গুৱাহাটীত বিনা পইচাই যাব পাৰিব পাৰ্কলৈঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

গুৱাহাটীত বিনা পইচাই যাব পাৰিব পাৰ্কলৈঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

গুৱাহাটীৰ পাৰ্কক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ পাৰ্কত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব আপুনি । গুৱাহাটীৰ পাৰ্কত প্ৰৱেশ কৰিবলৈ আপুনি ভৰিব নালাগে কোনোধৰণৰ মাচুল । আনকি বাহন পাৰ্কিঙৰ বাবেও মাচুল দিব নালাগে আপুনি । শনিবাৰে এই ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী

গুৱাহাটীৰ পাৰ্কক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘোষণা

এতিয়াৰে পৰা গুৱাহাটী মহানগৰীৰ পাৰ্কত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰিব আপুনি । গুৱাহাটীৰ পাৰ্কত প্ৰৱেশ কৰিবলৈ আপুনি ভৰিব নালাগে কোনোধৰণৰ মাচুল । আনকি বাহন পাৰ্কিঙৰ বাবেও মাচুল দিব নালাগে আপুনি । শনিবাৰে এই ঘোষণা কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । গুৱাহাটীৰ সকলো পাৰ্ক তথা উদ্যানৰ বাবে প্ৰজোয্য হ’ব এই ঘোষণা ।

শনিবাৰে মাছখোৱাৰ আই টি এ অডিটৰিয়ামত অনুষ্ঠিত হোৱা স্বচ্ছ গুৱাহাটী অভিযান ২.০ উন্মোচন আৰু ২০২৫ বৰ্ষৰ স্বচ্ছ দুৰ্গা পূজা মণ্ডপ প্ৰতিযোগিতাৰ পুৰস্কাৰ বিতৰণ অনুষ্ঠানত এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ।

এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘পৰিচালনা প্ৰক্ৰিয়াৰ অংশ হিচাপে দৰ্শকে এণ্ট্ৰি পাছ সংগ্ৰহ কৰিব লাগিব, কিন্তু ইয়াৰ বাবে কোনো মাচুল লোৱা নহ’ব । দৰ্শকে কেৱল নিজৰ নাম আৰু ফোন নম্বৰ দিব লাগিব ।’ অৱশ্যে এই সুবিধা চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা অহা বছৰ বহাগ বিহুলৈহে প্ৰযোজ্য হ’ব বুলি কয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

আজিৰ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জি এম চিৰ অধ্যক্ষ ভূপেন বৰুৱা, উপাধ্যক্ষ ৰত্না সিং আৰু জি এম চি আয়ুক্ত চিন্ময় ফুকন উপস্থিত থাকে ।

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন