । চিকেন নেক কৰিড’ৰৰ তলত আৰু আশে-পাশে অধিক শক্তিশালী ৰে’ল আৰু পথ নেটৱৰ্ক গঢ়ি তোলাতো জৰুৰী ।‘

মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ-পূবক ভাৰতৰ বাকী অংশৰ সৈতে সংযোগ কৰা বিকল্প পথৰ অন্বেষণ আৰু উন্নয়নক অগ্ৰাধিকাৰ দিবলৈও আহ্বান জনায় । এতিয়া ‘চিকেন নেক’ৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি উল্লেখ কৰে তেওঁ । ইয়াৰ ফলত অভিযান্ত্ৰিক ক্ষেত্ৰত উল্লেখযোগ্য প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব পাৰে বুলিও তেওঁ কয়, কিন্তু দৃঢ়তা আৰু উদ্ভাৱনৰ দ্বাৰা ইয়াক লাভ কৰিব পৰা যাব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে ।