অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তুা; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

অন্ত পৰিব পথ দুৰ্ঘটনাৰ পিছত চিকিৎসাৰ চিন্তা ; কেন্দ্ৰীয় পৰিৱহণ মন্ত্ৰীৰ ডাঙৰ ঘোষণা

পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে কেন্দ্ৰ চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। আহত সকলৰ চিকিৎসা হ’ব বিনামূলীয়া। প্ৰতি বছৰে দেশত প্ৰায় ৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এইবোৰত প্ৰায় ১.৮ লাখ লোকে প্ৰাণ হেৰুৱায়। আহতসকলে সময়মতে চিকিৎসা লাভ কৰিব নোৱাৰাৰ বাবেও বৃহৎ সংখ্যক লোকৰ মৃত্যু হয়।

পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে কেন্দ্ৰ চৰকাৰে ডাঙৰ ঘোষণা কৰিছে। আহত সকলৰ চিকিৎসা হ’ব বিনামূলীয়া।

প্ৰতি বছৰে দেশত প্ৰায় ৫ লাখ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এইবোৰত প্ৰায় ১.৮ লাখ লোকে প্ৰাণ হেৰুৱায়। আহতসকলে সময়মতে চিকিৎসা লাভ কৰিব নোৱাৰাৰ বাবেও বৃহৎ সংখ্যক লোকৰ মৃত্যু হয়।

দুৰ্ঘটনাৰ পিছত আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল টকা। কিন্তু এতিয়াৰে পৰা আৰু চিন্তা কৰাৰ কোনো কাৰণ নাই। কেন্দ্ৰ  চৰকাৰে এটা ডাঙৰ ঘোষণা কৰিছে।

এতিয়াৰে পৰা পথ দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত সকলৰ বাবে চিকিৎসা হ’ব বিনামূলীয়া। বৃহস্পতিবাৰে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ পৰিৱহণ মন্ত্ৰীসকলৰ সৈতে বৈঠকৰ অন্ত এই সিদ্ধান্ত লোৱা হয়।

কেন্দ্ৰীয় চৰকাৰে নতুন নগদবিহীন চিকিৎসা আঁচনি আৰম্ভ কৰিবলৈ ওলাইছে।কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ মতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শীঘ্ৰে সমগ্ৰ দেশতে এই আঁচনিখন আৰম্ভ কৰিব।যাতে পথ দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলে বিলম্ব নকৰাকৈ চিকিৎসা লাভ কৰিব পাৰে।

এই আঁচনিখন ৰাষ্ট্ৰীয় ঘাইপথ, গাঁৱৰ পথ অথবা যিকোনো স্থানত যদি যান-বাহন সম্পৰ্কীয় দুৰ্ঘটনা সংঘটিত হয়, তেন্তে এই আঁচনিৰ অধীনত ভুক্তভোগীয়ে নগদবিহীন চিকিৎসাৰ অধিকাৰী হ’ব।ইয়াত কি ধৰণৰ দুৰ্ঘটনা হৈছিল বা কি বাহন জড়িত আছিল সেই কথা বিবেচনা কৰা নহ’ব।

লগতে পঢ়ক: অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰক… ইৰাণ ভ্ৰমণকলৈ সতৰ্কতা জাৰি ভাৰতৰ